Hajo-Sualkuchi Assembly Youth Congress

Hajo-Sualkuchi Assembly Youth Congress সুস্থিৰ ৰাজনীতি গঢ়াৰ ক্ষেত্ৰত যুৱ শক্তি দেশৰ ভৱিষ্যত।

30/03/2026

হাজো শুৱালকুছি সমষ্টিৰ সাধাৰণ ৰাইজৰ লগত অনাগত নিৰ্বাচন সৰ্ম্পকে কিছু বাৰ্তালাপ।

নন্দিতা দাস জিন্দাবাদ।



10/03/2026

আজি সংসদত অসমীয়াৰ স্বাভিমানৰ গামোচাখন কান্ধত লৈ বিৰোধী উপ-দলপতি গৌৰৱ গগৈ ডাঙৰীয়াই ভাৰতবৰ্ষৰ গণতান্ত্ৰিক পৰম্পৰা আৰু সংসদীয় মৰ্যাদা ৰক্ষাৰ এক শক্তিশালী দলিল উপস্থাপন কৰে । তেওঁ অতি স্পষ্ট আৰু যুক্তিনিষ্ঠভাৱে লোকসভাৰ অধ্যক্ষৰ কাৰ্যপন্থাক সমালোচনা কৰি কয় যে বিৰোধীৰ কণ্ঠৰোধ কৰিবলৈ সংসদীয় নিয়মসমূহক কৌশলেৰে ব্যৱহাৰ কৰা হৈছে। বিৰোধী পক্ষৰ প্ৰতি অধ্যক্ষৰ ভূমিকাক সমালোচনা কৰি তেওঁ সোঁৱৰাই দিয়ে যে এই যুঁজ কোনো ব্যক্তি বিশেষৰ বিৰুদ্ধে নহয়, বৰঞ্চ দেশৰ সংবিধান আৰু সংসদৰ স্বতন্ত্ৰতা ৰক্ষাৰ বাবেহে। নিজৰ ভাষণৰ জৰিয়তে তেওঁ প্ৰমাণ কৰিলে যে শাসনাধিষ্ঠিত শক্তিৰ হেঁচাই জনতাৰ অধিকাৰৰ হকে তোলা বিৰোধীৰ সংগ্ৰামী কণ্ঠ কেতিয়াও স্তব্ধ কৰিব নোৱাৰে।

২৬' ৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ প্ৰলোভন।‌ ধনৰ বিনিময়ত ক্ৰয় কৰিব খুজিছে ভোট... পিছে নিৰ্বাচনৰ পূৰ্বে কিয় প্ৰদান কৰা ...
10/03/2026

২৬' ৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ প্ৰলোভন।‌ ধনৰ বিনিময়ত ক্ৰয় কৰিব খুজিছে ভোট...
পিছে নিৰ্বাচনৰ পূৰ্বে কিয় প্ৰদান কৰা হৈছে ৯ হেজাৰকৈ...
কথাবোৰ এবাৰ ভাবক আৰু বুজক....
ভোটদানৰ আগত মনত পেলাওক এইখন চৰকাৰে ২০১৬ আৰু ২০২১ ত দিয়া প্ৰতিশ্ৰুতি সমূহ...

🚨 Fake News Alert
09/03/2026

🚨 Fake News Alert

09/03/2026

সংসদত পুনৰ গুঞ্জৰিত হ'ব জনতাৰ বজ্ৰকণ্ঠ!
আজি লোকসভাত দিনৰ ১১ বাজি ৩০ মিনিটত লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱত ভাষণ ৰাখিব যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই।

নতুন বৰ অসমৰ স্বপ্ন আৰু অধিকাৰৰ আহ্বানেৰে চলি থকা “নতুন বৰ অসম” যাত্ৰাৰ অংশ হিচাপে আজি মৰাণৰ তিলৈত আয়োজিত চাহ-মজদুৰ আদিব...
08/03/2026

নতুন বৰ অসমৰ স্বপ্ন আৰু অধিকাৰৰ আহ্বানেৰে চলি থকা “নতুন বৰ অসম” যাত্ৰাৰ অংশ হিচাপে আজি মৰাণৰ তিলৈত আয়োজিত চাহ-মজদুৰ আদিবাসীসকলৰ এক বিশাল মহা-সন্মিলনত অংশ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই।
এই সভাত উপস্থিত ৰাইজক সম্বোধন কৰি চাহ-শ্ৰমিক সমাজৰ অধিকাৰ, মৰ্যাদা আৰু উন্নয়নৰ প্ৰতি কংগ্ৰেছৰ দৃঢ় প্ৰতিশ্ৰুতিৰ কথা ৰাইজৰ আগত দাঙি ধৰে গৌৰৱ গগৈ ডাঙৰীয়াই।
এই সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ পৰ্যবেক্ষক বন্ধু তিৰ্কী ডাঙৰীয়া, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানী আৰু প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই।
প্ৰদেশ কংগ্ৰেছৰ প্ৰতিটো যাত্ৰাত ৰাইজৰ সঁহাৰিয়ে এটা কথা স্পষ্ট কৰি দিছে যে নতুন বৰ অসম গঢ়াৰ স্বাৰ্থত এইবাৰ ৰাইজে বিচাৰিছে পৰিৱৰ্তন।

08/03/2026

Indian National Congress

07/03/2026


সংখ্যাৰ খেলত ব্যস্ত শাসকীয় দলে বুজি পোৱা উচিত যে আদৰ্শ বিক্ৰী কৰি গাদী ৰক্ষা কৰাৰ দিন উকলিছে।

07/03/2026


শৰাইঘাটৰ শেষ ৰণ আৰু নহয়..কিয়? নিশ্চয় কোৱাৰ প্ৰয়োজন নাই..

    আদৰ্শৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ সুবিধাবাদী ৰাজনীতিৰ সৰ্বোচ্চ নিদৰ্শন এইয়া। নিজৰ গাদী সুৰক্ষিত কৰাটোৱেই তেওঁৰ প্ৰধান ল...
07/03/2026


আদৰ্শৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ সুবিধাবাদী ৰাজনীতিৰ সৰ্বোচ্চ নিদৰ্শন এইয়া। নিজৰ গাদী সুৰক্ষিত কৰাটোৱেই তেওঁৰ প্ৰধান লক্ষ্য, ৰাইজৰ মৰ্যাদা বা কথাৰ কোনো মূল্য নাই।

Address

Hajo-sualkuchi
Hajo
781102

Website

Alerts

Be the first to know and let us send you an email when Hajo-Sualkuchi Assembly Youth Congress posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share