Assamese Love Story

Assamese Love Story Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Assamese Love Story, Library, Golaghat.

ami eyat ai page r joriyota true love story share koru ,,ru apunaluka jnakoi jonai asa .ami bohutai hukhi ru agoloiu anakoi hohari jonai jabo bulii akha koresu ru jodii apunaluka love story share koriboo bisara amaloi msg ba cl kori jonabo para .��

17/09/2019

"""""""" সঁচা ভালপোৱা """"""""......................................... .........................................
সময় পালে এবাৰ হলেও পঢ়িব নিচ্ছয় ভাল লাগিব!

দুখীয়া পৰিয়ালৰ এজন লৰাৰ লগত একেখন গাওঁৰ এজনী দুখীয়া ছোৱালীৰ বিয়া হয়।লৰাজনৰ বয়স ২১ মান হব, আৰু ছোৱালী জনীৰ ১৬ বছৰ মান হব।বিয়াৰ পিছত লৰাজনে ছোৱালী জনীক সুধিলে তুমাৰ কিবা ইচ্ছা আছে নে? ছোৱালী জনীয়ে, কলে মোৰ ইন্জিনীয়াৰ হোৱাৰ আশা আছিল ।ইয়াৰ পিছত লৰাজনে ছোৱালী জনীক চহৰখনৰ আটাইতকৈ ডাঙৰ বিশ্ববিদ্যালয়ত ভৰ্তি কৰি দিয়ে লিখা পঢ়া কৰিবলৈ ।লৰাজনে প্রতি দিনে পুৱা ৪ বজাৰ পৰা ৰাতি ৯ বজালৈ পৰিশ্ৰম কৰ।ছোৱালী জনীৰ আৰু পৰিয়ালৰ খৰচ উলিয়ায়।বিয়াৰ বহু দিন হলেও কিন্তু স্বামী স্তীৰ শাৰীৰিক সম্পৰ্ক হোৱা নাই ।ছোৱালী জনীৰ বন্ধু বান্ধৱী সকলে কেতিয়া বা যদি প্রশ্ন কৰে লৰাজন কোন? তেতিয়া ছোৱালী জনীয়ে উত্তৰ দিয়ে দাদা বুলি! লৰাজনে কেতিয়াবা ৰিক্সা চলাব, কেতিয়াবা দিন হাজিৰা কৰে, কেতিয়াবা ইটা ভাতাত, আকৌ কালিৰ কাম মানে যেতিয়া জী কাম পায় তাকেই কৰে।এইদৰে ছোৱালী জনীৰ কাৰনে, নিজৰ কথা ভাবিবলৈ যেন আহৰীয়েই নাই ।ছোৱালী জনীক ইন্জিনীয়াৰ বনাব লাগে ।হঠাৎ পৰীক্ষা আহিল।ছোৱালী আৰু লৰাৰ চকুত টোপনি নাই ।লৰা জনে ২০ ঘন্টা কাম কৰে, বাকী ৪ ঘন্টা সংসাৰৰ সকলো কাম ৰন্ধা বৰাৰ পৰা আৰম্ভ কৰি কাপোৰ ধোৱা লৈকে সকলো কৰে।এই দৰে ছোৱালী জনীৰ পৰীক্ষা শেষ হল ।ইয়াৰ পিছত লৰাজনৰ কাম অলপ কমিল ।পৰীক্ষাৰ ফলাফল ওলালগৈ উতিৰ্ন হল।ভাল ঠাইত চাকৰি পালে, বহুত টকা পইচাৰ গৰাকী হল, ডাঙৰ অচ্টালিকা গাড়ী আৰু বহুতো ।বিভিন্ন ঠাইৰ পৰা বিয়াৰ প্রশ্তাব আহিবলৈ দৰিলে ।কিন্তু কোনেও নাজানে তাইৰ বিয়া হলনে নাই বা তাইৰ স্বামী কোন? ছোৱালী জনীয়ে ডাঙৰ বাংলো বনালে ডাঙৰ পাৰ্টী দিলে ।কিন্তু কোনেও নাজানে কিহৰ কাৰনে এই পাৰ্টীৰ আয়োজন ।সকলোৱে মিলি ছোৱালী জনীক সুধিলে কিহৰনো এই পাৰ্টী? ছোৱালী জনীয়ে কলে ৰাতি ১২ বজাত কম কিহৰ পাৰ্টী ।লৰাজনে সেই লুঙ্গি, গামোছা আৰু ভটা চোলাখন পিন্ধি ঘৰৰ চুকত বহি আছিল।ৰাতি ১২ বাজী গল লগে লগে ছোৱালী জনীয়ে লৰাজনক হাতত দৰি কেক ৰখা ঠাইত লৈ আহিল! তাত নি কলে সন্মানীয় পুৰুষ আৰু মহিলা হকল, এইজনক কোনোবাই চিনি পাইছেনে? যাৰ মাথাৰ ঘাম মাটিত পেলাই নিজে খাই নাখাই মোক লিখা পঢ়া কৰালে ।এইজন আন কোনেওঁ নহয় মোৰ প্রান প্রিয় স্বামী, যাৰ লগত বিয়াৰ বহুত দিন হল আজিলৈ শাৰীৰিক সম্পৰ্ক হোৱা নাই! তাইক এই কাপোৰ পিন্ধাই ৰখাৰ কাৰন জাতে আপোনালোকে তাইক চিনিব পাৰে ।এই বাৰি গাড়ী টকা পইচা তাইৰ গাৰ এক ভুটা ঘামৰ দাম নহৱ ।মই তাইৰ স্তীৰী মোৰ যি আছে তাৰ ১০০ গুন দিলেও মোৰ স্বামীক এৰি নাজাও ।এইটো স্বামী স্তীৰী ভাল পোৱা ।
দুখ তেতিয়া লাগে যেতিয়া লাইক কমেন্ট নকৰি গুচি যায়।ধন্যবাদ,

09/08/2019

সপোনৰ প্ৰেম

আজি তাইক দেখিছো, মোৰ সন্মুখেৰে গৈছে। উঠত ৰঙা লিপষ্টিক আৰু কপালত ৰঙা ফুটোৰে জিলিকে উঠিছে তাই।

তাইৰ কথা ভাবি থাকিলে যে টোপনিও।নধৰে মোৰ। নিশাও বহুত হৈছো, তাইৰ কথা ভাবিবলৈ এৰি মই শুই থাকিলো।

তাই আহি মাত লগালে,
- অই, কি হল আজি তোমাৰ?
- কতনো কি হল? একো হোৱা নাইচোন।
- আজি মোৰ কথা ভৱা নাই যে?
- ভাবি আছিলোটো।
- সচাইনে?
- অহটো।
- তেন্তে থিক আছে।
- ভালে আছা নে তুমি?
- আছো দিয়া। আৰু তুমি?
- ময়ো আছো ভালে।
- ওম।
- যোৱা ৰাতি তুমি সপোনত নাহিলা যে কিয়?
- যোৱা ৰাতি তোমাৰ কথা ভাবি থাকোতে নুশুৱাকৈয়েই থাকিলো।
- ৱাহ, ইমান ভাল পোৱা তুমি মোক?
- ওম তোমাতকৈও বেচি।

এয়া মোৰ সপোনহে আছিল। সদায় নিশা সপোনত তাইক দেখো আৰু সপোনত আমাৰ প্ৰেম কাহিনী বহু দুৰলৈ আগবাঢ়িছে। কিন্তু দীঠকতযে তাইক আজিলৈ মই মাতিও পোৱা নাই।

সপোনতে তাই মোক কয়,
- আমি গোটেই জীৱনটো এনেদৰেই সুখি হৈ থাকিম হা।
- তুমি লগত থাকিলে মই সদায় সুখি হৈয়েই থাকিব পাৰিম। আৰু তুমি মোৰ পৰা আতৰি নগলে সদায় তোমাক সুখতেই ৰাখিব পাৰিম।
- ৱাহ।

টোপনি ভাঙি গল। কিন্তু সপোনটোৱে দি গল এটা মৰমৰ হাহি।

দীঠকত সদায় তাইক মাথো চাবলৈহে যা তাই পঢ়া কলেজৰ গেটলৈ। তাইক চাগে কেতিয়াও কব নোৱাৰিম ভাল পাও বুলি।

বাৰু মই সুখী সপোনটযে তাই মোৰেই হৈ আছে।

আজিও নিশা শুব ওলাইছিলোহে। ফেচবুকটো খুলি চায়েই দেখিলো এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিছে।

চাই দেখিলো ৰিকুৱেষ্টটো তায়েই পথাইছে। এয়াও সপোন বুলি ভাবি নিজৰ গালতে ৪-৫ বাৰ চৰিয়াই চালো। পিচে এয়া দীথক আছিল।

ৰিকুৱেষ্টটো এক্সেপ্ট কৰাৰ লগে লগে তাই মেচেজ দিলে,
- থেংকইউ।
- ওৱেলকম।
- তোমাক কিবা চিনাকি চিনাকি যেন লাগিছে। আমি কৰৱাত লগ হৈছো নেকি?
- অহ হৈছোটো। তুমিচোন সদায় মোৰ সপোনত আহা।
- কি?
- চৰি ধেমালি কৰিছো।
- ধুনীয়া লাগিছে কথাটো।
- কিনো ধুনীয়া লাগিছে?
- আনকমন ডাইলগ।

এতিয়াও মাজে মাজে সকলোবোৰ সপোন সপোন যেনেই লাগি আছিল বাবেহে তাইৰ লগত এনেদৰে কথা পাতি থাকিব পাৰিছো। নহলেটো তাইৰ সন্মুখত বাক্যবোৰৰ পৰিভাষাই পাহৰি যাও মই।

তাই আকৌ মেচেজ দিলে,
- তোমাক কৰৱাত দেখিছো অ মই।
- দেখা নাই নেকি?
- দেখিছো অ, তোমাৰ প্ৰফাইলত থকা গোতেইবোৰ ফটো চালো মই।
- তেন্তে মনত কৰাচোন কতবা দেখিছা?
- মনতেইটো পৰা নাই।

সেইদিনা হঠাতেই কথা পতা বন্ধ হৈ গল। তাৰ পিছত এসপ্তাহলৈ আৰু তাইৰ মেচেজ নাহিল। মই সদাইৰ তাইৰ ইনবক্সটো চেকহে কৰিছিলো কিন্তু মেচেজ দিব পৰা নাছিলো।

সপোনতেই তাইক শুধিলো,
- কি অ, দীঠকতচোন ওচৰ চাপি আহিছিলা, মোৰ আপোন হব বিচৰা নেকি?
- মইচোন তোমাৰ আপোনেই।
- সপোনতহে?
- ধেই মুৰ্খ দীঠকটো।
- সচাই নে?
- অহটো।

মনটো ভাল লাগি গল। ভাবিলো আজি ময়েই মেচেজ পথাই দিও।

টাইপ কৰিব ধৰিলো,
- হাই, যোৱা ৰাতিৰ সপোনতযে কৈছিলা কথাটো সচানে মিচা অ?

টাইপ কৰি ভাবিলো, ধেত নিদিও। মেচেজটো কেঞ্চেল কৰিব বিচাৰোতে ভুলতেই চেণ্ড হৈ গল। আৰু লগে লগে তাইৰ মেচেজ আহিল।
- মনত পৰিছে অ তোমাক কত দেখিছো।
- কত…

তেতিয়ালৈ মোৰ ভুলতে চেণ্ড হোৱা মেচেজটো তাই পঢ়ি ৰিপ্লাই দিলে,
- সপোনত আকৌ মই তোমাক কি কলো?
- একো নহয় দিয়া। মোক দেখিছিলা?
- আগতে কোৱা।
- কি?
- সপোনত মই কি কৈছিলো?
- তুমি হেনো মোৰ আপোন।
- হা…হা…
- হাহিলা যে?
- তোমাক আমাৰ কলেজৰ গেটত দেখিছিলো বহু দিন।
- হাহিলা কিয়?
- আমাৰ কলেজলৈ কাক চাবলৈ আহানো তুমি।
- আছে এজনি। মোক সপোনত আমনি কৰি থাকে।
- হেৰা, সপোনৰ প্ৰেমিক দীঠকলৈ আহা।
- মই তোমাক ভাল পাও।

কি ভাবি কলো কথাটো মই নিজেই নাজানো। যাক মাতিবলৈও মোৰ সাহস হোৱা নাছিল তাইক চিধাই ভাল পাও বুলি কয় দিলো।

সকলোবোৰ ইমানতে শেষ হব যেন লাগিল। কিন্তু তাইৰ পৰা মেচেজ এটা আহিল।
- সপোমতযে মই তোমাৰ প্ৰেয়সী তুমি মোক কোৱা নাছিলা কিয়?
- তুমি কেনেকৈ গম পালা?
- হয়নে কথাটো?
- কথাটো হয় বাৰু। কিন্তু তুমি…
- মোক কি বুৰ্বক বুলি ভাবিচা নেকি?
- নাই ভবা।
- তোমাৰ প্ৰফাইলটোৰ ফুলষ্টপটোও চাবলৈ নেৰিলো। তেনেকৈ গম পালো।
- মানে?
- যোৱা ২ বছৰ ধৰি তুমি মোৰ বিষয়ে যে কিমান কি পোষ্ট কৰিছা।
- কিন্তু মইটো সেইবোৰত কতো তোমাৰ নাম লিখা নাই।
- মোৰ বিষয়ে লিখিচা মইনো গম নাপামনে?
- কেনেকৈ গম পালা?
- মই পিন্ধা কাপোৰজোৰক লৈ, মোৰ কানৰ কানফুলিজোৰক লৈ, মোৰ কপালৰ ফুটটোক লৈ, মোৰ হাতৰ জেতুকাক লৈ, মই চাদৰ-মেখেলা পিন্ধি আনকম্ফোৰ্টেবল হোৱাকলৈ সকলো লিখিছাচোন। আৰু এইবোৰ সকলো মোৰ বিষয়ে লিখিছা যেতিয়া মইটো গম পামেই ন?
- অহ… বহু দিনৰ পৰা সপোনত তুমি মোৰ প্ৰেয়সী হৈ আছা। সপোনত আমি প্ৰেমৰ চৰাই হৈ আছো। সপোনত আমি বহু অতিতক পাহৰি নতুন ভৱিষ্যতৰ কল্পনা কৰিছো।
- সকলোবোৰ দীঠকত কৰিবলৈ সাজো হোৱা।

চমক খাই উঠি কলো,
- মানে…?
- সপোনতেই যদি তুমি মোক ইমানকৈ ভাল পাব পাৰা, দীঠকতচোন মোক তুমি আলাশত ৰাখিবা অ। প্ৰেমত পৰি গলো তোমাৰ।
- মোৰ বিশ্বাসেই হোৱা নাই। এয়াও সপোনেই চাগে?
- ওচৰত থাকিলে তোমাৰ গালত চুমা এটাকে দি দিলো হেতেন।

বহুত পিছত বিশ্বাস কৰিলো এয়া যে সপোন নহয়। এতিয়াহে বিশ্বাস হল তাই দীঠকতো মোৰ প্ৰেম হৈ আহিল। এতিয়া আৰু তাই মোৰ কেৱল সপোনৰ প্ৰেম নহয়।

 #শপিং_মলৰ_প্ৰেমগোৱালপাৰাৰ Vishal মাৰ্কেটত আজি মই আৰু মোৰ লগৰ এজনে গ'লে। তাত গৈ ধুনীয়া ছোৱালী দুজনীক দেখা পালোঁ। লগৰ জনক...
06/08/2019

#শপিং_মলৰ_প্ৰেম

গোৱালপাৰাৰ Vishal মাৰ্কেটত আজি মই আৰু মোৰ লগৰ এজনে গ'লে। তাত গৈ ধুনীয়া ছোৱালী দুজনীক দেখা পালোঁ। লগৰ জনক ক'লো এজনী তোৰ এজনী মোৰ। মোৰ জনী দেখাত বেছি ধুনীয়া। Jeans আৰু T-shirt পিন্ধি আহিছে। চুলি দীঘল। মেকঅাপ কৰিছে। ওঁঠত লিপষ্টিক সানিছে। মই প্ৰথম দেখাতে পাগল। ফিলিং কেনেকৈ কথা পাতো॥
Pehli nazar mein🙄
Kaise jaado kar diya😏
ফ্ল' কৰিবলৈ আৰম্ভ কৰি দিলোঁ। তাৰপাছত এবাৰ চকুত চকু পৰিল। মই লাজতে ক'তে
মৰো। মৰিবলৈ ঠাই বিচাৰি নাপালোঁ॥😭
বেলেগ ফালে চাই থাকতো। আকৌ কোন ফালে হেৰাই গ'ল গমেই নাপালোঁ॥ আকৌ বিচাৰি বিচাৰি দেখা পালোঁ কিবা কৰি।
লাজ ভয় দুয়োটাই সাঙৰি লৈছে মোক।
কেনেকৈ এবাৰ কথা পাতোঁ। কি বুলি মাত দিওঁ। এইবোৰ চিন্তাৰ পৰিলোঁ।
বাপকে এবাৰ সাহস গোটাই ওচৰত গ'লোঁ। মাত দিওঁ বুলি দিব নোৱাৰিলোঁ। অলপ পাছত তাই গুছি গ'ল। আৰু মোৰ প্ৰেম কাহিনী সমাপ্ত হ'ল।
বিশ্বাস এটা কাপোৰো কিনা নাই॥ ২ঘন্টা কেবল ছেলফি উঠিল।
🤓🤓🤓🤓🤓🤓
২ঘন্টীয়া প্ৰেম😂🙏

04/07/2019

সযতনে লিখি ৰখা অনুভূতিৰ পৃষ্ঠাবোৰ সৌ লুইতৰ বুকুৱেদি উটি যায়..
মাৰ যোৱা বেলিটোৰ সতে ঘৰমুৱা পক্ষীবোৰো উৰি উৰি যায়..
সপোনৰ ঠিকনা বিচাৰিহে কিয় জানো জীৱনে আজিও পথ হেৰুৱায়...
নামি অহা নিশাৰ আন্ধাৰতো নৈ খনে সাগৰলৈ যোৱাৰ পথ বিচাৰি পায়..
হতাশাৰ কোবাল সোঁতত জীৱনেহে অভিমান কৰি থমকি ৰৈ যায়...
হয়তো নৈখনৰ দৰে সাগৰৰ বুকুত বিলীন হোৱাৰ হেঁপাহ ....
সপোনৰ বুকুত জিৰাবলৈ বিচৰা জীৱনৰ আশা....
সময়ৰ সোঁতত কেৱল মাথোঁ বেথা হৈ থাকি যায়..

daa

02/06/2019
শেষৰলৈকে পঢ়িব বিয়া হোৱা কেইমাহমানৰ পাছত পত্নিৰ মনলৈ এটা ভাৱ আহিল যে.. যদি তাই পতিক এৰি থৈ ঘৰলৈ গুচি যায় তেন্তে পতিয়ে কে...
02/06/2019

শেষৰলৈকে পঢ়িব
বিয়া হোৱা কেইমাহমানৰ পাছত পত্নিৰ মনলৈ এটা ভাৱ আহিল যে..
যদি তাই পতিক এৰি থৈ ঘৰলৈ গুচি যায় তেন্তে পতিয়ে কেনে অনুভৱ কৰিব সেয়া প্ৰমান চাবলৈ এটা কৌশল সাজিলে..
এই কথাখিনি তেওঁ এখন কাগজত লিখিলে --
"তোমাৰ লগত মই আৰু থাকিব নোৱাৰো,
মই তোমাৰ লগত থাকি থাকি বৰ হৈ গৈছো
মই নিজৰ ইচ্ছা মতে জীয়াই থাকিব বিচাৰো,
সেইবাবে মই ঘৰ এৰি চিৰদিনৰ বাবে যাবলৈ ওলালো l"
সেই কাগজখন টেবুলত থৈ পতি ভিতৰলৈ অহালৈ বাট চাই থাকিল আৰু যেতিয়া পতি ভিতৰলৈ অহা গম পালে তেতিয়া পতিৰ প্ৰতিক্ৰিয়া কেনে হয় তাক চাবৰ বাবে লৰালৰিকৈ বিচনাৰ তলত সোমালগৈ l
পতি ভিতৰলৈ সোমাই আহিল আৰু টেবুলখনত থকা কাগজখন মেলি পঢ়িলে
অলপ সময় থমকি ৰৈ তেওঁ সেই কাগজখনত কিবা লিখিলে আৰু পুনৰ টেবুলত থৈ দি ফুৰ্তিত তেওঁ নাচিবলৈ ধৰিলে আৰু কাপোৰ সলাই ললে l
পুনৰ তেওঁ মবাইলটো হাতত তুলি লৈ কাৰোবালৈ ফোন লগালে আৰু ক'লে -
"শুনিচানে আজি মই মুক্ত হৈ গলো ,
মোৰ মুৰ্খ পত্নিয়ে চাগে বুজি পালে যে তাই মোৰ বাবে উপযুক্ত নহয় আৰু সেইবাবে তাই আজি চিৰদিনৰ বাবে ঘৰৰ পৰা ওলাই গুচি গল l
মই এতিয়া মুকলি নিজৰ ইচ্ছাত থাকিম
তোমাক লগ কৰিবলৈ মই গৈ আছো, তুমি সাজো হৈ আমাৰ ঘৰৰ কাষৰ পাৰ্কখনলৈ এতিয়াই আহা l
পতি বাহিৰলৈ ওলাই গ'ল.
চকুপানীৰে ওপচা চকুলোৰে পত্নি বিচনা তলৰ পৰা ওলাই আহিল আৰু কপিঁ থকা দুহাতেৰে টেবুলত থকা কাগজখন দাঙি ধৰি কাগজত লিখি থৈ যোৱা শাৰীকেইটা পঢ়িলে..
য'ত লিখা আছিল -
"বিচনাৰ তলৰ পৰা ভৰিকেইখন দেখি আছে বাবলী l"
পাৰ্কৰ কাষৰ দোকানখনৰ পৰা ব্ৰেড লৈ আহোগৈ... :-)
তেতিয়ালৈকে চাহ বনাই থবা l
জানা বাবলী মোৰ জীৱনতো তুমাৰ এইবোৰ কামেই অধিক সুখী কৰি ৰাখিছে l

---- পতি-পত্নি হৈছে চিৰ জীৱনৰ লগৰী ইয়াক ইচ্ছা কৰি এজনে আনজনক এৰি যাব নোৱাৰে ... ইয়াৰ মাজত অন্তনিৰ্হিত হৈ থাকে এখন সুখৰ সংসাৰ l

☆☆☆☆
। । ভাল লাগিলে shr কৰিবলৈ নাপাহৰিবা..... । ।

 #প্রিয় বন্ধু সকল ...👇😚😍😘👇গল্পটো পঢ়ি কোনেও কিন্তু নাকান্দিব প্লিজ! এবাৰ এক প্ৰেমিক প্ৰেমিকা বিয়া পাতিব বুলি ঠিক কৰিলে ...
01/06/2019

#প্রিয় বন্ধু সকল ...👇😚😍😘👇
গল্পটো পঢ়ি কোনেও কিন্তু নাকান্দিব প্লিজ!

এবাৰ এক প্ৰেমিক প্ৰেমিকা বিয়া পাতিব বুলি ঠিক কৰিলে ,
বিয়াৰ কিছু মাহ আগতে লৰাটোৱে বিদেশত গুছি গল , আৰু তাৰ তিনি বছৰ পিছতেই ছোৱালী জনীৰ এক্সিডেন্ট হল ,আৰু ছোৱালীৰ জনীৰ চেহৰা একেবাৰে নষ্ট হয় গল !

আৰু তাৰপিছত ছোৱালী জনীয়ে লৰাটোক ফোন মাৰি কলে যে ,মই তোমাক বিয়া পাতিব নোৱাৰো ,
লৰা জনে কলে কিয়...? তেতিয়া ছোৱালী জনীয়ে কলে মোৰ এক্সিডেন্ট হৈছে, আৰু চেহৰা নষ্ট হৈ গৈছে, মই গোটেই জীৱন এনেকুৱা কুৎসিতে থাকিব যাম ।

তুমি তোমাৰ বাবে সুন্দৰী কোনো
ছোৱালী এজনী বিছাৰি উলিওৱা ,
কাৰন মই তোমাৰ যোগ্যতা নহয় ।

ইয়াৰ পিছত সি তেওঁৰ প্ৰেমিকৰ পৰা
উত্তৰ পালে :👇
যিয়ে নহক মোৰ নিজৰো এটা সমস্যা হৈছে, সেইগতিকে মই দেশত উভতি আহি আছো ।
তেতিয়া ছোৱালী জনীয়ে কলে, তোমাৰ কি সমস্যা হৈছে ...? তাৰপিছত লৰা জনে কলে মোৰ চকুৰ সমস্যা হৈছে, মই অন্ধ হৈ থাকিম ,ইয়াৰ পিছতো যদি তুমি মোক গ্ৰহণ কৰিব পাৰা তেনেহলে মই তোমাকেই বিয়া পাতিম ...!

এনেকুৱা কৈ তেওঁলোকে বিয়া পাতি, আৰু ভালপোৱা, বুজাবুজি, আনন্দত 20 বছৰ
পাৰ কৰি দিলে ...
ছোৱালী জনীয়ে অন্ধ স্বামীৰ চকুৰ আলো/পোহৰ আৰু পথপ্ৰদৰ্শক হৈ থাকে ...!

ইয়াৰ পিছত এদিন ছোৱালী জনীয়ে মৃত্যু সজ্জাত গুছি যায় ,কিন্তু তেওঁ মন বেয়া কৰি পেলাই
যে সি তেওঁৰ প্ৰিয়তমক আৰু অন্ধ অবস্থাত পেলাই থৈ যাব ...!...😢

শেষ পৰ্যন্ত ছোৱালী জনীয়ে মৃত্যুক সাবটি ললে,
সেইদিনা তেওঁৰ স্বামী চকু মেলি সকলোকে আচৰিত কৰি দিলে ...😱

লৰা জনে কলে : মই অন্ধ নাছিলো ।
মই ধেমালি কৰিছিলো যে মই অন্ধ,
কাৰন সি যাতে তেওঁৰ অসুন্দৰ চেহেৰাৰ
বাবে কেতিয়াও নিজকে সৰু বুলি নাভাবে ।

কাৰন মোৰ ভালপোৱা
তেওঁৰ চেহেৰাৰ প্ৰতি নাছিল ,
মোৰ ভালপোৱা আছিল তেওঁৰ মনৰ প্ৰতি ...
এইটোৱেই সত্যকাৰী ভালপোৱা ।
আৰু সত্য প্ৰেম ভালপোৱা এনেকুৱাই হয় ...

(সমাপ্ত )
#ভালেই থাকক
#ভালেই ৰাখক ।

ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ।
অসংখ্য ধন্যবাদ জ্ঞাপন কৰিলো সকলোকে কষ্ট কৰি পঢ়াৰ বাবে ।

 #অভিশপ্ত_ফুলশয্যাখণ্ড নং - ৪( কাৰ মৃতদেহ উদ্ধাৰ হ'ল ৰিয়ানৰ নেকি ? অবৈধ সন্তানৰ পৰিচয় ওলাৱনে ?- কোৱা আকৌ আমাৰ ৰিয়ানৰ একো...
30/05/2019

#অভিশপ্ত_ফুলশয্যা

খণ্ড নং - ৪
( কাৰ মৃতদেহ উদ্ধাৰ হ'ল ৰিয়ানৰ নেকি ? অবৈধ সন্তানৰ পৰিচয় ওলাৱনে ?

- কোৱা আকৌ আমাৰ ৰিয়ানৰ একো হোৱা নাইতো ?
- আপোনালোকৰ বোৱাৰী নম্রতাৰ মৃতদেহ উদ্ধাৰ হৈছে |
- কি !
ৰিয়ানৰ মাকৰ হাতৰ পৰা মোবাইল সৰি পৰিলে |
- হেৰি,শুনিছে নম্রতা হেনো এইখন পৃথিৱীত নাই |
ৰিয়ানৰ মাকে কান্দি কান্দি দেউতাকক কথা খিনি জনালে |
- কি , মই এইবোৰ শুনিছো |
- আমাৰ ৰিয়ানৰ কি হব এতিয়া,তাক পুলিছে ধৰি নিয়ে ! ভগবান আমি কি অপৰাধ কৰিছিলো | যাৰ পৰিনতিত তুমি আজি আমাক এইবোৰ খেল দেখুৱাইছা |

জীৱন বৰ অনুপম | কিন্তু কেতিয়াবা জীৱনৰ ৰং বোৰ হয় বিবৰ্ণ | এখন ধুনীয়া ঘৰৰ সপোন কোনে নেদেখে | নিজৰ সন্তানৰ বাবে এজনী ধুনীয়া বোৱাৰী কোনে নিবিচাৰে ?ৰিয়ানৰ মাক দেউতাকে সপোন দেখিছিল | কিন্তু সকলো সপোন আজি চূৰমাৰ | এজাক ধুমুহাই সকলো ভাগি চূৰমাৰ কৰিলে | সুখ কাৰো চিৰস্থায়ী সম্পদ নহয়,দুখ ও নহয় কাৰো চিৰদিনৰ লগৰী |

শেষত এহাল দুৰ্ভগীয়া পিতৃ-মাতৃ ওলালে বোৱাৰীয়েকৰ মৃতদেহ চাৱলৈ | মাথো চকুপানীৰে বাট নেদেখা হ'ল |কৰ পৰা কি হ'ল |

নিশাৰ মহানগৰীত ফুটপাথৰ কাষত পৰি আছে গৰ্ভৱতী নম্রতাৰ মৃতদেহ | কাষত দুৰ্ভগীয়া ৰিয়ান | চাৰিওঁফালে মানুহে আগছি ধৰিছে |
- নম্রতা ! কিয় গুছি গ'লা তুমি ? এটা কথা কি জানা এটা অবৈধ সন্তান গৰ্ভত থকা বুলি জানিলে সকলোৱে খং কৰিব | যদিওঁ তোমাক মই নাৰাখিলো হেতেন তোমাৰ সম্পূৰ্ণ খৰছ মই বহন কৰিলো হৈ | ভুল মানুহৰে হয় মই বুজি পাওঁ |মইটো আৰু দানৱ নাছিলো |

সি কান্দিছিলে,তাৰ চকুপানী বোৰ নম্রতাৰ উকা কপালত পৰিছিলে | ৰিয়ান ভাগি পৰিছে আজি | সি এটা জীৱনক লৈ কেতিয়াওঁ হেতালি খেলিৱ বিচৰা নাছিলে | সি এটাৰ লগত দুটাৰ জীৱন ধংস কৰিব খোজা নাছিলে | সি মাথো জ্বলিছিল নম্রতাৰ পেটত কাৰ অবৈধ সন্তান | যাৰ কাৰনে তাৰ বহু প্রতীক্ষাৰ ৰাতিটো হৈ পৰিছিল " অভিশপ্ত ফুলশয্যা " | তথাপি সি তাই কেতিয়াওঁ মৰি যোৱাটো বিচৰা নাছিলে |
- ৰিয়ান
তাৰ মাক ,দেউতাক আহি পাইছিল |মানুহৰ জুম ভাগি ভিতৰত সোমাই আহিছিল |
- মা তাই চিৰদিনৰ বাবে শুই গ'ল অ | তাইক জানো ইমান সাস্তি দিছিলো ? মা সেই অবৈধ সন্তানৰ পিতৃ পৰিচয় আমি নাপামে চাগে |

তেনেতে ঘটনা স্থলীত আৰক্ষী উপস্থিত হ'ল | সকলো মানুহ দূৰলৈ আতৰি গ'ল | পুলিছে ৰিয়ানক সুধিলে |
- আপুনি কোন হয় ?
- মই তাইৰ স্বামী |
- আচ্ছা, মৃতদেহটো প'ষ্ট মৰ্টেম কৰাৰ ব্যৱস্থা কৰক | আৰু আপুনি আমাৰ লগত থানালৈ বলক |
- কিন্তু মোৰ ল'ৰাৰ অপৰাধ ?
- সেয়া পিছটো জানিৱ | এয়া আত্মাহত্যা নে মাৰ্ডাৰ জানি লওঁ | কাৰন মৃতদেহত কোনো ধৰনৰ আঘাটৰ চিন দেখিবলৈ পোৱা নাই,আজি কালি সমাজ খনত বোৱাৰীৰ ওপৰত অত্যাচাৰ বোৰ বাঢ়ি গৈছে | হয়টো এয়া আত্মাহত্যাই হব |
- নহয় অফিচাৰ | তাইক আমি বহুত মৰম কৰিছিলো,আজি বিয়া যাৱৰ মাত্র বিছ দিন হ'ল | কিন্তু তাইৰ পেটত তিনিমহীয়া সন্তান |
- হোৱাট ?
- হয় অফিচাৰ |
- হয়টো সেই কাৰনে প্রতিশোধ লবলৈ আপোনাৰ সন্তানে তাইক মাৰ্ডাৰ কৰিলে |
- নহয় নাই,,,,, নাই মই কিয় মাৰিম | নাই মই নহয় হে মা কোৱা না মই নহয় বুলি,হেই দেউতা মই হত্যা কাৰী নহয় বুলি কোৱা না | ৰাইজ আপোনালোকে কওঁকচোন | মই থানালৈ নাযাওঁ মোৰ বহুত ভয় লাগে |
সি পাগলৰ দৰে হ'ল,কোনোদিন এইবোৰত সোমাই নপৰা ল'ৰাজন আজি পুলিছৰ আলহী |
- অফিচাৰ মই আপোনাক হাতজোৰ কৰিছো,আপোনালোকে উচিত বিচাৰ কৰক | কোনে বোৱাৰীক হত্যা কৰিলে | কোনে তাইৰ পেটত অবৈধ সন্তানৰ বীজ সিছি দিলে |
ৰিয়ানৰ দেউতাকে হাতজোৰ কৰি পুলিছক অনুৰোধ কৰিলে |
- হব আমি চেষ্টা কৰিম | কিন্তু প্রথম জেৰাৰ সন্মুখীন হব আপোনাৰ সন্তান | প্রথম বিচাৰি উলিয়াম আমি হত্যাকাৰী তাৰ পাছত অবৈধ সন্তানৰ পিতৃ |
- বলক !

ৰিয়ান নাযায় কিন্তু পুলিছে তাক জোৰদাবস্তি গতিয়াই লৈ গ'ল | এজন শান্ত ল'ৰাৰ জীৱনত আজি অজানিতে আজি কি হৈ গ'ল |
- মই বিয়া পাতি ডাঙৰ ভুল কৰিলো | মই থানালৈ নাযাওঁ ,মই হত্যাকাৰী নহয় বিশ্বাস কৰক আপোনালোকে মোক মই নাযাওঁ,,,,দেউতা মোক লৈ যোৱা না ,,,,,,,,,,,,
এফালে ৰিয়ানক লৈ গ'ল থানালৈ,অন্যফালে মৃতদেহটো লৈ গ'ল প'ষ্টমৰ্টেমৰ বাবে |

- আহ! ,,,,,, মই,,,,,,,,,,, উশাহটো,,,,,,,,,,
হঠাত ঘটনাস্থলীতে মাটিত ধলি পৰিল ৰিয়ানৰ দেউতাক |
- নাই,,,,,,,,,
এটা বিকট চিঞঁৰ,সকলো ফালে প্রতিধ্বনি হ'ল |
- আহ!
- কি হৈছে আপোনাৰ ? কিয় এনেকুৱা এনেকুৱা খন কৰিছে ? বাবাক পুলিছে একো নকৰে চিন্তা নকৰিব |
মানুহ জনৰ মাত নোহোৱা হ'ল |
- হেৰি শুনিছে নাই আপুনি ? কিয় আপুনি একো কথা নকয় কিয় ? ৰাইজ প্লীজ আপোনালোকে মোক অকমান সহায় কৰক চোন | মোৰ মানুহজনৰ কি হ'ল চাওঁকচোন,,,,,,,
কিন্তু নাই এজন এজনকৈ সকলো মানুহ আতৰি গ'ল | যেন ৰিয়ানৰ ঘৰ খন আজি অপৰাধীৰ ঘৰ |
- আপোনালোকক মই ভীক্ষা খুজিছো | মোক অকমান সহায় কৰক প্লীজ | আমি বেয়া মানুহ নহয় ,আমি বোৱাৰী হত্যাকাৰী নহয় অ আমি প্রমান দিম |
এজনী অসহায় মহিলাৰ সহায়ৰ ভীক্ষা,হৃদয় ভঙা আৰ্তনাদ,অন্যফালে পুত্র শোকত এজন মানুহ সংজ্ঞাহীন |
- হেৰি,বলক আমি দুয়ো একেলগে মৰি থাকিম,লগতে বাবাক ও লৈ যাম | সি অকলে থাকিলে,,, ,
- খুড়ী ! হাৰে খুড়াৰ কি হ'ল,,,,,,
- ৰঞ্জন তুমি ! চোৱাচোন খুড়াই মোক নামাতে নাচায় | কিবা এটা কৰাচোন,,,,,,
- ৰব,,,,

ৰঞ্জনে দেখিছিল অন্য এটা ভয়ংকৰ বিপদে যেন সিহতক হাত বাউলি দি মাতিছে |এইফালে ৰাতি বহুত হৈছিল | তেনে এটা কাণ্ড দেখি ৰিয়ানৰ মাক দেউতাকক লৈ অনা গাড়ী খন ও গুছি গ'ল | এই ৰাতি গাড়ী ক'ত পাই বাৰু,,,,
- অট'
নাই গাড়ী খন নৰখালে | সি ও যেন ধৰ্য্য হেৰাই পেলাইছে | ৰিয়ানৰ অনুপস্থিতিত সি সিহতৰ ঘৰৰ দ্বিতীয় জন সন্তান | তেনেস্থলত তাৰ কৰনীয় আজি বহুত |
- অট'
গাড়ী খন ৰৈছিল | আহক চোন |
সি ড্রাইভাৰ জনৰ লগত ৰিয়ানৰ দেউতাক গাড়ীত উঠালে |
- বলক জলদি মেডিকেল |

যদি জীৱনৰ ৰং বোৰে
লুকা ভাকু খেলে
যদি আশাৰ পাপৰি
উমি উমি জ্বলে
তথাপিতো বন্ধু আগুৱাই যাবা
পাছলৈ ঘূৰি নাচাবা

ইতিমধ্যে প'ষ্ট মৰ্টেমৰ ৰিপ'ৰ্টত ওলালে | নম্রতাক হত্যা কৰা হৈছিল ,পেটত আঘাট কৰা হৈছিল তাইক | আৰু তাই গৰ্ভৱতী আছিলে |
- তুমি হত্যা কৰিছা ?
- নাই নাই ছাৰ মই নম্রতাক হত্যা কৰা নাই |আপোনালোকে বিশ্বাস কৰক | মই হত্যাকাৰী নহয় ছাৰ |
- হত্যাকাৰী নহয় ! ঠিক আছে যদি হয় বুলি আমি প্রমান কৰো | তেতিয়া ?
- মই নহয় |
পুলিছৰ জেৰা ৰিয়ানক | সি কাহানিওঁ এনে সপোন দেখা নাছিলে |


- ডাক্তৰ !
- ৰঞ্জন আপুনি অলপ শুনক |
- ছাৰ , তেখেত ভাল হবনে ছাৰ ? তেখেত অবিহনে আমি শুন্য ছাৰ | এইফালে মোৰ ল'ৰাটোৰ খৱৰ এটাওঁ ৰাখিৱ পৰা নাই ,কিবা হৈছে তাৰ !
- খুড়ী সকলো ঠিক হৈ যাৱ চিন্তা নকৰিব |
ৰঞ্জনে ডাক্তৰৰ লগত অকমান আতৰত আহিলে |
- ডাক্তৰ কওঁক চোন খুড়া ভালে আছে নহয় ?
- আই এম চৰি
- মানে
- আমি নোৱাৰিলো ,বহুত কষ্ট কৰিলো | তেখেত হাৰ্ট এটেকতে ঢুকালে |

ৰঞ্জন নিশ্চুপ হৈ বহি ৰ'ল | কেনেকে বাৰু খৱৰটো দিব খুড়ীক | কেনেকে শেষ হৈ গ'ল বাৰু এখন ঘৰ | সেই মৰমিয়াল খুড়া জন | কিমান মৰম ,বিশ্বাস কৰিছিল সিহতক |
সি এখোজ দুখোজকৈ ৰিয়ানৰ মাকৰ ওচৰত গ'ল |
- খুড়ী !
- ৰঞ্জন ,তুমি কান্দিছা ?
- খুড়া হেনো গ'লগৈ !
- নাই,,,,,,,,,,
ৰিয়ানৰ মাকে পাগলীৰ দৰে দৌৰ মাৰিলে মেডিকেলৰ ভিতৰলৈ |

থানাত গৈ উপস্থিত হ'ল | ৰিয়ান,নম্রতাৰ দেউতাক আৰু ককায়েক |
- ছাৰ, মোৰ জোৱাইক এৰি দিয়ক |
- কি আপোনাৰ ছোৱালী হত্যা কৰিছে আৰু আপুনি এৰি দিব দিছে ?
- মোৰ জোৱাই হত্যাকাৰী নহয় ছাৰ | সেয়া মোৰে দুৰ্ভাগ্য | ইতিমধ্যে তাৰ দেউতাক ও ধুকাইছে,,,,,
- ঠিক আছে ,কিন্তু আমি বিচাৰিলে আহিব লাগিব |

সিহতে ৰিয়ানক থানাৰ পৰা লৈ আহিলে |কিন্তু তাক কোনেওঁ কোৱা নাছিলে যে তাৰ দেউতাক ঢুকাইছে,,,,,,
ৰঞ্জনৰ হিয়া খন ভাগিছিলে,বেচেৰাই গাড়ীৰ চিটত গোটেই দেহটো পেলাই দিছিলে | হয়টো তাৰ শোকে দুখে ভাগৰ লাগিছে |
কিছু সময় পাছত সিহতে আহি পালে |
- ৰিয়ান আহ নামি আহ,,,,,,
সি নামি আহিছিল ,মুখৰ এটা শব্দ ও নিগ্রত হোৱা নাছিলে | ৰঞ্জনে তাক ধূতি খন পিন্ধই দিছিলে |
- ৰঞ্জন এইখন কিয় পিন্ধিৱ লাগে |
- নম্রতাক মুখাগ্নি কৰিব নালাগিব তই !
সি সৰু ল'ৰাৰ দৰে মোৰটো জোকাৰিছিলে |
- ব'ল এতিয়া
- কলৈ
- শ্মশানলৈ ,,,,,,,,

উপস্থিত সকলোৱে তাৰ ফালে চাই চকুলো টুকিছিল | হাঁহি থকা ,শান্ত ল'ৰা জনৰ চকুত আজি চকুপানী | সি গৈ আচৰিত হ'ল,,,,,
- ৰঞ্জন দুখন চিতা কাৰ ?
- এখন
- ক'
- এখন খুড়াৰ অ,,,,,,,
- কি ? দেউতা,,,,,,,,,,,,
সি বলিয়াৰ দৰে দৌৰি গৈছিল | দেউতাকৰ চিতাৰ কাষলৈ |
সৰু ল'ৰা এজনৰ দৰে ফেকুৰী কান্দিছিল |
- দেউতা তুমি ক'ত গুছি গ'লা ? মোক খং কৰিছা ন ? কিন্তু দেউতা মই হত্যাকাৰী নাছিলো | ইমান যদি বেয়া পাইছিলা মোক ত্যাজ্যপুত্র কৰিব লাগিছিলে |কিন্তু তুমি কিয় আতৰি গ'লা | মা আৰু মই কেনেকে থাকিম অ দেউতা |
- ল' ,আৰু মুখত অগ্নিসংযোগ কৰ |
ৰঞ্জনে জুইকুৰা তাৰ হাতত তুলি দিছিলে | জুইৰ পোহৰৰ ছাপ তাৰ মুখত পৰিছিল,জুইৰ দৰে ৰঙা হৈ পৰিছিল সি |
সি দেউতাকৰ চিতাৰ জুই কুৰাৰ মাজত দেখিছিল দেউতাকে হাঁহি হাঁহি তাক মাতি আছিলে | সি যেন দেউতাকৰ বুকুৰ মাজত সোমাৱ |

অ পখিৰাজ ঘোৰা
খট খটকৈ দৌৰা
মোৰ ককাল কতা
পাখি দুখন কতা

দেউতাকে তাক উমলাওঁতে গোৱা গানটো তাৰ কানত স্পষ্ট পৰিলে |
- আহ ৰিয়ান নম্রতাৰ মুখত অগ্নিসংযোগ কৰ
সি আগুৱাই গৈছিল তাইৰ চিতাৰ কাষলৈ | আৰু সি তাৰ পত্নীক জ্বলাই দিছিলে | ফুলশয্যা নিশা অবিহনে তাই আতৰি গ'ল | সি মাত্র চকু দুটা মুদি দিলে |
তেনেতে শ্মশান স্থলীত পুলিছ আহি উপস্থিত হ'ল |
- আমি নম্রতা বৰুৱাৰ হত্যাকাৰী পাই গ'লো |
সকলোৱে পুলিছ অফিচাৰ জনৰ ফালে চালে |
- হত্যা স্থলীত আমি এই আঙুঠিটো উদ্ধাৰ কৰিলো |
পুলিছে ৰিয়ানৰ সন্মুখত আঙুঠিটো দেখাই দিলে | আঙুঠিটো তাৰ আঙুঠি য'ত স্পষ্টকৈ লিখা আছিল " ৰিয়ান "
তাৰ বুকুখন ধিপিং কৈ মাৰিলে | এইবাৰ কি হব ! আঙুঠি উদ্ধাৰ হ'ল !

ক্ৰমশ,,,,,,

 #অভিশপ্ত_ফুলশয্যাখণ্ড নং - ৩ ম( নম্রতাই আত্মাহত্যা কৰিলে নেকি ? সেই সন্তানৰ পিতৃ পৰিচয় ওলাৱ নে ? )- আপোনালোকক মই কৈছো আ...
29/05/2019

#অভিশপ্ত_ফুলশয্যা
খণ্ড নং - ৩ ম

( নম্রতাই আত্মাহত্যা কৰিলে নেকি ? সেই সন্তানৰ পিতৃ পৰিচয় ওলাৱ নে ? )

- আপোনালোকক মই কৈছো আপোনালোকে তাইক এইখন ঘৰৰ পৰা লৈ যাওঁক | তাই আমাৰ ঘৰৰ বোৱাৰী হোৱা যোগ্য নহয় |
ৰিয়ানৰ খং বোৰ আজি শেষ নহব |
- বোপা হোমৰ জুইক সাক্ষী কৰি তোমালোকৰ বিবাহ হৈছিল | আৰু পেটত সন্তান থকা গম পোৱা হ'লে মই কেতিয়াওঁ তাইক তোমাৰ ওচৰত অৰ্পন নকৰিলো হৈ | গতিকে তাই তোমাৰ পত্নী তুমি যি কৰা,কাতি টুকুৰা টুকুৰ কৰি নদীত ভহাই দিয়া,বাহিৰত গৈ বিক্ৰী কৰি আহা সকলো তোমাৰ কথা | আজিৰ পৰা পাহৰি যাম যে মোৰ এজনী সৰু মৰম লগা ছোৱালী আছিলে | আজিৰ পৰা মই ভাৱিম তাইৰ মৃত্যু হৈছে | মাটি বন্ধকীত থৈ তাইক বিয়া দিছিলো ,,,,,,,,,,
চকুুপানীৰ নৈ বৈ গৈছিল মানুহ জনৰ দুচকুৰে |

যেন কিবা বিপদ ঘন্টা বাজিছে,এখন শান্তিৰ ঘৰত আজি দুখৰ নৈ বৈছে | কান্দোনৰ উচুপনিৰ ৰোল উঠিছে | বলিয়াৰ দৰে হৈছে শান্ত শিষ্ট ৰিয়ান | সি ঘৰলৈ দৌৰ মাৰি গ'ল | কিবা অঘটন হৈ থাকিৱ যোৱা নাইটো | তাৰ এই ৰূপ মাক দেউতাকে কেতিয়াওঁ দেখা নাই | সি হিংস্র টোৰ দৰে আজি গৰ্জন মাৰি উঠিছে | সকলো মাথো নিশ্চুপ হৈ চাই থাকিলে | কিছু সময় পাছত সি ওলাই আহিলে | এখন হাতত পেট্র'ল আৰু এখন হাতত মেছি দা খন |
- ৰিয়ান
মাকে চিঞৰি উঠিছিলে |
- মা মোক মোৰ কাম কৰিবলৈ দিয়া |
- কিন্তু তই এইবোৰ ?
- অ মা,মই যি কৰিম সকলো ভালৰ কাৰনে কৰিম |

সি সিহতৰ শুৱনি কোঠাত সোমাই গ'ল | তাৰ পাছে সকলো | সি শুৱনি কোঠাত গৈয়ে ন-কইনাই লগত অনা যৌতুকৰ বিচনা খনত পেট্র'ল ধালিলে | তেনেতে জুইৰ শিখা লগাব লওঁতে মাকে দৌৰি গৈ তাৰ হাত খনত থাপ মাৰি ধৰিলে |
- ৰিয়ান তই কি কৰিব ওলাইছ !
সকলোৱে মন কৰিছিলে | তাৰ দুচকুৰে চকুপানী বোৰ বাগৰি আহি তাৰ বহল বুকুখন চুইছিল |
- বাবা
ৰিয়ানৰ দেউতাকৰ মুখেৰে ওলাইছিল মাত্র এটা শব্দ |
সি বিচনা খনত বহি পৰিছিল | নম্রতাৰ দেউতাক আৰু ককায়েকে নিৰৱ দৰ্শক হৈ চাই আছিলে |
- এইখন বিচনা যিখন বিচনাত তাই মোক শুৱলৈ নিদিলে | যি সুন্দৰ দিনটিত তাই মোক তাইক স্পৰ্শ কৰিবলৈ মানা কৰিলে | তাই হেনো ব্রটত আছে | সেইকাৰনে সেই দিনটো হৈ পৰিলে মোৰ কাৰনে " অভিশপ্ত ফুলশয্যা " | সকলো জ্বলাই দিব দিয়া না মোক মা |
সকলোৱে তাক বহাৰ পৰা জোৰকৈ উঠাই আনিলে |

কিন্তু বহু সময় হ'ল ,নম্রতা এতিয়াওঁ কোঠাৰ পৰা বাহিৰ হোৱা নাই |
- বোৱাৰী,বোৱাৰী দৰ্জা খোলা বোৱাৰী |
নাই তাইৰ কোনো সহাৰি |
- মাজনী দৰ্জা খোল
নাই তাইৰ দেউতাকৰ মাততো তাই দৰ্জা নুখুলিলে |
তাৰ মানে তাই ভিতৰত !আটাইৰে বুকু খনত মৃদু মৃদু ভয়ৰ সঞ্চাৰ হ'ল |
শেষ হ'ল নেকি এটা কাহিনীৰ ! ৰহস্য! ৰহস্য হৈ থাকিল নেকি নম্রতাৰ জীৱনৰ |

দৰ্জা খন খোল খালে |সকলোৱে ভয় ভয়কৈ চালে | কিন্তু সকলো আচৰিত | এজনী বেলেগ নম্রতা | আউলি বাউলি ছুলি,শুভ্র সাজ,সিন্দুৰ বিহীন উকা কপাল | তাই ওলাই আহিলে | এখন হাতত এটা বেগ,আৰু এখন হাতত এটা টোপোলা | লাহি পাহি খোজেৰে তাই ৰিয়ানৰ মাকৰ ভৰিত পৰিলে | আৰু হাত জোৰ কৰি ক'লে,,,,,
- মা ,এই খিনি লওঁক আপোনালোকে মোক জোৰনত দিয়া সোণৰ গহনা |এয়া চাওঁকচোন মই এপদ ও লগত লোৱা নাই |মা মই অপবিত্র আছিলো ,সেয়েহে মোৰ পবিত্র স্বামী জনক মই মোক স্পৰ্শ কৰিব দিয়া নাছিলো | মই আজি ওলালো মা |

তাই ৰিয়ানৰ ফালে কেৰাহিকৈ চালে,সি হাতত মেছি দা খন তুলি লৈছিল | তাই হাতত বেগটো লৈ ওলাই আহিব লওঁতে সি চিঞৰি উঠিল |
- নম্রতা হিচাপ নিকাচ এতিয়াওঁ শেষ হোৱা নাই |
- ৰহ তই ক'ত পলাইছ ,তই যদি জানিছিলি যে তই অপবিত্র | তই এজন পবিত্র ল'ৰাৰ জীৱন ধংস নকৰা তেন্তে তই বিয়াত কিয় বহিছিলি ?
তাইৰ দেউতাকে তাইক জেৰা কৰিছিল |
- তুমি দুখ পাবা বুলি |
- কি ! আজি মই সুখ পালো ?তই তোৰ পেটত সন্তান থকা কথাটো মোক কিয় নক'লি ?
- কাৰন সেই কথা ক'লে তুমি মোক কেতিয়াওঁ ক্ষমা নকৰিবা দেউতা | কাৰন সেইজন অন্য কোনো নহয় সেইজন তোমাৰ মৰমৰ ,,,,,,,,,,,,
- কোন ? ৰৈ গ'লি কিয় ?

- আজি তোমালোকক নকওঁ,কিন্তু তোমালোকে নাভাবিৱা যে মই পলাইছো,নাই পলোৱা মই সেই মানুহ জনক লগত আনিৱলৈ যাওঁ |
- কিন্তু ক'ত যাৱি তই ?
- যাম দেউতা সেই মানুহ জন ক'ত থাকে সেয়া মই জানো | মই এতিয়া তেখেতৰ ওচৰলৈ যাম |
- ৰবা তুমি যাম বুলিলে এনেকে যাৱ নোৱাৰা |মই তোমাক যাৱ দিব নোৱাৰো | কাৰন আমাৰ সম্পৰ্ক এতিয়াওঁ শেষ হৈ যোৱা নাই |
ৰিয়ানে তাইক আগচি ধৰিলে |
- হব মই কি কৰিব লাগে কওঁক মই সাজু আছো |

সি দৌৰি ঘৰৰ ভিতৰত সোমাই গ'ল,আৰু হাতত এখিলা কাগজ আৰু কলমটো লৈ আহিলে |
- ইয়াত লিখি দিয়া তুমি কিয় ওলাই যাবা |
- ঠিক আছে দিয়ক |

মোৰ শ্রদ্ধাৰ

স্বামী দেৱতা,শহুৰ দেউতা,শাহুআই,মোৰ দেউতা,দাদা আজি আটাইৰে সন্মুখত মই লিখি দিলো যে মই মোৰ গৰ্ভত থকা সন্তানটোৰ জন্ম দাতাৰ ওচৰত যাম আৰু লগত লৈ আনি সকলোৰে আগত চিনাকী কৰাই দিম |

লগতে মই জনাওঁ যে মই দোষী,অপবিত্র যেতিয়া এইখন সংসাৰ আৰু নকৰো | কিন্তু মই দিয়া প্রতিশ্রুতি পালন কৰি হে মই আতৰিম |

শ্রদ্ধাৰে
নম্রতা বৰুৱা |

কথা খিনি লিখি তাই সকলোৰে পৰা বিদায় মাগিলে | তাই যোৱাৰ লগে লগে ৰিয়ানে হুকহুকাই কান্দিলে |
- দেউতা আপোনালোকে মোক ক্ষমা কৰিব | খংত মই বহু কথাই ক'লো | কিন্তু দেউতা চাওঁক মোৰ হৃদয় খনত জমা হোৱা দুখ বোৰ |
- মই বুজি পাইছো বোপা,মোৰে দুৰ্ভাগ্য তোমাৰ দৰে ল'ৰা এজন মই জোৱাই হৈ পাই ও হেৰুৱালো | আহিম সেইদিনা আকৌ যিদিনা সত্য উদঘাটন হব | সেইদিনা ই তাইক মই জীয়াই জীয়াই শ্মশানত জ্বলাই দিম | এনে সন্তান থকাতকৈ নিসন্তান হোৱাই শ্রেয় | আহিছো দিয়া,,,,,,,,,
শোকে দুখে মানুহ জন গ'লগৈ | লগতে ককায়েক |

আজি দুদিন হ'ল | সি ক'তো ওলাই যোৱা নাই,ঘৰৰ ভিতৰতে সোমাই আছে | আন কি ভালকৈ একো এটা মুখত ও দিয়া নাই |
- ৰিয়ান
- মা
- ভাত খাহি আহ |
- খাৱলৈ মন নাই মা ,মা কথা এটা কোৱাচোন ?
- কি কথা ক'
- মই বাৰু দেখাত বেয়া নেকি ? মই বেয়া ল'ৰা নেকি ?
- কোনে ক'লে তোক এইবোৰ !
- তেতিয়া হ'লে নম্রতাই মোক কিয় এৰি থৈ গ'ল ?
- তাই বেয়া ছোৱালী অ,,,,,
- মা বেয়া হ'লে ভাল কৰিব পাৰিতো | কিয় ৰত্মাকৰ দস্যু দেখোন পিছলে মহান বাল্মিকি হ'ল |
মাকে তাৰ কথা শুনি চাদৰৰ আছলৰে চকুপানী মছি উঠি গ'ল |

" নম্রতা , তোমাক মই বহুত ভাল পাই পেলাইছিলো | তুমি ইমান ধুনীয়া আছিলা |মই তোমাক বহুত সুখত ৰাখিলো হৈ | তোমালৈ ধুনীয়া ধুনীয়া কাপোৰ আনি দিলো হৈ ,,,,,,,,,,,,, "
সি অকলে অকলে বকি থাকিলে,সি পাহৰি গ'ল বহু কথাই | দুদিনতে সি বলিয়া হৈছিল সি ন - কইনা নম্রতাৰ প্রতি |

এনেকৈয়ে ভাগেনে সপোন
এনেকৈয়ে ছিগে নে বান্ধোন
কোনে কব মোক আজি
গোপনে গোপনে আহি
কোনে কব বাৰু কোন মোৰ আপোন

তেনেতে তাৰ ফোনটো বাজি উঠিছিল | সি স্ক্রীন নোচোৱাকৈ ৰিচিভ কৰিলে |
- হেল্ল'
- মই নম্রতাই কৈছো
- নম্রতা কোৱা,তোমাক আনিৱ যাম
- আজি সন্ধিয়া আপুনি কাহিলীপাৰালৈ ওলাই আহিবচোন |
- ঠিক আছে মই গৈছো |
- হব ৰাখিছো,,,,,,,

সি সন্ধিয়া দৌৰা দৌৰিকৈ ওলাই | মনটো যেন তাৰ বহুত ভাল |
- ৰিয়ান কলৈ যা ?
- মা মই আহি আছো |
কথা খিনি কৈ সি বাইক ষ্টাৰ্ট কৰি গুছি গ'ল | তাৰ নম্রতাৰ ওচৰলে | এক প্রকাৰ ৰিয়ানে মানসিক ভাৰসাম্য হেৰাই পেলাইছে ,,,,,,,

বহু ৰাতি হ'ল ,ৰিয়ান ঘৰলৈ অহা নাই,তাৰ মাক দেউতাকক চিন্তাত পৰিছে | ক'লৈ গ'ল বাৰু সি | একো জনাই থৈ ও নগ'ল | ইমান ৰাতিলৈ সি ক'তো নাথাকে কিন্তু আজি ,,,,,,
- হে ভগবান কি খেল দেখাইছা প্রভু |
মাকে ভগবানৰ নাম উচ্ছাৰণ কৰিলে |
তেনেতে তাৰ মাকৰ ফোনটো বাজিলে |
- হেল্ল'
- খুড়ী
- কোন
- মই ৰঞ্জনে কৈছো |
- অ ৰঞ্জন কোৱা |
- কাহিলী পাৰাৰ ড্রেনত এটা মৃত দেহ উদ্ধাৰ হৈছে
- কি
- মৃত দেহটো
- কাৰ ৰঞ্জন ?
- আপোনালোকৰ !
- আমাৰ
- আপোনালোকৰ ,,,,,,,,,,,,,

ক্ৰমশ

প্ৰেম💏    এজন ল'ৰাই এগৰাকী ছোৱালীক মনে মনে বহুত ভাল পাইছিল ॥    কলেজত সদায় ল'ৰাজনে ছোৱালী জনীক সৰু-সুৰা সহায় কৰি দিছিল আ...
27/05/2019

প্ৰেম💏

এজন ল'ৰাই এগৰাকী ছোৱালীক মনে মনে বহুত ভাল পাইছিল ॥
কলেজত সদায় ল'ৰাজনে ছোৱালী জনীক সৰু-সুৰা সহায় কৰি দিছিল আৰু তাৰ বদলি যেতিয়া ছোৱালী জনীয়ে তাক thanx বুলি কয় তেতিয়া তাৰ সুখৰ সীমা নোহোৱা হৈছিল॥

এদিনৰ কথা, দুয়ো খুজ কাঢ়ি কলেজৰ পৰা ঘৰলৈ বুলি গৈ আছে তেনেতে হঠাৎ বৰষোন আহিল আৰু দুয়ো গৈ উচৰতে থকা গছ এজোপাৰ তলত ৰ'ল বৰষোনৰ পৰা হাত সাৰিবলৈ ॥
ল'ৰা জনে ছোৱালী জনীক নিচেই কাষত পাই নিজৰ মনক বান্ধি ৰাখিব নোৱাৰিলে আৰু সি ছোৱালী জনীক প্ৰপ'জ কৰিলে॥

ল'ৰা: i love you দিপ্তী🌹মই তোমাক বহুত ভাল পাওঁ ।

(ছোৱালী জনীয়েও ল'ৰা জনক ভাল পাইছিল সেইহে তাইও প্ৰ'পজেল এক্সেপ্ত কৰিলে)

দিপ্তী: প্ৰনৱ মোৰো তোমাক ভাল লাগে 😊

দুয়োৰে মাজত প্ৰেম ভালপোৱা বাঢ়ি যাব ধৰিলে আৰু এদিন দুয়োৰে কলেজ শেষ হ'ল ॥

প্ৰনৱে চহৰৰ কোম্পানী এটাত চাকৰী পালে আৰু সি চাকৰী পোৱাৰ কথা দিপ্তীক জনালে, সিঁহত দুয়োৰে ঘৰৰ মানুহে প্ৰনৱক কলে যে চহৰলৈ যোৱাৰ আগতে তোমালোক দুয়োৰে এঙ্গেছমেন্ট কৰি দিওঁ ॥
কথাতো শুনি প্ৰনৱ আৰু দিপ্তী দুয়োৰে মনত সুখৰ নদী ব'ব ধৰিলে॥
কথা মতেই কাম, এঙ্গেছমেন্ট হৈ গ'ল আৰু প্ৰনৱ চহৰলৈ গুছি গ'ল,সদায় গধূলি প্ৰনৱে দিপ্তীলৈ ফোন কৰে বহু সময় ধৰি দুয়োৰে মাজত কথা বাৰ্তা হয় ॥

এদিনৰ কথা, প্ৰনৱৰ জন্মদিন আছিল সেইদিনা,দিপ্তী আৰু তাইৰ মাক দেউতাক গাড়ি লৈ উলাই গ'ল প্ৰনৱক চাৰপ্ৰাইজ দিবলৈ বুলি কিন্তু তেওঁলোকৰ গাড়ি এক্সিডেন্ট হ'ল, দিপ্তীয়ে চকু মেলি দেখে তাইৰ মাক দেউতাকে আঘাত পাইছে, তাইৰো শৰিৰত বহু আঘাত পাইছে,তাই মাক দেউতাকক চিঞৰি মাতিছে কিন্তু মাক দেউতাকৰ কোনো উত্তৰ নাইপোৱা, দেখিছে মাথো কিছুমান মানুহে তেওঁলোক তিনিওকে গাড়িত উঠাই হাস্পিতেললৈ লৈ গৈছে ।
মাক দেউতাকৰ লগতে দিপ্তীও সুস্থ হৈ পৰিল কিন্তু দিপ্তীৰ কণ্ঠ হেৰাই গ'ল, তাই আৰু কোনো দিন কথা পাতিব নোৱাৰিব, বোবা হৈ পৰিল তাই নিমিষতে ।

১ ঘন্টা ধৰি দিপ্তীৰ ফোনত প্ৰনৱৰ কল আহিছে কিন্তু তাই কল ৰিছিভ কৰা নাই তাই কেৱল কান্দিছে আৰু তাইক দেখি মাক দেউতাকৰো চকুলো নোৰোৱা হৈছে,হঠাৎ যে কিহৰ পৰা কি হৈ গ'ল ।

পাছদিনা আকৌ সেই প্ৰনৱৰ ফোন আহিব ধৰিলে, বহুতো মেছেজ আহিলে কিন্তু দিপ্তীয়ে তাৰ একো উত্তৰ দিব নোৱাৰিলে ।
তাই প্ৰনৱলৈ এখনি চিঠি লেখিলে...

প্ৰনৱ তুমি আৰু মোলৈ কেতিয়াও কল মেছেজ নকৰিৱা মই তোমাৰ লগত বিয়া হ'ব নোৱাৰো
(চিঠিৰ লগত প্ৰনৱে পিন্ধুৱা আঙুঠিতো পথালে).

প্ৰনৱে চিঠিখন পাই আচৰিত হ'ল আৰু দুদিন পাছত সি দিপ্তীৰ ঘৰলৈ আহিলে কিন্তু দিপ্তীৰ মাক দেউতাকে দিপ্তীক লগত লৈ অন্য ঠাইত গুছি গৈছে ।

দিপ্তীয়ে লাহে লাহে ইঙ্গিতেৰে কথা পাতিবলৈ শিকিব ধৰিলে আৰু তেনেদৰেই ৬মাহ পাৰ হৈ গ'ল আৰু এদিন প্ৰনৱৰ বন্ধু এজন আহি উলাল দিপ্তীৰ ঘৰত তেখেতে দিপ্তীক এখন চিঠি দিলে দিপ্তীয়ে চিঠি খন পঢ়ি উচুপি উঠিল আৰু তাইও এখন চিঠি লিখি বন্ধু জনৰ হাতত দিলে প্ৰনৱলৈ বুলি আৰু বন্ধু জনক ইঙ্গিতেৰে কলে আৰু মোৰ উচৰলৈ নাহিব মই বোবা হৈ পৰিলো মই আৰু কেতিয়াও কথা পাতিৱ নোৱাৰো বন্ধু জন গুছি গ'ল আৰু দিপ্তীয়ে আকৌ হুকহুকাই কান্দি উঠিল॥

১ বছৰ পাৰ হৈ গ'ল দিপ্তী সেই আগৰ দৰেই আছে সদায় প্ৰনৱৰ কথা মনত পেলাই কান্দে আৰু মাক দেউতাকক দেখোৱাই সুখী থকাৰ অভিনয় কৰে ।

আজি আকৌ হঠাৎ প্ৰনৱৰ সেই বন্ধু জন আহি দিপ্তীৰ সন্মুখত ঠিয় দিলে, তেওঁৰ হাতত আজি চিঠি নহয় তেওঁ আজি লৈ আহিছে এখন বিয়াৰ ইন্ভেতিচন কাৰ্ড,

প্ৰনৱে বিয়া পাতিছে তাকে তোমাক জনাবলৈ আহিলো ॥

( বন্ধু জনে কথাবোৰ কৈ গ'ল আৰু দিপ্তীয়ে মনৰ মাজতে উচুপি উচুপি কথাবোৰ শুনি গ'ল)

দিপ্তীয়ে কাৰ্ড খন খুলি চালে আৰু তাই আচৰিত হৈ পৰিল ই কি কন্যাৰ নামৰ ঠাইত তাইৰ নাম লেখা আছে "দিপ্তী"

তেনেতে প্ৰনৱ গাড়িৰ পৰা নামি আহিল আৰু দিপ্তীৰ সন্মুখত ঠিয় হৈ এজন বোবা মানুহৰ দৰেই ইঙ্গিতেৰে কৈ গ'ল,,,
মই তোমাক বহুত ভাল পাওঁ তোমাৰ বাদে মই কাকো ভাল পাব নোৱাৰো আজি ১ বছৰ দিন ধৰি মই ইঙ্গিতেৰে কথা পাতিবলৈ শিকিছো কেৱল তোমাৰ বাবে এতিয়াতো তোমাৰ কোনো আপত্তি নাই মোৰ লগত বিয়া হবলৈ ।

(দিপ্তীয়ে প্ৰনৱক সাৱটি ধৰিলে নিজৰ হেৰুৱা প্ৰেমক ঘুৰাই পোৱাৰ সুখে দুয়োৰে চকুত দুটোপাল চকুপানী বোৱালে)
--------------------------------------------

কাহিনীটো পঢ়ি ভাল পালে আমাৰ পেজ খনি লাইক কৰিৱ

25/05/2019

📣vlpuwa jnoloi card greetings kiba kagojor upohar dibo bisara tnhola amak jonabo apnaluka jnakoi bisara tnakoi ami design korim☝️

Address

Golaghat
785631

Telephone

+918011418104

Website

Alerts

Be the first to know and let us send you an email when Assamese Love Story posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category