09/08/2026
#ঐতিহাসিক #গোহাঁই_কমল_আলি
In January 2021, We visited historic
Rajadheep at Dakhin Ganakgiri village , near , District to view the remanents of Historical Highway, Gohain Kamal Ali, built around 1547 CE, which was 350 Mile (563 KM) long, connecting in present day , to located in District in . This medieval era highway was built by Prince or Kamal Narayan, younger brother of Famous King and General of Dynasty. The first part of the article in Assamese, penned by me on this historical highway is being published in Assamese News paper today, i.e 9th August,2026 for which we expressed our Gratitude. Sincere Gratitude to for his representative , published alongside the article.
২০২১ চনৰ জানুৱাৰী মাহত আমি #বৰপেটা জিলাৰ, #সৰভোগ ৰ ওচৰত দক্ষিণ গণকগিৰিত গাওঁৰ ৰাজা ঢিপলৈ, ঐতিহাসিক গোহাঁই কমল আলিৰৰ কিছু অংশ চাবলৈ গৈছিলো। মধ্যযুগত এই আলি বৰ্তমান যুগৰ #পশ্চিমবংগ ৰ #কোচবিহাৰ আৰু অসমৰ #উত্তৰ_লখিমপুৰ জিলাৰ #নাৰায়ণপুৰ নগৰক সংযোগ কৰিছিল, আৰু প্ৰায় ৩৫০ মাইল ( ৫৬৩ কিমি:) দৈৰ্ঘ্য আছিল। মধ্যযুগৰ এই আলিটো ৰাজকুমাৰ #গোহাঁইকমল অথবা কমল নাৰায়ণৰ নেতৃত্বত আনুমানিক ১৫৪৭ চনত নিৰ্মাণ হৈছিল, আৰু তেখেত কোচ ৰাজবংশৰ বুৰঞ্জী বিখ্যাত মহাৰাজ #নৰনাৰায়ণৰ আৰু বীৰ চিলাৰায় ৰ অনুজ ভাতৃ আছিল।এই ঐতিহাসিক গোহাঁই কমল আলিৰ ওপৰত মোৰ দ্বাৰা লিখিত এটি #প্ৰৱন্ধ ৰ প্ৰথম ভাগ আজি, ৯ আগষ্ট, ২০২৬ চন, অসমীয়া বাতৰি কাকত #সাদিন ত প্ৰকাশ হৈছে যাৰ বাবে সাদিন গোষ্ঠীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।প্ৰতিনিধিত্ব মূলক #ৰেখাচিত্ৰৰ বাবে #হানিদ_ৰঞ্জন_ভূঞা দেৱক বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ।