21/10/2025
গোলাঘাট জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত যোৱা ইংৰাজী ১৬ অক্টোবৰ ২০২৫ তাৰিখ বৃহস্পতিবাৰে গোলাঘাট জিলা আন্তঃবিদ্যালয় সাতোঁৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।অসম সাঁতোৰ সন্থাৰ উপ সভাপতি প্ৰাঞ্জল ভট্টাচাৰ্য , গোলাঘাট জিলা সাঁতোৰ সন্থাৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল, অসম ফুটবল সন্থাৰ উপ সভাপতি অজয় ভঁৰালী , ক্ৰীড়া সংগঠক এম আলি আহমেদ, থানেশ্বৰ বৰা , গোলাঘাটৰ উপ পৌৰপতি সীমান্ত বৰা , জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ শাৰিৰীক নিৰ্দেশকসকল, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক ৰূপক দত্ত, মৃদুল শৰ্মা আদি ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে গোলাঘাটস্থ ১৪২ নং চি আৰ পি এফ বেটিলিয়নৰ কামাণ্ডাৰ মহিন্দৰ কুমাৰে ৷ অনুষ্ঠানটো আঁত ধৰে জিলা ক্ৰীড়া বিষয়া বিমল গগৈয়ে।
প্ৰতিযোগিতাখনিত ১০ বছৰ অনুৰ্ধ লৰা শাখাত দিপাঞ্চ হাজৰিকা আৰু ছোৱালী শাখাত বিশালক্ষ্মী বৰা, ১২ বছৰ অনুৰ্ধ লৰা শাখাত নিবিড় নয়ন দাস আৰু ছোৱালী শাখাত কাব্যশ্ৰী শইকীয়া, ১৪ বছৰ অনুৰ্ধ লৰা শাখাত প্ৰনাম্য ভদ্বৰাজ আৰু ছোৱালী শাখাত বিৰিণা হাজৰিকা, ১৭ বছৰ অনুৰ্ধ লৰা শাখাত অভিলাষ বৰপাত্ৰ গোহাঁই আৰু ছোৱালী শাখাত শৰ্মিষ্ঠা গগৈয়ে শ্ৰেষ্ঠ সাতোঁৰবিদৰ খিতাপ অৰ্জন কৰে।
আনহাতে শ্ৰেষ্ঠ বিদ্যালয় শিতানত দিল্লী পাব্লিক স্কুলে প্ৰথম , বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ে দ্বিতীয় আৰু খৃষ্টজ্যোতি হাইস্কুলে তৃতীয় স্থান দখল কৰে।উল্লেখ্য যে গোলাঘাট চুইমিং পুলৰ সাঁতোৰ প্ৰশিক্ষণ আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰা ৰূপম গগৈক উদ্বোধনী অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়।