18/08/2025
একত্ৰীকৰণ সম্পৰ্কে আকছু ৰ সভাপতি অনুপল দত্ত পাঠকৰ মন্তব্য
ALL ASSAM KALITA JANAGOSTHI STUDENTS' UNION (AAKJSU) is a Students Organization of 70 Lacks Ancient Kalita Janagosti People of Axom..
Guwahati
781005
Be the first to know and let us send you an email when সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা - Aakjsu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
Send a message to সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা - Aakjsu:
✍️🎤২০১৬ চনত জন্ম গ্ৰহণ কৰা সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা অসমৰ কলিতা জনগোষ্ঠীৰ #সত্তৰলাখ (#70Lakh )লোকৰ ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ ৰক্ষাৰ বাবে লগতে জনজাতিকৰণৰ দাবীত নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিছে৷ শেহতীয়াভাৱে বিভিন্ন , #ইলেকট্ৰনিক মাধ্যমৰ প্ৰকাশ আৰু #প্ৰচাৰৰ অনুসৰি বিটিএডিকে ধৰি অন্যান্য স্বায়ত্ত্বশাসিত পৰিষদীয় অঞ্চলত বাস কৰা কলিতা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ,ভাষাৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰত শংকা ঘনীভূত হোৱা দেখা গৈছে৷অসম চৰকাৰে বিটিএডিত অসমীয়া ভাষা সহযোগী ভাষা হিচাপে ঘোষণা কৰিলেও আমি তাক কেতিয়াও মানি নলওঁ৷বিটিএডিত ৰাজ্যভাষা প্ৰথম ভাষা হ’বই লাগিব৷অন্যথা সদৌঅসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই তাৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব৷ অসমৰ প্ৰাচীন তথা খিলঞ্জীয়া জনগোষ্ঠী কলিতা জনগোষ্ঠীৰ যিসকল লোক বিটিএডিৰ লগতে অন্যান্য পৰিষদাধীন অঞ্চলত বসবাস কৰে সেইসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত অতি শিঘ্ৰে অসমৰ কলিতা জনগোষ্ঠীৰ লোকৰ ভাষা,ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ #AAKJSU ই অসম চৰকাৰক দাবী জনায়৷কলিতা জনগোষ্ঠীৰ বাবে সুকীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷ বিটিএডিত দহখন আসন কলিতা জনগোষ্ঠীৰ লোকৰ বাবে সংৰক্ষণ কৰিবলৈও দাবী জনোৱা হৈছে৷ অন্যহাতে কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই সদায় "কা"ৰ বিৰোধিতা কৰি আহিছে আৰু আগলৈও তীব্ৰভাৱে বিৰোধিতা কৰি যাব,কোনোপধ্যেই "কা" মানি লোৱা নহয়৷ জয় আই অসম জয়তু সদৌ অসম #কলিতাজনগোষ্ঠী ছাত্ৰ সন্থা #AAKJSU