24/11/2022
আজি ইং ২৪।১১।২০২২ তাৰিখ বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টী পূৱ গুৱাহাটী মণ্ডলৰ উদ্যোগত আৰ.জি.বৰুৱা. ৰ'ড স্থিত শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা স্কুলীয়া শিক্ষাৰ্থীসকলৰ মাজত মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ ওপৰত ৰচনা প্ৰতিযোগিতাৰ পৰা আৰাম্ভ কৰি মহাবীৰ লাচিত বৰফুকনৰ ৪০০ তম্ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি উদ্যাপিত হোৱা লাচিত দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰো । উক্ত অনুষ্ঠানত পূৱ গুৱাহাটী সমষ্টিৰ মাননীয় বিধায়ক মহোদয়,
ভাৰতীয় জনতা পাৰ্টী পূৱ গুৱাহাটী মণ্ডলৰ সন্মানীয় সভাপতি ডাঙৰীয়া,অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টী ৰাজ্যিক কাৰ্যনিৰ্বাহক ডাঙৰীয়া,ভাৰতীয় জনতা পাৰ্টী গুৱাহাটী মহানগৰ জিলাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া,শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰমুখ আচাৰ্য্য ডাঙৰীয়া,ভাৰতীয় জনতা পাৰ্টী পূৱ গুৱাহাটী মণ্ডলৰ সন্মানীয় বিষয়বৱীয়া সকল,ভাৰতীয় জনতা পাৰ্টী পূৱ গুৱাহাটী মণ্ডলৰ বিভিন্ন মৰ্চাৰ সভাপতি/সভানেত্ৰী তথা কাৰ্যকৰ্তা সকল,শক্তিকেন্দ্ৰ প্ৰমুখ,বুথৰ সভাপতি/সভানেত্ৰীৰ লগতে কাৰ্যকৰ্তা সকল,গুৱাহাটী পৌৰনিগমৰ সন্মানীয় পাৰিষদ সকল,শংকৰদেৱ বিদ্যা নিকেতনৰ সন্মানীয় শিক্ষাগুৰু সকল,বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা মৰমৰ শিক্ষাৰ্থী সকলৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ শুভাকাংশী সকলে অংশগ্ৰহণ কৰে ।
সভাত উপস্থিত সকলোৱে সভাখন সাফল্যমণ্ডিত ভাৱে অনুষ্ঠিত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।