01/06/2026
" মাধৱ স্বৰূপে কৃষ্ণ-অংশে অৱতৰি।
গুৰুসেৱা ধৰ্ম্ম দেখাইলন্ত কৃপা কৰি॥ "
জীৱনৰ গভীৰ জ্ঞানান্বেষণেৰে মানৱ জাতিক ভক্তিৰ অমৃত বাট দেখুৱাই যোৱা মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ বহুমুখী শৈল্পিক প্ৰতিভাৰ অনুপম আকৰ। বৰগীত, ভটিমা, ঝুমুৰাৰ পৰা নামঘোষা, জন্মৰহস্যলৈ মাধৱদেৱ গুৰুজনাৰ সাহিত্যৰ অনবদ্য কৃতি অসমৰ নৱবৈষ্ণৱ ধৰ্ম আৰু অসমীয়া সাহিত্যৰ অম্লান সম্পদ; এক কথাত অসমবাসীৰ প্ৰাণধন, কৃষ্ণভক্তিৰ অমৃত সোপান। সাংগঠনিক, দাৰ্শনিক প্ৰতিভাৰেও সমুজ্জ্বল মাধৱ পুৰুষে অসমৰ সামাজিক সত্তা বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান অপ্ৰতুল। তেৰাৰ যশ-গুণ অসম থাকে মানে অমৰ হৈ ৰ'ব।
মাধৱদেৱ গুৰুজনালৈ পৱিত্ৰ আৱিৰ্ভাৱ তিথিত সশ্ৰদ্ধ ভক্তি প্ৰণিপাত নিবেদন কৰিছোঁ।