United democratic student front Hojai LAC - UDSF

United democratic student front Hojai LAC - UDSF UDSF

আজি সুৰক্ষেত্ৰী সমষ্টিত অনুষ্ঠিত হোৱা AIUDF দলৰ বিশাল কৰ্মী সভাৰ দৃশ্য।      আজিৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ম...
06/02/2021

আজি সুৰক্ষেত্ৰী সমষ্টিত অনুষ্ঠিত হোৱা AIUDF দলৰ বিশাল কৰ্মী সভাৰ দৃশ্য।
আজিৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৌলানা বদৰুদ্দিন আজমল চাহাব।

আজি ইং ০২-০২-২০২১ তাৰিখে হোজাই সমষ্টিৰ বৰপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ নং ৱাডত ফখৰ উদ্দিন চাহাবৰ সভাপতিত্বত AIUDF আৰ...
03/02/2021

আজি ইং ০২-০২-২০২১ তাৰিখে হোজাই সমষ্টিৰ বৰপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ নং ৱাডত ফখৰ উদ্দিন চাহাবৰ সভাপতিত্বত AIUDF আৰু তাৰ ভাতৃ সংগঠন AIUDYF ৰ ৱাড কমিটি গঠন কৰা হয়। তাৰ লগতে হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু দলীয় নেতৃবৃন্দৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ আজি বৰপুখুৰী গাঁও পঞ্চায়তৰ ১০ নং ৱাডৰ ১৫ জন কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি এ আই ইউ ডি এফ দলত আজি আনুষ্ঠানিক বাবে যোগদান কৰে। উক্ত সভাত হোজাই সমষ্টিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ৰশ্বিদ আহমেদ, হোজাই সমষ্টিৰ ছাত্ৰ মৰ্চাৰ সভাপতি মিছবাহ দিদাৰ বৰভূঞা,ছাত্ৰ মৰ্চাৰ সাধাৰণ সম্পাদক সাংগঠনিক নাজিম উদ্দিন আৰু দলীয় নেতৃবৃন্দ উপস্থিত থাকে।

01/02/2021
সাম্প্ৰদায়িক শক্তি BJPক প্ৰতিহত কৰাৰ বাবে অসমৰ জনগণে  বিচাৰিছিল বিৰোধী শক্তিৰ মাজত এটা ঐক্যমত স্থাপন হওঁক আৰু সেই মৰ্মে...
20/01/2021

সাম্প্ৰদায়িক শক্তি BJPক প্ৰতিহত কৰাৰ বাবে অসমৰ জনগণে বিচাৰিছিল বিৰোধী শক্তিৰ মাজত এটা ঐক্যমত স্থাপন হওঁক আৰু সেই মৰ্মে আজি কংগ্ৰেছ,AIUDF, বাওঁপন্থী দলসমূহ আৰু আঞ্চলিক গণমৰ্চাৰ মিত্ৰতা চূড়ান্ত হৈছে।জাতি,মাটি, ভেঁটি,অসমৰ কলা-কৃষ্টি,সংস্কৃতি, সাংবিধানিক অধিকাৰ আৰু গনতন্ত্ৰ ৰক্ষাৰ্থে সন্মিলিত বিৰোধী ঐক্যক অসমৰ ৰাইজে আঁকোৱালি ল'ব বুলি আমি আশাবাদী।অসম আৰু অসমীয়াৰ স্বাৰ্থত আমাৰ এই সন্মিলিত বিৰোধী ঐক্যৰ অংশীদাৰ হিচাপে সম-অধিকাৰ, সম- মৰ্যদা,সামাজিক ন্যায় প্ৰদানৰ লক্ষ্যৰে সদায় কাম কৰি যাম বুলি আমি আটায়ে প্ৰতিশ্ৰুতিবদ্ধ।

আজি বাঘবৰ সমষ্টিৰ অন্তৰ্গত সত্ৰকনৰাত AIUDF দলৰ বিশাল কৰ্মীসভাৰ কিছু দৃশ্য।
19/01/2021

আজি বাঘবৰ সমষ্টিৰ অন্তৰ্গত সত্ৰকনৰাত AIUDF দলৰ বিশাল কৰ্মীসভাৰ কিছু দৃশ্য।

অসমত মাদ্ৰাছা বন্ধ কৰা সন্দৰ্ভত জমিয়ত চুপ্ৰিম ক'ৰ্টত যাব - আজমলহোজাইত ভেঞ্চাৰ স্কুলৰ শিক্ষকক 3,42,750 টকাৰ আৰ্থিক সাহাৰ্...
18/01/2021

অসমত মাদ্ৰাছা বন্ধ কৰা সন্দৰ্ভত জমিয়ত চুপ্ৰিম ক'ৰ্টত যাব - আজমল

হোজাইত ভেঞ্চাৰ স্কুলৰ শিক্ষকক 3,42,750 টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান আজমল ফাউণ্ডেচনৰ ৷

দেওবাৰে বিয়লি হোজাইত আজমল ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত এখন সভাত সাংসদ বদৰুদ্দিন আজমলৰ সন্মুখত থিয় হৈ দুগৰাকী মহিলাই হকহুকাই কান্দিবলৈ ধৰিলে, কিন্তু কিয় কান্দিলে ......

কেন্দ্ৰত ইউ পি এ চৰকাৰ তথা প্ৰধানমন্ত্ৰী মনমোহন সিং হৈ থকাৰ সময়ৰ পৰা মই অসমৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ হৈ মাত মাতি আহিছো, আচৰিত কথা ভাৰতত অসমৰ বাহিৰে আন কোনো ৰাজ্যত ভেঞ্চাৰ স্কুল নাই ৷তেতিয়া ভেঞ্চাৰ বিদ্যালয়ৰ বিষয়ে সেই সময়ত মনমোহন সিঙৰ মন্ত্ৰী সভাৰ শিক্ষামন্ত্ৰীক মই আৰু অসমৰ পৰা যোৱা শিক্ষক প্ৰতিনিধি সকলে বুজাই দিছিলো ৷

আজমল ফাউণ্ডেচনৰ দ্বাৰা হোজাইত আয়োজিত শৈক্ষিক সভাত এইদৰে মন্তব্য কৰে আজমল ফাউণ্ডেচনৰ CEO তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷

আজমলে সভাত কয়- আজমল ফাউণ্ডেচনে যোৱা ৪ বছৰৰ পৰা ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক সকলক মাহিলি ৭৫০ টকাকৈ মাননি দি আহিছে ৷

সভাত বদৰুদ্দিন আজমলে আজমল ফাউণ্ডেচনৰ জৰিয়তে ভেঞ্চাৰ স্কুলত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা ২ গৰাকী অৱসৰ প্ৰাপ্ত শিক্ষকক ২৫ হাজাৰ টকাকৈ ৫০ হাজাৰ টকাৰ এককালিন সাহাৰ্য আগবঢ়োৱাৰ লগতে হোজাই জিলাৰ ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত আজমলে 3,42,750 টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে ৷

অহা বছৰ ৮৫০ টকাকৈ দিয়াৰ কথা ঘোষণা কৰি আজমলে কয়- অহা বছৰৰ পৰা ভেঞ্চাৰ বিদ্যালয়ত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা শিক্ষক সকলক আজমল ফাউণ্ডেচনে এককালিন ৫০ হাজাৰ টকাৰ সাহাৰ্য আগবঢ়াব ৷

সভাত সাংসদ আজমলৰ লগতে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড৹ খচৰুল ইছলাম, প্ৰৱন্ধক ড৹ এম আৰ এইচ আজাদ আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক ৰশ্বিদ আহমেদ, হেলাল উদ্দিনসহ অন্যান্য সকল উপস্থিত আছিল ৷

উল্লেখ্য যে, সভাত দুগৰাকী মহিলাই আজমলৰ সন্মুখত হুক হুকাই কান্দি দিলে, নিজৰ সন্তানক আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানত পঢ়াৰ খৰছ বিনামুলীয়া কৰিবৰ কাৰণে এনেদৰে হুক হুকাই কান্দিলে ৷

পিছত আজমলে উক্ত মহিলা দুগৰাকীৰ সন্তান কেইটাৰ পঢ়াৰ যাৱতীয় খা খৰচ আজমল পৰিয়ালে আজমল ফাউণ্ডেচনৰ জৰিয়তে বহন কৰিব বুলি উল্লেখ কৰে ৷ লগতে মহিলা দুগৰাকীক সভাত নগধ ধন দি আৰ্থিক সাহাৰ্য প্ৰদান কৰি মানৱতাৰ আন এক উল্লেখযোগ্য নিদৰ্শন ধাঙি ধৰে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে ৷

আজমলে উপস্থিত শিক্ষক শিক্ষয়িত্ৰী সকলক উদ্দেশ্যে কৰি কয়- অসমত ইমান ডাঙৰ এটা ঘটনা ঘটি গল কিন্তু অসমৰ মাদ্ৰাছা শিক্ষকসকল নিমাত, তেওঁ লগতে কয়- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে অসমৰ মাদ্ৰাছাবোৰ বন্ধ কৰি দিলে কিন্তু আজিলৈকে কোনো এখন মাদ্ৰাছাৰ শিক্ষকে গনতান্ত্ৰিক পদ্ধতিৰে নিজৰ প্ৰতিবাদ সাৱস্ত কৰা নাই!

আজমলে পুনৰ কয়- অসমৰ মাদ্ৰাছা বন্ধ সন্দৰ্ভত আমি জমিয়তে চুপ্ৰিম ক'ৰ্টত গৈ গোচৰ ৰুজু কৰিম ৷

আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমলৰ ঘোষণা৷অহাবছৰৰ পৰা অৱসৰ গ্ৰহণ কৰিবলগীয়া ভেন্সাৰ বিদ্যালয়ৰ শিক্ষকস...
18/01/2021

আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমলৰ ঘোষণা৷

অহাবছৰৰ পৰা অৱসৰ গ্ৰহণ কৰিবলগীয়া ভেন্সাৰ বিদ্যালয়ৰ শিক্ষকসকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব আজমল ফাউণ্ডেচনে৷

চৰকাৰী সাহায্য নোপোৱাকৈ ভেন্সাৰ বিদ্যালয়ত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা দুগৰাকী শিক্ষকক আজি আজমলৰ উপস্থিতিত আজমল ফাউণ্ডেচনে ২৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে৷

লগতে আজি ২১ খন ভেন্সাৰ বিদ্যালয়ৰ শিক্ষকক ৩ লাখ ৪২ হাজাৰ ৭৭৫ টকাৰ সাহায্য বিতৰণ কৰে আজমল ফাউণ্ডেচনে৷

আজি এই সাহায্য বিতৰণী অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলামৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল৷

দীৰ্ঘদিন ভেন্সাৰ বিদ্যালয়ত শিক্ষকতা কৰি চৰকাৰীভাবে এক টকাও লাভ নকৰা এই শিক্ষকসকলে আজি সাহায্য লাভ কৰি আজমল ফাউণ্ডেচনৰ লগতে মৌলানা বদৰুদ্দিন আজমলক ধন্যবাদ জ্ঞাপন কৰে৷

Address

Hojai

Alerts

Be the first to know and let us send you an email when United democratic student front Hojai LAC - UDSF posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share