সমন্বিত যুৱতীৰ্থ , SYT

সমন্বিত যুৱতীৰ্থ , SYT Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from সমন্বিত যুৱতীৰ্থ , SYT, Social service, Guwahati.

কৃষ্ণ 🙏
22/03/2026

কৃষ্ণ 🙏

21/12/2025

11/11/2025

অসম সত্ৰ মহাসভাৰ উদ্যোগত
শ্ৰীমন্ত শঙ্কৰ কৃষ্টি বিকাশ সমিতিৰ সহযোগত।
সত্ৰীয়া সংস্কৃতি দিৱস ৰূপালী জয়ন্তী বৰ্ষ ২০২৫
#সমন্বিতযুৱতীৰ্থ



#জয়জগতগুৰুশ্ৰীমন্তশংকৰদেৱ

শুভ কাতি বিহুৰ শুভেচ্ছা।"শুভ কাতি বিহুৰ" এই পবিত্ৰ সময়ত "সমন্বিত যুৱতীৰ্থ"ৰ তৰফৰ পৰা সকলো অসমবাসীক অন্তৰংগ শুভেচ্ছা আৰু...
18/10/2025

শুভ কাতি বিহুৰ শুভেচ্ছা।

"শুভ কাতি বিহুৰ" এই পবিত্ৰ সময়ত "সমন্বিত যুৱতীৰ্থ"ৰ তৰফৰ পৰা সকলো অসমবাসীক অন্তৰংগ শুভেচ্ছা আৰু মৰমভৰা আশীৰ্বাদ জনাইছোঁ।
এই বিহুৱে আমাৰ জীৱনত নতুন আশা, আলো আৰু আধ্যাত্মিকতা লৈ আহক। নাম-ধৰ্ম, দান-পুণ্য আৰু সৎকৰ্মৰে আমাৰ সমাজক অধিক সেউজ আৰু ঐক্যতাবদ্ধ কৰি তুলক এই মহাপুৰুষীয় আদৰ্শই আমাৰ পথপ্ৰদৰ্শক হওক।
এই কামণা , শেষত সমন্বিত যুৱতীৰ্থ"ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ।।
শুভ কাতি বিহু! 🌾🪔
#সমন্বিতযুৱতীৰ্থ



#জয়জগতগুৰুশ্ৰীমন্তশংকৰদেৱ

যোৱা ইং ২৭/০৯/২৫ শনিবাৰে আমাৰ হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গৰ ধৰ্মপত্নী গৰিমা গাৰ্গৰ কাষত শোক প্ৰস্তাৱৰ বাবে "সমন্বি...
28/09/2025

যোৱা ইং ২৭/০৯/২৫ শনিবাৰে আমাৰ হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গৰ ধৰ্মপত্নী গৰিমা গাৰ্গৰ কাষত শোক প্ৰস্তাৱৰ বাবে "সমন্বিত যুৱতীৰ্থ"ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা কাৰ্য্যকৰী সভাপতি, আৰু বহুকেইজন বিষয়-ৱবিয়া উপস্থিত হয় ।

নমস্কাৰ, আমাৰ অসমৰ হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গৰ শ্ৰাদ্ধানুষ্ঠানৰ উপলক্ষে, অসম সত্ৰ মহাসভা ভাতৃ সংগঠন "সমন্বিত যুৱ...
28/09/2025

নমস্কাৰ, আমাৰ অসমৰ হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গৰ শ্ৰাদ্ধানুষ্ঠানৰ উপলক্ষে, অসম সত্ৰ মহাসভা ভাতৃ সংগঠন "সমন্বিত যুৱতীৰ্থ" কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা যোৰহাট স্থিত "ঢেকীয়াখোৱা বৰনামঘৰত" এদিনীয়া নাম-প্ৰসঙ্গ , শ্ৰদ্ধাঞ্জলি অৰ্পণকে আদি কৰি দিনজোৰা কাৰ্য্যসূচী আয়োজন কৰাৰ মনস্থ কৰা হৈছে।
সেইহে সকলোৰে উপস্থিতিত কামনা কৰাৰ লগতে সকলোৰে তথা সহায় সহযোগিতা কামনা কৰিলোঁ।।

সেৱাৰে-
"সমন্বিত যুৱতীৰ্থ" কেন্দ্ৰীয় সমিতি।

#সমন্বিতযুৱতীৰ্থ



#জয়জগতগুৰুশ্ৰীমন্তশংকৰদেৱ



✍️ অসমৰ হিয়াৰ আমঠু, লোকসাহিত্য আৰু সুৰৰ জগতত এক অনন্য স্থান অধিকাৰী কণ্ঠশিল্পী জুবিন গাৰ্গৰ অকাল প্ৰয়াণে সমগ্ৰ অসমবাসী...
25/09/2025

✍️ অসমৰ হিয়াৰ আমঠু, লোকসাহিত্য আৰু সুৰৰ জগতত এক অনন্য স্থান অধিকাৰী কণ্ঠশিল্পী জুবিন গাৰ্গৰ অকাল প্ৰয়াণে সমগ্ৰ অসমবাসী শোকাভিভূত। তেওঁৰ সুৰেৰে, গীতৰে, আৰু অন্তৰঙ্গ মানৱৰূপে জুবিনে অসমীয়া জাতিক একত্ৰিত কৰিছিল, বিশ্বমঞ্চত উজাগৰ কৰিছিল আমাৰ সাংস্কৃতিক গৌৰৱ।
তেওঁৰ মৃত্যুৰ ত্ৰয়োদশ দিৱসত, তেওঁৰ আত্মাৰ সদগতিৰ উদ্দেশ্যে "সমন্বিত যুৱতীৰ্থ" আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ যৌথ উদ্যোগত এক বিশেষ ধৰ্মীয় অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছে।
এই অনুষ্ঠানত ভক্তিপূর্ণ নাম-প্ৰসংগ, কীৰ্ত্তন-পাঠ আৰু সৰ্বসাধাৰণৰ শ্ৰদ্ধাঞ্জলিৰ মাধ্যমেৰে তেওঁক স্মৰণ কৰা হ'ব। জুবিন গাৰ্গৰ জীৱনযাত্ৰা হৈছে এক দিশা-প্ৰদৰ্শক, যি দেখুৱাই দিয়ে সংগীত মাথোঁ বিনোদনৰ মাধ্যম নহয়, ই সমাজ-সংস্কৃতিৰ অমূল্য ধন। তেনে এজন শিল্পীৰ আত্মাৰ সদগতিৰ বাবে এই আয়োজন সমগ্ৰ অসমবাসীৰ সমষ্টিগত শ্ৰদ্ধা আৰু ভালপোৱাৰ নিদৰ্শন হ'ব। আজি "সমন্বিত যুৱতীৰ্থ"ৰ তৰফৰ পৰা উপস্থিত হয়, সন্মানীয় সত্ৰাধিকাৰ বনজিৎ ৰাভা কাৰ্য্যকৰী সভাপতি, আৰু উপ-সভাপতি মিণ্টু শংকৰ গোস্বামী মহাৰাজ লগতে বিতোপন মহন্ত উপ-সভাপতি, আৰু সদস্য অবিনাশ বৰা , আদি কৰি ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি তথা স্থানীয় ৰাইজ।
#সমন্বিতযুৱতীৰ্থ


#জয়জগতগুৰুশ্ৰীমন্তশংকৰদেৱ






নমস্কাৰ, আমি আচলতে দুঃখিত অসমবাসীৰ হৃদয়ৰ মণি, কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক দেহাৱসানৰ সংবাদে আমাক অপাৰ শোকত নিমগ্ন কৰ...
19/09/2025

নমস্কাৰ, আমি আচলতে দুঃখিত অসমবাসীৰ হৃদয়ৰ মণি, কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক দেহাৱসানৰ সংবাদে আমাক অপাৰ শোকত নিমগ্ন কৰিছে। অসমীয়া গীত-সংগীত জগতৰ এই অমূল্য ৰত্নৰ অৱসানত জাতীয় জীৱনত এক অপূৰণীয় ক্ষতি ঘটিল।
তেওঁৰ সুৰেৰে জীৱিত হৈ থকা প্ৰজন্মৰ সপোন, আনন্দ আৰু অনুপ্ৰেৰণা আজিৰ পৰা শূন্যতাৰ অন্তহীন পথত দিশাহীন হ’ল। জুবিন দেৱৰ অকাল প্ৰয়াণে অসমীয়া সঙ্গীতক ক্ষেত্ৰত যি শুন্যতা সৃষ্টি হ’ল, সেই শুন্যতা পূৰণ কৰা সম্ভৱ নহয়। এই গভীৰ দুৰ্যোগৰ সময়ত শিল্পীজনৰ আত্মাৰ চিৰশান্তি কামনা কৰি, তেওঁৰ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
তেওঁৰ স্মৃতিত আৰু সন্মানজনক একাগ্ৰতা বজাই ৰাখি, আগন্ত আমাৰ যি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু অসম সত্ৰ মহাসভাৰ "সমন্বিত যুৱতীৰ্থ" আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত হবলগীয়া প্ৰাচীন পাণ্ডুলিপি সাঁচিপতিয়া পুথি পঠন আৰু সংৰক্ষণৰ দুদিনীয়া কৰ্মশালাৰ যি অনুষ্ঠান আয়োজন কৰা হৈছিল , ২০ আৰু ২১ তাৰিখত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানসমূহ স্থগিত ৰাখিব লগা হৈছে। আগন্তুক দিনত সঠিক চিন্তা-ভাৱনা আৰু উপযুক্ত পৰিকল্পনাৰে পুনৰায় অনুষ্ঠান আয়োজন কৰা হ’ব।
শিল্পী জুবিন গাৰ্গ চিৰজীৱী হৈ থাকিব অসমৰ সংগীতৰ মাজত । "সমন্বিত যুৱতীৰ্থ"ৰ তৰফৰ পৰা ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতৰ আত্মাৰ সদগতিৰ কামনা কৰিলোঁ।🙏

সেৱাৰে-
"সমন্বিত যুৱতীৰ্থ"ৰ হৈ-

জানমণি মহন্ত
সভাপতি
"সমন্বিত যুৱতীৰ্থ" (অসম)

বনজিৎ ৰাভা,সত্ৰাধিকাৰ
কাৰ্য্যকৰী সভাপতি
"সমন্বিত যুৱতীৰ্থ" (অসম)

পল্লৱজ্যোতি মহন্ত
সাধাৰণ সম্পাদক
"সমন্বিত যুৱতীৰ্থ" (অসম)

#সমন্বিতযুৱতীৰ্থ


#জয়জগতগুৰুশ্ৰীমন্তশংকৰদেৱ





✍️ নমস্কাৰ, পোন প্ৰথম বাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত কেন্দ্ৰীয় "সমন্বিত যুৱতীৰ্থ"ৰ সহযোগত প্ৰাচীন পাণ্ডুলিপ...
18/09/2025

✍️ নমস্কাৰ, পোন প্ৰথম বাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত কেন্দ্ৰীয় "সমন্বিত যুৱতীৰ্থ"ৰ সহযোগত প্ৰাচীন পাণ্ডুলিপি সাঁচিপতিয়া পুথিৰ পঠন আৰু সংৰক্ষণৰ দুদিনীয়া কৰ্মশালা অনুষ্ঠান আয়োজন কৰা হৈছে। আমি আশা কৰোঁ এই অনুষ্ঠানৰ দ্বাৰা।
আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰা ঐতিহাসিক সম্পদ সমূহ নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ প্ৰসাৰ কৰিলে আমাৰ এই সম্পদ সমোহ আগন্তুক দিনবোৰত সুন্দৰ ভাৱে সংৰক্ষিত হৈ থাকিব।
এই চিন্তাৰে "সমন্বিত যুৱতীৰ্থ" এনেধৰণৰ বিভিন্ন চিন্তা-চৰ্চা কৰি আগন্তুক আহিন মাহৰ ৩,৪ শনিবাৰ আৰু দেওঁবাৰ ( ২০,২১ ছেপ্তেম্বৰ ২০২৫) তাৰিখে এই অনুষ্ঠান আয়োজন কৰা হৈছে। "সমন্বিত যুৱতীৰ্থ"ৰ তৰফৰ পৰা সমস্তৰে সহায় সহযোগিতা কামনা কৰিছোঁ।
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ।
জয় অসম সত্ৰ মহাসভা।
জয় সমন্বিত যুৱতীৰ্থ।
কৃষ্ণ 🙏
#সমন্বিতযুৱতীৰ্থ


#জয়জগতগুৰুশ্ৰীমন্তশংকৰদেৱ




জন্মাষ্টমী হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মতিথি এটি আধ্যাত্মিক আৰু সাংস্কৃতিক উৎসৱ। এই দিৱসটো কেৱল মাত্ৰ অতীতৰ এক ঐতিহাসিক ঘটন...
13/09/2025

জন্মাষ্টমী হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মতিথি এটি আধ্যাত্মিক আৰু সাংস্কৃতিক উৎসৱ। এই দিৱসটো কেৱল মাত্ৰ অতীতৰ এক ঐতিহাসিক ঘটনাই নহয়; ই জীৱনৰ নৈতিকতা, দানশীলতা আৰু মৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৃষ্ণজীৱনৰ লীলাৰ মাজেৰে আমি নম্রতা, ধৈৰ্য্য, সুবিচাৰ আৰু সহমৰ্মিতাৰ বাণীবোৰ পোৱা হয়। তেতিয়াই আমি সমাজত সঁচা ধৰ্ম আৰু মানবিক মূল্য বজাই ৰাখিবলৈ উৎসাহিত হওঁ।
অসম-সত্ৰ পৰম্পৰাৰ প্ৰেক্ষাপটত জন্মাষ্টমীৰ এক বিশেষ স্থান আছে। আমাৰ সত্ৰ-সংস্কৃতি, নাম-নিৰূপণ আৰু কীৰ্তন-ভক্তিত জন্মাষ্টমীৰ আনন্দ উদযাপন কৰা হয়; কীৰ্তন, নাট্য, আৰু ভজন-বৰ্ৎসনা বা ৰাস-লীলা আদি অনুষ্ঠানত আধ্যাত্মিকতা আৰু সোণালী সাংস্কৃতিক আভা প্ৰবাহিত হয়। শ্ৰীমন্ত শংকৰদেৱ আৰু সত্ৰ-শিক্ষাই ভক্তি, নৈতিকতা আৰু সাংস্কৃতিক সংৰক্ষণৰ উপৰত জোৰ দিছিল সেইবিলাক মানৱীয় মূল্য আজিও উৎসৱৰ জৰিয়তে পুনৰ্জাগ্ৰত হয়।
এই উৎসৱৰ আদৰ্শসমূহ আমাৰ যুৱ সমাজৰ বাবে এক শক্তিধৰ শিক্ষাৰোপ কৰে। কৃষ্ণৰ লীলাই বুজাই দিয়ে নেতৃত্ব মানেই অহংকাৰ নহয়; দায়িত্ব মানেই সৎচেতনা, সংহতি আৰু সহজে প্ৰাণপুণ্য হোৱা। সমন্বিত যুৱতীৰ্থৰ সদস্যসকলে আহ্বান জনায় যে আমি এই দিৱসটো কেৱল আৱেগৰ উৎসৱ হিচাপে নহয়, জীৱন-নিয়ম আৰু সমাজ-সেৱাৰ এখন সুযোগ হিচাপে গ্ৰহণ কৰোঁ।
উৎসৱ উদযাপনৰ কাৰ্যসূচী আৰু ব্যৱহাৰিক পৰামৰ্শ:
স্থানীয় সত্ৰ, মন্দিৰ বা কমিউনিটি কেন্দ্ৰত নাম-নিৰৱহন, কীৰ্তন আৰু ভজন-সন্ধ্যা আয়োজন কৰক। শিশু আৰু যুৱতীৰ বাবে কৃষ্ণজীৱনৰ সহজ ব্যাখ্যা, নাট্য বা কাহিনী-পাঠৰ আয়োজন কৰক যাতে সিহঁতে সাংস্কৃতিক আৰু ধৰ্মীয় জড়িয়তে পৰিচিত হ’ব পাৰে।
দান-শক্তিৰ প্ৰদৰ্শন স্বৰূপ সমষ্টিগত ভোজ বা আহাৰ-সংস্থান কৰা, আৰু সমাজৰ দুৰবস্থাৰ লোকসকলক সহায় কৰা উত্তম। স্থানীয় কলা-সংস্কৃতি (নৃত্য, সংগীত, নাটক) ৰ জৰিয়তে জন্মাষ্টমীৰ ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা।
উৎসৱৰ সময়ত পৰিবেশৰ যত্ন ল’ব আৱর্জনা-নিবাৰণ, পৰ্যাপ্ত পানীয় জল, আৰু শান্তিপূৰ্ণ আনন্দৰ ব্যৱস্থা নিশ্চিত কৰা।
শেষত আমি সকলো অসমবাসীক অনুৰোধ জনাইছোঁ এই পবিত্ৰ দিনটোত ভক্তিৰেৰে মিলি সমাজত একতা, পৰস্পৰ সহায়তা আৰু নৈতিকতাৰ বীজ ৰোপণ কৰোঁ। কৃষ্ণৰ বুদ্ধিৰ অনুকৰণ কৰি আমি আমাৰ গাঁও-চহৰ, পৰিয়াল আৰু সমাজক অধিক সুস্থ আৰু নৈতিকভাৱে শক্তিশালী কৰিব পাৰো।
#সমন্বিতযুৱতীৰ্থ

#জয়জগতগুৰুশ্ৰীমন্তশংকৰদেৱ





মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে অসম সত্ৰ মহাসভা ভাতৃ সংগঠন "সমন্বিত যুৱতীৰ্থ"ৰ তৰফৰ পৰা শ্ৰীচৰণত শতকোটি ...
12/09/2025

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে অসম সত্ৰ মহাসভা ভাতৃ সংগঠন "সমন্বিত যুৱতীৰ্থ"ৰ তৰফৰ পৰা শ্ৰীচৰণত শতকোটি প্ৰণাম জ্ঞাপন কৰিলোঁ।

মাধৱদেৱ মহাপুৰুষৰ জীৱন, ভক্তি আৰু ধৰ্মচিন্তা অসমীয়াৰ আধ্যাত্মিক পৰম্পৰাত এক অমল ধাৰা। শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য শিক্ষাৰ দিশে তেওঁ যি , ন্যায়-বুদ্ধি আৰু কীৰ্তন-মাধুৰ্য্য আগবঢ়াইছিল, সেয়া আজিও সত্ৰ নামঘৰ সমাজৰ বাবে জীৱন্ত আদৰ্শ। নামঘোষা, কীৰ্তন, সত্ৰ সংস্কৃতি আৰু সন্মান সমাজ-সংকৰ্ষণ ৰোধ কৰা তেওঁৰ অৱদান অসমীয়াৰ ধৰ্ম-সাংস্কৃতিক গঠনত অৱস্থান অধিৰাজ্য কৰিছে।

এই পবিত্ৰ তিথিত, "সমন্বিত যুৱতীৰ্থ"ৰ প্রতিটো সদস্য মাধৱদেৱ মহাপুৰুষৰ শিখা, অতুল্য ভক্তি-চেতনা আৰু সামাজিক ঐক্যবোধ অনুশীলন কৰি নাম-জপন, কীৰ্তন আৰু ধাৰ্মিক অনুষ্ঠানৰ জৰিয়তে তেওঁৰ স্মৃতিত শ্ৰদ্ধাভাৱ প্ৰদৰ্শন কৰিব। আমি সকলোৰে মাজত ভগৱানৰ নামৰ ভাব, সেৱা-সহমর্মিতা আৰু বৰ্ণভেদহীন অভিব্যক্তি বজাই ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ।

মহাপুৰুষৰ শ্ৰদ্ধেয় জীৱন আৰু শিষ্য-সংস্কাৰ আমাৰ পথপ্ৰদৰ্শক তেওঁ শিকোৱা ভক্তি, সৰলতা আৰু সমাজ-সেবা আজি আৰু সদায় আমাক অনুপ্ৰাণিত কৰিব। পুনৰবাৰ শ্ৰীচৰণত শতকোটি প্ৰণাম জ্ঞাপন কৰি তেওঁৰ অনন্ত লাগনিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ।

শ্ৰদ্ধাৰে,
সমন্বিত যুৱতীৰ্থ
অসম সত্ৰ মহাসভা
#সমন্বিতযুৱতীৰ্থ
#জয়জগতগুৰুশ্ৰীমন্তশংকৰদেৱ






Address

Guwahati

Telephone

+919101052682

Website

Alerts

Be the first to know and let us send you an email when সমন্বিত যুৱতীৰ্থ , SYT posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to সমন্বিত যুৱতীৰ্থ , SYT:

Share

Category