03/06/2026
আজি অসমীয়া সাহিত্যৰ আকাশৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ড° লক্ষ্মীনন্দন বৰাদেৱৰ পৱিত্র পুণ্যতিথি। নিজৰ গৱেষণালব্ধ সৃষ্টিশীল প্ৰতিভাৰে সাহিত্য জগতক এক অনন্য শিখৰলৈ লৈ লোৱা বৰাদেৱে ‘ভাওনা’ গল্পটিৰে আৰম্ভ কৰা যাত্রাত বহুতো অমূল্য গ্রন্থসম্ভাৰেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰাৰ লগতে পঢ়ুৱৈৰ মনত গভীৰ প্রভাৱ বিস্তাৰ কৰিছিল। সাহিত্যৰ মাজেৰে সমাজ, মানুহৰ জীৱন সংগ্ৰাম, মূল্যবোধ আৰু সময়ৰ স্পন্দনক তেওঁ অনন্য দক্ষতাৰে ৰূপায়িত কৰিছিল।
সৰস্বতী সন্মানপ্ৰাপক বৰাদেৱৰ সাহিত্যকৰ্ম, চিন্তা আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ অম্লান উৎস হৈ থাকিব। মহান সাহিত্যিকগৰাকীৰ পৱিত্ৰ পুণ্যতিথিত বিনম্ৰ শ্ৰদ্ধাঞ্জলি আৰু প্ৰণাম।
Remembering eminent litterateur Dr Lakshmi Nandan Bora on his Punyatithi.
A towering figure of Assamese literature, his writings captured the spirit of society, the struggles of people and the pulse of changing times. His rich literary legacy will continue to inspire generations.