25/01/2026
#কংক্ৰিটৰ মহানগৰী মাজত হেৰাই যোৱা এখন ৰাজ্য - #বেলতলা ** A lost in concrete city -
মাঘ মাহৰ প্ৰথম দিনা বেলতলাৰ #মৌজাদাৰ আৰু #ৰাজপৰিয়ালৰ মূৰব্বী কুমাৰ #পৰীক্ষিতনাৰায়ণ দেৱক আৰু তেওঁৰ সহধৰ্মিনী #ইলোৰাদেৱীক লগ ধৰি মোৰ " #গগৈসেনাপতি আৰু অন্যান্য বুৰঞ্জী" নামৰ কিতাপখনৰ এটা কপি তেওঁলোকক প্ৰদান কৰিলোঁ। কিতাপখনত বেলতলা ৰাজ্যৰ #ইতিহাসৰ ওপৰত এটা অধ্যায় অন্তৰ্ভুক্ত কৰা হৈছে।
On the first day of Magh month, met Kumar Dev, head of Beltola and of Beltola, and his better half and handed them one copy of my book " ". I have included one chapter on the history of Beltola kingdom. They have collected one copy for Beltola Mouza office.
বৰ্তমান কালৰ #গুৱাহাটী মহানগৰীৰ দক্ষিণ দিশত অৱস্থিত #অসমৰ ৰাজধানী #দিছপুৰৰ আৱাসিক অঞ্চলৰ কাষৰ এটা প্ৰধান অঞ্চল হৈছে বেলতলা । আহোম ৰাজত্বকালত বেলতলা এখন ৰাজ্য আছিল, যত কোচ ৰাজকুমাৰ আৰু সেনাপতি মহাবীৰ #চিলাৰায়ৰ বংশধৰসকলে আহোম ৰজাৰ কৰদ মিত্ৰ ৰজা ৰূপে শাসন কৰিছিল। বেলতলা ৰজা #গন্ধৰ্বনাৰায়ণে মহাবীৰ #লাচিতবৰফুকনৰ সহযোগী হৈ #শৰাইঘাটৰ যুদ্ধত আক্ৰমণকাৰী মোগলসকলক যুদ্ধত পৰাস্ত কৰিছিল। পৰৱৰ্তী কালতো বেলতলা ৰজাসকলে আহোম ৰজা সকলৰ লগত নিজৰ মিত্ৰতা ধৰ্ম পালন কৰিছিল।
Lost in the face of ever expanding City, Beltola was a historical kingdom, , ruled once by decendants of Prince and Genenal . During Ahom reign in Assam, the rulers of Beltola acted as triburitary chiefs and as ally to Ahom Kings. King Narayan of Beltola joined forces of Barphukan, in repelling the Mughal invaders in the Battle of .
১৮২৬ চনত আহোম ৰাজ্যৰ পতনৰ পিছত অসম বৃটিছ শাসনাধীন হ'ল। বেলতলা ৰাজ্যয়ো #বৃটিছ শাসনাধীন হ'ল। বৃটিছ প্ৰশাসনে বেলতলাক ৰাজ্যৰ পৰা এখন #মৌজা লৈ পৰিৱৰ্তন কৰিলে আৰু বেলতলাৰ ৰজাৰ পদটো মৌজাদাৰ পদলৈ পৰিৱৰ্তন কৰি, মৌজাৰ পৰিচালনা আৰু ৰাজহ সংগ্ৰহ কৰাৰ দ্বায়িত্ব অৰ্পণ কৰে। ক্ষমতা হ্ৰাস কৰিলেও বৃটিছ প্ৰশাসনে কিছুমান সুবিধা বেলতলাৰ ৰাজপৰিয়ালক প্ৰদান কৰিছিল। বেলতলাৰ মৌজাদাৰক তেওঁলোকৰ নামত ৰাজা উপাধি ৰাখিবলৈ অনুমতি দিয়া হৈছিল আৰু মৌজাদাৰৰ পদটো বংশগতভাৱে বেলতলাৰ ৰাজপৰিয়ালৰ সদস্যৰ মাজত সীমাবদ্ধ ৰখা হৈছিল।
After the fall of Ahom kingdom of Assam in 1826 CE,the British administration, reduced the status of Beltola from kingdom to Mouza, a revenue circle and the status of its king was also reduced to the rank of Mouzadar, entrusted with the task of collecting taxes and administration, though certain terms were set up in favour of the royal family.The Mouzadars of Beltola were allowed to retain the title of Raja in their names and the official post of Mouzadar would be held hereditarily by the royal family of Beltola.
১৯৪৭ চনত বৃটিছ শাসনৰ পৰা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা পিছত ভাৰত চৰকাৰে ১৯৫৬ চনত জমিদাৰী ব্যৱস্থা বিলুপ্ত কৰে, যাৰ বাবে বেলতলাৰ ৰাজপৰিয়ালে নিজৰ বহু মাটি ভূমি আৰু ৰাজপৰিয়ালৰ বিশেষাধিকাৰ হেৰুৱাব লগা হয়। ১৯৭৩ চনত অসমৰ ৰাজধানী শ্বিলংৰ পৰা বেলতলা মৌজাৰ অন্তৰ্গত দিছপুৰ নামৰ এখন সৰু গাঁওলৈ স্থানান্তৰিত হয়। ইয়াৰ ফলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি দিছপুৰ আৰু ইয়াৰ আশে-পাশে বসতি স্থাপন কৰি গ্ৰাম্য অঞ্চলটোক অতি কম সময়তে ঘন জনবসতিপূৰ্ণ অঞ্চললৈ ৰূপান্তৰিত কৰিলে। সময় পাৰ হৈ যোৱাৰ লগে লগে গুৱাহাটী চহৰৰ সম্প্ৰসাৰণ ঘটিল, আৰু বেলতলা অঞ্চল বৃহত্তৰ গুৱাহাটী চহৰৰ পৌৰসভাৰ লগত অন্তৰ্ভুক্ত কৰা হ’ল। এনেদৰে বেলতলা ৰাজ্যৰ সুকীয়া পৰিচয় গুৱাহাটী মহানগৰীৰ কংক্ৰিটৰ অট্টালিকা আৰু পথৰ মাজত হেৰাই গ'ল।
After India's independence in 1947, and abolition of Zamindari In 1956 CE, the royal family of Beltola lost much of their lands and remaining royal privilages. In 1973 CE, the capital of Assam was shifted from Shillong to a small village named Dispur in Beltola Mouza. Due to which, people from different parts of Assam migrated and settled in and around Dispur, quickly converting the rural area of Beltola into a thickly populated zone. As the year progressed, the city of Guwahati expanded, and Beltola was integrated into the Greater Guwahati city municipalty.
ৰাজকীয় ক্ষমতা আৰু বিশেষাধিকাৰ নথকাৰ পিছতো,বেলতলাৰ ৰাজ পৰিয়াল এতিয়াও বেলতলাৰ মৌজাৰ মৌজাদাৰৰ পদত অধিষ্ঠিত হৈ আছে। বৰ্তমানৰ মৌজাদাৰ কুমাৰ পৰীক্ষিত নাৰায়ণ দেৱ, বেলতলাৰ অন্তিম ৰজা ৰাজেন্দ্ৰ নাৰায়ণ দেৱ আৰু বেলতলাৰ ৰাণী লক্ষ্মীপ্ৰিয়া দেৱীৰ নাতি।
In spite of the loss of power and privileges,the royal family of Beltola still holds the official post of Mouzadar of Beltola Mouza. The present mouzadar Kumar Parikhit Narayan Dev, was grandson of last Raja of Beltola, Rajendra Narayan Dev and Rani Lakshmipriya Devi.