28/09/2023
যোগ হৈছে আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ।যোগ অবিহনে আমি কেতিয়াও ঈশ্বৰ প্ৰাপ্তিৰ পৰম সুখৰ লগতে মানুষ্য জীৱনৰ সফলতা কেতিয়াও লাভ কৰিব নোৱাৰোঁ। সেয়ে বেদত কৈছে ----- যোগঃ কৰ্মসু কৌশলম্।
আজি অনন্ত চতুৰ্দ্দশীৰ শুভ দিনটোতে পশ্চিম মঙলদৈ খণ্ডৰ কল্যাণপুৰ অঞ্চলত মহাকবি কালিদাস যোগভ্যাস আৰু সংস্কাৰ কেন্দ্ৰৰ শুভ উদ্ধোধনী হয়। ৰাতিপুৱা ৭-০০ বজাৰ পৰা ৮-০০ বজালৈ যোগভ্যাস হোৱাৰ পাছত প্ৰায় অৰ্ধশতাধিক ৰাইজৰ উপস্থিতিত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত যোগ প্ৰশিক্ষক হিচাপে উপস্থিত থকাৰ লগতে যোগ আৰু আমাৰ চিন্তা শীৰ্ষক বিষয়ত বৌদ্ধিক প্ৰদান কৰোঁ। উক্ত অনুষ্ঠানত সহযোগী প্ৰশিক্ষক হিচাপে থকা বিবেকানন্দ কেন্দ্ৰ কণ্যাকুমাৰী, মঙলদৈ শাখাৰ দাদু মইনা, আমাৰ জেষ্ঠ স্বয়ংসেৱক প্ৰেমেশ্বৰ দা, পংকজ দা, দুৰ্লভ দা, প্ৰমোদ দা, গৌতম দা, দিলীপ দা, ইন্দ্ৰ দা, মনোজ দা, জগদীশ দা, ফনী দা কে ভিতৰ কৰি সেই অঞ্চলৰ উপস্থিত থকা সকলো সুধীবৃন্দ ৰাইজলৈ সশ্ৰদ্ধ প্ৰণিপাত 🙏 নিবেদন কৰিলোঁ।