26/05/2026
|| 🚨 গুৰুত্বপূৰ্ণ জাননী: সাময়িকভাৱে বন্ধ থাকিব লংকা ৰে’লৱে অভাৰ ব্ৰীজ ||
হোজাই জিলাৰ সকলো সৰ্বসাধাৰণ ৰাইজ তথা চালকসকলৰ জ্ঞাতাৰ্থে জনোৱা হ’ল যে, লংকা ৰে’লৱে গেট নং ২ ৰ ওপৰত থকা ৰে’লৱে অভাৰ ব্ৰীজখন অহা ২৭ মে’ ২০২৬ (বুধবাৰ) আৰু ২৮ মে’ ২০২৬ (বৃহস্পতিবাৰ) তাৰিখ দুটাত সকলো ধৰণৰ যানবাহন চলাচলৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব।
উক্ত দিন দুটাত অসম গড়কাপ্তানি (পথ) বিভাগৰ মুখ্য অভিযন্তাৰ দ্বাৰা প্ৰেৰিত এক বিশেষজ্ঞ দলৰ দ্বাৰা ব্ৰীজখনৰ কাৰিকৰী পৰিদৰ্শন (Inspection Work) সম্পন্ন কৰা হ’ব।
ভ্ৰমণকাৰী আৰু যাত্ৰীসকলক এই সময়ছোৱাত যাতায়াতৰ বাবে বিকল্প পথ ব্যৱহাৰ কৰিবলৈ আৰু সেই অনুসৰি নিজৰ যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ অনুৰোধ জনোৱা হ’ল।
পথ সুৰক্ষা আৰু যাতায়াত ব্যৱস্থা নিয়ন্ত্ৰণৰ বাবে আৰক্ষী তথা প্ৰশাসনৰ ফালৰ পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
যাত্ৰীসকলৰ সাময়িক অসুবিধাৰ বাবে জিলা প্ৰশাসন দুঃখিত।
Janasanyog Hojai
Hojai Police