নাটमল্লাৰ: Naat Mallar

নাটमল্লাৰ: Naat Mallar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from নাটमল্লাৰ: Naat Mallar, Social service, Majuli.

নাটমল্লাৰ:সত্ৰীয়া সংস্কৃতি কলা কেন্দ্ৰ৷মাজুলীৰ শ্ৰীশ্ৰীএলেঙী বাঁহজেঙনি সত্ৰত এই অনুষ্ঠানটো অৱস্থিত৷ সত্ৰীয়া সংস্কৃতিৰ অধ্যয়ন,প্ৰশিক্ষণ,সংৰক্ষণ,প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে জনগণৰ মাজত ঐক্য,শান্তি আৰু সম্প্ৰীতিৰ সৃষ্টি কৰা এই অনুষ্ঠানৰ অন্যতম লক্ষ্য৷

আমাৰ সত্ৰ পৰিয়াল, ’নাটমল্লাৰ’ৰসদস্য আৰু কৰ্মকৰ্তাসকল, মাজুলীক আন্তৰিকতাৰে ভালপোৱা সকলো জনগোষ্ঠীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত আমি...
18/12/2025

আমাৰ সত্ৰ পৰিয়াল, ’নাটমল্লাৰ’ৰসদস্য আৰু কৰ্মকৰ্তাসকল, মাজুলীক আন্তৰিকতাৰে ভালপোৱা সকলো জনগোষ্ঠীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত আমি গুৰুদুজনাৰ আশিসলৈ আগন্তুক দিনত ’নাটমল্লাৰ’ৰ বৈচিত্ৰময় যাত্ৰা আৰম্ভ হ’ব৷💕🙏🌷

05/11/2025
03/11/2025
আপোনালোকৰ দিহা-পৰামৰ্শ আৰু শুভকামনা বিচাৰিলোঁ 🙏🙏🙏
02/11/2025

আপোনালোকৰ দিহা-পৰামৰ্শ আৰু শুভকামনা বিচাৰিলোঁ 🙏🙏🙏

অসম কেবিনেটৰ এই সিদ্ধান্তই সত্ৰসমূহৰ ভৱিষ্যতৰ ক্ষেত্ৰত প্ৰভাৱ নিশ্চয়  পেলাব৷ কেবিনেটৰ এই সিদ্ধান্তটো আমি বিশেষভাৱে আদৰণি...
16/10/2025

অসম কেবিনেটৰ এই সিদ্ধান্তই সত্ৰসমূহৰ ভৱিষ্যতৰ ক্ষেত্ৰত প্ৰভাৱ নিশ্চয় পেলাব৷ কেবিনেটৰ এই সিদ্ধান্তটো আমি বিশেষভাৱে আদৰণি জনাইছে৷

02/10/2025

৫৭৭সংখ্যক গুৰুজয়ন্তী আৰু আমাৰ নৱপ্ৰজন্ম~
~দুলাল চন্দ্ৰ মহন্ত
(২অক্টোবৰ,২০২৫চন)

অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যই ক্ষোভত লিখিছিল~
শঙ্কৰদেৱৰ দেখোঁ জীৱনৰ
চৰিত্ৰ কেৱল ভকতত সীমা
চৈতন্য-জীৱন জগত-ঘোষণ
শ্মশানতে লয় শঙ্কৰমহিমা।
(জাতীয় গৌৰৱ)
আশাৰ কথা যে বৰ্তমান অসমৰ নৱপ্ৰজন্মৰ অজস্ৰ গুণমুগ্ধই গুৰুজনাই প্ৰৱৰ্তন কৰা মতাদৰ্শ আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈছে৷ বিশেষকৈ বৰগীত,নৃত্য আৰু অভিনয়,খোলবাদন আদি চৰ্চাৰ ক্ষেত্ৰত তেওঁলোক যথেষ্ট আগ্ৰহী হোৱা পৰিলক্ষিত হয়৷
আমাৰ নৱপ্ৰজন্মৰ প্ৰতি এটি আহ্বান তেওঁলোকে যেন শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱকে মুখ্য কৰি গুৰু তথা বৈষ্ণৱ পণ্ডিতসকলৰ সম্পৰ্কে অধ্যয়নৰ দ্বাৰা সম্যক ধাৰণা আয়ত্ত কৰাৰ প্ৰয়াস কৰক৷এইদিশত অগ্ৰজসকলৰো গুৰু দায়িত্ব আছে৷ ভোগবাদ আৰু আত্মকেন্দ্ৰিকতাই সৃষ্টি কৰা শ্বাসৰুদ্ধকৰ পৰিৱেশৰ পৰা সকাহ পোৱাৰ অন্যতম উপায় গুৰুজনাই আগতেই এনেকৈ দিথৈ গৈছে~
কহতু শংকৰ এ দুখ সাগৰ
পাৰ কৰা হৃষীকেশ।
তুহু গতি মতি দেহু শ্রীপতি
তত্ত্ব পন্থ উপদেশ।।( বৰগীত/পাৱে পৰিহৰি-)
সকলোলৈকে শুভকামনাৰে৷

25/08/2025

শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি শ্ৰদ্ধাৰ্ঘ~
(২৫-০৮-২৫)

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰতিটো বৰগীতেই অনুপম শব্দচয়নেৰে সমৃদ্ধ৷ভগৱান শ্ৰীকৃষ্ণৰ ৰূপৰ বৰ্ণনা এই বৰগীতটিত অতি সুন্দৰভাৱে ফুটি উঠিছে৷ এই বৰগীতটি বৈষ্ণৱ পণ্ডিত প্ৰয়াত বাপচন্দ্ৰ মহন্ত দেৱৰ ’বৰগীত’ পুথিৰ পৰা উদ্ধৃত কৰা হৈছে৷
আজি গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথি পালনৰ জৰিয়তে সকলোৱে ভকতিৰ অমিয়া পান কৰক৷ সেৱাৰে~

ৰাগ:নাটমল্লাৰ
ধ্ৰুং:মধুৰ মুৰুতি মুৰাৰু
মন দেখ হৃদয়ে হামাৰু৷
ৰূপ অনংগ সংগে তুলনা
তনু কোটি সূৰুয উজিয়াৰু৷৷

পদ:
মকৰ কুণ্ডল গণ্ড মণ্ডিত
খণ্ডিত চান্দ ৰুচি স্মিত হাসা৷
কনক কিৰীটি জড়িত ৰতনা নৱ
নীৰজ নয়ন বিকাসা৷৷

চতুৰ উঝৰ কৰ কংকণ কেয়ুৰ
ভূজমহ মোতিম হাৰু৷
লীলা বিনোদী কম্বু কৌমুদী
চক্ৰ কেৰি কঞ্জ ধাৰু৷৷

শ্যাম শৰীৰ ৰুচিৰ পীত অম্বৰ
উৰে বনমালা লুলে৷
কৌস্তুভ শোভিত কণ্ঠ কটি কাঞ্চী
কিংকিণী কনয়া ডোলে৷৷

অৰৱিন্দ নিন্দি পাৱ নৱ পল্লৱ
ৰতন নূপুৰ পৰকাশা৷
ভকত পৰম ধন তাহে মজোক মন
শংকৰ এহু অভিলাষা৷

Address

Majuli
785110

Website

Alerts

Be the first to know and let us send you an email when নাটमল্লাৰ: Naat Mallar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category