23/12/2023
আজি অসমৰ জনপ্ৰিয় অভিনেতা, পৰিচালক প্ৰয়াত জয়ন্ত দাস (ৰাজু)ৰ স্মৃতিত লতাশিল খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থা, শিল্পী সমাজ (অসম), কামৰূপ নাট্য সমিতি, প্ৰগতি শিল্পী সংঘ, সূৰ্য্য, গুৱাহাটী বিহু সন্মিলনী, গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ সমূহীয়া উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত সমাজৰ বিভিন্ন সন্মানীয় ব্যক্তি, স্থানীয় ৰাইজ উপস্থিত থাকে আৰু প্ৰয়াত জয়ন্ত দাস (ৰাজু)ক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।