Bjp Jorhat kishan Mocha

Bjp Jorhat kishan Mocha Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bjp Jorhat kishan Mocha, Political organisation, Jorhat.

যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয় আৰু SIRDত দুদিনীয়াকৈ আয়োজন কৰা ’প্ৰাকৃতিক/জৈৱিক খেতি আৰু মিলেট’ বিষয়ক দুদিনীয়া প্ৰশিক...
04/05/2023

যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয় আৰু SIRDত দুদিনীয়াকৈ আয়োজন কৰা ’প্ৰাকৃতিক/জৈৱিক খেতি আৰু মিলেট’ বিষয়ক দুদিনীয়া প্ৰশিক্ষণ শিৱিৰৰ সমাৰোপ অনুষ্ঠানত আজি ভাজপা, অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ফণীন্দ্ৰনাথ শৰ্মাদেৱে সমাপন ভাষণ প্ৰদান কৰে৷ কৃষক মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ড°শম্ভু কুমাৰ, বিধায়কদ্বয় শ্ৰীযুত হীতেন্দ্ৰনাথ গোস্বামী আৰু শ্ৰীযুত ৰূপজ্যোতি কূৰ্মী, ৰাজ্যিক কৃষক মৰ্চাৰ সভাপতি শ্ৰীযুত দেৱজিত বৰা ডাঙৰীয়া, জিলা ভাজপাৰ সভাপতি শ্ৰীযুত হেমন্ত কলিতা, ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি শ্ৰীযুত সিদ্ধাঙ্কু অংকুৰ বৰুৱা ডাঙৰীয়া, অসম উদ্যোগিক আন্তঃৰ্গাঁঠনি উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰীযুত শান্তনু পূজাৰী, যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰীযুত প্ৰশান্তজ্যোতি গোস্বামী, জিলাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত কামাখ্যামোহন দাস, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ শ্ৰীযুত কুমোদ কছাৰী আৰু মুখ্য কাৰ্যবাহী শ্ৰীযুত প্ৰতাপ কছাৰী, অসম ফিচফেডৰ অধ্যক্ষ শ্ৰীযুতা সুশীলা হাজৰিকা, ৰাজ্যিক কৃষক মৰ্চাৰ উপ-সভাপতি শ্ৰীযুত ৰঞ্জিত ভট্টাচাৰ্য, জিলা পৰিষদৰ অধ্যক্ষ শ্ৰীযুত ৰঞ্জন শইকীয়া, জ্যেষ্ঠ নেতা শ্ৰীযুত পালিত বৰা আৰু শ্ৰীযুত দীপক গোস্বামীয়ে অংশগ্ৰহন কৰা সামৰণি অনুষ্ঠাটোত ২৫ গৰাকী প্ৰগতিশীল খেতিয়কক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ শিৱিৰটোত বিভিন্ন জিলাৰ ১১৯ জন কৃষকৰ লগতে ৰাজ্যখনৰ সকলো জিলাৰ কৃষক মৰ্চাৰ সভাপতি/বিষয়ববীয়া সকল উপস্থিত আছিল৷ দুদিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সমাপ্তিৰ বাবে কৃষি বিশ্ববিদ্যালয়, SIRD যোৰহাট, যোৰহাট জিলা ভাজপাৰ সমূহ কাৰ্যকৰ্তা আৰু প্ৰদেশ কৃষক মৰ্চাৰ সমূহ বিষয়ববীয়া আৰু সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।।

কৃষক মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আৰু যোৰহাট জিলা  কৃষক মৰ্চাৰ সহযোগত  অসম কৃষি বিশ্ববিদ্যালয়ৰ এছ আই আৰ ডি ৰ প্ৰাংগণত 2 আৰ...
03/05/2023

কৃষক মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আৰু যোৰহাট জিলা কৃষক মৰ্চাৰ সহযোগত অসম কৃষি বিশ্ববিদ্যালয়ৰ এছ আই আৰ ডি ৰ প্ৰাংগণত 2 আৰু 3 মে 2023 ৰ পৰা দুদিনীয়াকৈ প্ৰাকৃতিক খেতি আৰু মিলেট বিষয়ক এক কৃষক প্ৰশিক্ষণ শিবিৰ আৰম্ভ হয় । প্ৰশিক্ষণ শিবিৰৰ আজি পুৱা পতাকা উত্তোলন কৰে কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিত বৰাই।দিনৰ ১২-৩০বজাত কৃষক মৰ্চা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ড°শম্ভু কুমাৰে উদ্ধোধন কৰা অনুষ্ঠান সঞ্চালনা কৰে ৰাজ্যিকৰ সভাপতি দেৱজিত বৰাই। উদ্ধোধনী অনুষ্ঠানত যোৰহাটৰ সাংসদ দ্বয় কামাখ্যা প্ৰসাদ তাছা, তপন গগৈ,কৃষক মৰ্চা ৰাষ্ট্ৰীয় উপ-সভাপতি প্ৰানকুমাৰ দাস,অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড°বিদ্যুত চন্দনৰ ডেকা বিজ্ঞানী ড°প্ৰসন্ন পাঠক,ভাজপাৰ জিলা সভাপতি হেমন্ত কলিতা, অসম উদ্যোগিক আন্ত:গাঁথনি উন্নয়ণ নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী, প্ৰাক্তন জিলা সভাপতি কামাখ্যা মোহন দাস, ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ কুমুদ কছাৰী,এছ আই আৰ ডি ৰ অধ্যক্ষ বিজয় বৰুৱা লগতে ৰাজ্যিক বিষয়ববীয়া ভাস্কৰ জ্যেতি হাজৰিকা,অংকুৰ দত্ত,নিলান্দ্ৰী গুপ্তা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মনোজ মহন্ত মাধুৰ্য শইকীয়া মাধুৰ্য মাধৱ, প্ৰমুখ্ দলৰ বহু বিষয় ববীয়া, সদস্য সকলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে প্ৰাকৃতিক খেতি আৰু মিলেট বিষয়ক প্ৰশিক্ষণত ৰাজ্যিক উপসভাপতি ৰঞ্জিত ভট্টাচাৰ্যৰ সঞ্চালনত বিশিষ্ট বিজ্ঞানী ড°মনোজ চৌহান,,নিবাৰণ লহকৰৰ সঞ্চালনত বিজ্ঞানী ড°চিন্ময় শমাই অংশগ্ৰহণ কৰা শিবিৰত সমল ব্যক্তি হিচাপে ড°মলয়া গগৈয়ে আৰু সঞ্চালনা কৰে ধনেশ্বৰ ডেকা, সঞ্জীৱ বৰুৱাই। আজিৰ প্ৰশিক্ষণ শিবিৰত ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৮৬জন কৃষকে অংশগ্ৰহণ কৰে ।।


আজি ইংৰাজী ২৭-০৮-২০২২ তাৰিখ শনিবাৰে ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা কৃষক মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সভা টিয়কৰ "ৰজাবাৰী" পঞ্...
27/08/2022

আজি ইংৰাজী ২৭-০৮-২০২২ তাৰিখ শনিবাৰে ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা কৃষক মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সভা টিয়কৰ "ৰজাবাৰী" পঞ্চায়ত পেক্ষাগৃহত অনুষ্ঠিত হয় । জিলা কৃষক মৰ্চাৰ সভাপতি শ্ৰীযুত ত্ৰৈলোক্য ভূঞা ডাঙৰীয়াৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত অসম প্ৰদেশ কৃষক মৰ্চাৰ উপ-সভানেত্ৰী তথা যোৰহাট জিলাৰ প্ৰভাৰী শ্ৰীযুতা পূৰবী শৰ্মা ডাঙৰীয়ানী, ৰাষ্ট্ৰীয় কৃষক মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সদস্য শ্ৰীযুত দেৱজিত বৰুৱা, জিলা সা: সম্পাদক শ্ৰীযুত অমৰজ্যোতি শইকীয়া, জিলা কৃষক মৰ্চাৰ প্ৰভাৰী শ্ৰীযুত সঞ্জীৱ ফুকন, অসম প্ৰদেশ কৃষক মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সদস্যদ্বয় ক্ৰমে শ্ৰীযুত মাধুৰ্য্য শইকীয়া আৰু শ্ৰীযুত মাধুৰ্য্য মাধৱ, কলিয়াপানী মণ্ডলৰ সভাপতি শ্ৰীযুত প্ৰবিত্ৰ কলিতা, বিশিষ্ট কৃষক শ্ৰীযুত মহান চন্দ্ৰ বৰা উপস্থিত থাকে । এই সভাতে ১০ জন কৃষক সম্বৰ্দ্ধনা জনোৱা হয় । সভাত জিলা আৰু মণ্ডল কৃষক মৰ্চাৰ কাৰ্য্যকৰ্তা সকলৰ উপস্থিতিত সামৰনি পৰে ।।

#ʙᴊᴩᴀꜱꜱᴀᴍᴩʀᴀᴅᴇꜱʜ
#ʙᴊᴩᴋɪꜱʜᴀɴᴍᴏʀᴄʜᴀᴀꜱꜱᴀᴍ
#ʙᴊᴩᴊᴏʀʜᴀᴛ

আজি ইংৰাজী ১৭/০৭/২০২২ তাৰিখ দেওবাৰে যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা কৃষক মৰ্চাৰ সহযো...
17/07/2022

আজি ইংৰাজী ১৭/০৭/২০২২ তাৰিখ দেওবাৰে যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা কৃষক মৰ্চাৰ সহযোগত ৩৪ নং গাওঁ পঞ্চায়তৰ শ্ৰী সুৰজিৎ দত্তৰ কৃষি ভূমিত RKVY আঁচনিৰ অধীনত সমুহিয়া কঠিয়া পৰা কাৰ্য্যসূচী আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰা হয় । এই অনুষ্ঠানত অসম উদোগীক আন্ত:গাঁঠনি উন্নয়ন নিগমৰ অধক্ষ্য শ্ৰীযুত শান্তনু পূজাৰী ডাঙৰীয়াই উপস্থিত থাকি অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে আৰু যোৰহাট জিলা কৃষি বিভাগৰ বাহনা কৃষি চক্ৰ বিষয়া শ্ৰীযুত নিৰেন বৰা, কৃষি সম্প্ৰসাৰণ বিষয়া চিদ্দিক আহমেদ, ৩৪নং গাওঁ পঞ্চায়তৰ সভাপতি শ্ৰীযুত ৰঞ্জন দত্তসহ কৃষক মচাৰ যোৰহাট জিলা সা: সম্পাদক শ্ৰী ৰাতুল বৰা, কৃষক মৰ্চাৰ মণ্ডল সভাপতি শ্ৰী গনতন্ত্র বৰা উপস্থিত থাকে ।

#ʙᴊᴩᴀꜱꜱᴀᴍᴩʀᴀᴅᴇꜱʜ
#ʙᴊᴩᴋɪꜱʜᴀɴᴍᴏʀᴄʜᴀᴀꜱꜱᴀᴍ
#ʙᴊᴩᴊᴏʀʜᴀᴛ

 #মাননীয়_প্ৰধানমন্ত্ৰী_নৰেন্দ্ৰ_মোদী  ডাঙৰীয়াৰ নেতৃত্বৰ  #ভাৰতীয়_জনতা_পাৰ্টী চৰকাৰৰ ৮ বৰ্ষ পুৰ্তি উপলক্ষে সেৱা; সুশাসন আ...
17/06/2022

#মাননীয়_প্ৰধানমন্ত্ৰী_নৰেন্দ্ৰ_মোদী ডাঙৰীয়াৰ নেতৃত্বৰ #ভাৰতীয়_জনতা_পাৰ্টী চৰকাৰৰ ৮ বৰ্ষ পুৰ্তি উপলক্ষে সেৱা; সুশাসন আৰু গৰীৱ কল্যাণ কাৰ্যসুচীৰ অধীনত আজি ইং ১৬ -৬-২০২২ তাৰিখে যোৰহাট জিলা কৃষক মৰ্চাৰ উদ্যোগত যোৰহাট গ্ৰাম্য মণ্ডলৰ সহযোগত দুখনকৈ চোতাল বৈঠক অনুষ্ঠিত হয়।।

যোৰহাট জিলা কৃষক ৰ্মচা সভাপতি শ্ৰী ত্ৰৈলোক্য ভূঞাৰ সভাপতিত্বত হোৱা সভাত অসম প্ৰদেশ কৃষক মৰ্চাৰ উপ-সভানেত্ৰী তথা যোৰহাটৰ প্ৰভাৰী শ্ৰীযুতা পূৰবী ৰ্শমা ডাঙৰীয়ানী, জিলা উপ সভাপতি শ্ৰী মাধৱ হাজৰিকা, সাধাৰণ সম্পাদক শ্ৰী ৰাতুল বৰা, বিজেপি যোৰহাট গ্ৰাম্য মণ্ডলৰ সভাপতি শ্ৰীযুত চিদানন্দ ভুঞা, ঢেকৰগড়া মণ্ডল কৃষক মৰ্চা সভাপতি শ্ৰী পাৰ্থ সাৰথি নেওগ , যোৰহাট গ্ৰাম্যমণ্ডল কৃষক মৰ্চাৰ সভাপতি শ্ৰী গণতন্ত্ৰ বৰা সহিতে উপস্থিত থাকি চৰকাৰৰ কৃষকৰ স্বাবলম্বী হেতু বিভিন্ন চৰকাৰী আচঁনি সম্পৰ্কত বক্তব্য আগবঢ়াই ।।

#ʙᴊᴩᴀꜱꜱᴀᴍᴩʀᴀᴅᴇꜱ
#ʙᴊᴩᴋɪꜱʜᴀɴᴍᴏʀᴄʜᴀᴀꜱꜱᴀᴍ
#ʙᴊᴩᴊᴏʀʜᴀᴛ

04/06/2022
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi  ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৮ বছৰ পূৰ্তি উপলক্ষে "সেৱা, সুশাসন আৰু ...
03/06/2022

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৮ বছৰ পূৰ্তি উপলক্ষে "সেৱা, সুশাসন আৰু গৰীৱ কল্যাণ" কাৰ্যসূচীৰ অধীনত ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা কাৰ্যালয়ত জিলা কৃষক মৰ্চাৰ উদ্যোগত "কৃষক সম্পৰ্ক অভিযান" কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান অনুস্থিত হয়। জিলা কৃষক মৰ্চাৰ সম্পাদক মানৱজ্যোতি হাজৰিকাই আঁত ধৰা সভাত জিলা সভাপতি ত্ৰৈলোক্য ভূঞাৰ সভাপতিত্বত অনুস্থিত সভাত জিলা সভাপতি শ্ৰীযুত হেমন্ত কলিতাই কৃষকৰ চাৰ্ভে ফৰ্ম আৰু প্ৰচাৰ পত্ৰ উন্মোচন কৰি বক্তব্য প্ৰধান কৰে। সভাত জিলাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা "সেৱা, সুশাসন আৰু গৰীৱ কল্যাণ" কাৰ্যসূচীৰ জিলা আহ্বায়ক দীপক কুমাৰ গোস্বামী, জিলা সাধাৰণ সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ, প্ৰাক্তন জিলা সভাপতি কামাখ্যা মোহন দাস, কৃষক মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক মাধুৰ্য মাধৱ, জিলা যুৱ মৰ্চাৰ সভাপতি পাৰ্শ্বজ্যোতি বৰা, জিলা অ:বি:চি: মৰ্চাৰ সভাপতি নিলোৎপল গগৈ, এচ.চি. মৰ্চাৰ সভাপতি অনন্ত দাস প্ৰমুখ্যে জিলা আৰু মণ্ডল পৰ্যায়ৰ কাৰ্যকৰ্তা সকলে অংশগ্ৰহণ কৰে ।।

আজি ২৫-০৫-২০২২ তাৰিখ বুধবাৰে ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা কৃষক মৰ্চাৰ এখন বিষয়-ববীয়া সভা জিলা কাৰ্য্যালয়য়ত অনুষ্ঠ...
25/05/2022

আজি ২৫-০৫-২০২২ তাৰিখ বুধবাৰে ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা কৃষক মৰ্চাৰ এখন বিষয়-ববীয়া সভা জিলা কাৰ্য্যালয়য়ত অনুষ্ঠিত হয় । জিলা কৃষক মৰ্চাৰ সভাপতি শ্ৰীযুত ত্ৰৈলোক্য ভূঞা দেৱৰ সভাপতিত্বত অনুষ্ঠিত হয় । কৃষক মৰ্চাৰ যোৰহাট জিলা সাধাৰণ সম্পাদক শ্ৰী ৰাজু গগৈয়ে আঁতধৰা সভাত অসম প্ৰদেশ কৃষক মৰ্চাৰ কাৰ্য্যনিৰ্বাহ সদস্য শ্ৰীযুত মৃনময় চক্ৰৱৰ্তী ডাঙৰীয়া, গোৱালপাৰা জিলা যুৱ মৰ্চাৰ উপ-সভাপতি শ্ৰীযুত প্ৰাঞ্জল নাথ দেৱৰ লগতে কৃষক মৰ্চাৰ সমূহ বিষয়-ববীয়া আৰু মণ্ডল সভাপতি সকল উপস্থিত থাকে ।।

#ʙᴊᴩᴀꜱꜱᴀᴍᴩʀᴀᴅᴇꜱ
#ʙᴊᴩᴋɪꜱʜᴀɴᴍᴏʀᴄʜᴀᴀꜱꜱᴀᴍ
#ʙᴊᴩᴊᴏʀʜᴀᴛ
#ʜᴇᴍᴀɴᴛᴀᴋᴀʟɪᴛᴀ

আজি ভাৰতীয় জনতা পাৰ্টি ৪২ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা কৃষক মৰ্চাৰ উদ্যোগত "কৃষক সমাৰোহ" অ...
10/04/2022

আজি ভাৰতীয় জনতা পাৰ্টি ৪২ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা কৃষক মৰ্চাৰ উদ্যোগত "কৃষক সমাৰোহ" অনুষ্ঠিত হ'য় । জিলা কৃষক মৰ্চাৰ সা: সম্পাদক দ্বয় ৰাতুল বৰা আৰু ৰাজু গগৈয়ে আঁতধৰা সভাত সভাপতিত্বত কৰে জিলা কৃষক মৰ্চাৰ সভাপতি শ্ৰীযুত ত্ৰৈলোক্য ভূঞাদেৱে । সভাত যোৰহাট জিলা বিজেপি সভাপতি শ্ৰীযুত হেমন্ত কলিতা ডাঙৰীয়া, অসম ফিচফেদৰ অধ্যক্ষা শ্ৰীযুতা সুচিলা হাজৰিকা ডাঙৰীয়ানী, অসম প্ৰদেশ কৃষক মৰ্চাৰ উপ-সভানেত্ৰী তথা যোৰহাট জিলাৰ প্ৰভাৰী শ্ৰীযুতা পূৰবী শৰ্মা ডাঙৰীয়ানী, কৃষক মৰ্চাৰ ৰাষ্ট্ৰীয় সদস্য শ্ৰীযুত দেৱজিৎ বৰুৱাদেৱ, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী শ্ৰীযুতা মামন দেবী, যোৰহাট জিলা মহকুমা কৃষি বিষয়া শ্ৰীযুত নিতুমনি গগৈ আৰু কৃষি সম্প্ৰসাৰণ বিষয়া শ্ৰীযুত ৰুপম কাকতি ডাঙৰীয়াই কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ ওপৰত বক্তব্য ৰাখে । সভাত জিলা সাধাৰণ সম্পাদক শ্ৰীযুত অমৰজ্যোতি শইকীয়া, ৰাজ্যিক কৃষক মৰ্চাৰ সদস্য শ্ৰীযুত মাধুৰ্য্য মাধৱ আৰু শ্ৰীযুত মাধুৰ্য্য শইকীয়া উপস্থিত থাকে আৰু সফলতাৰে সামৰণি পৰে ।।



ভাৰতীয় জনতা পাৰ্টিৰ "প্ৰতিষ্ঠা দিৱস"ত যোৰহাট জিলা কৃষক মৰ্চাৰ তৰফৰ পৰা প্ৰতিগৰাকী কাৰ্য্যকৰ্তালৈ অভিনন্দন জ্ঞাপন কৰিছো ...
06/04/2022

ভাৰতীয় জনতা পাৰ্টিৰ "প্ৰতিষ্ঠা দিৱস"ত যোৰহাট জিলা কৃষক মৰ্চাৰ তৰফৰ পৰা প্ৰতিগৰাকী কাৰ্য্যকৰ্তালৈ অভিনন্দন জ্ঞাপন কৰিছো ।।

Address

Jorhat
785001

Website

Alerts

Be the first to know and let us send you an email when Bjp Jorhat kishan Mocha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share