03/06/2026
নতুন দিল্লীত মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু মহোদয়াক সৌজন্যমূলক সাক্ষাৎ কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।
এই সাক্ষাৎকালত অসমৰ সাম্প্ৰতিক উন্নয়নমূলক যাত্ৰা, ৰাজ্যখনৰ দ্ৰুত অগ্ৰগতি আৰু ভৱিষ্যৎ উন্নয়নৰ বিভিন্ন দিশৰ ওপৰত ফলপ্ৰসূ আলোচনা অনুষ্ঠিত হয়।
এক শক্তিশালী, সমৃদ্ধ আৰু বিকশিত অসমৰ লক্ষ্যৰে আগবাঢ়ি যোৱাৰ এই প্ৰয়াস নিঃসন্দেহে ৰাজ্যখনৰ বাবে এক ইতিবাচক পদক্ষেপ।