Mausam Baruah

Mausam Baruah Mausam Baruah is a NSUI activist from Assam.Currently he is holding the post of All India Secretary

আজি আমাৰ মৰমৰ আদিৰ চাৰি বছৰ সম্পূৰ্ণ হ'ল।ভগৱানে সদায়েই আদিক কুশলে ৰাখে যেন।সকলোৰে আশীৰ্বাদ কামনা কৰিলোঁ।🎂💐☺️
19/08/2026

আজি আমাৰ মৰমৰ আদিৰ চাৰি বছৰ সম্পূৰ্ণ হ'ল।
ভগৱানে সদায়েই আদিক কুশলে ৰাখে যেন।
সকলোৰে আশীৰ্বাদ কামনা কৰিলোঁ।🎂💐☺️

05/08/2026

#মানুহে_মানুহৰ_বাবে

#মানুহে_মানুহৰ_বাবে

চৰাইদেও আৰু শিৱসাগৰ জিলাৰ অন্তৰ্গত বানাক্ৰান্ত ৰাইজৰ প্ৰতি আমাৰ সামান্য সহায় আৰু মৰম দিবলৈ ৩ আগষ্ট ২০২৬ তাৰিখে তিনিচুকীয়া জিলা কংগ্ৰেছৰ এটি সঁজাতি দলে কিছু খাদ্য সামগ্ৰী, ঔষধ, নিত্য আৱশ্যকীয় বস্তু, পশু-খাদ্য, পানী আৰু কঠিয়া লৈ ৰাওনা হৈছিলোঁ।
প্ৰথমে মাহমৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ২ নং খনিকৰ চুমনি গাওঁৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহাৰ্য্য বিতৰণ কৰিলোঁ, তাৰ পিছত নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত বিহুবৰ, চন্টক, নেপালীখুটিৰ ৰাইজৰ মাজত সাহাৰ্য্য বিতৰণ কৰিলোঁ।
ৰাইজৰ অসহায় অৱস্থা দেখি সঁচাকৈয়ে চকু সেমেকি গ'ল।
এটা কথা স্বীকাৰ কৰিব লাগিব বানাক্ৰান্ত ৰাইজক অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে হিয়া উজাৰি সহায়-সহযোগিতা আগবঢ়াইছে, কিন্তু সমান্তৰাল ভাৱে চৰকাৰ সম্পূৰ্ণ বিফল হৈছে।
তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰাক্তন বিধায়ক শ্ৰীযুত দুৰ্গা ভুমিজ ডাঙৰীয়াৰ নেতৃত্বত যোৱা আমাৰ দলটিত জিলা কংগ্ৰেছৰ ভা�

জীৱনৰ প্ৰতিটো দিনেই এক প্ৰত্যাহ্বান,প্ৰত্যাহ্বান নেওচি আগুৱাই যোৱাই জীৱন।জুবিন দাই গাইছিল,"সপোন ৰঙৰ জীৱন তুমিআকৌ এবাৰ আহ...
05/08/2026

জীৱনৰ প্ৰতিটো দিনেই এক প্ৰত্যাহ্বান,
প্ৰত্যাহ্বান নেওচি আগুৱাই যোৱাই জীৱন।

জুবিন দাই গাইছিল,
"সপোন ৰঙৰ জীৱন তুমি
আকৌ এবাৰ আহিবানে,
নিশা মোক জগাবলে
বহু যুগৰ তৃষা তুমি
বহু যুগৰ তৃষা তুমি
নাহা কিয় ঘনে ঘনে"।

আজি মাৰ জন্মদিন।মাৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ।জন্মদিনৰ শুভেচ্ছা জনালোঁ মা। 🎂💐☺️
28/07/2026

আজি মাৰ জন্মদিন।
মাৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ।
জন্মদিনৰ শুভেচ্ছা জনালোঁ মা। 🎂💐☺️

বৰষুণৰ মাজতো ঘৰৰ ভাত কেৰেলা জোপাই এটি দুটিকৈ আমাক ফল দি আছে।কোনো ধৰণৰ সাৰ নিদিয়াকৈ কেৱল মাখি মাৰিবলৈ এটি বিশেষ ঔষধযুক্ত ...
21/07/2026

বৰষুণৰ মাজতো ঘৰৰ ভাত কেৰেলা জোপাই এটি দুটিকৈ আমাক ফল দি আছে।
কোনো ধৰণৰ সাৰ নিদিয়াকৈ কেৱল মাখি মাৰিবলৈ এটি বিশেষ ঔষধযুক্ত বটল ব্যৱহাৰ কৰিছিলোঁ।
আজি প্ৰায় ৮৫০ গ্ৰাম ভাত কেৰেলা চিঙিলোঁ।

মহান শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱলৈ শতকৌতি শ্ৰদ্ধা নিবেদিছোঁ।🙏  #কলাগুৰু_বিষ্ণু_প্ৰসাদ_ৰাভা
20/06/2026

মহান শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱলৈ শতকৌতি শ্ৰদ্ধা নিবেদিছোঁ।🙏

#কলাগুৰু_বিষ্ণু_প্ৰসাদ_ৰাভা

প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণৰ শিল্পী তথা হিয়াৰ আমঠু সদ্য প্ৰয়াত জুবিন গাৰ্গ দেৱৰ ন্যায়ৰ গোছৰত এক অন্যতম সাক্ষী হিচাপে আজি কা...
16/06/2026

প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণৰ শিল্পী তথা হিয়াৰ আমঠু সদ্য প্ৰয়াত জুবিন গাৰ্গ দেৱৰ ন্যায়ৰ গোছৰত এক অন্যতম সাক্ষী হিচাপে আজি কামৰূপ মেট্ৰ'ৰ বিশেষ আদলতত ন্যায়ধীশ শ্ৰীযুতা শৰ্মিলা ভূঁঞা ডাঙৰীয়ানীৰ আদালতত মোৰ সাক্ষ্য প্ৰদান কৰোঁ।
প্ৰায় আঢ়ৈ ঘণ্টা ধৰি জুবিন দাৰ হত্যাকাৰী শ্যামকাণু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্ম্মাৰ অধিবক্তাই মোক জেৰা কৰে।
জেৰাত তেওঁলোকে জুবিন দাৰ চৰিত্র বিভিন্ন ধৰণে হনন কৰিবলৈ চেষ্টা চলাইছিল, কিন্তু অসমৰ ৰাইজৰ প্ৰাৰ্থনা আৰু আশীৰ্বাদৰ লগতে জুবিন দাৰ পবিত্ৰ আত্মাৰ প্ৰতি থকা অগাধ শ্ৰদ্ধা আৰু সন্মানৰ ফলত তেওঁলোকক বিফল কৰিবলৈ সক্ষম হ'লো।
আজিৰ সাক্ষ্য প্ৰদানত এই গোছৰত নিয়োজিত বিশেষ লোক অভিযোক্তা শ্ৰীযুত জিয়াওল কামাৰ, অতিৰিক্ত বিশেষ লোক অভিযোক্তা শ্ৰীযুত ব্ৰজেন্দ্ৰ মোহন চৌধুৰী আৰু সহকাৰী লোক অভিযোক্তা শ্ৰীযুত প্ৰাঞ্জল দত্ত ডাঙৰীয়াই সহযোগিতা আগবঢ়াই।
জয় জুবিন দা।
#অসম #অসমীয়া অসমীয়াত্ব

JusticeForZubeenGarg

27/05/2026

অসমৰ বিধান সভা আৰু পবিত্ৰ হৈ থকা নাই।
এচাম উন্মাদ, অপৰাধী, নৈতিকতাহীন, সংস্কাৰহীন, অশিক্ষিত, চিণ্ডিকেট মাষ্টাৰ বিধান সভালৈ আহিছে।
এওঁলোকৰ মাত-কথা শুধক।
ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ।
মূখ্যমন্ত্ৰীয়ে যদি ৰাজধৰ্ম পালন কৰিছে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক।

আমাৰ সৌন্দৰ্য্য বৰ্ধন মাকুমৰ মাজমজিয়াত থকা উমেশৰ চেলুনতে হয়।☺️ব্ৰেণ্ড বা দামী নামধাৰী চেল'তকৈ (উচ্চাৰণ চেল') উমেশৰ দুহাত...
23/05/2026

আমাৰ সৌন্দৰ্য্য বৰ্ধন মাকুমৰ মাজমজিয়াত থকা উমেশৰ চেলুনতে হয়।☺️
ব্ৰেণ্ড বা দামী নামধাৰী চেল'তকৈ (উচ্চাৰণ চেল') উমেশৰ দুহাতৰ যাদুৱেই আমাৰ বাবে যথেষ্ঠ।
#মাকুম

23/05/2026

মাতৃভাষা যিকোনো এটা জাতিৰ উত্তৰণৰ মূল আধাৰ।
আমাৰ আদিয়ে অসমীয়া পঢ়িবলৈ আৰম্ভ কৰিছে।
ভৱিষ্যতে এজন ভাল অসমীয়া সন্তান হিচাপে যাতে প্ৰতিষ্ঠিত হ'ৱ পাৰে তাৰেই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।🙏
#অসম #অসমীয়া #অসমীয়াত্ব

Address

Makum-Junction

Alerts

Be the first to know and let us send you an email when Mausam Baruah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share