অসম মহিলা পৰিষদ

অসম মহিলা পৰিষদ official page , অসম মহিলা পৰিষদ_Asom Mahila Parishad

14/10/2025

LIVE: অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আয়োজিত ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত

📌 আমবাৰী, গুৱাহাটী

14/10/2025

LIVE: অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আয়োজিত ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত

📌 আমবাৰী, গুৱাহাটী

৮ মাৰ্চ,তাৰিখে  অসম মহিলা পৰিষদৰ সৌজন্যত গুৱাহাটী আমবাৰীস্থ  অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আন্তজাৰ্তিক নাৰী দিৱস উদযাপন...
10/03/2025

৮ মাৰ্চ,তাৰিখে অসম মহিলা পৰিষদৰ সৌজন্যত গুৱাহাটী আমবাৰীস্থ অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আন্তজাৰ্তিক নাৰী দিৱস উদযাপন কৰা হয় ৷ আমাৰ সকলোৰে বাবে অতি গৌৰৱৰ কথা যে অসম মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা কস্তুৰী চুতীয়া ডাঙৰীয়ানীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতকোত্তৰ পৰীক্ষাত আধুনিক ভাষা বিজ্ঞানত
স্বৰ্ণ পদক লাভ কৰি গৌৰৱ অৰ্জন কৰিলে ৷ পবিত্ৰ নাৰী দিৱস দিনটোত তেখেতৰ এই কৃতিত্বৰ বাবে অসম মহিলা পৰিষদৰ তৰফৰ পৰা আদৰ সম্বৰ্ধনা জনোৱা হয় ৷
সভাতে উদ্যোগী মহিলা ডালিমী চৌধুৰী ডেকা ডাঙৰীয়ানীক সম্বৰ্ধনা জনোৱা হয়।

07/03/2025
অসম মহিলা পৰিষদৰ মুখ্য সম্পাদিকা কস্তুৰী চুতীয়া Kasturi Chutia ৰ দক্ষতা আৰু সফলতাত তেখেতলৈ অলেখ শুভেচ্ছা আৰু শুভকামনা জন...
26/02/2025

অসম মহিলা পৰিষদৰ মুখ্য সম্পাদিকা কস্তুৰী চুতীয়া Kasturi Chutia ৰ দক্ষতা আৰু সফলতাত তেখেতলৈ অলেখ শুভেচ্ছা আৰু শুভকামনা জনালোঁ ৷

সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ নিজৰ বুথসমূহৰ স্থিতি সৱল কৰি তুলিবলৈ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ  অসম মহিলা ...
10/09/2024

সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ নিজৰ বুথসমূহৰ স্থিতি সৱল কৰি তুলিবলৈ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ অসম মহিলা পৰিষদৰ কৰ্মকৰ্তাসকলে নতুন উদ্যমেৰে দলীয় কামকাজ অব্যাহত ৰাখিছে ৷
খুমটাই ,মাছখোৱা ,ধেমাজী ,মধ্য গুৱাহাটী, ডিমৰুগুৰি ,জালুকবাৰী ,বজালী ,বিহপুৰীয়া, বৰপেটা, নাজিৰা, শিৱসাগৰ ,চাবুৱা-লাহোৱাল আদি সমষ্টিসমুহত ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ আছে বুথ সন্মিলন আৰু সাংগঠনিক সভা ৷

আজি ৯ ছেপ্তেম্বৰ তাৰিখে গোবিন্দপুৰ সত্ৰ প্ৰাংগনত  পাটাছাৰকুছি (গ্ৰাম্য) আঞ্চলিক সমিতিৰ ৰ্বদ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠ...
09/09/2024

আজি ৯ ছেপ্তেম্বৰ তাৰিখে গোবিন্দপুৰ সত্ৰ প্ৰাংগনত পাটাছাৰকুছি (গ্ৰাম্য) আঞ্চলিক সমিতিৰ ৰ্বদ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ পূৱ বজালী মণ্ডলৰ সভাপতি শ্ৰীমনোজ চৌধুৰী ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ সভাত আগন্তুক পঞ্চায়ত ৰ্নিবাচন সম্পৰ্কে আলোচনা কৰা হয় । সভাত উপস্থিত থাকে বজালী বিধান সভা সমষ্টিৰ সভাপতি জিণ্টু চৌধুৰী , সম্পাদক ৰাতুল ৰয়, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয়, অসম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিজু দাস,অসম মহিলা পৰিষদ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভানেত্ৰী বন্তি পাঠক , অগপ নেতা দিপন কলিতা, ৰিংকু গোস্বামী, অক্ষেন্দ্ৰ বৈশ্য, নিৰন দাস, হেমন্ত মালাকৰ, ৰূপক শৰ্মা , দিপিকা চৌধুৰী চত্ৰ ধৰ খানিয়াকে প্ৰমুখ্য কৰি অগপ দলৰ কৰ্মকৰ্তাসকল ৷

জয়সাগৰস্থিত কনক ভৱনত ৮ ছেপ্তেম্বৰ তাৰিখে শিৱসাগৰ বিধান সভা সমষ্টিৰ অসম মহিলা পৰিষদৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ আমগুৰ...
09/09/2024

জয়সাগৰস্থিত কনক ভৱনত ৮ ছেপ্তেম্বৰ তাৰিখে শিৱসাগৰ বিধান সভা সমষ্টিৰ অসম মহিলা পৰিষদৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ আমগুৰি সমষ্টিৰ বিধায়ক তথা অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত সভাত সমষ্টিৰ ভাৰ প্ৰাপ্ত সভাপতি ড° অনিল গগৈ দেৱ, অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় উপ সভানেত্ৰী ৰেখা কলিতা ডাঙৰীয়ানী ,সমষ্টি সমিতিৰ সভানেত্ৰী জয়মতী কটকী ডাঙৰীয়ানী ,জিলা সম্পাদক নিত্যা কলিতা দেৱ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

সকলোলৈ পৱিত্ৰ গণেশ চতুৰ্থীৰ শুভেচ্ছা জনালোঁ ৷ প্ৰভু গণেশৰ কৃপাই সকলোৰে জীবনলৈ সুখ , প্ৰজ্ঞা , সুস্বাস্থ্য , আৰু সমৃদ্ধি ...
07/09/2024

সকলোলৈ পৱিত্ৰ গণেশ চতুৰ্থীৰ শুভেচ্ছা জনালোঁ ৷
প্ৰভু গণেশৰ কৃপাই সকলোৰে জীবনলৈ সুখ , প্ৰজ্ঞা , সুস্বাস্থ্য , আৰু সমৃদ্ধি কঢ়িয়াই আনক 🙏

আমাৰ বুথ আমাৰ শক্তি .,. পূৰ্ণোদ্যমে  অসম গণ পৰিষদৰ সাংগঠনিক ভেটি টনকিয়াল কৰি আগন্তুক নিৰ্বাচনত এক শক্তিশালী প্ৰদৰ্শনৰ বা...
29/08/2024

আমাৰ বুথ আমাৰ শক্তি .,.
পূৰ্ণোদ্যমে অসম গণ পৰিষদৰ সাংগঠনিক ভেটি টনকিয়াল কৰি আগন্তুক নিৰ্বাচনত এক শক্তিশালী প্ৰদৰ্শনৰ বাবে সাজু হৈছে অগপ ৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদ ৷
দলৰ দায়িত্বপ্ৰাপ্ত পৰ্যৱেক্ষক , কেন্দ্ৰীয় সমিতি , জিলা সমিতি , সমষ্টি সমিতি, আঞ্চলিক সমিতিৰ লগতে ভাতৃ-ভগ্নী সংগঠনৰ বিষয় ববীয়াৰ উপস্থিতিত মধ্য গুৱাহাটী , দলগাঁও , মধ্য কাজিৰঙা , ধেমাজী , ভৱানীপুৰ সৰভোগ , গোলাঘাট , শিশিবৰ , গোলাঘাট আঠখেলিয়া , চাবুৱা-লাহোৱালে ধৰি কেইবাটাও স্থানত সাংগঠনিক সভা আৰু বুথ সন্মিলন অনুষ্ঠিত কৰা হয় ৷ তৃণমূল পৰ্যায়ৰ পৰা দলক এক সৱল ৰূপ প্ৰদান কৰি আগন্তুক নিৰ্বাচনত আশাপ্ৰদ বিজয়ৰ লক্ষ্যৰে অসম মহিলা পৰিষদৰ কৰ্মকৰ্তাই দলীয় কামকাজত অগ্ৰসৰ হৈছে ৷

জন্মাষ্টমীৰ পুণ্যক্ষণত প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত শতকোটি প্ৰণাম যাচিলোঁ ৷   কৃষ্ণৰ আৰ্শীবাদত সকলোকে সত্য আৰু ধৰ্মৰ...
26/08/2024

জন্মাষ্টমীৰ পুণ্যক্ষণত প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত শতকোটি প্ৰণাম যাচিলোঁ ৷
কৃষ্ণৰ আৰ্শীবাদত সকলোকে সত্য আৰু ধৰ্মৰ পথত আগুৱাই যাবলৈ শক্তি দিয়ক ৷
শুভ জন্মাষ্টমী ....🙏

Address

AGP Complex , Ambari
Guwahati
781003

Website

Alerts

Be the first to know and let us send you an email when অসম মহিলা পৰিষদ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share