14/06/2026
বিশ্বনেতা, পৰম শ্ৰদ্ধেয় যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত সম্পূৰ্ণ হোৱা “১২ বছৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণ”ৰ গৌৰৱময় যাত্ৰাক সন্মান জনাই আজি ভাৰতীয় জনতা পাৰ্টি, উত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া নগৰ মণ্ডলৰ উদ্যোগত ৰঙিয়া বিধানসভা সমষ্টিত “প্ৰবুদ্ধ নাগৰিক সন্মিলন” সফলতাৰে অনুষ্ঠিত হয়।
দেশৰ সৰ্বাংগীণ উন্নয়ন, সুশাসন, আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প আৰু জনকল্যাণমূলক আঁচনিসমূহৰ সফল ৰূপায়ণৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ভাৰতক বিশ্ব মঞ্চত এক শক্তিশালী আৰু সন্মানীয় স্থানত অধিষ্ঠিত কৰিছে। এই গৌৰৱময় ১২ বছৰীয়া যাত্ৰাৰ সাফল্যসমূহ জনসাধাৰণৰ মাজত অধিক বিস্তাৰ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই সন্মিলনত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু প্ৰবুদ্ধ নাগৰিকসকল উপস্থিত থাকে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰঙিয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ভবেশ কলিতা ডাঙৰীয়া, উত্তৰ কামৰূপ জিলাৰ মাননীয় সভাপতি শ্ৰীযুত ভাস্কৰ কলিতা, ৰঙিয়া নগৰ মণ্ডলৰ মাননীয় সভাপতি শ্ৰীযুত গৌতম দাস ডাঙৰীয়া লগতে আমন্ত্ৰিত প্ৰবুদ্ধ নাগৰিক সকল আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকল।
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh