Poshan Abhiyaan, Majuli

Poshan Abhiyaan, Majuli Poshan Abhiyaan is Mission of under ministry of women & Child Development Dept. Which aims to ensure malnutrition free India by 2022.

District Social Welfare, Majuli

আজি ইংৰাজী ২৩-৩-২০২৩ তাৰিখে কমলাবাৰীস্থিত মাজুলী মিলন সংঘত মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত পোষণ পখোৱাৰা ২০২৩ ৰ ...
23/03/2023

আজি ইংৰাজী ২৩-৩-২০২৩ তাৰিখে কমলাবাৰীস্থিত মাজুলী মিলন সংঘত মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত পোষণ পখোৱাৰা ২০২৩ ৰ লগত সংগতি ৰাখি সজাগতা সভা আৰু ৰন্ধন প্ৰকৰণ প্ৰদৰ্শন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷
উক্ত সভাত উপস্থিত থাকে সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া দেৱ নাৰায়ণ হাজৰিকা ডাঙৰীয়া, কৃষি বিষয়া, স্বাস্থ্য বিষয়া, সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া জিলা পৰ্যায় আৰু খণ্ড পৰ্যায়ৰ পোষণ দল, মুখ্যসেৱিকা, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ কৰ্মচাৰী, আশা কৰ্মী, সমাজ কৰ্মী, সাংবাদিক আৰু অংগনৱাডী কৰ্মী সহায়িকা সকল৷

আজি ইংৰাজী ১৫/০৯/২০২২ তাৰিখ বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় পোষণ মাহ ২০২২ ৰ লগত সংগতি ৰাখি মাজুলী জিলাৰ সমাজ কল্যাণ বিভাগৰ অন্তৰ্...
15/09/2022

আজি ইংৰাজী ১৫/০৯/২০২২ তাৰিখ বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় পোষণ মাহ ২০২২ ৰ লগত সংগতি ৰাখি মাজুলী জিলাৰ সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত দুটা সংহত শিশু উন্নয়ন প্ৰকল্প ক্ৰমে উজনি মাজুলী আৰু মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্প অধীনৰ ৰঙাচাহী, ৰাৱনাপাৰ, কৰতিপাৰ, লুইতপৰীয়াকে ধৰি কেইবাটাও চক্ৰত থলুৱা খাদ্য সম্ভাৰৰ ৰন্ধন প্ৰদৰ্শন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ থলুৱা খাদ্য গ্ৰহণৰ জৰিয়তে কিদৰে প্ৰত্যেক গৰাকী গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ, কিশোৰী আৰু শিশু সকল উপকৃত হয় সেই উদ্দেশ্যি ৰঙাচাহী চক্ৰত অনুষ্ঠিত কৰা এখনি সভাত মাজুলী জিলাৰ সন্মানীয় অতিৰিক্ত উপায়ুক্ত ড: সঞ্জীৱ ফুকন ডাঙৰীয়াই আৰু সহকাৰী আয়ুক্ত তথা জিলা সমাজ কল্যাণ বিষয়া শ্ৰী দেৱ নাৰায়ন হাজৰিকা ডাঙৰীয়া উপস্থিত থাকে৷ সমাজৰ সকলো শ্ৰেণীৰ লোকে পুষ্টিহীনতা আৰু ৰক্তহীনতা ব্যাধিৰ পৰা যাতে হাত সাৰি থাকিব পাৰে তাৰ ওপৰত তত্বগধুৰ বক্তিতাৰে উপস্থিত ৰাইজক উদ্দেশ্যি কৰি পৰিপুষ্ট সমৃদ্ধ থলুৱা খাদ্য সম্ভাৰৰ ওপৰত দুয়োগৰাকী বিষয়াই বহলাই আলোকপাত কৰে।

আজি ইংৰাজী ১২/০৯/২০২২ তাৰিখ সোমবাৰে পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহ, ২০২২ ৰ লগত সংগতি ৰাখি  মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক...
12/09/2022

আজি ইংৰাজী ১২/০৯/২০২২ তাৰিখ সোমবাৰে পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহ, ২০২২ ৰ লগত সংগতি ৰাখি মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালকৰ কাৰ্য্যালয়ৰ পৰা প্ৰেৰণ কৰা তিনিখন ৰথ ক্ৰমে পুষ্টি ৰথ, মাতৃ ৰথ আৰু শক্তি ৰথ আজি মাজুলী জিলাত উপস্থিত হয়। আৱৰ্ত্ত ভৱনত জিলা উপায়ুক্ত পুলক মহন্তই ৰথ তিনিখন আদৰণি জনোৱাৰ লগতে জিলা সমাজ কল্যাণ বিভাগে উলিওৱা এটি সজাগতামূলক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰে৷ উক্ত কাৰ্য্যসূচীত অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

ইয়াৰ পাছতে স্থানীয় বংশীগোপাল নাট্যমন্দিৰত এখনি পোষণ অভিযান সম্পৰ্কীয় সজাগতামূলক সভা অনুষ্ঠিত হয়৷ সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া শ্ৰী দেৱ নাৰায়ণ হাজৰিকাই আঁতধৰা সভাখনিত উপস্থিত থাকে মাজুলীৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া, বিশিষ্ট সমাজকৰ্মী বীৰেন শইকীয়া, জিলা সাংবাদিক সন্থাৰ সম্পাদক দিপু বৰা , সমাজ কল্যাণ বিভাগৰ মুখ্যসেৱিকা, আশা মুখ্যসেৱিকা, অংগনবাদী কৰ্মী, আশা আৰু অঞ্চলটোৰ মহিলা সকল৷

ইয়াৰ পাছতে মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ত ৰথ কেইখন আদৰণি জনাই কানীয়াজান আদৰ্শ অংগনবাদী কেন্দ্ৰত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়৷
সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াই আঁতধৰা সভাখনিত উপস্থিত থাকে অংগনবাদী কৰ্মী, আশা, শিক্ষক, কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু অঞ্চলটোৰ গণ্যমান্য ব্যক্তিৰ লগতে মাতৃগোট আৰু কিশোৰীসকল৷

 #পোষণ_মাহ, ২০২২(১ ছেপ্তেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰলৈ)প্ৰতিবছৰৰ দৰেই এই বছৰো মাজুলী জিলাৰ সমাজ কল্যাণ বিভাগৰ অধীনত পঞ্চম ৰা...
07/09/2022

#পোষণ_মাহ, ২০২২
(১ ছেপ্তেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰলৈ)

প্ৰতিবছৰৰ দৰেই এই বছৰো মাজুলী জিলাৰ সমাজ কল্যাণ বিভাগৰ অধীনত পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহ, ২০২২ ৰ জিলা পৰ্যায়, খণ্ড পৰ্যায়, চক্ৰ পৰ্যায় আৰু কেন্দ্ৰ পৰ্যায়ত যোৱা ১ ছেপ্তেম্বৰ তাৰিখৰ পৰা পোষণ মাহ উদযাপন কৰি আহিছে৷ পোষণ মাহ উদযাপনৰ ক্ষেত্ৰত সমাজ কল্যাণ বিভাগৰ লগত ওতপ্ৰোতভাৱে জড়িত আছে স্বাস্থ্য বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, শিক্ষা বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, খাদ্য সামগ্ৰী যোগান বিভাগ, কৃষি বিভাগ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান৷

“সৱল নাৰী, স্বাক্ষৰ শিশু আৰু সুস্থ ভাৰত” এই মূল বিষয়বস্তুৰ ওপৰত লক্ষ্য ৰাখি প্ৰতিটো পৰ্যায়ৰ কাৰ্যসূচীত সকলো বিভাগৰ বিষয়া কৰ্মচাৰী সকলে প্ৰতিজন সচেতন ব্যক্তিসকলৰ মাজত সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰি আহিছে৷

পূৰ্বৰে পৰা আমাৰ দেশত ০ ৰ পৰা ৬ বছৰৰ শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ আৰু কিশোৰী সকলৰ প্ৰতিটো স্তৰৰে বিকাশৰ বাবে পৃথকে পৃথকে আঁচনি ৰূপায়ণ হৈ আহিছে যদিও সৰ্বাঙ্গীণ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত বা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আঁচনিসমূহ ক’ৰবাত ব্যৰ্থ হৈ আহিছে৷ সেই ব্যৰ্থতাসমূহ নাইকিয়া কৰিবলৈ কেন্দ্ৰীয় পৰ্যায়ত একত্ৰিত হৈ পূৰ্বৰ পৃথক আঁচনিসমূহক সফলতা লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্য আগত ৰাখি ভাৰতক পুষ্টিহীনতাৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ অংগনবাদী কেন্দ্ৰসমূহৰ জৰিয়তে ০ ৰ পৰা ৬ বছৰৰ শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ আৰু কিশোৰী সকলৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে৷

এই মাহজোৰা কাৰ্যসূচীত মূলতঃ কেইবাটাও বিষয়বস্তু হাতত লৈ পোষণ মাহ সফল ৰূপায়ণৰ বাবে বিভাগে আগবাঢ়িছে৷ তাৰে ভিতৰত আছে -
#পোষণ পঞ্চায়ত
#মহিলা পঞ্চায়ত
#কিশোৰী পঞ্চায়ত
#পোষণ বাগিচা
#যোগাসন
#টি3 এনিমিয়া শিবিৰ
#ৰন্ধন প্ৰকৰণ প্ৰতিযোগিতা
#পুষ্টিহীন শিশুৰ চিনাক্তকৰণ তথা পুষ্টিকৰ খাদ্য বিতৰণ আৰু পুষ্টি পূৰ্ণসংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ৷

এইবাৰ পোষণ মাহত সমাজৰ সকলো পৰ্যায়ৰ লোকৰ অংশগ্ৰহণৰ দ্বাৰা পৰিপুষ্টি সজাগতামূলক বাৰ্তাসমূহ সমাজৰ মাজলৈ প্ৰেৰণ কৰি স্বাস্থ্যৱান ব্যক্তি, স্বাস্থ্যৱান পৰিয়াল,স্বাস্থ্যৱান সমাজ আৰু স্বাস্থ্যৱান দেশ গঢ়ি তুলাৰ লক্ষ্যৰে প্ৰতিজন ব্যক্তিয়ে হাতে হাত ধৰি পুষ্টিকৰ দেশ গঢ়াত সংকল্পৱদ্ধ হওঁক৷🙏🙏

আজি ইংৰাজী ০১-০৯-২০২২ তাৰিখ বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় পোষণ মাহ, ২০২২ ৰ লগত সংগতি ৰাখি সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে মাজুলী জিলা...
01/09/2022

আজি ইংৰাজী ০১-০৯-২০২২ তাৰিখ বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় পোষণ মাহ, ২০২২ ৰ লগত সংগতি ৰাখি সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে মাজুলী জিলাতো জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আনুষ্ঠানিকভাৱে জিলা পৰ্য্যায়ত ৰাষ্ট্ৰীয় পোষণ মাহ, ২০২২ ৰ শুভাৰম্ভ কৰা হয়। জিলা উপায়ুক্ত পুলক মহন্তৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত শ্ৰী সঞ্জীৱ কুমাৰ ফুকন, সহকাৰী আয়ুক্তদ্বয় ভৰত কোঁৱৰ, সংগীতা বৰুৱা, খণ্ড উন্নয়ন বিষয়া সকল, স্বাস্থ্য, শিক্ষা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা মুৰব্বী সকল, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়া কৰ্মচাৰী সকল, গাওঁ পঞ্চায়তৰ সভাপতি আৰু সচিৱ সকল, বিশিষ্ট সমাজ কৰ্মী সকল আৰু সন্মানীয় সাংবাদিক সকল। জিলা উপায়ুক্তই অনুষ্ঠানটো বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰাৰ পিছত উদ্দেশ্য ব্যাখ্যা কৰে সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া শ্ৰী দেৱ নাৰায়ণ হাজৰিকাই। জিলা উপায়ুক্তই অনুষ্ঠানটো শুভাৰম্ভ কৰি কয় যে, আমি এখন সুস্থ ভাৰত গঢ়িবলৈ হ’লে প্ৰথমে নাৰী সকলক সৱলীকৰণ কৰিব লাগিব। নাৰী সৱলীকৰণে এগৰাকী শিশুক স্বাক্ষৰ আৰু ভৱিষ্যতে সু-নাগৰিক হোৱাত সহায় কৰে। এই বৰ্ষৰ ৰাষ্ট্ৰীয় পোষণ মাহ, ২০২২ ৰ মূল বিষয়বস্তু হৈছে সৱল নাৰী, স্বাক্ষৰ শিশু আৰু সুস্থ ভাৰত। পোষণ মাহ, ২০২২ ৰ লগত সংগতি ৰাখি এইবাৰ জিলাখনত প্ৰতিটো অংগনবাদী কেন্দ্ৰতেই পুষ্টি বাগিচা স্থাপন কৰা হ’ব বুলি জিলা উপায়ুক্তই মত প্ৰকাশ কৰে। এখন সুস্থ ভাৰত গঢ়িবলৈ প্ৰথমে শিশু সকলক পুষ্টিহীনতাৰ পৰা দূৰ কৰাটো অতিকৈ প্ৰয়োজন আৰু তাৰ বাবে থলুৱাভাৱে উপলব্ধ সেউজীয়া শাক-পাচলি, ফল-মূল, আহাৰ শিশুৰ বাবে অতিকৈ প্ৰয়োজন বুলি জিলা উপায়ুক্তই মত প্ৰকাশ কৰে। তাৰোপৰি অংগনবাদী কেন্দ্ৰসমূহ অধিক সৱল আৰু শক্তিশালী ৰূপত গঢ়ি তুলাৰ লক্ষ্যৰে এই কেন্দ্ৰসমূহ ইচ্ছুক ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা পৰিগ্ৰহণ (Adoption) কৰিবলৈ আহ্বান জনায়।

পোষণ অভিযানৰ জিলা সমন্বয়ক শ্ৰী মনজ্যোতি গোস্বামীয়ে ৰাষ্ট্ৰীয় পোষণ মাহ, ২০২২ ৰ লগত সংগতি ৰাখি জিলাখনত আগন্তুক মাহত বিভিন্ন বিভাগৰ সহযোগত গ্ৰহণ কৰিবগলা কাৰ্যসূচীৰ বিষয়ে চমুকৈ উপস্থাপন কৰে। এই বৰ্ষৰ পোষণ মাহৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিবগলা কাৰ্যূচীসমূহ হৈছে পোষণ পঞ্চায়ত, পোষণ ভাটিকা আৰু এনিমিয়া প্ৰতিকাৰৰ বাবে T3 (Test, Treat, Talk) ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। লগতে জিলাখনৰ সকলো অংগনবাদী কেন্দ্ৰত উপলব্ধ খোৱা পানীৰ পৰীক্ষা কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক দায়িত্ব অৰ্পণ কৰা হৈছে।ইয়াৰোপৰি সম্প্ৰদায় আধাৰিত অনুষ্ঠান, ৰন্ধন প্ৰকৰণ প্ৰতিযোগিতা, শিশুৰ বৃদ্ধি নিৰীক্ষণ আৰু যোগ আদি কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ইয়াৰ পিছতে অতিৰিক্ত উপায়ুক্ত শ্ৰী সঞ্জীৱ কুমাৰ ফুকনে (সমাজ কল্যাণ বিভাগ) উপস্থিত সকলোকে শলাগৰ শৰাই আগবঢ়াই আগন্তুক পোষণ মাহ, ২০২২ ৰ সফলভাৱে ৰূপায়ণৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে।

06/04/2022
আজি ইংৰাজী ০৩-০৪-২০২২ তাৰিখ দেওবাৰে পোষণ পখৱাড়া ২০২২ ৰ লগত সংগতি ৰাখি মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্প অধীনত কলিতাপাৰ MKT...
03/04/2022

আজি ইংৰাজী ০৩-০৪-২০২২ তাৰিখ দেওবাৰে পোষণ পখৱাড়া ২০২২ ৰ লগত সংগতি ৰাখি মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্প অধীনত কলিতাপাৰ MKTC মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গণত খণ্ড পৰ্যায়ৰ জনজাতীয় খাদ্য সম্ভাৰৰ ৰন্ধন প্ৰকৰণ আৰু খাদ্য প্ৰদৰ্শনৰ এখনি সভা অনুষ্ঠিত কৰা হয়৷ সভাত উপস্থিত থাকে সমাজকল্যাণ বিভাগৰ কৰ্মচাৰী সকলৰ লগতে সহযোগী বিভাগৰ কৰ্মচাৰী সকল৷ উক্ত সভাত সভাপতিত্ব কৰে MKTC মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত লক্ষ্য পগাগ দেৱে৷ খণ্ড প্ৰকল্প পংকজ পায়েঙে আঁতধৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে খণ্ড প্ৰকল্প সহায়ক যদুমণি ভূঞাই৷ তেখেতে কয় যে ২১ মাৰ্চৰ পৰা ৪ এপ্ৰিল ২০২২ লৈকে সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰি অহা পোষণ পখৱাড়াৰ মূল উদ্দেশ্য হৈছে থলুৱাভাৱে উপলব্ধ শাকপাচলি সমূহৰ পৰা কিদৰে মহিলাসকলৰ এনিমিয়ামুক্ত ভাৰতবৰ্ষ গঢ়িব পাৰে৷ তাৰোপৰি কণ কণ শিশুসকলৰ পুষ্টিহীণতা দূৰ কৰি অপুষ্টিহীণ দেশ হিচাপে ভাৰতবৰ্ষক চিনাকি দিয়াৰ যি প্ৰচেষ্টা আগত ৰাখি পোষণ অভিযানে ২০১৯ চনৰ পৰা বিভিন্ন কাৰ্যসূচীৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে সেইবোৰ বাস্তৱত ৰূপায়িত কৰাৰ অতিকৈ জৰুৰী হৈ পৰিছে বুলি মত প্ৰকাশ কৰে৷ ইয়াৰ পিছতে থলুৱাভাৱে উপলব্ধ শাকপাচলি আৰু খাদ্য প্ৰণালীৰ বিষয়ে পুংখানুপুংখভাৱে বহলাই আলোকপাত কৰে স্বাস্থ্য বিভাগৰ MPW দুৰ্গেশ্বৰ শইকীয়া দেৱে৷ তেখেতে কয় যে থলুৱা শাকপাচলিয়ে গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ, কিশোৰী আৰু কণ কণ শিশুসকলৰ সু- স্বাস্থ্যৱান আৰু ৰোগ নিৰাময়ত যথেষ্ট সহায় কৰে৷ বৰ্তমান সময়ত মহিলা সকলৰ ৰক্তহীণতা আৰু কণ কণ শিশুসকলৰ পুষ্টিহীণতাত ভুগিলে কেনেধৰণৰ খাদ্য খাব লাগে সেই বিষয়ে বিভিন্ন থলুৱা শাকপাচলিবোৰ দেখুৱাই ৰাইজক অৱগত কৰে৷ সভাখনি সফল ৰূপায়ণত সহায় কৰে মুখ্যসেৱিকা ক্ৰমে ৰিংকু বৰুৱা, আৰতি ডেকা, লিলি বৰুৱা, জ্যোতি বাৰিক, জিলা প্ৰকল্প সহায়ক ৰিবলী ভূঞা আৰু অংগনবাদী কৰ্মী সকলৰ লগতে সভাখনিত উপস্থিত থকা অঞ্চলটোৰ গণ্যমান্য ব্যক্তিসকলে৷

পোষণ পখড়াৰ বৃদ্ধি নিৰীক্ষণ শিবিৰ৷
23/03/2022

পোষণ পখড়াৰ বৃদ্ধি নিৰীক্ষণ শিবিৰ৷

Poshan Pakhwada ৰ লগত সংগতি  ৰাখি আজি গড়মূৰ সদৰ আৰু মিলনপুৰ অংগনবাদী কেন্দ্ৰত বৃদ্ধি নিৰীক্ষণ শিবিৰ পৰিদৰ্শন কৰে মাজুলীৰ...
23/03/2022

Poshan Pakhwada ৰ লগত সংগতি ৰাখি আজি গড়মূৰ সদৰ আৰু মিলনপুৰ অংগনবাদী কেন্দ্ৰত বৃদ্ধি নিৰীক্ষণ শিবিৰ পৰিদৰ্শন কৰে মাজুলীৰ মহকুমাধিপতি তথা জিলা সমাজ কল্যাণ বিষয়া, সংহত শিশু উন্নয়ন বিষয়া, পোষণ অভিযানৰ BCO, চক্ৰৰ মুখ্যসেৱিকা, PMMVY ৰ DPC, আৰু পোষণ অভিযানৰ DPA.

Address

Garmur
Majuli
785104

Website

Alerts

Be the first to know and let us send you an email when Poshan Abhiyaan, Majuli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Poshan Abhiyaan, Majuli:

Share