15/10/2025
সৰুপথাৰ বিধানসভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰ*
*৫০ৰো অধিক ৰোগৰ বিনামূলীয়া পৰীক্ষা, পৰামৰ্শ প্ৰদানৰ ব্যৱস্থা*
অসম চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি 'শুশ্রূষা সেতু' শীর্ষক বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। ১৮ ছেপ্টেম্বৰ, ২০২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা এই 'শুশ্রূষা সেতু'ৰ অংশস্বৰূপে গোলাঘাট জিলাৰ প্ৰথমটো বৃহৎ স্বাস্থ্য শিবিৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ অধীনত সৰুপথাৰ মহাবিদ্যালয়ত ১৫ অক্টোবৰ, ২০২৫ তাৰিখে অনুষ্ঠিত হয়।
আজি অনুষ্ঠিত এই বৃহৎ স্বাস্থ্য শিবিৰ সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন মহোদয়ে মুকলি কৰে তথা এক ৰাজহুৱা সভাত সন্মিলিত হৈ ৰাইজক সম্বোধন কৰি অসম চৰকাৰৰ এই বিশাল পৰিকল্পনাৰ শলাগ লয়। তেখেতে সৰুপথাৰ সমষ্টিৰ ৰাইজক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা আগবঢ়োৱা চিকিৎসা সেৱাৰ সুবিধা লাভ কৰি প্ৰয়োজন অনুসৰি উন্নত চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ সুবিধা লাভ কৰাৰ বাবে আহ্বান জনাই। সভাত উপস্থিত বিশিষ্ট ব্যক্তি সকলৰ মাজৰ পৰা জিলা আয়ুক্ত, নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক শ্ৰীযুত মিন্টু সন্দিকৈ আৰু গুৱাহাটীৰ পৰা অহা হৃদৰোগ বিশেষজ্ঞ ডা: মৃদুল মহন্তদেৱে ৰাইজক সম্বোধন কৰি বহুমূলীয়া ভাষণ আগবঢ়াই। ডা: মৃদুল মহন্তদেৱে হৃদৰোগৰ পৰা বাচি থাকিবলৈ ৰাইজক খাদ্য সম্ভাৰ তথা দৈনন্দিন জীৱন শৈলীত সামান্য পৰিবৰ্তন কৰি কমেও আধা ঘণ্টা শাৰীৰিক ব্যায়াম কৰাৰ বাবে উৎসাহ যোগাই।
শুভাৰম্ভণি অনুষ্ঠানত জিলা আয়ুক্ত, সম জিলা আয়ুক্ত, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ প্ৰসূতি স্বাস্থ্য পৰামৰ্শদাতা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, চক্ৰ বিষয়া,
নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক, সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা, বৰপথাৰ পৌৰসভাৰ পৌৰপতি, মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া, ধনশিৰি মহকুমাৰ মুখ্য স্বাস্থ্য বিষয়াকে আদি কৰি প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ মূল সদস্যসকল, চিকিৎসাকৰ্মী তথা স্থানীয় ৰাইজ উপস্থিত থাকে।
সৰুপথাৰ মহাবিদ্যালয়ত অনুষ্ঠিত আজিৰ বৃহৎ স্বাস্থ্য শিবিৰত বিশেষজ্ঞ চিকিৎসকৰ দলে বিনামূলীয়া ভাবে চিকিৎসা সেৱা প্ৰদান কৰে। হৃদৰোগ, স্নায়ুৰোগ, চৰ্মৰোগ, অস্থিৰোগ, শিশু ৰোগ, স্ত্রীৰোগ, দাঁতৰ ৰোগ, শিশুৰ বিকাশজনিত বিলম্বকে আদি কৰি মুঠ ৫০ৰো অধিক ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু পৰামৰ্শ প্ৰদান কৰা হয়। আজিৰ স্বাস্থ্য শিবিৰত মুঠ ৩১৪৮ ৰোগীৰ ভিতৰত ০-১৮ বছৰ বয়সৰ ২১৬৭ জন ৰোগীয়ে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা লাভ কৰে আৰু এই পৰ্যন্ত ৩২৯ জন ৰোগীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।
উল্লেখযোগ্য যে গোলাঘাট জিলাত মুঠ ৫টা বিধানসভা সমষ্টিত শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰে খুমটাই, দেৰগাঁও, বোকাখাত আৰু গোলাঘাট সমষ্টিত অক্টোবৰ মাহৰ ক্ৰমে ১৭, ২২, ২৪ আৰু ২৬ তাৰিখে বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰ সমূহৰ মূল উদ্দেশ্য হ'ল ১৮ বছৰ বয়সৰ তলৰ শিশু তথা কিশোৰ-কিশোৰীৰ ৰোগ নির্ণয়, প্রয়োজনীয় স্বাস্থ্য পৰীক্ষা আৰু উন্নত চিকিৎসা সেবা প্রদান ।
CMO Assam
Himanta Biswa Sarma
Ashok Singhal
Kamakhya Prasad Tasa
Ajanta Neog
Atul Bora অতুল বৰা
Biswajit Phukan
Bhabendra Nath Bharali ভবেন্দ্ৰনাথ ভৰালী
Mrinal Saikia
NHMGolaghat
DIPRO Golaghat
Directorate of Information and Public Relations, Assam