মিলনপুৰ সন্মিলিত যুৱ মঞ্চ

  • Home
  • India
  • Jorhat
  • মিলনপুৰ সন্মিলিত যুৱ মঞ্চ

মিলনপুৰ সন্মিলিত যুৱ মঞ্চ Social Activist

আমাৰ অসম আৰু বিশেষ বাৰ্তা বাতৰি কাকতত মিলনপুৰ সন্মিলিত যুৱ মঞ্চৰ বৰ্ষপূৰ্তি উদযাপনৰ বিষয়ে এইদৰে প্ৰকাশ পাইছিল।।মিলনপুৰ ...
03/09/2026

আমাৰ অসম আৰু বিশেষ বাৰ্তা বাতৰি কাকতত মিলনপুৰ সন্মিলিত যুৱ মঞ্চৰ বৰ্ষপূৰ্তি উদযাপনৰ বিষয়ে এইদৰে প্ৰকাশ পাইছিল।।
মিলনপুৰ সন্মিলিত যুৱ মঞ্চৰ ফালৰ পৰা আমাৰ অসম আৰু বিশেষ বাৰ্তা বাতৰি কাকতক ধন্যবাদ জনোৱাৰ লগতে তেঁওলোকৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।।।

অন্তিম বিদায় মাগিলে আমাৰ গাঁৱৰ মৰমীয়াল তথা বয়োজ্যেষ্ঠ মহিলা শ্ৰীমতী অনু দত্ত ডাঙৰীয়ানী (মিলনপুৰ সন্মিলিত যুৱ মঞ্চৰ উ...
21/07/2026

অন্তিম বিদায় মাগিলে আমাৰ গাঁৱৰ মৰমীয়াল তথা বয়োজ্যেষ্ঠ মহিলা শ্ৰীমতী অনু দত্ত ডাঙৰীয়ানী (মিলনপুৰ সন্মিলিত যুৱ মঞ্চৰ উপ সভাপতি শ্ৰীযুত নৱজ্যোতি দত্ত (দাদুল) দেৱৰ মাতৃ)।
তেওঁৰ বিয়োগত সমগ্ৰ গাঁওখনতে গভীৰ শোকৰ ছাঁ পৰিছে।
তেওঁৰ মধুৰ ব্যৱহাৰ আৰু অভিজ্ঞতাপূৰ্ণ উপদেশ সমূহ আমি সদায় মনত ৰাখিম।
মনত ৰাখিম তেওঁৰ সেই মৰমলগা মিচিকিয়া হাঁহিবোৰ।।
তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
ঈশ্বৰে তেওঁলোকক এই অপূৰণীয় ক্ষতি সহ্য কৰিবলৈ ধৈৰ্য আৰু শক্তি প্ৰদান কৰক।

মিলনপুৰ সন্মিলিত যুৱ মঞ্চ
সভাপতি/সম্পাদক

অশ্ৰুসিক্ত নয়নেৰে চিৰ বিদায়।।চলিত বৰ্ষৰ বহাগ বিহুত গাঁৱৰ ৭০ উৰ্দ্ধৰ বয়োজ্যেষ্ঠ সকলৰ পৰা  আশীৰ্বাদ গ্ৰহণৰ এক কাৰ্যসূচী...
16/07/2026

অশ্ৰুসিক্ত নয়নেৰে চিৰ বিদায়।।
চলিত বৰ্ষৰ বহাগ বিহুত গাঁৱৰ ৭০ উৰ্দ্ধৰ বয়োজ্যেষ্ঠ সকলৰ পৰা আশীৰ্বাদ গ্ৰহণৰ এক কাৰ্যসূচী ৰখা হৈছিল ।।
তেতিয়া বহুতৰ মাজত শেষৰফালে শ্ৰদ্ধাৰ ক্ষেত্ৰধৰ হাজৰিকা দেৱে প্রসন্ন হৈ মিলনপুৰ সন্মিলিত যুৱ মঞ্চ আৰু উপস্থিত সকলো কনিষ্ঠক আশীৰ্বাদ দিছিল।।
তেওঁৰ আশীৰ্বাদ মোবাইলত আৱদ্ধ কৰি ৰাখিছিলো।।।
ভবা নাছিলোঁ এইদৰে আজি upload দিম বুলি।।।

আমাৰ গাঁৱৰ প্ৰতিজনৰে শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ ব্যক্তি ক্ষেত্ৰধৰ হাজৰিকা দেৱৰ বিয়োগৰ খবৰে আমাক গভীৰভাৱে মৰ্মাহত কৰি তুলিছে।
তেখেতৰ মৃত্যুত আমি তেখেতৰ অমৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
সৃষ্টিকৰ্তাই পৰিয়ালটোক এই অপূৰণীয় ক্ষতি সহিবলৈ শক্তি প্ৰদান কৰক।

মিলনপুৰ সন্মিলিত যুৱ মঞ্চ
সভাপতি/সম্পাদক

যোৰহাটৰ সু প্ৰসিদ্ধ আৰু মানৱদৰদী চিকিৎসক ডা° সৰ্বেশ্বৰ আগৰৱালা, ডা° অনিমেষ দেৱনাথ, ডা° সিদ্ধাৰ্থ বৰুৱা আৰু ডা° কিৰণ‌ বৰা...
13/07/2026

যোৰহাটৰ সু প্ৰসিদ্ধ আৰু মানৱদৰদী চিকিৎসক ডা° সৰ্বেশ্বৰ আগৰৱালা, ডা° অনিমেষ দেৱনাথ, ডা° সিদ্ধাৰ্থ বৰুৱা আৰু ডা° কিৰণ‌ বৰা দেৱে ৰোগী সকলৰ সু‌ স্বাস্থ্যৰ কথা চিন্তা কৰি তেওঁলোকৰ বহুমূলীয়া সময়ৰ পৰা অলপ সময় উলিয়াই যি দৰে বহু সংখ্যক ৰোগীক বিনামূলীয়া চিকিৎসা সেৱা আৰু সজাগতা সেৱা আগবঢ়ালে তাৰ বাবে সমাজ, ৰোগী সকলৰ লগতে মিলনপুৰ সন্মিলিত যুৱ মঞ্চও চিৰকৃতজ্ঞ।।

চিকিৎসক সকলৰ লগত অহা সহযোগী মানৱদৰদী শ্ৰীযুত‌ বিশ্বজিৎ বৰঠাকুৰ, শ্ৰীযুত স্বাগত শইকীয়া আৰু শ্ৰীযুত অজয় চামুৱাই যি দৰে ৰোগী সকলৰ ৰক্তচাপ আৰু কেইবাধৰণৰ ৰক্ত পৰীক্ষা কৰি মানৱসেৱা আগবঢ়ালে তাৰ বাবে মিঃসঃযুঃমঃ ফালৰ পৰা অশেষ ধন্যবাদ আৰু তেওঁলোকৰ উজ্জ্বল ভবিষ্যতৰ কামনা কৰিছো।।।

বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্হিত সকলো ছাত্ৰ ছাত্ৰী, বয়োজ্যেষ্ঠ, অতিথি, উপদেষ্টা মণ্ডলী আৰু কৰ্মকৰ্তাক সন্মানীয় সম্পাদক ডাঙ...
13/07/2026

বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্হিত সকলো ছাত্ৰ ছাত্ৰী, বয়োজ্যেষ্ঠ, অতিথি, উপদেষ্টা মণ্ডলী আৰু কৰ্মকৰ্তাক
সন্মানীয় সম্পাদক ডাঙৰীয়াই আদৰণি ভাষণেৰে সম্ভাষণ জনায়।।।

২১জুন ২০২৬: মিলনপুৰ সন্মিলিত যুৱ মঞ্চৰ সংবিধানৰ ভিতৰত থাকি মান সন্মান অক্ষুণ্ণতাৰে আৰু একতাৰ বান্ধোনেৰে হাতে হাত ধৰি সকল...
13/07/2026

২১জুন ২০২৬: মিলনপুৰ সন্মিলিত যুৱ মঞ্চৰ সংবিধানৰ ভিতৰত থাকি মান সন্মান অক্ষুণ্ণতাৰে আৰু একতাৰ বান্ধোনেৰে হাতে হাত ধৰি সকলোৰে লগত আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতিৰে উপস্থিত বয়োজ্যেষ্ঠ সকলক সেৱা জনাই সভাপতি ডাঙৰীয়াৰ
মিঃসঃযুঃমঃ ৰ স্বাভিমান স্বৰূপ পতাকাখন উত্তোলন কৰি নিজৰ চমু বক্তব্য দিয়ে আৰু শ্ৰদ্ধাৰ Debojit Borah ডাঙৰীয়াৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়।

লগতে উপস্থিত ৰাইজৰ বহুমূলীয়া বক্তব্যৰে পৰৱৰ্তীৰ দিনযোৰা কাৰ্যসমূহ আৰম্ভ হয়।।।

গছ মানেই শীতল ছাঁ,গছ মানেই জিৰণি লোৱা ঠাই।গছেই সিঁচি দিয়ে বতাহত প্ৰাণ,গছ নহ’লে পাম জানো শীতৰ পৰা পৰিত্ৰাণ?সেই মনোভাবেৰেই...
13/07/2026

গছ মানেই শীতল ছাঁ,
গছ মানেই জিৰণি লোৱা ঠাই।
গছেই সিঁচি দিয়ে বতাহত প্ৰাণ,
গছ নহ’লে পাম জানো শীতৰ পৰা পৰিত্ৰাণ?

সেই মনোভাবেৰেই,
বৰ্ষপূৰ্তি উদযাপনৰ প্ৰথম কাৰ্যসূচী বৃক্ষ ৰোপনেৰে দিনটোৰ আৰম্ভণি।।।

১৩ জুন ২০২৬: মিলনপুৰ সন্মিলিত যুৱ মঞ্চৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনৰ উপলক্ষে গাঁৱৰ ৰাইজ আৰু সদস্য সকলৰ সহযোগত বাট পথ চাফ চিক...
13/07/2026

১৩ জুন ২০২৬: মিলনপুৰ সন্মিলিত যুৱ মঞ্চৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনৰ উপলক্ষে গাঁৱৰ ৰাইজ আৰু সদস্য সকলৰ সহযোগত বাট পথ চাফ চিকুন আৰু চাহ পিঠাৰে ৰাইজে যঁচা মৰমে সকলোকে উৎসাহিত কৰিলে।।।

চাওঁতে চাওঁতে মিলনপুৰ সন্মিলিত যুৱ মঞ্চৰ প্ৰথম বৰ্ষ সম্পূৰ্ণৰ সময় আহিল।।২২জুন ২০২৫ তাৰিখে জন্ম হোৱা মিলনপুৰ সন্মিলিত যু...
13/07/2026

চাওঁতে চাওঁতে মিলনপুৰ সন্মিলিত যুৱ মঞ্চৰ প্ৰথম বৰ্ষ সম্পূৰ্ণৰ সময় আহিল।।
২২জুন ২০২৫ তাৰিখে জন্ম হোৱা মিলনপুৰ সন্মিলিত যুৱ মঞ্চ এতিয়া প্ৰথম বৰ্ষপূৰ্তি উদযাপন কৰিব পৰা হল।
সকলো সদস্যৰ কৰ্মব্যস্ততা আৰু সুবিধা অনুযায়ী বন্ধ দিন ২১ জুন ৰবিবাৰ দিনটো নিৰ্ধাৰণ কৰা হল।।।

Address

Milanpur
Jorhat
785006

Website

Alerts

Be the first to know and let us send you an email when মিলনপুৰ সন্মিলিত যুৱ মঞ্চ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category