12/05/2026
জয় আই অসম ✊️
সুদূৰ গোলাঘাটৰ এখন দূৰণিবটীয়া গাঁৱৰপৰা তৃতীয়বাৰলৈ অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণলৈ ~ ঈশ্বৰৰ আশিসধন্য এই যাত্ৰা মোৰ বাবে এক সপোন পূৰণৰ অনন্য অনুভূতি। মোৰ এই সমগ্ৰ যাত্ৰাত আশীৰ্বাদ প্ৰদান কৰাৰ বাবে পৰমপিতা পৰমেশ্বৰৰ শ্ৰীচৰণত শতকোটি প্ৰণাম জনাইছোঁ। অসীম ত্যাগ, মৰম আৰু আদৰ্শেৰে মোক গঢ় দিয়া পৰম পূজনীয় পিতৃদেৱ আৰু মোৰ মাতৃৰ শ্ৰীচৰণতো সেৱা জনাই আশীৰ্বাদ কামনা কৰিছোঁ।
আজি অসম চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ এগৰাকী সদস্য হিচাপে শপতগ্ৰহণৰ প্ৰাকমুহূৰ্তত মোৰ অভিভাৱকস্বৰূপ অসমবাসীৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ আৰু জনসেৱাৰ হকে মই গ্ৰহণ কৰা প্ৰতিজ্ঞাক সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰি নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিম বুলি পুনৰাই প্ৰতিশ্ৰুতি ব্যক্ত কৰিলোঁ। আপোনালোকৰ বিশ্বাস আৰু আশীৰ্বাদে মোক সদায়েই দৃঢ়তা, দায়বদ্ধতা আৰু নিষ্ঠাৰে কৰ্তব্য পালনৰ দিশত উদ্বুদ্ধ কৰি আহিছে।
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী Narendra Modi ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী Amit Shah ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক প্ৰদান কৰি অহা নিৰন্তৰ মাৰ্গদৰ্শন, বিশ্বাস আৰু আশীৰ্বাদৰ বাবে এই শুভক্ষণত আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তদুপৰি মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰী Nitin Nabin ডাঙৰীয়া প্ৰমুখ্যে এনডিএ-ৰ নেতৃবৃন্দ তথা উৎসাহী কৰ্মকৰ্তাসকলৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।
অসমৰ উন্নয়নমুখী যাত্ৰাত সেৱা আগবঢ়োৱাৰ যি সৌভাগ্য লাভ কৰিছোঁ, সেই দায়িত্ব সুচাৰুৰূপে পালন কৰি যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ আশীৰ্বাদ আৰু সঁহাৰি সদায়েই আন্তৰিকতাৰে কামনা কৰিলোঁ।