Queen Oja BJP

Queen Oja BJP ❖ Ex-Member of Parliament(MP), Gauhati Lok Sabha Constituency, Assam
❖ Former Mayor, Guwahati Municipal Corporation

04/06/2026

অসম বিধান সভাৰ নৱ নিৰ্বাচিত মন্ত্ৰীসকলক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কাইলৈ দুপৰীয়া ১২:৪৫ বজাত নিৰ্বাচিত মন্ত্ৰীসকলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।


04/06/2026
04/06/2026
শিৱসাগৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ পৰম শ্ৰদ্ধাৰ মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ বিয়োগৰ বাতৰি প...
03/06/2026

শিৱসাগৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ পৰম শ্ৰদ্ধাৰ মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ বিয়োগৰ বাতৰি পাই গভীৰভাৱে শোকাহত হৈছোঁ।

এই দুঃসময়ত মৃত আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ঈশ্বৰে এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি প্ৰদান কৰক।

03/06/2026

আজি অসমীয়া সাহিত্যৰ আকাশৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ড° লক্ষ্মীনন্দন বৰাদেৱৰ পৱিত্র পুণ্যতিথি। নিজৰ গৱেষণালব্ধ সৃষ্টিশীল প্ৰতিভাৰে সাহিত্য জগতক এক অনন্য শিখৰলৈ লৈ লোৱা বৰাদেৱে ‘ভাওনা’ গল্পটিৰে আৰম্ভ কৰা যাত্রাত বহুতো অমূল্য গ্রন্থসম্ভাৰেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰাৰ লগতে পঢ়ুৱৈৰ মনত গভীৰ প্রভাৱ বিস্তাৰ কৰিছিল। সাহিত্যৰ মাজেৰে সমাজ, মানুহৰ জীৱন সংগ্ৰাম, মূল্যবোধ আৰু সময়ৰ স্পন্দনক তেওঁ অনন্য দক্ষতাৰে ৰূপায়িত কৰিছিল।

সৰস্বতী সন্মানপ্ৰাপক বৰাদেৱৰ সাহিত্যকৰ্ম, চিন্তা আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ অম্লান উৎস হৈ থাকিব। মহান সাহিত্যিকগৰাকীৰ পৱিত্ৰ পুণ্যতিথিত বিনম্ৰ শ্ৰদ্ধাঞ্জলি আৰু প্ৰণাম।

Remembering eminent litterateur Dr Lakshmi Nandan Bora on his Punyatithi.

A towering figure of Assamese literature, his writings captured the spirit of society, the struggles of people and the pulse of changing times. His rich literary legacy will continue to inspire generations.

02/06/2026
02/06/2026

Warm greetings to the people of Telangana on their Statehood Day.

The State's remarkable journey reflects the aspirations, hard work and enterprise of its people. Wishing Telangana continued success in the years ahead.

01/06/2026

অসমীয়া সাহিত্যৰ আকাশত উজ্জ্বল নক্ষত্ৰ ড° নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ পৱিত্র পুণ্যতিথিত শ্রদ্ধাৰে স্মৰণ কৰি সেৱা জনাইছোঁ। সাহিত্য, গৱেষণা আৰু সংস্কৃতিৰ প্ৰতি তেখেতৰ অনবদ্য অৱদানে যুগে যুগে অসমীয়া সমাজক আলোকিত কৰি থাকিব। সংগীতৰ ক্ষেত্ৰখনিতো বহু কালজয়ী গীত ৰচনাৰে বাইদেৱে আমাক দি থৈ যোৱা গীতি-সাহিত্যৰ সুবাস আজিও অনুৰণিত হৈ আছে আমাৰ হৃদয়ে হৃদয়ে৷ তেখেতৰ সৃষ্টিশীল চিন্তা আৰু মানৱীয় মূল্যবোধ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ ৰ’ব।

Address

Asram Road, Ulubari
Guwahati
781007

Website

Alerts

Be the first to know and let us send you an email when Queen Oja BJP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Queen Oja BJP:

Share