Office of the Co-District Commissioner, Sarupathar

Office of the Co-District Commissioner, Sarupathar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Office of the Co-District Commissioner, Sarupathar, Government Organization, S. D. O Civil Office, Golaghat.

সৰুপথাৰ বিধানসভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰ৫০ৰো অধিক ৰোগৰ বিনামূলীয়া পৰীক্ষা, পৰামৰ্শ প্ৰদানৰ ব্যৱস্থাঅসম চৰকাৰে সমগ্...
15/10/2025

সৰুপথাৰ বিধানসভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰ

৫০ৰো অধিক ৰোগৰ বিনামূলীয়া পৰীক্ষা, পৰামৰ্শ প্ৰদানৰ ব্যৱস্থা

অসম চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি 'শুশ্রূষা সেতু' শীর্ষক বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। ১৮ ছেপ্টেম্বৰ, ২০২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা এই 'শুশ্রূষা সেতু'ৰ অংশস্বৰূপে গোলাঘাট জিলাৰ প্ৰথমটো বৃহৎ স্বাস্থ্য শিবিৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ অধীনত সৰুপথাৰ মহাবিদ্যালয়ত ১৫ অক্টোবৰ, ২০২৫ তাৰিখে অনুষ্ঠিত হয়।

আজি অনুষ্ঠিত এই বৃহৎ স্বাস্থ্য শিবিৰ সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন মহোদয়ে মুকলি কৰে তথা এক ৰাজহুৱা সভাত সন্মিলিত হৈ ৰাইজক সম্বোধন কৰি অসম চৰকাৰৰ এই বিশাল পৰিকল্পনাৰ শলাগ লয়। তেখেতে সৰুপথাৰ সমষ্টিৰ ৰাইজক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা আগবঢ়োৱা চিকিৎসা সেৱাৰ সুবিধা লাভ কৰি প্ৰয়োজন অনুসৰি উন্নত চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ সুবিধা লাভ কৰাৰ বাবে আহ্বান জনাই। সভাত উপস্থিত বিশিষ্ট ব্যক্তি সকলৰ মাজৰ পৰা জিলা আয়ুক্ত, নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক শ্ৰীযুত মিন্টু সন্দিকৈ আৰু গুৱাহাটীৰ পৰা অহা হৃদৰোগ বিশেষজ্ঞ ডা: মৃদুল মহন্তদেৱে ৰাইজক সম্বোধন কৰি বহুমূলীয়া ভাষণ আগবঢ়াই। ডা: মৃদুল মহন্তদেৱে হৃদৰোগৰ পৰা বাচি থাকিবলৈ ৰাইজক খাদ্য সম্ভাৰ তথা দৈনন্দিন জীৱন শৈলীত সামান্য পৰিবৰ্তন কৰি কমেও আধা ঘণ্টা শাৰীৰিক ব্যায়াম কৰাৰ বাবে উৎসাহ যোগাই।

শুভাৰম্ভণি অনুষ্ঠানত জিলা আয়ুক্ত, সম জিলা আয়ুক্ত, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ প্ৰসূতি স্বাস্থ্য পৰামৰ্শদাতা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, চক্ৰ বিষয়া,
নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক, সৰুপথাৰ মহাবিদ্যালয়ৰ অধ‍্যক্ষা, বৰপথাৰ পৌৰসভাৰ পৌৰপতি, মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া, ধনশিৰি মহকুমাৰ মুখ্য স্বাস্থ্য বিষয়াকে আদি কৰি প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ মূল সদস্যসকল, চিকিৎসাকৰ্মী তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

সৰুপথাৰ মহাবিদ্যালয়ত অনুষ্ঠিত আজিৰ বৃহৎ স্বাস্থ্য শিবিৰত বিশেষজ্ঞ চিকিৎসকৰ দলে বিনামূলীয়া ভাবে চিকিৎসা সেৱা প্ৰদান কৰে। হৃদৰোগ, স্নায়ুৰোগ, চৰ্মৰোগ, অস্থিৰোগ, শিশু ৰোগ, স্ত্রীৰোগ, দাঁতৰ ৰোগ, শিশুৰ বিকাশজনিত বিলম্বকে আদি কৰি মুঠ ৫০ৰো অধিক ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু পৰামৰ্শ প্ৰদান কৰা হয়। আজিৰ স্বাস্থ্য শিবিৰত মুঠ ৩১৪৮ ৰোগীৰ ভিতৰত ০-১৮ বছৰ বয়সৰ ২১৬৭ জন ৰোগীয়ে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা লাভ কৰে আৰু এই পৰ্যন্ত ৩২৯ জন ৰোগীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।

আজি সৰুপথাৰ সমজিলাৰ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰৰ লগতে সৰুপথাৰ নগৰৰ ৰংঘৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কেন্দ্ৰীয় ভাবে অৰুনোদয় ৩.০ স...
07/10/2025

আজি সৰুপথাৰ সমজিলাৰ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰৰ লগতে সৰুপথাৰ নগৰৰ ৰংঘৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কেন্দ্ৰীয় ভাবে অৰুনোদয় ৩.০ সংস্কৰনৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। সৰুপথাৰ সমজিলাৰ তথা সৰুপথাৰ বিধান সভা সমষ্টিৰ প্ৰায় ৩০ হাজাৰ হিতাধিকাৰীলৈ অৰুনোদয়ৰ ধন ৰাশি এই মাহৰ পৰা পোনে পোনে বেংক একাউন্টলৈ হস্তান্তৰিত কৰা হয়। এই সভাত গুৱাহাটী পৰা ৰাজ্যিক পৰ্য্যায়ৰ অনুষ্ঠানত উপস্থিত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাষনৰ পোনপটীয়া সম্প্ৰচাৰন কৰা হয়। সৰুপথাৰ সমজিলাৰ এই কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে সৰুপথাৰ বিধান সভাৰ মাননীয় বিধায়ক শ্ৰী যুত বিশ্বজিৎ ফুকন ডাঙৰীয়াই , লগতে উপস্থিত থাকে সমজিলা আয়ুক্ত গৰাকীৰ লগতে পৌৰ সভাৰ ৱাৰ্ড কমিছনাৰ সকল।

আজি ২ অক্টোবৰৰ এই বিশেষ দিনটোত সৰুপথাৰ আৰু বৰপথাৰ পৌৰ সভাৰ সৌজন্যত তথা গান্ধীবাদী আদৰ্শৰে অনুপ্ৰাণিত লোকৰ উপস্থিতিত সৰুপ...
02/10/2025

আজি ২ অক্টোবৰৰ এই বিশেষ দিনটোত সৰুপথাৰ আৰু বৰপথাৰ পৌৰ সভাৰ সৌজন্যত তথা গান্ধীবাদী আদৰ্শৰে অনুপ্ৰাণিত লোকৰ উপস্থিতিত সৰুপথাৰ সমজিলাৰ আয়ুক্ত গৰাকীয়ে সকলোৰে পূজ্য বাপু মহামানৱ মহাত্মা গান্ধীক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে ৷ গান্ধীজীৰ আদৰ্শ আৰু দৃষ্টিভংগীয়ে লোকসেৱাত ব্ৰতী সকলোকে পথ প্ৰদৰ্শন কৰিব বুলি আশা কৰি এই 'গান্ধী জয়ন্তী' প্ৰকৃতাৰ্থত ভাৰতৰ স্বাধীনতা সংগ্ৰামত গান্ধীজীৰ অতুলনীয় অৱদানক স্মৰণ কৰা আৰু তেখেতৰ প্ৰেৰণাদায়ক জীৱনক উদযাপন কৰাৰ এক বিশেষ দিন বুলি গণ্য কৰা হয় ।

আজি সৰুপথাৰ সমজিলাৰ আয়ুক্ত গৰাকীয়ে নাহৰনি প্ৰাথমিক বিদ্যালয়, সৰুপথাৰ নিম্ন বুনিয়াদী বিদ্যালয়, সৰুপথাৰ হিন্দী মধ্য ইংৰ...
26/09/2025

আজি সৰুপথাৰ সমজিলাৰ আয়ুক্ত গৰাকীয়ে নাহৰনি প্ৰাথমিক বিদ্যালয়, সৰুপথাৰ নিম্ন বুনিয়াদী বিদ্যালয়, সৰুপথাৰ হিন্দী মধ্য ইংৰাজী বিদ্যালয়, কালি বাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু পি এম শ্ৰী সৰুপথাৰ টাউন প্ৰাথমিক বিদ্যালয় সমূহৰ শৈক্ষিক সা সুবিধা, মধ্যাহ্ন ভোজনৰ ব্যৱস্থা, শৌচালয়, শিক্ষণ প্ৰনালী সমুহৰ অৱলোকন কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰি সমূহ শিক্ষা ব্যৱস্থাৰ ওপৰত পৰ্যালোচনা কৰে।

লগতে আয়ুক্ত গৰাকীয়ে অনাগত ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত পোলিং বিষয়া আৰু ভোট দাতা সকলৰ বাবে থাকিব লগীয়া নিম্নতম সা সুবিধা সমূহৰো পৰ্যবেক্ষণ কৰি উপযুক্ত ব্যৱস্থা সমুহ নিশ্চিত কৰাৰ উদ্দেশ্যে তালিকাভুক্ত কৰে।

সমূহ অসম বাসী ৰাইজৰ দ্বাৰা তথা অসম চৰকাৰৰ উদ্যোগত অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তেষ্টিক্ৰিয়াৰ আগমুহূৰ্তত সো...
23/09/2025

সমূহ অসম বাসী ৰাইজৰ দ্বাৰা তথা অসম চৰকাৰৰ উদ্যোগত অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তেষ্টিক্ৰিয়াৰ আগমুহূৰ্তত সোণাপুৰৰ কমাৰকুছিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ সামন্তৰালভাৱে সৰুপথাৰ সমজিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সমুহ বিষয়া কৰ্মচাৰী বৃন্দই মৰমৰ শিল্পী জনৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি প্ৰাৰ্থনা জনাই।

আজি সৰুপথাৰ সমজিলাৰ আয়ুক্ত তথা সৰুপথাৰ ৰাজহ চক্ৰ বিষয়াই দৈয়াং নৈৰ দাঁতিকাষৰীয়া বচাপথাৰ মধ্য ইংৰাজী বিদ্যালয় আৰু হেৰহে...
17/09/2025

আজি সৰুপথাৰ সমজিলাৰ আয়ুক্ত তথা সৰুপথাৰ ৰাজহ চক্ৰ বিষয়াই দৈয়াং নৈৰ দাঁতিকাষৰীয়া বচাপথাৰ মধ্য ইংৰাজী বিদ্যালয় আৰু হেৰহেৰী জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ বান শিবিৰ অৱলোকন কৰি শিবিৰত বাহৰ পাতি থকা লোক সকলৰ লগত মত বিনিময় কৰি সা সুবিধা সমূহৰ বুজ লয়। বিষয়া দ্বয়ৰ লগত সৰুপথাৰ মহকুমা স্বাস্থ্য বিষয়াও উপস্থিত থাকি স্বাস্থ্য কৰ্মী সকলৰ লগতে উপলব্ধ ঔষধ পাতিৰো বুজ লয়। তেওঁলোকে খোৱা পানী, পশু খাদ্যৰ লগতে ৰন্ধন গৃহও পৰিদৰ্শন কৰি সকলো ধৰনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাইজক অৱগত কৰে।

সৰুপথাৰ সমজিলাৰ অন্তৰ্গত ৰেংমা সংৰক্ষিত বনাঞ্চলৰ দৈয়াং নৈৰ দাঁতিকাষৰীয়া বৰবিল গাওঁত সীমান্ত দণ্ডাধীশ গৰাকীৰ তত্বাৱধানত ...
16/09/2025

সৰুপথাৰ সমজিলাৰ অন্তৰ্গত ৰেংমা সংৰক্ষিত বনাঞ্চলৰ দৈয়াং নৈৰ দাঁতিকাষৰীয়া বৰবিল গাওঁত সীমান্ত দণ্ডাধীশ গৰাকীৰ তত্বাৱধানত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বলৰ দলে ১৫ ছেপ্তেম্বৰ ২০২৫ তাৰিখৰ নিশা ১২ বজা পৰ্যন্ত উদ্ধাৰ কাৰ্য্য সম্পাদন কৰি বানপানীত আৱদ্ধ হৈ থকা ৭ জন লোকক উদ্ধাৰ কৰি আনি শিঙিমাৰি প্ৰাথমিক বিদ্যালয়ৰ সাহাৰ্য্য শিবিৰত ৰখাৰ দক্ষিণ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে।

সৰুপথাৰ সমজিলাৰ সমজিলা আয়ুক্ত গৰাকীয়ে সীমান্ত দণ্ডাধীশ, সৰুপথাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰ...
16/09/2025

সৰুপথাৰ সমজিলাৰ সমজিলা আয়ুক্ত গৰাকীয়ে সীমান্ত দণ্ডাধীশ, সৰুপথাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতে ৰেঙমা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বৰবিল গাঁওৰ বান শিবিৰ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত সমজিলা আয়ুক্ত গৰাকীয়ে বানপীড়িত অঞ্চলসমূহৰ অৱস্থা সুৰক্ষিতভাৱে অবলোকন কৰি স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰে। লগতে উদ্ধাৰ আৰু ত্ৰাণ ব্যৱস্থাক অধিক গতিশীল কৰি জনসাধাৰণক সকলো প্ৰয়োজনীয় সহায়-সহযোগ প্ৰদান কৰা হ’ব বুলি আশ্বাস প্রদান কৰে।

সৰুপথাৰ সমজিলা আয়ুক্ত গৰাকীয়ে সৰুপথাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীৰ সৈতে বৰবালী মধ্য ইংৰাজী বিদ্যালয়ত স্থাপিত বান শিব...
16/09/2025

সৰুপথাৰ সমজিলা আয়ুক্ত গৰাকীয়ে সৰুপথাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীৰ সৈতে বৰবালী মধ্য ইংৰাজী বিদ্যালয়ত স্থাপিত বান শিবিৰ পৰিদৰ্শন কৰে। শিবিৰত উপস্থিত শিশুসকলৰ সৈতে বাৰ্তালাপ কৰি খাদ্য পৰিবেশনৰ ব্যৱস্থা পৰিদৰ্শন কৰে। লগতে মহিলাসকলৰ সৈতে মতবিনিময় কৰি শিবিৰৰ সুবিধা আৰু তেওঁলোকৰ সুস্থতা সম্পৰ্কে খবৰ লয়। সমজিলা আয়ুক্ত গৰাকীয়ে স্বাস্থ্য সুবিধা পৰিদৰ্শন কৰি ঔষধৰ উপলব্ধতাৰো বুজ লয় আৰু শিবিৰত উপস্থিত বনাক্ৰান্ত ৰাইজক প্ৰয়োজনীয় সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। লগতে খাদ্য প্ৰস্তুতকৰণৰ বাবে ব্যৱহৃত হোৱা পকঘৰৰো পৰিদৰ্শন কৰে।

03/09/2025
সৰুপথাৰত ৭৯ সংখ্যক স্বাধীনতা দিৱস বৰ্ণাঢ্য ৰূপে উদযাপন১৫ আগষ্ট, ২০২৫: দেশৰ অন্য অংশৰ সৈতে সমান্তৰলভাৱে সৰুপথাৰ সম-জিলাতো...
15/08/2025

সৰুপথাৰত ৭৯ সংখ্যক স্বাধীনতা দিৱস বৰ্ণাঢ্য ৰূপে উদযাপন

১৫ আগষ্ট, ২০২৫: দেশৰ অন্য অংশৰ সৈতে সমান্তৰলভাৱে সৰুপথাৰ সম-জিলাতো আজি বৰ্ণাঢ্য ৰূপে উদযাপিত হয় দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। সম-জিলাৰ কেন্দ্ৰীয় অনুষ্ঠান সৰুপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয়, য’ত সমজিলা আয়ুক্ত শ্ৰী মানস জ্যোতি নাথ মুখ্য অতিথি হিচাপে উপস্থিত থাকি জাতীয় পতাকা উত্তোলন আৰু কুচ-কাৱাজ পৰিদৰ্শন কৰি দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰে।

অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত আছিল সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন; সৰুপথাৰ আৰু বৰপথাৰ পৌৰসভাৰ পৌৰপতি; সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক শ্ৰী দিপেন পাতৰ; স্বহীদ কুশল কোঁৱৰৰ বোৱাৰী শ্ৰীমতী হৰেণী কোঁৱৰ; লগতে ৬১ জন স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ সদস্যসকল। এইসকল অতিথিৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক গৌৰবান্বিত কৰে।

মুখ্য অতিথিগৰাকীয়ে ভাষণত ৰাজ্য চৰকাৰে সৰুপথাৰ সম-জিলাৰ জনসাধাৰণৰ কল্যাণৰ বাবে হাতত লোৱা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ সংক্ষিপ্ত খতিয়ান আগবঢ়াই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে। তদুপৰি, সাংস্কৃতিক দলসমূহে পৰম্পৰাগত আৰু দেশভক্তিমূলক নৃত্য-গীতৰ জৰিয়তে অনুষ্ঠানটোক ৰঙীন কৰে।

প্ৰায় ৩ হাজাৰ জনতা স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰা এই উদযাপনে সৰুপথাৰবাসীৰ দেশপ্ৰেম আৰু সামাজিক ঐক্যৰ এক অনন্য দৃষ্টান্ত স্থাপন কৰে, যি দিনটোক গৌৰৱময় আৰু স্মৰণীয় পৰিৱেশত ৰূপান্তৰিত কৰে।

Address

S. D. O Civil Office
Golaghat
785601

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Telephone

+913774277009

Website

Alerts

Be the first to know and let us send you an email when Office of the Co-District Commissioner, Sarupathar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Office of the Co-District Commissioner, Sarupathar:

Share