05/01/2021
অসম চৰকাৰে বিদ্বেষৰ লক্ষ্য হিচাপে লৈ অসম বিধানসভাৰ "বিৰোধী দলপতি"ৰ আসন খনৰ মৰ্যদাক অস্বীকাৰ কৰিলে! ইয়াৰ জৰিয়তে গণতন্ত্ৰক মোহাৰি বিৰোধী নোহোৱা কৰাৰ তেওঁলোকৰ যি এক ষড়যন্ত্ৰ মূলক লক্ষ্য তাকেই পুনৰবাৰ ৰাইজৰ আগত উদঙাই দিলে। সংবিধানক মোহাৰি পেলোৱাৰ ষড়যন্ত্ৰ বুলি আমি এই কাৰণে ক'ব বিচাৰোঁ যে, সংবিধানৰ যিখন আইন মতে ইতিমধ্যে লোকসভা,ৰাজ্যসভা আৰু দেশৰ বিভিন্ন ৰাজ্যৰ বিধানসভা সমূহৰ "বিৰোধী দলপতি" ৰ মৰ্যদা দিয়া হয় সেই আইনক অসমত অমান্য কৰা হৈছে। "বিৰোধী দলপতি সদন আইন ১৯৭৭" অনুসৰি দেশৰ লোকসভা ৰাজ্যসভাকে ধৰি ভিন্ন ৰাজ্যসমূহৰ বিধানসভাত উপলব্ধ মুঠ সদস্য সমূহৰ ১/১০ শতাংশ সদস্য মজুদ থকা বিৰোধী দলটোৰ বিধায়িনী নেতাজনক "বিৰোধী দলপতি"ৰ মৰ্যদা প্ৰদান কৰা হয়!
এই অংক(১/১০)ৰ হিচাপত ইতিমধ্যে দিল্লী,ছত্তীছগঢ়, পশ্চিম বংগকে ধৰি প্ৰায় আটাইবোৰ ৰাজ্যতে বিৰোধী দলৰ দলপতি জনক বিধানসভাৰ "বিৰোধী দলপতি"ৰ মৰ্যাদা দিয়া হৈছে!
উদাহৰণ স্বৰূপে,
দিল্লী বিধানসভাৰ মুঠ সদস্য- ৭০, AAP- ৬২, BJP-৮; অংক-১/১০
ছত্তীছগঢ় বিধানসভাৰ মুঠ সদস্য- ৯০, CONG- ৭০, BJP-১৪; অংক-১/১০
এইদৰে প্ৰায় প্ৰতিখন ৰাজ্যতে "বিৰোধী দলপতি"ৰ মৰ্যাদা প্ৰদান কৰা হৈছে। "বিৰোধী দলপতি আইন ১৯৭৭" মতে সদনত উপলব্ধ সদস্য সমূহৰ ভিতৰত যিটো বিৰোধী দল(একক, মিত্ৰতা অবিহনে)ৰ সদস্যৰ সংখ্যা বেছি তেওঁলোকৰ বিধায়িনী নেতাজনক বিৰোধী দলপতি ৰ মৰ্যদা দিয়া হয়! কিন্তু অসমত এই আইনক অমান্য কৰা হৈছে। অসম বিধানসভাৰ নিয়ম অনুসৰি '১/৬' শতাংশৰ অংক দিয়া হৈছে, সেয়াও আইন অনুসৰি হ'ব লাগে সদনত উপলব্ধ সদস্য সমূহৰ ভিতৰত। যিহেতু ইতিমধ্যে কংগ্ৰেছ দলৰ দুজনকৈ বিধায়ক পৰলোক প্ৰাপ্তি হৈছে ( প্ৰণৱ গগৈ আৰু তৰুণ গগৈ) আৰু দুজনে সদস্যতাৰ পৰা পদত্যাগ কৰিছে। তাৰ উপৰিও অন্য বিৰোধী দলৰ সদস্য ও পদত্যাগ কৰিছে, গতিকে সদনৰ উপলব্ধ মুঠ সদস্যৰ সংখ্যা '১২৬' কেনেকৈ হ'ব পাৰে?
লোকসভা, ৰাজ্যসভাকে ধৰি অন্য ৰাজ্যসমূহৰ বিধানসভাৰ অংক(১/১০) হিচাপে ১৩ জন সদস্য হ'লেয়ে "বিৰোধী দলপতি"ৰ মৰ্যদা পাব লাগে আৰু যদিও অংক(১/৬) হয় তেতিয়াও "বিৰোধী দলপতি"ৰ মৰ্যদা পাব লাগে(২০ জন সদস্য আছে)। গতিকে
চৰকাৰ তথা আইনৰ জ্ঞানৰ পোহৰ নপৰা অসম বিধানসভাৰ সচিবজনৰ দ্বাৰা যি বিদ্বেষমূলক ভাৱে "বিৰোধী দলপতি"ৰ মৰ্যদাক অস্বীকাৰ কৰা হ'ল, তাৰ জৰিয়তে তেওঁলোকৰ অপৰিপক্কতা তথা বিৰোধী দমনৰ পৰিকল্পনাক পুনৰবাৰ ৰাইজৰ মাজত উন্মোচিত কৰালে।