23/03/2026
তিলোত্তমা বৰুৱা সোঁৱৰণী চতুৰ্থ বাৰ্ষিক সদৌ অসম ছাত্ৰীৰ তৰ্ক প্ৰতিযোগিতাত অসম চিকিৎসা মহাবিদ্যালয়লৈ শ্ৰেষ্ঠ দলৰ সন্মান
নাৰী সাৰস্বত মঞ্চৰ উদ্যোগত ২২ মাৰ্চত তিলোত্তমা বৰুৱা সোঁৱৰণী চতুৰ্থ বাৰ্ষিক সদৌ অসম আন্তঃশিক্ষানুষ্ঠান ছাত্ৰীৰ তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় লতাশিলৰ বিষ্ণু-নিৰ্মলা ভৱনৰ প্ৰেক্ষাগৃহত।আৰম্ভণিতে পৰিয়ালৰ লোকে তিলোত্তমা বৰুৱাৰ প্ৰতিকৃতিৰ সমুখত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলী জনায় ৷ তিলোত্তমা বৰুৱাৰ চমু পৰিচয় দাঙি ধৰে স্বনামধন্য সাহিত্যিক নৱকান্ত বৰুৱাদেৱৰ জীয়ৰী তথা কটন বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা উপলা বৰুৱাই । সম্পূৰ্ণ সংসদীয় আৰ্হিত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাখনত অসমৰ ২৩ খন বিভিন্ন শিক্ষানুষ্ঠানৰ ১৮ টা ছাত্ৰীৰ দল আৰু ১৮ গৰাকী ছাত্ৰীয়ে এককভাৱে যোগদান কৰে। তৰ্ক প্ৰতিযোগিতাখনত অধ্যক্ষ আছিল গুৱাহাটী দূৰদৰ্শনৰ এসময়ৰ বাতৰি পৰিৱেশক বেদান্ত কুমাৰ শৰ্মা, বিচাৰকৰ আসন গ্ৰহণ কৰিছিল আসাম ট্ৰিবিউন কাকতৰ সহ সম্পাদক মনীষ গোস্বামী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ M.Ed পাঠ্যক্ৰমৰ সহকাৰী অধ্যাপিকা ড° বিদুলা শৰ্মা । বিচাৰকৰ সিদ্ধান্ত অনুসৰি শ্ৰেষ্ঠ তাৰ্কিক দলৰ সন্মান লাভ কৰা অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ চাইনী ভূঞা আৰু সৃষ্টি বৰুৱাক আঠ হেজাৰ টকা , দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক দলৰ সন্মান লাভ কৰা এন. ই. এফ. আইন মহাবিদ্যালয়ৰ ঈপ্সিতা হাজৰিকা আৰু নিচাত তামান্না লস্কৰক ছয় হেজাৰ টকা প্ৰদান কৰা হয় ৷শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰা নগাঁৱৰ ড: বি.কে.বি. মহাবিদ্যালয়ৰ জুহিতা কলিতাক চাৰি হেজাৰ টকা, দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰা কটন বিশ্ববিদ্যালয়ৰ অভীস্পা কলিতাক তিনি হেজাৰ টকা, তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰা চি. পি. এম. এছ. নাৰ্চিং কলেজৰ নিশা পাঠকক দুহেজাৰ টকা আগবঢ়োৱাৰ লগতে বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ প্ৰদান কৰা হয় ৷ বিচাৰকৰ বিশেষ বঁটা লাভ কৰা নীলাচল জাতীয় বিদ্যালয়ৰ বৰ্ফানী ডেকাক নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷আজিৰ অনুষ্ঠানত ইন্দ্ৰধনুৰ কবি ডিম্বেশ্বৰ নেওগদেৱৰ কন্যা জীৱন মাধুৰী নেওগ বৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় কুইজ পৰিচালক শৈলেন বৈশ্য উপস্থিত আছিল ৷ অনুষ্ঠানটোৰ আঁত ধৰে নাৰী সাৰস্বত মঞ্চৰ সদস্যা জিণ্টীৰাণী ডেকা আৰু পাপৰি দেৱীয়ে ।তৰ্ক প্ৰতিযোগিতাখনৰ সমুদায় খৰচ বহন কৰে তিলোত্তমা বৰুৱাৰ পৰিয়ালে ৷