BJP Town Mandal Social Media Cell

BJP Town Mandal Social Media Cell Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP Town Mandal Social Media Cell, Political Party, Vandana Vivah Bhawan, Golaghat.

23/09/2020
বিজেপিৰ বাহিৰে আন কোনো ৰাজনৈতিক দলে অসম চুক্তি ৰূপায়ণ নকৰে আৰু কৰিবও নোৱাৰে । সংখ্যালঘু ভোট বেংকত মোক্ষম আঘাত পৰাৰ আশংকা...
23/09/2020

বিজেপিৰ বাহিৰে আন কোনো ৰাজনৈতিক দলে অসম চুক্তি ৰূপায়ণ নকৰে আৰু কৰিবও নোৱাৰে । সংখ্যালঘু ভোট বেংকত মোক্ষম আঘাত পৰাৰ আশংকাত কংগ্ৰেছে আগতেও অসম চুক্তি ৰূপায়ণ কৰা নাছিল আৰু আগলৈকো নকৰে । কেন্দ্ৰীয় বিজেপি চৰকাৰৰ সহায় অবিহনে আঞ্চলিক দল সমূহে অসম চুক্তি কাহানিও ৰূপায়ণ কৰিব নোৱাৰিব । এআইউডিএফৰ বাবে অসম চুক্তিৰ ৰূপায়ণ পৰমাণু বোমাৰ দৰে ।

বৰ্তমান অসম চুক্তিৰ ছয় নম্বৰ দফাৰ "খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষাৰ" ৰূপায়ণৰ কামে গতি লৈছে । ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কামো সফল হবলৈ গৈ আছে । বড়ো চুক্তিৰ ৰূপায়ণৰ কাম আগবাঢ়িছে । এখন ত্ৰুতিপূৰ্ণ এনআৰচিৰ পৰিবৰ্তে, বিজেপি দলে অসমৰ ভৱিষ্যত স্বাৰ্থ ৰক্ষাৰ বাবে ত্ৰুতিমূক্ত এনআৰচিৰ পোষকতা কৰে । সেয়েহে অসমৰ বিজেপি চৰকাৰে সীমান্তস্থিত জিলাত ২০℅ আৰু আন জিলাত ১০℅ এনআৰচি ভূক্ত নামৰ পুনৰীক্ষণৰ বাবে ন্যায়ালত শপতনামা দাখিল কৰিছে ।

বিজেপি চৰকাৰ আৰু দলৰ উক্ত অসম হিতৈষী যোগাত্মক কাৰ্যাৱলী সমূহৰ প্ৰতি আকৃষ্ট হৈ আজি পুনৰ ৯ গৰাকী বিশিষ্ট শিল্পী, কলাকুশলী আৰু ব্যৱসায়ীয়ে বিজেপি দলত যোগদান কৰিছে । সংগীত পৰিচালক তথা গীতিকাৰ বিমান বৰুৱা, জয়ন্ত কুমাৰ শৰ্মা, কণ্ঠশিল্পী কল্লোল বৰঠাকুৰ, সংগীত ব্যৱস্থাপক ভাস্কৰ জ্যোতি দাস, সংগীত শিক্ষক বুলুমনি গোস্বামী, বাদ্যশিল্পীদ্বয় নিকুঞ্জ মেধি, জগদীশ শৰ্মা, বিশিষ্ট ব্যৱসায়ীদ্বয় চিৰঞ্জিৎ বৰপুজাৰী আৰু প্ৰনৱ কুমাৰ মিশ্ৰই বিজেপি দলত যোগদান কৰে ।

কেন্দ্ৰীয় কৃষি সম্পৰ্কীয় বিধেয়ক কেইখনে কৃষক সকলক মধ্যভোগী দালালৰ শোষণৰ পৰা অৱশেষত মুক্ত কৰিছে । এতিয়া কৃষক সকলে তেখেত সকলৰ উৎপাদিত শষ্যৰ বিক্ৰিৰ বাবে চৰকাৰী নিৰ্দ্ধাৰিত মুল্য লাভ কৰাৰ উপৰিও, অধিক মুল্যত বিক্ৰি কৰিবলৈ ক্ৰেতা সকলৰ লগত দৰদাম কৰিবলৈ সক্ষম হব । এয়া কৃষক শক্তিৰ সৱলীকৰণৰ বাবে বিজেপি দল আৰু চৰকাৰৰ এক দৃঢ় পদক্ষেপ ।

১৮ কোটিৰো অধিক পঞ্জীয়ন ভূক্ত সক্ৰিয় সদস্যৰ সংখ্যাৰে বিজেপি বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আৰু সৰ্বশক্তিমান ৰাজনৈতিক দল । অসমত বিজেপি দলৰ পঞ্জীয়ন ভূক্ত সদস্যৰ সংখ্যা ৪২ লাখতকৈও অধিক । অনাগত দুই তিনি মাহত এই সংখ্যাই ৬৫ লাখ অতিক্ৰম কৰিব । আমি দৃঢ়তাৰে উপলব্ধি কৰো - বিজেপি দলৰ প্ৰতি গৰাকী সদস্য আৰু কাৰ্যকৰ্তাৰ শিৰত, বিজয়ৰ বাবে ভাৰত মাতা আৰু অসমী আইৰ আশীৰ্বাদ আছে ‌।

অসম চৰকাৰৰ পৰিবহণ বিভাগৰ এখন উল্লেখযোগ্য আঁচনি মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনি। আজি এই আঁচনিৰ অধীনত লঘু যান-বাহন প্ৰদ...
23/09/2020

অসম চৰকাৰৰ পৰিবহণ বিভাগৰ এখন উল্লেখযোগ্য আঁচনি মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনি। আজি এই আঁচনিৰ অধীনত লঘু যান-বাহন প্ৰদানৰ শুভাৰম্ভ কৰা হ'ব গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব মাননীয় পৰিবহণ মন্ত্ৰী শ্ৰীযুত চন্দ্রমোহন পাটোৱাৰী।

CMO Assam
Sarbananda Sonowal
Chandra Mohan Patowary

BJP Golaghat town mandal executive meeting held today i.e. 22/09/2020 at Bandana vivah bhawan. Thank you to the office b...
22/09/2020

BJP Golaghat town mandal executive meeting held today i.e. 22/09/2020 at Bandana vivah bhawan. Thank you to the office bearers, executives and well wishers for your support and co-operation for making it successful.

Address

Vandana Vivah Bhawan
Golaghat
785621

Website

Alerts

Be the first to know and let us send you an email when BJP Town Mandal Social Media Cell posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share