Jatiya Yuva Bahini - জাতীয় যুৱ বাহিনী

  • Home
  • India
  • Guwahati
  • Jatiya Yuva Bahini - জাতীয় যুৱ বাহিনী

Jatiya Yuva Bahini - জাতীয় যুৱ বাহিনী Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jatiya Yuva Bahini - জাতীয় যুৱ বাহিনী, Political organisation, Guwahati.

01/04/2026
26/10/2025

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ সভাপতি শ্ৰী পাপু দত্ত দেৱৰ পিতৃ মণিৰাম দত্ত ডাঙৰীয়াই কিছুসময়ৰ পূৰ্বে AMCH ত শেষ নিশ্বাস ত্যাগ কৰাৰ খবৰে আমাক ব্যথিত কৰিছে। জাতীয় যুৱ বাহিনীৰ তৰফৰ পৰা তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

সৌৰভ বৰা
কাৰ্যকৰী সভাপতি
জাতীয় যুৱ বাহিনী
ৰাইজৰ দল

শেষৰজন অসমীয়া জীয়াই থকালৈকে জীয়াই থাকিব জুবিন গাৰ্গ। বিদায় মহানায়ক🙏
19/09/2025

শেষৰজন অসমীয়া জীয়াই থকালৈকে জীয়াই থাকিব জুবিন গাৰ্গ।
বিদায় মহানায়ক🙏

চিচিবৰগাঁও সমষ্টিৰ অন্তৰ্গত ৰাইজৰ দলৰ যুৱ সংগঠন জাতীয় যুৱ বাহিনী শ্ৰীপানি আঞ্চলিক সমিতিখন আজি নতুনকৈ গঠন কৰা হয়।আজি জা...
07/07/2025

চিচিবৰগাঁও সমষ্টিৰ অন্তৰ্গত ৰাইজৰ দলৰ যুৱ সংগঠন জাতীয় যুৱ বাহিনী শ্ৰীপানি আঞ্চলিক সমিতিখন আজি নতুনকৈ গঠন কৰা হয়।আজি জাতীয় যুৱ বাহিনীত যোগদান কৰে প্ৰাক্তন আছু কৰ্মীৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়ে।
আজি কাৰ্যসূচীত জাতীয় যুৱ বাহিনী কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞা, ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰাঞ্জিত বৰগোহাঁই, কাৰ্যকৰী সভাপতি ৰুবুল বৰগোহাঁই, সাধাৰণ সম্পাদক বিকি দেউৰী, হীৰক দত্ত উপস্থিত থাকে।

তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, জাতীয় যুৱ বাহিনী, ৰাইজৰ দল।।
03/07/2025

তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, জাতীয় যুৱ বাহিনী, ৰাইজৰ দল।।

ৰাজ্যৰ অভাৱনীয় বান পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱা পৰ্যন্ত এপিএছচিৰ (সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা) ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক প...
06/06/2025

ৰাজ্যৰ অভাৱনীয় বান পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱা পৰ্যন্ত এপিএছচিৰ (সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা) ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা স্থগিত ৰাখিবলৈ আহ্বান জনাইছে জাতীয় যুৱ বাহিনীয়ে।
আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ৰাইজৰ দলৰ ভাতৃ সংগঠনটোৱে উল্লেখ কৰে যে সমগ্ৰ ৰাজ্যত এতিয়া প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ, উজনিৰ পৰা নামনিলৈকে বহু ঠাই বানৰ কৱলত পৰিছে । ৰাজ্যৰ এই বান পৰিস্থিতিৰ মাজতেই এতিয়া অসম চৰকাৰে আগন্তুক ৮ জুন তাৰিখে এপিএছচিৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত শংকাত ভুগিছে পৰীক্ষাৰ্থী সকল। তেওঁলোকে অভিযোগ কৰি কয় যে যি সময়ত মানুহে অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত আশ্ৰয় শিবিৰ, মথাউৰি আদিত জীৱন নিৰ্বাহ কৰিব লগা হৈছে, সেই সময়ত চৰকাৰে এপিএছচিৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰি বানাক্ৰান্ত অঞ্চলৰ প্ৰাৰ্থী সকলৰ লগত চৰম অন্যায় কৰিব খুজিছে । সেয়েহে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱা পৰ্যন্ত এই পৰীক্ষা স্থগিত ৰাখিবলৈ আহ্বান জনাইছে জাতীয় যুৱ বাহিনীয়ে। এনে সময়ত পৰীক্ষা অনুষ্ঠিত কৰিলে বানাক্ৰান্ত অঞ্চলৰ প্ৰাৰ্থী সকলৰ লগত অন্যায় কৰা হ'ব বুলিও অভিযোগ কৰে সংগঠনটোৱে। বানাক্ৰান্ত অঞ্চলৰ যি সকল পৰীক্ষাৰ্থীৰ ঘৰ আজিও পানীৰ তলত আছে অথবা বানৰ সৈতে যুঁজি আছে সেই প্ৰাৰ্থী জনে কেনেকৈ পঢ়িব, অথবা এপিএছচিৰ দৰে এটা পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ মানসিকভাৱে কেনেকৈ সৱল হৈ থাকিব বুলিও প্ৰশ্ন উত্থাপন কৰে। এনে এক বিভীষিকাময় পৰিৱেশত পৰীক্ষা অনুষ্ঠিত কৰি প্ৰাৰ্থী সকলৰ জীৱন আৰু সপোনৰ লগত খেলা নকৰিবলৈ দাবী উত্থাপন কৰে জাতীয় যুৱ বাহিনীয়ে।

03/06/2025

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে জাতীয় যুৱ বাহিনী ধেমাজি জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী।।


#ৰাইজৰ_দল

আজি জাতীয় যুৱ বাহিনী ডিমৌ সমষ্টি সমিতিয়ে ৰ ডিমৌ আঞ্চলিক সমিতিখন গঠন কৰে।ডিমৌ গাওঁ পঞ্চায়ত ভিত্তিত গঠন হোৱা এই আঞ্চলিক স...
01/06/2025

আজি জাতীয় যুৱ বাহিনী ডিমৌ সমষ্টি সমিতিয়ে ৰ ডিমৌ আঞ্চলিক সমিতিখন গঠন কৰে।ডিমৌ গাওঁ পঞ্চায়ত ভিত্তিত গঠন হোৱা এই আঞ্চলিক সমিতি খনত শ্ৰী দেৱজিত বৰুৱাক সভাপতি ,পাৰ্থপ্ৰতিম ফুকনক কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে মানৱ চেতিয়া, প্ৰবীণ হেমৰমক লৈ এখন ২১জনীয়া সমিতি গঠন কৰা হয়।নব-নিৰ্বাচিত প্রতিগৰাকী বিষয়ববীয়াক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। জাতীয় যুৱ বাহিনী,ডিমৌ সমষ্টি সমিতিয়ে অতি ক্ষিপ্ৰতাৰে যুৱসকলক সংগঠিত কৰিবৰ কাৰণে কৰা প্ৰয়াসকো আমি আন্তৰিকতাৰে শলাগিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।


#ৰাইজৰ_দল

জাতীয় যুৱ বাহিনীৰ ৰাজ্যিক সম্পাদক দ্বীপজ্যোতি কলিতাৰ পিতৃ প্ৰতাপ কলিতাৰ মৃত্যুৰ খবৰে সকলোকে ব্যথিত কৰিছে। বাক্সা জিলাৰ উ...
14/05/2025

জাতীয় যুৱ বাহিনীৰ ৰাজ্যিক সম্পাদক দ্বীপজ্যোতি কলিতাৰ পিতৃ প্ৰতাপ কলিতাৰ মৃত্যুৰ খবৰে সকলোকে ব্যথিত কৰিছে। বাক্সা জিলাৰ উত্তৰ বৰ শিৰাল গাঁৱৰ বাসিন্দা প্ৰতাপ কলিতা দেৱ বিভিন্ন সামাজিক কাম-কাজৰ সৈতেও জড়িত আছিল। তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ জাতীয় যুৱ বাহিনীৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছো।🙏

18/03/2025

ৰংঘৰৰ চৌহদত বৰষুণত জমা হোৱা পানী শেষ হোৱা নাই; কিন্তু চৰকাৰী বিভাগ আৰু জাতীয় যুৱ বাহিনী আৰু ৰাইজৰ দলৰ শিৱসাগৰৰ নেতৃবৰ্গই পানী নিষ্কাশনৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।


24/02/2025

ড° গীতাশ্ৰী তামূলীক লৈ বদৰুদ্দিন আজমলে কৰা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ কাৰ্যকৰী সভাপতি সৌৰভ বৰাৰ।


#ৰাইজৰ_দল

যোৱা ২৩ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে ধুবুৰীৰ প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ সহ...
24/02/2025

যোৱা ২৩ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে ধুবুৰীৰ প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ সহধৰ্মিনী ড° গিতাশ্ৰী তামুলীক লক্ষ্য কৰি সংবাদ মাধ্যমৰ আগত ৰখা অপমানজনক মন্তব্যৰ উচিত তদন্ত বিচাৰি এজাহাৰ দাখিল জাতীয় যুৱ বাহিনীৰ। নুনমাটি থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে জাতীয় যুৱ বাহিনীৰ কাৰ্যকৰী সভাপতি সৌৰভ বৰা, সম্পাদক জহিদুল ইছলাম, সম্পাদক জুল হক মণ্ডলে।


#ৰাইজৰ_দল

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Jatiya Yuva Bahini - জাতীয় যুৱ বাহিনী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Jatiya Yuva Bahini - জাতীয় যুৱ বাহিনী:

Share