Assam State Anti Drug and Prohibition Council

Assam State Anti Drug and Prohibition Council Social Welfare Dept.

আজি আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবাধ সৰবৰাহ বিৰোধী দিৱস।          নৱপ্ৰজন্মক সমাজৰ বৰবিহ স্বৰূপ ড্ৰাগছ তথা নিচ...
26/06/2025

আজি আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবাধ সৰবৰাহ বিৰোধী দিৱস।

নৱপ্ৰজন্মক সমাজৰ বৰবিহ স্বৰূপ ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰত ৰখাৰ উদ্যেশ্যেৰে ৰাজ্যিক নিচাযুক্ত নিষেধাজ্ঞা আয়োগ, অসমৰ উদ্যোগ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছৰ অপব্যবহাৰ আৰু অবাধ সৰবৰাহ দিৱসটি আনুষ্ঠানিকভাবে পালন কৰে।আজিৰ অনুষ্ঠানত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্ত ছাৰ, ৰাজ্যিক নিচাযুক্ত নিষেধাজ্ঞা আয়োগ, অসমৰ উপাধ্যক্ষ জিতু বৰগোহাঁই ডাঙৰীয়া,কাৰ্যবাহী বিষয়া ভাস্কৰজ্যোতি দাস ডাঙৰীয়া, IQAC ৰ সমন্বয়ক ড০ নমিতা দাস ছাৰৰ লগতে সমল ব্যক্তি হিচাপে ডাঃ বিষ্ণু বেশ্যাল ডাঙৰীয়া আৰু সমন্বয়ক দিপাংকৰ খাটনীয়া ডাঙৰীয়া আৰু আয়োগৰ সদস্য যোগব্ৰত হাজৰিকা ডাঙৰীয়াও উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে।অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ড্ৰাগছৰ ভয়াবহতাৰ সজাগতা অনাৰ চেষ্টা কৰা হয়।

Himanta Biswa Sarma
Pijush Hazarika

14/06/2025

At present time, drugs abuse in teenagers is a serious social problem, which affects many families in our society and a part of the new generation. It has become shockingly prominent among the youths.We must put an end to it.We need to take preventive measures
against this serious issue. Mr. Jitu Borgohain, Vice Chairperson, State Anti Drugs and Prohibition Council, Assam delivered a powerful speech on the issue and how to prevent it.He gave a statistical data of Assam related to it.He said how parents to be careful about and how to take preventive measures against it.Otherwise a part of the new generation will be ruined, which will create more social issues and will affect more part of the society. So as citizens,it's our duty to fight against such serious social evils and make the society beautiful and peaceful.

Himanta Biswa Sarma
Pijush Hazarika
Jitu Borgohain জিতু বৰগোঁহাই

Video by Jee too all around

10/04/2025
যোৰহাট জিলাৰ টীয়কৰ কাকজানত ঈদ-উল-ফিটৰৰ উপলক্ষে ঈদগাহত সমূহীয়া নামাজৰ প্ৰাকক্ষণত ৰাজ্যিক নিচামুক্ত আৰু মাদকদ্রব্য নিবাৰণী...
02/04/2025

যোৰহাট জিলাৰ টীয়কৰ কাকজানত ঈদ-উল-ফিটৰৰ উপলক্ষে ঈদগাহত সমূহীয়া নামাজৰ প্ৰাকক্ষণত ৰাজ্যিক নিচামুক্ত আৰু মাদকদ্রব্য নিবাৰণী পৰিষদ, অসমৰ উপাধ্যক্ষ জিতু বৰগোহাঁই ডাঙৰীয়া উপস্থিত থাকি সমাজৰ বৰবিহস্বৰূপ ড্ৰাগছকে ধৰি নিচা যুক্ত দ্ৰব্যৰ পৰা ৰাইজক আঁতৰত থাকিবলৈ আহ্বান জনাই।লগতে এখন সুস্থ সৱল, নিচামুক্ত অসম গঢ়াৰ ক্ষেত্রত সকলোৰে সহযোগিতা কামনা কৰে।

এখন নিচামুক্ত সমাজ সকলোৱে বিচাৰে।সেই উদ্দেশ্যৰে অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু বিভাগীয় মন্ত্রী ...
04/03/2025

এখন নিচামুক্ত সমাজ সকলোৱে বিচাৰে।সেই উদ্দেশ্যৰে অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু বিভাগীয় মন্ত্রী পিযুষ হাজৰিকাদেৱে আপ্ৰাণ প্ৰচেষ্টা চলাই আহিছে।

গুৱাহাটী মহানগৰীস্থিত পাণ্ডুৰ কেবিন তিনিআলিত কৃষ্ণ কৃপা আশ্ৰম ফাউণ্ডেশ্বনৰ ৱাৰ্ড নং ৭ পাৰিষদৰ সৌজন্যত মাদকদ্রব্য আৰু ড্ৰাগছ বিৰোধী সজাগতা সভাৰ আয়োজন কৰে।
কৃষ্ণ কৃপা আশ্রম ফাউণ্ডেশ্বনৰ উদ্যোগত আয়োজিত উক্ত সজাগতা সভাত ৰাজ্যিক নিচামুক্ত আৰু মাদকদ্রব্য নিবাৰণী পৰিষদ, অসমৰ উপাধ্যক্ষ জিতু বৰগোঁহাই ডাঙৰীয়া অতিথি হিচাপে উপস্থিত থাকে।
সভাত জালুকবাৰী জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি দ্বিজেন লহকৰ,গুৱাহাটী মহানগৰী পশ্চিম অঞ্চলৰ ACP অনুকূল মালাকাৰ,অসম খনিজ উন্নয়ন নিগমৰ উপাধ্যক্ষ অশোক ভড়ালী,৭ নং ৱাৰ্ডৰ পাৰিষদ অজয় চক্ৰৱৰ্তী,সমাজকৰ্মী নিমাই চন্দ্র দাসৰ,পি এল চন্দ্ৰ দে,বিশ্বজিৎ চম, বেটি বচাও,বেটি পঢ়াও অভিযানৰ সদস্যা আস্মিতা পাল, জালুকবাৰী থানাৰ বিষয়া বিকাশ বৰাৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
সভাত অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্য ওপৰত আলোচনা কৰা হয়, লগতে বৰবিহ স্বৰূপ ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ ভয়াবহতা বিষয়ে ৰাইজক অৱগত কৰে। উপস্থিত ৰাইজক সজাগ কৰ আৰু এখন সুস্থ সবল নিচামুক্ত সমাজ গঢ়িবলৈ সকলোকে আহ্বান জনাই.
আহক সকলোৱে মিলি এখন নিচামুক্ত সমাজ গঢ়ো..
Himanta Biswa Sarma
Pijush Hazarika

অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সপোন এজন নিচামুক্ত সমাজ গঢ়াৰ। এই কথাষাৰকে সৰোগত কৰি বিভাগীয় মন্ত্রী ...
27/02/2025

অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সপোন এজন নিচামুক্ত সমাজ গঢ়াৰ।
এই কথাষাৰকে সৰোগত কৰি বিভাগীয় মন্ত্রী পীযুষ হাজৰিকাদেৱে চেষ্টা অব্যাহত ৰাখিছে। নিচামুক্তি কেন্দ্র সমূহ যাতে ভালদৰে পৰিচালিত হয় তাৰ বাবেও পদক্ষেপ লৈছে। কিছু নীতি নিৰ্দেশনাও (SOP) নিৰ্ধাৰণ কৰিছে।
চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনা উলংঘা কৰা আৰু চিকিৎসাৰত ৰোগীক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগত দৰং জিলাৰ মঙলদৈত অৱস্থিত GRACE FOUNDATION নামৰ ব্যক্তিগত খণ্ডৰ নিচামুক্তি কেন্দ্রতো বিভাগীয় মন্ত্রী মাননীয় পীযুষ হাজৰিকাৰদেৱৰ নিৰ্দেশমৰ্মে ৰাজ্যিক নিচামুক্ত আৰু মাদকদ্রব্য নিবাৰণী, অসমৰ উপাধ্যক্ষ জিতু বৰগোঁহাই ডাঙৰীয়া উপস্থিত হৈ নিচামুক্তি কেন্দ্ৰতো বন্ধ কৰি দিয়ে।
জিতু বৰগোঁহাই ডাঙৰীয়াৰ হৈতে আয়োগৰ সদস্য যুগব্ৰত হাজৰিকা উপস্থিত থাকে।

আহক সকলোৱে মিলি এখন নিচামুক্ত সমাজ গঢ়ো...
Say no to drugs
Himanta Biswa Sarma
Pijush Hazarika

গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ অঞ্চলৰ ৪ নং কলনীৰ লিইতপৰীয়া ক্লাৱত কৃষ্ণ কৃপা আশ্ৰম ফাউণ্ডেশ্বনৰ ৱাৰ্ড নং ৩ পাৰিষদ কাৰ্যালয়ৰ...
17/02/2025

গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ অঞ্চলৰ ৪ নং কলনীৰ লিইতপৰীয়া ক্লাৱত কৃষ্ণ কৃপা আশ্ৰম ফাউণ্ডেশ্বনৰ ৱাৰ্ড নং ৩ পাৰিষদ কাৰ্যালয়ৰ সৌজন্যত নিচামুক্তিৰ ওপৰত এখসজাগতা সভাৰ আয়োজন কৰে।
কৃষ্ণ কৃপা আশ্রম ফাউণ্ডেশ্বনৰ সম্পাদক ইন্দ্ৰজিৎ সিঙৰ উদ্যোগত আয়োজন কৰা উক্ত সজাগতা সভাত ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্রব্য নিবাৰণী পৰিষদ, অসমৰ উপাধ্যক্ষ জিতু বৰগোহাঁইদেৱ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকো।
সজাগতা সভাখনিত গুৱাহাটী মহানগৰী পশ্চিম অঞ্চলৰ ACP অনুকূল মালাকাৰ,অসম খনিজ উন্নয়ন নিগমৰ উপাধ্যক্ষ অশোক ভড়ালী,৩ নং ৱাৰ্ডৰ পাৰিষদ কল্লোল চক্ৰৱৰ্তী,সমাজকৰ্মী দ্বিজেন লহকৰ,জালুকবাৰী আৰক্ষী বিষয়া চিত্তৰঞ্জন বড়াৰ লগতে কেইবাখনো নিচামুক্তি কেন্দ্রৰ স্বত্ত্বাধিকাৰীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
সভাত সমাজৰ বৰবিহ স্বৰূপ ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ ভয়াবহতা বিষয়ে ৰাইজক অৱগত কৰে আৰু উপস্থিত ৰাইজক সজাগ কৰে।
লগতে এখন সুস্থ সবল নিচামুক্ত সমাজ গঢ়িবলৈ সকলোকে আহ্বান জনাই....
আহক সকলোৱে মিলি এখন নিচামুক্ত সুস্থ সবল সমাজ গঢ়ো...

আজি বৰাক উপত্যকাৰ শিলচৰত অৱস্থিত অসোঁৱাহৰ অভিযোগ থকা কেইবাখনো নিচামুক্তি কেন্দ্রত ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্রব্য নিবাৰ...
10/02/2025

আজি বৰাক উপত্যকাৰ শিলচৰত অৱস্থিত অসোঁৱাহৰ অভিযোগ থকা কেইবাখনো নিচামুক্তি কেন্দ্রত ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্রব্য নিবাৰণী পৰিষদ,অসমৰ উপাধ্যক্ষ জিতু বৰগোঁহাইদেৱে আকস্মিক পৰিদৰ্শন কৰে।

উক্ত পৰিদৰ্শনৰ সময়ত নিচামুক্ত কেন্দ্রসমূহৰ বহুতো অসোঁৱাহ দেখিবলৈ পায় নিচামুক্তি কেন্দ্রৰ পৰিচালকসকলক উক্ত অসোঁৱাহসমূহ অতিশীঘ্রে দূৰ কৰাৰ লগতে চৰকাৰী নীতি-নিয়মসমূহ(SOP) মানি চলিবলৈ নিৰ্দেশ দিয়ে।

Say no drugs
Himanta Biswa Sarma
Pijush Hazarika
Jitu Borgohain জিতু বৰগোঁহাই

On February 1, 2025, at 11:00 AM, an event was organized at DACRC Kamrup Metro, Pamohi to observe Substance Prohibition ...
01/02/2025

On February 1, 2025, at 11:00 AM, an event was organized at DACRC Kamrup Metro, Pamohi to observe Substance Prohibition Week and commemorate the death anniversary of Mahatma Gandhi. The event aimed to raise awareness about substance abuse, its harmful effects on society, and the importance of a drug-free life, while also paying tribute to Mahatma Gandhi’s ideals of non-violence and social harmony.

The event was graced by esteemed guests, who brought valuable insights and contributions to the discussion:

Chief Guest:

Ramendra Narayan Kalita, MLA of West Guwahati

Other Guests:

Jitu Borgohain, Vice Chairman, State Anti-Drug and Prohibition Council, Assam.
Dr. Bishnu Baishyal, Assistant Professor, Department of Psychiatry, GMCH.
Bipin Hazarika, Social Worker

The event was attended by office in charge, Garchuk police station, CDPO, Social welfare Dept, Project coordinator, Directorate of Social justice and empowerment, and local residents of Pamohi, along with the family members of inmates and former recovering addicts, fostering a strong sense of community support and encouragement for a drug-free life.

শিৱসাগৰ জিলাখনক ড্ৰাগছৰ দৰে নিচাযুক্ত দ্ৰব্যৰ ভয়াবহতাৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যেৰে ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্রব্য নিবা...
19/12/2024

শিৱসাগৰ জিলাখনক ড্ৰাগছৰ দৰে নিচাযুক্ত দ্ৰব্যৰ ভয়াবহতাৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যেৰে ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্রব্য নিবাৰণী পৰিষদ, অসম আৰু উজনি অসম ড্ৰাগছ নিচামুক্তি কেন্দ্ৰ সন্থাৰ যৌথ উদ্যোগত WISHING RECOVERY SOCIETY ৰ আৰু জিলা সমাজকল্যাণ বিভাগৰ সৌজন্যত সাঁতদিনীয়াকৈ আয়োজন কৰা সজাগতামূলক কাৰ্যসূচী আজি শিৱসাগৰ জিলাৰ অৱস্থিতশিক্ষানুষ্ঠান গধুলা ব্ৰাউন মেম'ৰিয়েল ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰে।

আজি সজাগতামূলক সভাখনিত সমল ব্যক্তি হিচাপে
ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্রব্য নিবাৰণী পৰিষদ, অসমৰ উপাধ্যক্ষ জিতু বৰগোঁহাই ডাঙৰীৰ উপস্থিত থাকে।

অনুষ্ঠানত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ Psychology চিকিৎসক ডাঃ সঞ্জু বুঢ়াগোহাঁই, উজনি অসম ড্ৰাগছ নিচামুক্তি কেন্দ্ৰ সন্থাৰ সভাপতি আফতাব খান, Wishing Recovery Society ৰ সঞ্চালক জয়ন্ত বৰ্মন ,
পৰামৰ্শদাতা সিদ্ধাৰ্থ শৰ্মা, প্ৰকল্প সমন্বয়ক বিদ্যুৎ ৰাজখোৱা উপস্থিত থাকি বক্তব্য আগবঢ়ায়।
Say No to Drugs
Pijush Hazarika
Himanta Biswa Sarma

চৰকাৰী নীতি নিৰ্দেশনা অৱমাননা আৰু ৰোগীসকলক চিকিৎসা নকৰাৰ অভিযোগত  আজি ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্রব্য নিবাৰণী পৰিষদ, অস...
13/12/2024

চৰকাৰী নীতি নিৰ্দেশনা অৱমাননা আৰু ৰোগীসকলক চিকিৎসা নকৰাৰ অভিযোগত আজি ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্রব্য নিবাৰণী পৰিষদ, অসমৰ উপাধ্যক্ষ জিতু বৰগোহাঁইৰ লগতে
শিৱসাগৰৰ দণ্ডাধীক্ষ বৰ্ণালী খাটিৱাৰাৰ উপস্থিত হৈ OVERCOME FOUNDATION নামৰ নিচামুক্তি কেন্দ্রতো বন্ধ কৰিবলৈ কেন্দ্রতোৰ পৰিচালকক নিৰ্দেশনা দিয়ে।
Pijush Hazarika

ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্রব্য নিবাৰণী পৰিষদ, অসমৰ উপাধ্যক্ষ জিতু বৰগোহাঁই  ডাঙৰীয়া ধেমাজি জিলাত উপস্থিত হৈ জিলাখনৰ অ...
07/12/2024

ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্রব্য নিবাৰণী পৰিষদ, অসমৰ উপাধ্যক্ষ জিতু বৰগোহাঁই ডাঙৰীয়া ধেমাজি জিলাত উপস্থিত হৈ জিলাখনৰ অন্তৰ্গত ১১খনকৈ নিচামুক্তি কেন্দ্রৰ স্বত্বাধিকাৰীসকলৰ সৈতে এক আলোচনাত মিলিত হয়
লগতে চৰকাৰে বান্ধি দিয়া নীতি নিয়মসমূহ মানি চলিবলৈ নিচামুক্তি কেন্দ্রৰ
স্বত্বাধিকাৰীসকলক নিৰ্দেশ দিয়ে।

আহক সকলোৱে মিলি এখন নিচামুক্ত সমাজ গঢ়ো।
Say no to Drugs

Address

Hatigaon
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Assam State Anti Drug and Prohibition Council posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share