06/12/2024
*যোৰহাটত ছাত্ৰ মুক্তিৰ প্ৰতিনিধি সভা*
*নতুন জিলা সমিতি গঠন*
যোৰহাট,৬ ডিচেম্বৰ, ২০২৪ :-
আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, যোৰহাট জিলাৰ প্ৰতিনিধি সভা যোৰহাট জিলা চেণ্ট্ৰেল ক্লাবত হয় অনুষ্ঠিত হয়। উক্ত সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পাপু দত্ত, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন, শিক্ষা সম্পাদক নৱদ্বীপ বৰগোহাঞিৰ লগতে যোৰহাট জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৰ্গও উপস্থিত থাকে । সভাত পুৰণা জিলা সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। সভাই শ্ৰী দেৱাশীষ শইকীয়াক Debasish Saikia সভাপতি, নাং মনি বুঢ়াগোহাঞি আৰু সংকল্পজিত ভূঞাক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰি প্ৰায় ৩৫ জনীয়া সমিতি গঠন কৰা হয়। সমিতিখনৰ উপদেষ্টা হিচাপে প্ৰাক্তন জিলা সমিতিৰ ছাত্ৰনেতা ভৈৰৱ বৰা, অৰিন্দম গগৈ, আৰু চিন্ময় গগৈক মনোনীত কৰে। নৱ নিৰ্বাচিত সমিতিখনে অসমৰ ছাত্ৰ সমস্যাসমূহৰ সমাধানৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত যুগুত কৰিছে।