03/07/2022
যুৱ শক্তি-ৰাষ্ট্ৰ শক্তি
Per Booth 50 Youth
ভাৰতীয় জনতা যুৱ মৰ্চা যোৰহাট জিলাৰ অন্তৰ্গত ঢেকৰগঢ়া মণ্ডলৰ ৪৩ নং ঢেকৰগঢ়া গাওঁ পঞ্চায়তৰ ১৪২ নং বুথ আৰু ৪৪ নং মধ্য সৰুচৰাই গাওঁ পঞ্চায়তৰ ১৩৯ নং বুথত আজি এটা বুথত ৫০ জনকৈ "যুৱ" লৈ যুৱ মৰ্চাৰ একোটাকৈ বুথ বাহিনী গঠন কৰা হয়।
১৪২ নং বুথত বুথ সভাপতি শ্ৰদ্ধাৰ প্ৰমোদ চন্দ্ৰ দাস ডাঙৰীয়াই সভাপতিত্ব কৰা সভাত শ্ৰী সঞ্জিৱ শইকীয়াক আহ্বায়ক আৰু শ্ৰী গিতাঞ্জলী দাসক সহ-আহ্বায়ক হিচাপে লৈ ৫০ জনিয়া এখনি "যুৱ বুথ বাহিনী" গঠন কৰা হয়।সভাত ৪৩ নং ঢেকৰগঢ়া গাওঁ পঞ্চায়তৰ সভানেত্ৰী লখিমী গোস্বামী ডাঙৰীয়ানীয়ে যুৱ সকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়।যোৰহাট জিলা যুৱ মৰ্চাৰ সম্পাদক তথা বুথ বাহিনীৰ সহ-আহ্বায়ক মানসজ্যোতি দত্ত ডাঙৰীয়াই বুথ বাহিনী গঠন সম্পৰ্কে বক্তব্য ৰাখে।আৰু মই বুথ বাহিনীয়ে আগন্তুক দিনত কৰনীয়ৰ বিষয়ে বক্তব্য ৰাখো।
সেইদৰে ৪৪ নং মধ্য সৰুচৰাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১৩৯ নং বুথত বুথৰ সভাপতি শ্ৰদ্ধাৰ নৱজ্যোতি বৰা ডাঙৰীয়াৰ সভাপতিত্বত ৫০ জন যুৱ লৈ "যুৱ বুথ বাহিনী" গঠন কৰা হয়।সভাত যোৰহাট জিলা যুৱ মৰ্চাৰ শ্ৰদ্ধাৰ সভাপতি পাৰ্শ্বজ্যোতি বৰা ডাঙৰীয়াই সাংগঠনিক বক্তব্য ৰাখে।উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক পঞ্চায়তৰ সভাপতি জিতুমনি বৰা ডাঙৰীয়াই চৰকাৰৰ কৰি থকা কৰ্মৰাজীৰ ওপৰত বক্তব্য ৰাখে।সভাত যোৰহাট জিলা যুৱ মৰ্চাৰ সহ-কোষাধ্যক্ষ উপেন শইকীয়া,সম্পাদক মানস দত্ত,ঢেকৰগঢ়া মণ্ডল যুৱ মৰ্চাৰ সম্পাদক অংশুুমান বৰঠাকুৰ,সামাজিক মাধ্যমৰ আহ্বায়ক উজ্জ্বল দত্ত,৪৩নং ঢেকৰগঢ়া গাওঁ পঞ্চায়তৰ ৩নং খণ্ডৰ সদস্য প্ৰমোদ হাজৰিকা,ঢেকৰগঢ়া মণ্ডলৰ আই.টি কোষৰ আহ্বায়ক পলাশ প্ৰতিম খাউণ্ড সহ উপস্থিত থাকো।