District Agriculture Office, Jorhat

District Agriculture Office, Jorhat District Agriculture Office,
Jorhat

গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰৰ পৰা আজি বিয়লি ৫ বজাত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ...
13/03/2026

গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰৰ পৰা আজি বিয়লি ৫ বজাত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষকসকলৰ কল্যাণাৰ্থে 'প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি'ৰ ২২তম কিস্তিৰ ধনৰাশি‌ পোনপটীয়া সম্প্ৰচাৰযোগে মুকলি কৰে। সেই উপলক্ষ্যে যোৰহাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাট, কলিয়াপানী উন্নয়ন খণ্ড, মধ্য যোৰহাট উন্নয়ন খণ্ড, উত্তৰ-পশ্চিম যোৰহাট উন্নয়ন খণ্ড, পূব যোৰহাট উন্নয়ন খণ্ড, পূব টীয়ক উন্নয়ন খণ্ড, তিতাবৰ উন্নয়ন খণ্ড, জিলাখনৰ সকলো গাঁও পঞ্চায়তৰ কাৰ্যালয়সমূহ আৰু সাধাৰণ সেৱা কেন্দ্ৰসমূহত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যবস্থা কৰা হয়।

উল্লেখযোগ্য যে ২২তম কিস্তিত যোৰহাট জিলাৰ ৫৫ হাজাৰতকৈও অধিক কৃষক 'প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি'ৰ ধন লাভ কৰিবলৈ যোগ্য হিতাধিকাৰী হিচাপে নিৰ্বাচিত হৈছে। যোৰহাটৰ যোগ্য হিতাধিকাৰী কৃষকসকলে 'প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি'ৰ প্ৰায় ১১ কোটি ১৩ লাখৰো অধিক ধন লাভ কৰিছে।

কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাট আৰু যোৰহাট জিলা কৃষি বিভাগৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানটিত জিলা কৃষি বিষয়া দেৱজিৎ দত্ত, কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা জেষ্ঠ কৃষি বিজ্ঞানী ড° সঞ্জয় বৰঠাকুৰ‌ তথা‌ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া -কৰ্মচাৰীসকল, কৃষি উন্নয়ন বিষয়া (মাধপুৰ) উদয়‌ ফুকন, কৃষি উন্নয়ন বিষয়া (বৰহোলা) ৰুবুল বৰুৱা, কৃষি সম্প্ৰসাৰণ সহায়কসকল, যোৰহাট জিলা কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ আন আন বিষয়া-কৰ্মচাৰী‌সকল, সাধাৰণ সেৱা কেন্দ্ৰৰ পৰিচালকসকল, টীয়ক, নকছাৰি আৰু চেলেংহাট কৃষি উন্নয়ন চক্ৰৰ প্ৰগতিশীল কৃষকসকল উপস্থিত থাকে।

আনহাতে জিলাখনৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানত জিলাখনৰ খণ্ড উন্নয়ন বিষয়াসকল, কৃষি উন্নয়ন বিষয়াসকল, কৃষি সম্প্ৰসাৰণ সহায়কসকল আৰু জিলাখনৰ নিৰ্বাচিত কৃষকসকল উপস্থিত থাকে। আনহাতে জিলাখনৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়সমূহ আৰু সাধাৰণ সেৱা কেন্দ্ৰসমূহতো যোৰহাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ ব্যৱস্থাপনাত হিতাধিকাৰী কৃষকক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে 'প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি'ৰ ২২তম কিস্তিৰ ধন বিতৰণ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ দৰ্শন কৰায়।

Narendra Modi
Shivraj Singh Chouhan
CMO Assam
Department of Agriculture, Assam Atul Bora অতুল বৰা District Administration, Jorhat DIPRO Jorhat District Agriculture Office, Jorhat Krishi Vigyan Kendra Jorhat

13/03/2026
13/03/2026
🌾 7-Day Orientation–cum–Training Programme for Newly Recruited Agriculture Extension Assistants (AEAs) 🌾A 7-day Orientat...
07/03/2026

🌾 7-Day Orientation–cum–Training Programme for Newly Recruited Agriculture Extension Assistants (AEAs) 🌾

A 7-day Orientation–cum–Training Programme for the newly recruited Agriculture Extension Assistants (AEAs) was successfully conducted from 24th February to 6th March 2026 at the District Agriculture Office, Jorhat. The programme was organized with the objective of strengthening the technical knowledge and field-level capacities of the newly recruited AEAs for effective agricultural extension service delivery.

The programme commenced with a welcome address by Sri Debajit Dutta, Joint Director of Agriculture & District Agriculture Officer (DAO), Jorhat, who highlighted the important role of AEAs in strengthening the agricultural extension system and supporting farmers at the grassroots level. He also encouraged the trainees to work with dedication and actively contribute to the development of the agricultural sector.
During the training programme, resource persons delivered detailed sessions on various important aspects of agriculture including:
🌱 Major insect pests and diseases of crops and their management
🌱 Horticulture crops and improved cultivation practices
🌱 Fertilizer management and soil health
🌱 Organic farming practices
🌱 Soil testing procedures and interpretation of results
🌱 Farm machinery and agricultural implements
🌱 Overview and implementation of various Government agricultural schemes
To enhance practical understanding, a field visit was organized where the trainees were taken to demonstration fields and farms. During the visit, participants gained hands-on exposure to identification of different crops, weeds, and field practices.

In addition, the trainees attended a one-day training programme at Krishi Vigyan Kendra (KVK), Jorhat, where they received practical training and interacted with subject matter specialists.
The programme concluded with a valedictory session attended by ADC Shri Pankaj Borah, who addressed the trainees and encouraged them to work with dedication and commitment for the welfare of the farming community.
The training programme was conducted under the supervision of Sri Rupom Kakoty (Course Director) with the support of Smt Dhabnita Medhi, ADO and Smt Kakoli Konwar, ADO (Course Coordinators).
The trainees expressed their satisfaction with the programme and stated that this training will be very helpful in their future endeavors in the agricultural field.

The programme successfully enhanced the technical knowledge, field skills, and confidence of the newly recruited AEAs, enabling them to effectively support farmers and contribute to the development of the agricultural sector. 🌾

Department of Agriculture, Assam
Atul Bora অতুল বৰা
District Administration, Jorhat
District Agriculture Office, Jorhat
DIPRO Jorhat

18/02/2026
Atul Bora  অতুল বৰা Department of Agriculture, Assam District Administration, Jorhat Deputy Commissioner Jorhat District...
18/02/2026

Atul Bora অতুল বৰা
Department of Agriculture, Assam
District Administration, Jorhat Deputy Commissioner Jorhat District Agriculture Office, Jorhat DIPRO Jorhat

Atul Bora  অতুল বৰা Department of Agriculture, Assam District Administration, Jorhat Deputy Commissioner Jorhat District...
18/02/2026

Atul Bora অতুল বৰা
Department of Agriculture, Assam
District Administration, Jorhat
Deputy Commissioner Jorhat
District Agriculture Office, Jorhat DIPRO Jorhat

📌যোৰহাট জিলাৰ কৃষক ৰাইজৰ জ্ঞাতাৰ্থে📌কেন্দ্ৰীয় চৰকাৰে দেশখনৰ সমগ্ৰ কৃষিভূমি জৰীপ কৰিবলৈ এক সুদূৰপ্ৰসাৰী ব্যৱস্থা হাতত লৈছ...
28/01/2026

📌যোৰহাট জিলাৰ কৃষক ৰাইজৰ জ্ঞাতাৰ্থে📌

কেন্দ্ৰীয় চৰকাৰে দেশখনৰ সমগ্ৰ কৃষিভূমি জৰীপ কৰিবলৈ এক সুদূৰপ্ৰসাৰী ব্যৱস্থা হাতত লৈছে। সেই উপলক্ষ্যে যোৰহাট জিলাতো জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত Agristack এপ্লিকেশন ব্যৱহাৰ কৰি 'কৃষক পঞ্জীয়ন'ৰ কাম অব্যাহত আছে।

ইয়াৰ জৰিয়তে জিলাখনৰ কৃষকসকলক জিলা কৃষি বিষয়াৰ কাৰ্যালয় আৰু জিলাখনৰ 'সাধাৰণ সেৱা কেন্দ্ৰ' (CSC)সমূহত অথবা গ্ৰাম প্ৰধানৰ সৈতে যোগাযোগ কৰি 'কৃষক পঞ্জীয়ন' সম্পন্ন কৰিবলৈ আহ্বান জনোৱা হ'ল।

📌'কৃষক পঞ্জীয়ন'ৰ বাবে প্ৰয়োজনীয় নথিসমূহ হ'ল:-

১) আধাৰ কাৰ্ড
২) আধাৰ পঞ্জীকৃত ম'বাইল ফোন
৩) মাটিৰ জমাবন্দী

জিলাখনত অব্যাহত থকা কৃষক পঞ্জীয়নৰ কিছু স্থিৰচিত্ৰ সংলগ্ন কৰা হ'ল।

Atul Bora অতুল বৰা
Department of Agriculture, Assam
DIPRO Jorhat
District Administration, Jorhat
Deputy Commissioner Jorhat
District Agriculture Office, Jorhat

কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ দৰে এই বৰ্ষটো দেশখনৰ সমগ্ৰ কৃষিভূমি জৰীপ কৰিবলৈ এক সুদূৰপ্ৰসাৰী ব্যৱস্থা হাতত লৈছে। যোৰহাট জ...
08/01/2026

কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ দৰে এই বৰ্ষটো দেশখনৰ সমগ্ৰ কৃষিভূমি জৰীপ কৰিবলৈ এক সুদূৰপ্ৰসাৰী ব্যৱস্থা হাতত লৈছে। যোৰহাট জিলাতো জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত 'ডিজিটেল শস্য জৰীপ, ৰবি-২০২৬' আৰম্ভ হৈছে।

সেই উপলক্ষ্যে যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত জিলাখনৰ সকলো উন্নয়ন খণ্ডতে 'ডিজিটেল শস্য জৰীপ,ৰবি-২০২৬'ৰ সন্দৰ্ভত ৰাজহ চক্ৰ পৰ্যায়ৰ জৰীপকাৰী, তত্ত্বাৱধায়ক আৰু পৰীক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়।

জিলাখনৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীত কৃষি আৰু ৰাজহ বিভাগৰ উচ্চপদস্থ বিশেষজ্ঞসকলে 'ডিজিটেল শস্য জৰীপ, ৰবি-২০২৬'ত জৰীপকাৰীয়ে ম'বাইলত Agristack এপৰ জৰিয়তে পালন কৰিবলগীয়া নিৰ্ধাৰিত পদক্ষেপসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰে আৰু লগতে এই ব্যৱহাৰৰ প্ৰয়োজনীয়তা, কৃষিখণ্ড আৰু কৃষকসকলক এই জৰীপে কিদৰে সহায় কৰিব পাৰে, ডিজিটেল জৰীপৰ বিভিন্ন পদ্ধতি, তথ্য সংগ্ৰহ আৰু সংৰক্ষণ ব্যৱস্থা, জৰীপৰ সময়ত সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ কিদৰে মুখামুখি হ’ব পাৰি সেই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে।

উল্লেখযোগ্য যে 'ডিজিটেল শস্য জৰীপ ৰবি- ২০২৬' হৈছে কৃষকসকলৰ সামগ্ৰিক কল্যাণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযুক্তি ব্যৱস্থাৰ জৰিয়তে কৰা কৃষিজাত শস্যৰ তথ্য সংগ্ৰহ। শস্য উৎপাদনৰ সঠিক তথ্যৰ পূৰ্বানুমান আৰু উন্নত পৰিকল্পনা, সংগৃহিত তথ্যৰ ভিত্তিত কৃষি-নীতি প্ৰস্তুতকৰণ, জলসিঞ্চন আৰু শস্য উৎপাদন সম্পৰ্কীয় বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰাত ডিজিটেল শস্য জৰীপ ব্যৱস্থাই সহায় কৰিব।

এই বাৰ্তাৰ জৰিয়তে জিলাখনত আৰম্ভ হোৱা জৰীপ ব্যৱস্থা সুকলমে সম্পন্ন হ'বৰ বাবে সকলো জনসাধাৰণকে এই ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক সহযোগিতা আগ বঢ়াবলৈ যোৰহাট জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ তৰফৰপৰা অনুৰোধ জনোৱা হৈছে।

লগতে জিলাখনত অনুষ্ঠিত হোৱা প্ৰশিক্ষণৰ কিছু স্থিৰচিত্ৰ সংলগ্ন কৰা হ'ল।

Atul Bora অতুল বৰা
Department of Agriculture, Assam
District Administration, Jorhat
District Agriculture Office, Jorhat
DIPRO Jorhat
Deputy Commissioner Jorhat

কৃষক ৰাইজৰ জ্ঞাতাৰ্থে Atul Bora  অতুল বৰা Department of Agriculture, Assam District Administration, JorhatDIPRO Jorhat
08/01/2026

কৃষক ৰাইজৰ জ্ঞাতাৰ্থে

Atul Bora অতুল বৰা
Department of Agriculture, Assam
District Administration, Jorhat
DIPRO Jorhat

Address

District Agriculture Office
Jorhat
785001

Website

Alerts

Be the first to know and let us send you an email when District Agriculture Office, Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to District Agriculture Office, Jorhat:

Share