01/09/2026
🙏 মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ তিথি আৰু কেন্দ্ৰীয় গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী বিজয় গুপ্তা ডাঙৰীয়াৰ জন্মদিনৰ পৱিত্ৰ উপলক্ষত আজি আমাৰ কেন্দ্ৰীয় গুৱাহাটীৰ বিভিন্ন নামঘৰত সেৱা আগবঢ়োৱাৰ সৌভাগ্য লাভ কৰিলোঁ।
এই পৱিত্ৰ উপলক্ষত ৩০ নং ৱাৰ্ডৰ সুহাগপুৰ নামঘৰ আৰু ১৫ নং ৱাৰ্ডৰ শান্তি সভা নামঘৰত শৰাই আগবঢ়োৱাৰ লগতে নাম-প্ৰসংগৰ পৱিত্ৰ পৰম্পৰা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এযোৰ নেগেৰা প্ৰদান কৰোঁ।
নামঘৰৰ পৱিত্ৰ পৰিৱেশত নামতি, আই-মাতৃ আৰু স্থানীয় ৰাইজৰ সৈতে কিছু সময় অতিবাহিত কৰি হৃদয়ৰ পৰা আশীৰ্বাদ আৰু মৰম লাভ কৰিলোঁ। 🙏
গুৰুজনাৰ আদৰ্শ, ভক্তি আৰু সমাজক একতাৰ ডোলেৰে বান্ধি ৰখা নামঘৰীয়া সংস্কৃতি আমাৰ সমাজৰ শক্তি। এই ঐতিহ্যক সুৰক্ষিত আৰু অধিক শক্তিশালী কৰি তোলাৰ সংকল্পৰে জনসেৱাৰ পথত আগবাঢ়ি যাম।
সকলো নামতি আৰু স্থানীয় ৰাইজৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে মই আন্তৰিকভাৱে কৃতজ্ঞ, ধন্য আৰু বাধিত। 🙏
গুৰুজনাৰ চৰণত সেৱা জনাই সকলোৰে সুখ, শান্তি আৰু মংগল কামনা কৰিলোঁ।