30/08/2021
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥
কেইটামান বিশেষ কথা ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে:
●বিশ্বব্ৰহ্মাণ্ডৰ ৰক্ষাকৰ্তা ভগৱান
বিষ্ণুৱে পূৰ্ণাঙ্গ ৰূপত শ্ৰীকৃষ্ণ হৈ
জন্ম লৈছিল দৈৱকীৰ গৰ্ভত।●বসুদেৱে নন্দৰ ঘৰলৈ শ্ৰীকৃষ্ণক
লৈ যাওতে শেষনাগে ছাতিৰ দৰে
ঢাকি ধৰিছিল । শেষনাগ বা অনন্ত
নাগে বলোৰাম হৈ জন্ম হোৱা বুলি কিছু কিছু গ্ৰন্থত পোৱা যায় আকৌ বিষ্ণুৰ অৱতাৰ হলিৰামকেই বলোৰাম বুলি কোৱা হয়।
●প্ৰভুৰ গুৰুদেৱৰ নাম আছিল সন্দীপনি ঋষি। তেঁৱেই শ্ৰীকৃষ্ণক বিদ্যা দান কৰিছিল।
●ৰাধাৰ কথা শ্ৰীকৃষ্ণৰ প্ৰেমিকাৰ হিচাপে মহাভাৰতত উল্লেখ নাই। যদি প্ৰেমিকাই আছিল, তেন্তে ব্ৰহ্মবৈৱৰ্ত পুৰাণত বিভিন্ন ধৰণে ৰাধাৰ ব্যাখ্যা আছে যিটো অবাস্তৱ। তেওঁৰ পত্নী আছিল ৰুক্মিণী, যাক লক্ষ্মী দেৱীৰ অৱতাৰ বুলি কোৱা হয়।
●শ্ৰীকৃষ্ণ কোনো কালা যাদুকৰ নাছিল যে ফু মাৰি দিলেই ৰাজকোষ ভৰি যাব, তেওঁ আছিল ৬৪ কলাৰ অধিকাৰী এগৰাকী সাধাৰণ হৈয়ো অসাধাৰণ মানৱ। মহাপুৰুষ শংকৰদেৱৰ লগতে বিভিন্ন সাধু পুৰুষে তেওঁক মানৱী জনম লোৱা বুলি কৈছে। ●যোগবিদ্যাত শ্ৰেষ্ঠ আছিল বাবে তেওঁক যোগেশ্বৰ বুলি কোৱা হয়।
●তেওঁক লগত লৈ নৃত্য কৰা গোপীসকলৰ আছিল শ্ৰীকৃষ্ণৰ মাতৃসম মহিলা।
●ধৰ্মযুদ্ধত তেওঁ সত্য অৰ্থাৎ পাণ্ডৱৰ পক্ষত থকা সময়ত অৰ্জুনক গীতা জ্ঞান দিছিল, যিটো সঞ্জয় আৰু মহাৰাজ ধৃতৰাষ্ট্ৰয়ো পাইছিল।
●১৬০০০ বা ১৬০০ ছোৱালীক ভাৰ্য্যা কৰাটো এটা ভিত্তিহীন কথা, যিটো বাৰে বাৰে উলিয়াই থাকিবলৈ ইচ্ছা নাই।
●তেওঁৰ সাম্ৰাজ্য "দ্বাৰকা" ৰ ভগ্নাৱশেষ পোৱা গৈছে, কুৰুক্ষেত্ৰৰ ৰণৰ বিভিন্ন সা-সঁজুলি পোৱা গৈছে। এয়া কাল্পনিক হ'ব নোৱাৰে।
●সৰ্বকালৰ শ্ৰেষ্ঠ ৰাজনীতিবিদ, দাৰ্শনিক, যোগী, দয়াৰ সাগৰ আৰু খুব ব্যস্ততাৰে জীৱন কটাই মাত্ৰ তেওঁৰ জীৱনকালত সকলোবোৰ সামৰি ধৰ্ম ৰক্ষাৰ নামত ব্ৰতী হোৱা প্ৰভু শ্ৰীকৃষ্ণৰ আদৰ্শ আমি আটায়ে লোৱা উচিত।
একাগ্ৰচিত্তে আৰাধনা কৰিলেহে তেওঁক পোৱা যায়।
এইটো Parthajit Das ৰ পৰা সংগৃহীত।