CPI-M Jorhat

CPI-M Jorhat This is the official page of Communist Party Of India (Marxist), Jorhat District Committee. The CPI(M) has grown steadily since its formation in 1964.

The CPI(M) was formed at the Seventh Congress of the Communist Party of India held in Calcutta from October 31 to November 7, 1964. The CPI(M) was born in the struggle against revisionism and sectarianism in the communist movement at the international and national level, in order to defend the scientific and revolutionary tenets of Marxism-Leninism and its appropriate application in the concrete I

ndian conditions. The CPI(M) combines the fine heritage of the anti-imperialist struggle and the revolutionary legacy of the undivided Communist Party which was founded in 1920. Over the years, the Party has emerged as the foremost Left force in the country. The membership of the Party, which was 118,683 at the time of its formation, has grown to 10,44,833 in 2011. The Party has sought to independently apply Marxism-Leninism to Indian conditions and to work out the strategy and tactics for a people's democratic revolution, which can transform the lives of the Indian people. The CPI(M) is engaged in bringing about this basic transformation by carrying out a programme to end imperialist, big bourgeois and landlord exploitation. The CPI(M) as the leading Left party is committed to build a Left and democratic front which can present a real alternative to the existing bourgeois-landlord policies. In the last few elections, contesting on an average 15 percent of the total seats, the CPI(M) has been getting around 5-6 percent of the votes. (India follows the “first past the post” system and not proportional representation) In the 2009 elections to the Lok Sabha (lower house of the Indian Parliament) the CPI(M) won 16 seats. The Lower House of Parliament has a strength of 543. In the Rajya Sabha (Upper House) the CPI(M) has 11 members. The CPI(M) is heading one state government. The Left Front government headed by the CPI(M) was uninterruptedly in power in West Bengal since 1977 upto May 2011. In Kerala, it has been in and out of office. Currently, the Left Democratic Front headed by the CPI(M) is in oppositon. In Tripura, the CPI(M) was first elected to office in 1977. Though it lost the subsequent election due to largescale rigging, in all elections since 1988 it has been voted to office. Though uneven, the CPI(M) has representation in eight state legislative assemblies.

আজি পূৱ যোৰহাট অঞ্চলৰ বানবিধ্বস্ত লাউজান, চেলেংহাট, চুমনি পথাৰ আদি ঠাইলৈ চি পি আই(এম), যোৰহাট জিলা কমিটিৰ এটা প্ৰতিনিধি ...
22/08/2026

আজি পূৱ যোৰহাট অঞ্চলৰ বানবিধ্বস্ত লাউজান, চেলেংহাট, চুমনি পথাৰ আদি ঠাইলৈ চি পি আই(এম), যোৰহাট জিলা কমিটিৰ এটা প্ৰতিনিধি দল গৈ ৰাইজৰ পৰিস্থিতিৰ বুজ লয়। লাউজানৰ বিশেষভাৱে ক্ষতিগ্ৰস্ত পাঁচঘৰ মানুহক ৫০০০ টকাৰ নগদ সাহায‍্য প্ৰদান কৰা হয়। লগতে শেৱালি হোম এন্টাৰপ্ৰাইজৰ পৰা আগবঢ়োৱা Disaster Management packet প্ৰদান কৰা হয়। ঠাইবোৰৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ তালিকা, ছাত্ৰ-ছাত্ৰীৰ তালিকা আদি সংগ্ৰহ কৰা হয়।
CPI-M, Assam CPI-M Supporters Communist Party of India (Marxist)

*বানপানী সমস‍্যাৰ স্থায়ী সমাধানৰ দাবীত যোৰহাটত চিপিআই(এম) ৰ দাবী দিৱসঃ মুখ‍্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান*চিপিআই(এম) দলৰ...
21/08/2026

*বানপানী সমস‍্যাৰ স্থায়ী সমাধানৰ দাবীত যোৰহাটত চিপিআই(এম) ৰ দাবী দিৱসঃ মুখ‍্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান*

চিপিআই(এম) দলৰ অসম ৰাজ‍্যিক কমিটিৰ আহ্বান মৰ্মে ২১ আগষ্ট তাৰিখে যোৰহাটত চিপিআই(এম) য়ে বানপানী সমস‍্যাৰ স্থায়ী সমাধান বিচাৰি বিক্ষোভ কাৰ্যসূচী সংগঠিত কৰে। কাৰ্যসূচীৰ অংশ হিচাপে আজি চিপিআই(এম) ৰ যোৰহাট জিলা কাৰ্যালয়ত অৰ্ধ শতাধিক লোক সমবেত হৈ এটা প্ৰতিবাদী মিচিল উলিয়াই জিলা আয়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। ইয়াৰ পিছত ডঃ পিনাকী সেনগুপ্ত আৰু ৰাজেন মহন্তৰ নেতৃত্বত যোৱা দলৰ এটা প্ৰতিনিধি দলে জিলা আয়ুক্তৰ জড়িয়তে মুখ‍্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। দলৰ এটা বিবৃতিযোগে কোৱা হয় যে, যোৱা ১৯ জুলাইৰ পৰা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু পৰৱৰ্তী সময়ত গোলাঘাটকে ধৰি কেইবাখনো জিলাত বানপানীয়ে যি অকল্পনীয় ৰূপ ধাৰণ কৰিলে, তাৰ বিষময় পৰিণতি এতিয়াও জনসাধাৰণে ভুগি থাকিবলগীয়া হৈছে। এই জনপ্ৰলয়ৰ সঠিক আৰু সুনিৰ্দিষ্ট কাৰণ এতিয়াও চৰকাৰে ৰাজহুৱা কৰা নাই। কিন্তু ভৱিষ্যতে এনেধৰণৰ বিপৰ্যয় ৰোধ কৰিবলৈ সঠিক অনুসন্ধানৰ অতীৱ প্ৰয়োজন। অঞ্চলটোৰ বাসিন্দাসকলৰ অভিমত হ'লঃ প্ৰাকৃতিক কাৰকবোৰৰ লগতে নগালেণ্ড আৰু অসমত হোৱা অবৈধ খনন আৰু পৰিৱেশ ধ্বংসই এই জলপ্ৰলয় সৃষ্টিত যথেষ্ট অৰিহণা যোগাইছে। অসমৰ দাঁতিকাষৰীয়া ৰাজ্য আৰু ভূটানত নিৰ্মিত বৃহৎ নদীবান্ধবোৰেও অসমৰ বিভিন্ন অঞ্চলত বানপানীৰ প্ৰকোপ বৃদ্ধিত অৰিহণা যোগাইছে। ক্ষতিৰ পৰিমাণ আৰু গভীৰতালৈ লক্ষ্য কৰিলে এনেবোৰ ক্ষেত্ৰত চৰকাৰী নীতিৰ পৰিৱৰ্তন যে দৰকাৰ, সেয়া স্পষ্ট। চিপিআই(এম)ৰ দৃঢ় অভিমত হ'ল যে ক্ষয়ক্ষতিৰ পৰিমাণ আৰু চৰিত্ৰ বিবেচনা কৰি এই জলপ্ৰলয়ক জাতীয় দুৰ্যোগ (National Disaster)হিচাপে ঘোষণা কৰিব লাগিব। অসমৰ বানপানী সমস্যাৰ সৈতে যিহেতু দাঁতি-কাষৰীয়া দেশ আৰু ৰাজ্যৰ পৰিৱেশ আৰু কৰ্মকাণ্ড সাঙোৰ খাই আছে, সেয়ে ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে বিবেচনা কৰি স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগিব।

এই প্ৰেক্ষাপটত অহা ২১ আগষ্টত চিপিআই(এম)ৰ পক্ষৰ পৰা অসম চৰকাৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰিব লগা দাবী কেইটা হ'লঃ (১) উজনি অসমৰ বানপানীৰ কাৰকসমূহ চিহ্নিত কৰাৰ বাবে বিশেষজ্ঞ কমিটি গঠন আৰু নিৰ্ধাৰিত সময়ত প্ৰতিবেদন দাখিল, (২) উজনি অসমৰ এই বানপানীক জাতীয় দুৰ্যোগ (National Disaster) হিচাপে ঘোষণা কৰা, (৩) অসমৰ ওপৰত সামগ্ৰিক প্ৰভাৱ (cumulative effect) সঠিকভাৱে নিৰ্ণয় নকৰা পৰ্যন্ত দাঁতিকাষৰীয়া ৰাজ্য সমূহত নিৰ্মিয়মান বৃহৎ নদীবান্ধসমূহৰ নিৰ্মাণ স্থগিত ৰখা আৰু (৪) অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে বিবেচনা কৰি স্থায়ী সমাধানৰ বাবে সময় নিৰ্ধাৰিত কাৰ্যসূচী ঘোষণা কৰা।

ৰাজ্য চৰকাৰৰ ওচৰত চিপিআই(এম)ৰ দাবীসমূহ হ'লঃ (১)বানৰ ফলত নিহতৰ পৰিয়াললৈ অন্ততঃ ২০ লাখ টকা সাহায্য প্ৰদান, (২)ক্ষতিগ্রস্ত প্ৰতিটো পৰিয়ালক শীঘ্ৰে এক লাখ টকাকৈ এককালীন সাহায্য, (৩) সম্পূর্ণভাৱে ধ্বংস বা নষ্ট হোৱা পঁকী বা কেঁচা ঘৰৰ বাবে ক্ষতিপূৰণৰ পৰিমাণ অন্ততঃ ১০ লাখ টকালৈ বৃদ্ধি, বেয়াকৈ ক্ষতিগ্ৰস্ত ঘৰৰ বাবে অন্ততঃ ৫লাখ টকা নিৰ্ধাৰণ, (৪) শস্যহানি, গৱাদি পশুৰ মৃত্যুৰ বাবে নিৰ্ধাৰিত ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি, (৫)বানপীড়িত পৰিয়াললৈ ছমাহ বিনামূলীয়া খাদ্য যোগান,
(৬)বানত ক্ষতিগ্ৰস্ত কৃষকে পুনৰ খেতি কৰিব পৰাকৈ চৰকাৰে বিনামূলীয়াকৈ কঠিয়া যোগান ধৰাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ, (৭)ক্ষতিগ্ৰস্ত অঞ্চলবোৰত মহামাৰী ৰোধ কৰা, মানুহ আৰু জীৱ-জন্তুৰ বাবে উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱা, (৮)বানে গৰকা গাঁওবোৰত চৰকাৰৰ উদ্যোগত অন্ততঃ ২০০দিনৰ কাম নিশ্চিত কৰা, (৯) বানত ক্ষতিগ্ৰস্ত শিক্ষানুষ্ঠান, অংগনৱাড়ী কেন্দ্ৰ মেৰামতিৰ বাবে বিশেষ পুঁজিৰ আবণ্টন, ছাত্ৰ-ছাত্ৰীলৈ বিনামূলীয়া ইউনিফৰ্ম আৰু কিতাপ-বহী, বিশেষ আৰ্থিক অনুদানৰ ব্যৱস্থা আৰু (১০)বানত বেয়াকৈ ক্ষতিগ্ৰস্ত সকলৰ ঋণ মকুব কৰা।

সকলোৱে দলে বলে যোগ দিয়ক ।
16/08/2026

সকলোৱে দলে বলে যোগ দিয়ক ।

যোৰহাট : ৯ আগষ্ট ২০২৬যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ ৪৬ নং চাৰিঙীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত বিস্তৃীৰ্ণ ৰঙাগৰা অঞ্চল এত...
09/08/2026

যোৰহাট : ৯ আগষ্ট ২০২৬

যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ ৪৬ নং চাৰিঙীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত বিস্তৃীৰ্ণ ৰঙাগৰা অঞ্চল এতিয়াও পানীত ডুবি আছে। কাকডোঙা নৈত পানী নকমিলে এই দ-পথাৰ অঞ্চলত সোনকালে পানী কমাৰ সম্ভাৱনা নায়। আজি চিপিআই(এম) দলৰ ফালৰ পৰা সেই ঠাইৰ এতিয়াও একেবাৰে পানীত ডুব গৈ থকা ৮ টা পৰিয়ালক কিছু লাগতিয়াল খাদ‍্যবস্তু, চাবোন-চাৰ্ফ, খোৱাপানী আদিৰে সাহায‍্য কৰা হয়। আজিৰ এই কাৰ্যসূচীত উপস্থিত আছিল চিপিআই(এম) যোৰাহাট জিলা সম্পাদকমণ্ডলীৰ সদস‍্য দিব‍্যেন্দু দাস আৰু লুইত ভট্ট, জিলা কমিটিৰ সদস‍্য অংকুজ‍্যোতি বৰা, যোৰহাট লোকেল কমিটিৰ সদস‍্য প্ৰকাশ বৰা। এই ঠাইলৈ গৈ পোৱা খবৰমতে গাঁৱৰ প্ৰায়ভাগ যোগ‍্য মহিলাই অৰুনোদয় আঁচনি লাভ কৰা নাই, প্ৰায়ভাগ যোগ‍্য ব‍্যক্তিয়ে বৃদ্ধ পেঞ্চন লাভ কৰা নাই, কৃষকসকলে কৃষি সন্মান নিধি পেৱা নাই। পঞ্চায়তৰ ৱাৰ্ড সদস‍্যজন আজিকোপতি তেওঁলোকৰ খবৰ এটাও কৰিবলৈ অহা নাই। জব কাৰ্ডৰ বেলিকাও একেই অৱস্থা, কোনো মানুহে এই ঠাইত জব কাৰ্ডৰ কাম পোৱা নাই। পিছপৰা এই অঞ্চলত আধিকৈ কৰা খেতি-বাতি, মৎস‍্য পালন, পশু-পক্ষী পালন এইবোৰেই প্ৰধান জীৱিকা। কোনো কোনো ব‍্যক্তিৰ ঋণ লৈ কৰা মংস‍্য পালনৰ সকলো মাছ বানপানীত ওলাই গৈছে। কোনো ব‍্যক্তিৰ দৈনিক উপাৰ্জনৰ পথ হিচাপে থকা ৩০-৪০ জোপা মান পান গছ মৰি গৈছে। মুঠৰ ওপৰত এতিয়াও পানীত বুৰি থকা এই অঞ্চলত কৃষিক্ষেত্ৰৰ ক্ষতি অতি ব‍্যাপক।

Communist Party of India (Marxist) CPI-M Supporters CPI-M, Assam

চাংশোৱা আশ্ৰয় শিবিৰত চি পি আই (এম) ৰ তৰফৰ পৰা কিছু প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰা হয় ।   CPI-M Supporters CPI-M, Assa...
05/08/2026

চাংশোৱা আশ্ৰয় শিবিৰত চি পি আই (এম) ৰ তৰফৰ পৰা কিছু প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰা হয় ।
CPI-M Supporters CPI-M, Assam

31/07/2026
30/07/2026

*যোৰহাটৰ বন‍্যাক্ৰান্ত ৰাইজৰ সৈতে চি পি আই (এম) অসম ৰাজ্যিক সম্পাদকৰ আলোচনা ।

29/07/2026

*যোৰহাটৰ বন‍্যাক্ৰান্তৰ কাষত চিপিআই(এম) দলৰ প্ৰতিনিধি দল:*
বানাক্ৰান্ত সকলৰ সৈতে আলোচনা কৰে চি পি আই (এম) ৰ অসম সম্পাদকমণ্ডলীৰ সদস্য তথা প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰ ।
CPI-M Jorhat Communist Party of India (Marxist)

যোৰহাটৰ বন‍্যাক্ৰান্তৰ কাষত চিপিআই(এম) দলৰ প্ৰতিনিধি দলবানবিধ্বস্ত যোৰহাট জিলাত চি পি আই(এম) দলৰ ৰাজ্যিক কমিটিৰ উদ্যোগত ...
29/07/2026

যোৰহাটৰ বন‍্যাক্ৰান্তৰ কাষত চিপিআই(এম) দলৰ প্ৰতিনিধি দল

বানবিধ্বস্ত যোৰহাট জিলাত চি পি আই(এম) দলৰ ৰাজ্যিক কমিটিৰ উদ্যোগত আৰু যোৰহাট জিলা কমিটিৰ সহযোগত আজি সাহায্য অভিযান আৰম্ভ কৰা হয়। চিপিআই(এম) দলৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক সূপ্ৰকাশ তালুকদাৰৰ নেতৃত্বত যোৱা দলটোত ৰাজ‍্যিক সম্পাদকমণ্ডলীৰ সদস‍্য তথা প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰ উপস্থিত থাকে। আজিৰ কাৰ্যসূচীত যোৰহাট জিলা সম্পাদক তথা ৰাজ্যিক সমিতিৰ সদস্য সুনীল বৰুৱা, জিলা সম্পাদকমণ্ডলীৰ সদস‍্য ডঃ পিনাকী সেনগুপ্ত, দিব‍্যেন্দু দাস সহিতে দলৰ যুৱ-ছাত্ৰ সদস্যসকলৰ এটা বৃহৎ দলে সহযোগিতা আগবঢ়ায়। দলৰ প্ৰতিনিধি দলে আজি শ’লমৰাৰ ভোগদৈৰ চিগা মাথাউৰি পৰিদৰ্শন কৰে। ইয়াৰ পিছত পশ্চিম যোৰহাট অঞ্চলৰ ৰৌমাৰি, ৰঙাগৰা, চেঙেলীআটি, খঙীয়া চুক, মজিয়াভেটি আদি ঠাইৰ প্ৰায় ৩০০ ঘৰ পৰিয়ালক সাহায‍্য প্ৰদান কৰা হয়। চিপিআই(এম) দলৰ পক্ষৰ পৰা চাউল, দাইল, আলু, নিমখ আদি খাদ্যৰ টোপোলাৰ লগতে খোৱা পানী, ব্লিচিং পাউদাৰ, মমবাতি, মহ খেদোৱা ধূপ, চাবোন, চাৰ্ফ, আদি সামগ্ৰী পৰিয়ালসমূহক যোগান ধৰা হয়।

ইতিমধ্যেই বানাক্ৰান্ত জিলা কেইখনৰ চিপিআই(এম) দলৰ সদস্যসকলে বানাক্ৰান্ত অঞ্চলত খা-খবৰ লোৱাৰ লগতে সহায়-সহযোগিতা কৰা কামত যুক্ত হৈ আছে। কাইলৈ আৰু পৰহিলৈ দলৰ ৰাজ‍্যিক প্ৰতিনিধি দলটোৱে শিৱসাগৰ জিলা পৰিদৰ্শন কৰিব আৰু শিৱসাগৰ জিলাত বানাক্ৰান্তৰ সাহায‍্যৰ কাম-কাজত নিয়োজিত হ’ব।
CPI-M, Assam Communist Party of India (Marxist)

Address

Jorhat

Alerts

Be the first to know and let us send you an email when CPI-M Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to CPI-M Jorhat:

Shortcuts

Share