Raijor Dal Guwahati Parliamentary Constituency

Raijor Dal Guwahati Parliamentary Constituency An official page for Guwahati Parliamentary Constituency of Raijor Dal

05/05/2024

যুজঁ এখন হ'ব...

22/04/2022

গুৱাহাটীৰ হাতীগাৱৰ নীলকমল পথত হৈ যোৱা দলবদ্ধ ধৰ্ষণকাণ্ডটোক গৰিহণা দিবলৈ ভাষা নাই। আমি দোষীক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থাৰ মাজেৰে উচিত তদন্ত কৰি দোষীক কঠোৰতম শাস্তি দিবলৈ দাবী জনাইছোঁ । লগতে চৰকাৰক অনাগত দিনত এনে ঘটনাৰ পুনৰাবৃত্তি নঘটিবলৈ কঠোৰ আইন প্ৰণয়ন কৰিবলৈ দাবী জনাইছোঁ।


#ৰাইজৰ_দল

28/03/2022

উমৰাংছুৰ নদী বান্ধত হোৱা জল বিস্ফোৰণে তিনিজন কৰ্মৰত লোকৰ প্ৰাণ নিমিষতে কাঢ়ি নিয়ে। প্ৰকৃতি আৰু জনবসতিৰ প্ৰতি বৃহৎ নদী বান্ধ অতি ভয়াবহ। এই ভয়াবহতাৰ বাবেই বৃহৎ নদী বান্ধৰ বিৰুদ্ধে সময়ে সময়ে সৰৱ প্ৰতিবাদ চলি আহিছে। ৰাজপথৰ আন্দোলনৰ লগতে প্ৰতিবাদৰ অংশ হ'ব পাৰে কাকত-আলোচনীৰ প্ৰবন্ধ-নিবন্ধ অথবা দেৱাল অংকনৰ জৰিয়তে। গণতন্ত্ৰৰ এক সংবিধান প্ৰদত্ত আহিলা প্ৰতিবাদ। চৰকাৰী পক্ষই যেতিয়া ৰাইজৰ দুখ-দুৰ্দশাৰ কথা আওকাণ কৰি নিজৰ ম‌ইমতালিৰে সিদ্ধান্ত গ্ৰহণ কৰে, তাৰ বিৰুদ্ধেই গঢ়ি উঠে প্ৰতিবাদ, ৰাইজৰ মত প্ৰতিষ্ঠাৰ সংবিধান প্ৰদত্ত সংগ্ৰাম। শেহতীয়াকৈ হোৱা জল বিস্ফোৰণ আৰু উত্তৰ পূৰ্বাঞ্চলত নিৰ্মিয়মাণ বৃহৎ নদী বান্ধসমূহে প্ৰকৃতি আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনবসতিৰ ওপৰত পেলাব পৰা ভয়াবহ প্ৰভাৱৰ প্ৰতিবাদ স্বৰূপেই চিত্ৰশিল্পী নীলিম মহন্তই 'NO MORE DAMS' শীৰ্ষক দেৱাল অংকনৰ জৰিয়তে নদী বান্ধৰ বিৰোধিতা কৰে। ইয়াৰ বাবে অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। মত প্ৰকাশৰ অধিকাৰক ভৰিৰে মুহাৰি স্বেচ্ছাচাৰী শাসকে কৰা এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। ই বাক্-স্বাধীনতাৰ প্ৰতি চৰম ভাবুকি, গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি। স্বেচ্ছাচাৰী শাসকৰ দলে শিকলিৰে বান্ধি ৰাখিব খোজিছে প্ৰতিবাদী জনতাৰ মন-মগজু, কলম-ৰং-তুলিকা ধৰা হাতবোৰ; ৰাইজৰ মত আওকাণ কৰি চলাই যাব বিচাৰিছে স্বেচ্ছাচাৰী শাসন।

চিত্ৰশিল্পী নীলিম মহন্তক মুক্তি দিয়ক। গণতন্ত্ৰৰ বাক্-স্বাধীনতা বৰ্তাই ৰাখক। বৃহৎ নদী বান্ধৰ বিকল্প শক্তি উৎসৰ প্ৰতি চৰকাৰে মনোনিবেশ কৰক।



08/03/2022

মে’ ২০২২ৰ ভিতৰত ৰাজ্যৰ ১ লাখ নিবনুৱাক নিযুক্তিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দাবীত-
'ৰাইজৰ দল’ৰ ধৰ্ণা

তাৰিখ- ১১ মাৰ্চ
সময়- পুৱা ১০ বজা
স্থান- চচল ধৰ্ণা স্থলী, গুৱাহাটী ৷

এই কাৰ্যসূচীৰ নেতৃত্ব দিব দলৰ সভাপতি অখিল গগৈয়ে।
সতীৰ্থসহ দলৰ নেতৃত্বৰ উপস্থিতি কামনা কৰা হ’ল ৷


#ৰাইজৰ_দল

16/02/2022

ৰণনীতিৰ পাৰ্গতালিৰ সমানেই চিলাৰায় জ্ঞানৰ ক্ষেত্ৰতো বৰ পণ্ডিত আছিল। তেওঁ পণ্ডিতক যথেষ্ট আদৰ কৰিছিল। কোনো দূৰ দেশৰ পৰা পণ্ডিত আহিলে চিলাৰায়ে জ্ঞানচৰ্চা কৰিছিল। চিলাৰায়ৰ সহায়তেই শংকৰদেৱে কামৰূপৰ পশ্চিমখণ্ডত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। শংকৰদেৱ, ৰাম সৰস্বতী , অনিৰুদ্ধ , শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে নৰ নাৰায়ণৰ সভা উজলাই ৰাখিছিল। ইয়াত চিলাৰায়ৰ বিশেষভাৱে সহায় আছিল। পূৰ্বতে শাক্তপন্থী চিলাৰায়ে মহাপুৰুষ শংকৰদেৱক অতিকৈ ভক্তি কৰিছিল। আনহাতে, মহাৰাজ নৰনাৰায়ণে শংকৰদেৱক শাস্তি বিহিবলৈ যত্ন কৰোঁতে চিলাৰায়ে গুৰুজনাক নিজৰ কোঠাৰ ভিতৰতে লুকুৱাই ৰাখিছিল। তাৰ পিছত সুযোগ বুজি আৰু সুব্যৱস্থাৰে ৰজাৰ সন্মুখত এনেদৰে উপস্থিত কৰালে যে নৰ নাৰায়ণে শংকৰক আদৰ কৰিব লগীয়াত পৰিল। শংকৰদেৱৰ গুণ-গৰিমাত চিলাৰায় মোহিত হৈ স-পৰিবাৰে প্ৰভুৰ পৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। নৰনাৰায়ণেও শংকৰদেৱৰ পাণ্ডিত্যত সন্তোষ পাই ৰাজসভাত ৰাখে।
এনেহেন শৌৰ্য-বীৰ্যৰে ভৰপূৰ, ভাতৃত্ববোধৰ দাপোন আৰু জ্ঞানেৰে সমৃদ্ধ এজন বীৰক শতকোটি প্ৰণাম জনালো। অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত তেখেতৰ ভূমিকা সদায় প্ৰাসংগিক হৈ থাকিব।

১৫৩৪ খ্ৰীষ্টাব্দত নৰনাৰায়ণ কোঁচ বংশৰ ৰাজপাটত উঠিছিল আৰু চিলাৰায়ে সংগ্ৰাম সিংহ নাম লৈ যুৱৰাজ হৈছিল।
সিংহাসনত উঠিয়েই নৰনাৰায়ণে প্ৰৱল পৰাক্ৰমী চিলাৰায়ৰ সহায়ত কোঁচ ৰাজ্যৰ বিস্তাৰ কৰিছিল। ১৫৩৬ চনৰ জুন মাহত চিলাৰায়ে আহোমৰ ৰাজধানী গড়গাওঁ দখল কৰি আহোম ৰজাৰ সৈতে মিত্ৰতা কৰে। তাৰপাছতে ক্ৰমে কছাৰী ৰাজ্য, মণিপুৰ ৰাজ্য, জয়ন্তীয়া ৰাজ্য, ত্ৰিপুৰা ৰাজ্য, খৈৰাম ৰাজ্য, ডিমৰীয়া ৰাজ্য, শ্ৰীহট্ট ৰাজ্য আদিলৈ সাম্ৰাজ্য বিস্তাৰ কৰিছিল। এইজনা মহাবীৰ চিলাৰায় চিৰদিন ইতিহাসত জিলিকি ৰ‌ওক।


#ৰাইজৰ_দল

11/02/2022
06/02/2022

শুৱলা কণ্ঠৰে অলেখ গুণমুগ্ধক বিস্ময় বিমুগ্ধ কৰি অহা কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ ডাঙৰীয়ানীৰ মৃত্যুত অশ্ৰুঞ্জলি নিৱেদন কৰিছোঁ ৷

‘জোনাকৰে ৰাতি, অসমীৰে মাটি’ৰ দৰে অসমীয়া কালজয়ী গীততো কণ্ঠ নিগৰাই যোৱা মংগেশকাৰ কায়িকভাৱে আমাৰ মাজত নাথাকিলেও তেওঁৰ সাংগীতিক সত্তাই আৱৰি ৰাখিব অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ মানচিত্ৰক।

আজি তেখেতৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে তেখেতৰ শুভাকাংক্ষী, গুণমুগ্ধ শ্ৰোতা আৰু শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰিছোঁ‌।


#ৰাইজৰ_দল

04/02/2022

Address

Guwahati
781020

Alerts

Be the first to know and let us send you an email when Raijor Dal Guwahati Parliamentary Constituency posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Raijor Dal Guwahati Parliamentary Constituency:

Share