District Agriculture Office, Golaghat

District Agriculture Office, Golaghat Official Page of District Agricultural Office, Golaghat

গোলাঘাটত প্ৰায় ৭৮ হাজাৰো অধিক কৃষকে লাভ কৰিলে পিএম কিষান আঁচনিৰ ২২ নং কিস্তিৰ ধনসমগ্ৰ দেশৰ লগতে অসমৰ সকলো জিলাৰ সমান্তৰা...
13/03/2026

গোলাঘাটত প্ৰায় ৭৮ হাজাৰো অধিক কৃষকে লাভ কৰিলে পিএম কিষান আঁচনিৰ ২২ নং কিস্তিৰ ধন

সমগ্ৰ দেশৰ লগতে অসমৰ সকলো জিলাৰ সমান্তৰালকৈ গোলাঘাট জিলাতো আজি প্ৰায় ৭৮ হাজাৰৰো অধিক যোগ্য হিতাধিকাৰী কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ অধীনত ২২ নং কিস্তিৰ ধনৰাশি লাভ কৰে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানৰ পৰা লাইভ ৱেবকাষ্টৰ জৰিয়তে দেশজুৰি কোটি কোটি হিতাধিকাৰী কৃষকৰ বেংক একাউণ্টলৈ এই অনুদান পোনপটীয়াকৈ হস্তান্তৰ কৰে।
এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গোলাঘাট জিলাৰ খুমটাইস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে পোনপটীয়া সম্প্ৰচাৰ কাৰ্যসূচীৰ ব্যৱস্থা কৰা হয়। অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক কৃষক ৰাইজ উপস্থিত থাকে।ইয়াৰোপৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়, সামূহিক সেৱা কেন্দ্ৰ (CSC) আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা পোনপটীয়া সম্প্ৰচাৰ কাৰ্যসূচীত বৃহৎ সংখ্যক কৃষক উপস্থিত থাকে।
উল্লেখ্য যে, কৃষকসকলৰ আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰ চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ আঁচনি প্ৰধানমন্ত্ৰী কৃষক সন্মা নিধি আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰী কৃষকক প্ৰতি বছৰে মুঠ ছয় হাজাৰ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয়। এই ধনৰাশি দুই হাজাৰ টকাকৈ তিনিটা কিস্তিত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ (DBT) মাধ্যমৰ জৰিয়তে পোনপটীয়াকৈ হিতাধিকাৰী কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয়। আঁচনিখনৰ জৰিয়তে কৃষকসকলে কৃষি উৎপাদন বৃদ্ধিৰ লগতে বীজ, সাৰ আৰু অন্যান্য কৃষি সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত লাভান্বিত হৈ আহিছে। গোলাঘাট জিলাতো বৰ্তমান ৭৮৫৭৪ গৰাকী কৃষকে এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে।

CMO Assam
MyGov Assam
Atul Bora অতুল বৰা
Directorate of Information and Public Relations, Assam
District Administration, Golaghat
Krishi Vigyan Kendra Golaghat
Office of the Co-District Commissioner, Sarupathar
SDIPRO Bokakhat

কৃষক ৰাইজৰ জ্ঞাতাৰ্থে…সমগ্ৰ দেশ তথা ৰাজ‍্যৰ লগতে গোলাঘাট জিলাৰ ৭৪ হেজাৰৰো অধিক যোগ‍্য হিতাধিকাৰী কৃষকলৈ আজি অৰ্থাৎ ১৩ মা...
13/03/2026

কৃষক ৰাইজৰ জ্ঞাতাৰ্থে…

সমগ্ৰ দেশ তথা ৰাজ‍্যৰ লগতে গোলাঘাট জিলাৰ ৭৪ হেজাৰৰো অধিক যোগ‍্য হিতাধিকাৰী কৃষকলৈ আজি অৰ্থাৎ ১৩ মাৰ্চ তাৰিখে বিয়লি ৫ বজাত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ২২ নং কিস্তিৰ অনুদান ‘Live Webcast’ অনুষ্ঠানৰ জৰিয়তে মুকলি কৰা হ’ব। এই উপলক্ষে খুমটাইস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে আৰু লগতে গাঁও পঞ্চায়তৰ কাৰ্যালয়, সামূহিক সেৱা কেন্দ্ৰ, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।সেয়েহে সমূহ যোগ‍্য হিতাধিকাৰী কৃষকক এই পোনপটীয়া সম্প্ৰচাৰ কাৰ্যসূচীত ভাগ লৈ প্ৰাপ‍্য সুনিশ্চিত কৰিবলৈ আহ্বান জনোৱা হ’ল।

CMO Assam
MyGov Assam
Atul Bora অতুল বৰা
Directorate of Information and Public Relations, Assam
Department of Agriculture, Assam
District Administration, Golaghat
Krishi Vigyan Kendra Golaghat

গোলাঘাট জিলাৰ খুমটাই গাঁও পঞ্চায়তৰ কৃষক ৰাইজৰ মাজত আজি ‘মেৰী পলিচী, মেৰে হাথ’ কাৰ্যসূচীৰ অধীনত পলিচী বিতৰণৰ দৃশ‍্য। সংশ...
10/03/2026

গোলাঘাট জিলাৰ খুমটাই গাঁও পঞ্চায়তৰ কৃষক ৰাইজৰ মাজত আজি ‘মেৰী পলিচী, মেৰে হাথ’ কাৰ্যসূচীৰ অধীনত পলিচী বিতৰণৰ দৃশ‍্য। সংশ্লিষ্ট কৃষি উন্নয়ন বিষয়াৰ উপস্থিতিত কৃষক ৰাইজৰ মাজত পলিচীসমূহ বিতৰণ কৰা হয়।

CMO Assam
MyGov Assam
Himanta Biswa Sarma
Atul Bora অতুল বৰা
Directorate of Information and Public Relations, Assam
District Administration, Golaghat
Department of Agriculture, Assam

গোলাঘাট জিলা কৃষি বিভাগৰ উদ‍্যোগত আজিৰে পৰা সদ‍্য নিযুক্তিপ্ৰাপ্ত কৃষি সম্প্ৰসাৰণৰ সহায়ক সকলৰ চিনাকী পৰ্ব আৰু প্ৰশিক্ষণ ...
06/02/2026

গোলাঘাট জিলা কৃষি বিভাগৰ উদ‍্যোগত আজিৰে পৰা সদ‍্য নিযুক্তিপ্ৰাপ্ত কৃষি সম্প্ৰসাৰণৰ সহায়ক সকলৰ চিনাকী পৰ্ব আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।গোলাঘাট জিলাৰ ফৰকাটিং কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত কৃষি বিভাগৰ জ্ঞান কেন্দ্ৰৰ প্ৰশিক্ষণ ভৱনত ৬ দিনিয়াকৈ অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা কৃষি বিষয়া ৰজ্ঞন বৰুৱাই।কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি জিলা কৃষি বিষয়াগৰাকীয়ে সদ‍্য নিযুক্তিপ্ৰাপ্ত কৃষি সম্প্ৰসাৰণ সহায়ক সকলক উদ্দেশ‍্যি বিভাগীয় কাম-কাজ, আঁচনি আদি সম্পৰ্কে এক সামগ্ৰীক বিৱৰণ আগবঢ়ায়।

প্ৰশিক্ষণ কাৰ্যসূচীত মহকুমা কৃষি বিষয়া, জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলে সমল ব্যক্তি হিচাপে উপস্থিত থাকি নৱনিযুক্ত কৃষি সম্প্ৰসাৰণ সহায়কসকলক জিলাখনৰ কৃষি খণ্ডৰ সৈতে জড়িত বিভিন্ন কাম-কাজ সম্পৰ্কে অৱগত কৰে। লগতে কৃষি খণ্ডৰ সামগ্ৰিক অগ্ৰগতিৰ ক্ষেত্ৰত সক্ৰিয় অৱদান আগবঢ়াবলৈ উদগনি জনোৱাৰ উপৰি কৃষক ৰাইজক উৎসাহিত কৰাৰ বাবে প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়ায়। তদুপৰি বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি যেনে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি, প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা, ৰাষ্ট্ৰীয় ভোজ্য তেল–তৈল খেজুৰ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, কৃষক পঞ্জীয়ন, ডিজিটেল শস্য জৰীপ আদি আঁচনিৰ সবিশেষ তথ্য তেঁওলোকক অৱগত কৰা হয়। আজি অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত জিলা কৃষি বিষয়াৰ উপৰিও মহকুমা কৃষি বিষয়া ৰুবুল বৰগোঁহাইৰ লগতে বিভাগৰ আন আন বিষয়া কৰ্মচাৰীসকলো উপস্থিত থাকে।

CMO Assam
MyGov Assam
Atul Bora অতুল বৰা
Directorate of Information and Public Relations, Assam
District Administration, Golaghat
SDIPRO Bokakhat
Office of the Co-District Commissioner, Sarupathar

গোলাঘাট জিলা কৃষি বিভাগৰ অন্তৰ্গত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা (ATMA), গোলাঘাটৰ উদ্যোগত তথা জিলা কৃষি বিভাগৰ সকলো বিষয়া–ক...
20/01/2026

গোলাঘাট জিলা কৃষি বিভাগৰ অন্তৰ্গত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা (ATMA), গোলাঘাটৰ উদ্যোগত তথা জিলা কৃষি বিভাগৰ সকলো বিষয়া–কৰ্মচাৰীৰ সহযোগত ইংৰাজী ২০ আৰু ২১ জানুৱাৰী, ২০২৬ তাৰিখে দুদিনীয়াকৈ এক কৃষক মেলাৰ আয়োজন কৰা হয়। উক্ত মেলাখনিৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচীৰ কিছু দৃশ্য।আজিৰ কাৰ্যসূচী অনুসৰি জিলা কৃষি বিষয়া তথা ATMAৰ প্ৰকল্প সঞ্চালক ৰঞ্জন বৰুৱাই কৃষক মেলাখনীৰ শুভ উদ্বোধন কৰি বিভিন্ন ঠাইৰ পৰা অহা কৃষিজাত সামগ্ৰীৰ বিপনীসমূহ পৰিদৰ্শন কৰে। বিভিন্ন অঞ্চলৰ কৃষকসকলে উৎপাদন কৰা নানান কৃষিজাত সামগ্ৰীৰ লগতে সেইসমূহৰ পৰা প্ৰস্তুত কৰা বিভিন্ন মূল্য সংযোজিত সামগ্ৰীৰে আজি কৃষক মেলাখনিৰ শোভা বৰ্ধন কৰে।

সমান্তৰালকৈ আজিৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কৃষি, পশুপালন আদি বিষয়ৰ ওপৰত কৃষকসকলৰ সৈতে কৃষি বিজ্ঞানী আৰু বিশেষজ্ঞসকলৰ এক মত-বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰ আৰু বুঢ়ালিকচনস্থিত কুঁহিয়াৰ, ঔষধি আৰু সুগন্ধি উদ্ভিদ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলৰ লগতে পশুপালন বিভাগৰ বিশেষজ্ঞ চিকিৎসকসক।

CMO Assam
MyGov Assam
Atul Bora অতুল বৰা
Krishi Vigyan Kendra Golaghat
Directorate of Information and Public Relations, Assam
District Administration, Golaghat
SDIPRO Bokakhat
Office of the Co-District Commissioner, Sarupathar

শ্ৰদ্ধাৰ কৃষক ৰাইজ,গোলাঘাট জিলা কৃষি বিভাগৰ অন্তৰ্গত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা (Agriculture Technology Managemen...
19/01/2026

শ্ৰদ্ধাৰ কৃষক ৰাইজ,

গোলাঘাট জিলা কৃষি বিভাগৰ অন্তৰ্গত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা (Agriculture Technology Management Agency), গোলাঘাটৰ উদ্যোগত তথা জিলা কৃষি বিভাগৰ সকলো বিষয়া কৰ্মচাৰীৰ সহযোগত ইংৰাজী ২০ আৰু ২১ জানুৱাৰী, ২০২৬ তাৰিখ মঙ্গল আৰু বুধ বাৰে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত কেইবাটাও কাৰ্যসূচী সামৰি ‘কৃষক মেলা’ৰ আয়োজন কৰা হৈছে।কৃষক ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে দুদিনীয়াকৈ আয়োজন কৰা এই কৃষক মেলাখনিত জিলাখনত উৎপাদিত কৃষিজাত সামগ্ৰীৰ প্ৰদৰ্শনীৰ লগতে কৃষক আৰু কৃষি বিজ্ঞানীৰ মাজত কৃষি, পশু পালন, মীন পালন, ৰেচম আদি বিষয়ৰ ওপৰত এলানী আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে।

তদুপলক্ষে, এই কৃষক মেলাৰ সকলো কাৰ্যসূচীতে উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে আপোনাসবক এই পত্ৰৰ জৰিয়তে নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ। আপোনাসবৰ সুবিধাৰ্থে কাৰ্যসূচীৰ প্ৰতিলিপি প্ৰকাশ কৰা হ’ল।

CMO Assam
Atul Bora অতুল বৰা
Kamakhya Prasad Tasa
Krishi Vigyan Kendra Golaghat
Directorate of Information and Public Relations, Assam
District Administration, Golaghat
Office of the Co-District Commissioner, Sarupathar
SDIPRO Bokakhat

27/12/2025
15/12/2025

কৃষক ৰাইজৰ জ্ঞাতাৰ্থে.....

CMO Assam
Atul Bora অতুল বৰা

আজি ১৯ নৱেম্বৰ ২০২৫ তাৰিখ বুধবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কইম্বাটুৰৰপৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ২১ ন...
19/11/2025

আজি ১৯ নৱেম্বৰ ২০২৫ তাৰিখ বুধবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কইম্বাটুৰৰপৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ২১ নম্বৰ কিস্তিৰ অনুদান ভাৰ্চুৱেল মাধ‍্যমেৰে মুকলি কৰে । প্ৰধানমন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিকভাৱে হিতাধিকাৰী কৃষকলৈ ২১ নম্বৰ কিস্তিৰ অনুদান মুকলি কৰা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সমগ্ৰ ৰাজ‍্যৰ লগতে গোলাঘাট জিলাৰ ভিন্ন স্থানত অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।গোলাঘাট জিলাৰ বোকাখাট সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষৰ পৰা এই পোনপটীয়া সম্প্ৰচাৰ কাৰ্যসূচীত ‍অংশ লয় অসম চৰকাৰৰ কৃষি, উদ‍্যান শস‍্য আৰু খাদ‍্য সংসাধন আদি দপ্তৰৰ মন্ত্ৰী অতুল বৰা ডাঙৰিয়াই। সমান্তৰালকৈ গোলাঘাট জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ, গাঁও পঞ্চায়তৰ কাৰ্যালয়, সামূহিক সেৱা কেন্দ্ৰ আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আদিত অনুষ্ঠিত হোৱা পোনপটীয়া সম্প্ৰচাৰ কাৰ্যসূচীৰ দৃশ‍্য।

CMO Assam
MyGov Assam
Ajanta Neog
Atul Bora অতুল বৰা
Mrinal Saikia
Bhabendranath Bharali
Biswajit Phukan
Directorate of Information and Public Relations, Assam
District Administration, Golaghat
DIPRO Golaghat
SDIPRO Bokakhat
Office of the Co-District Commissioner, Sarupathar

18/11/2025

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহা ১৯ নৱেম্বৰ ২০২৫ ৰ দিনৰ ১ বজাত তামিলনাডুৰ, কইম্বাটুৰৰ পৰা "প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি” আঁচনিৰ একবিংশতিতম কিস্তি ভাৰ্চুৱেল মাধ্যমেৰে মুকলি কৰিব। এই অনুষ্ঠানত সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ কৃষক তথা ৰাজ্যখনৰ কৃষি কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰিব। একবিংশতিতম কিস্তিৰ অধীনত অসমৰ প্ৰায় ১৮.১৮ লাখৰো অধিক যোগ্য কৃষক পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব। উল্লেখ্য যে, পি এম কিষান আঁচনি (PM-KISAN) ৰ অধীনত যোগ্য কৃষক পৰিয়ালসমূহলৈ ২০০০ টকাকৈ তিনিটা কিস্তিত বছৰি ৬০০০ টকা আগবঢ়োৱা হয়।

CMO Assam
Atul Bora অতুল বৰা

আমি বঙ্কিম চন্দ্ৰ চট্টোপাধ‍্যায়ৰ ৰচিত বন্দে মাতৰম গীতটিৰ ১৫০ সংখ‍্যক বৰ্ষপূৰ্তি উপলক্ষে গোলাঘা জিলাৰ জিলা কৃষি বিষয়াৰ কা...
07/11/2025

আমি বঙ্কিম চন্দ্ৰ চট্টোপাধ‍্যায়ৰ ৰচিত বন্দে মাতৰম গীতটিৰ ১৫০ সংখ‍্যক বৰ্ষপূৰ্তি উপলক্ষে গোলাঘা জিলাৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত গীতটিৰ সামূহিক পৰিবেশনৰ দৃশ‍্য।

CMO Assam
MyGov Assam
Atul Bora অতুল বৰা
Directorate of Information and Public Relations, Assam
District Administration, Golaghat
DIPRO Golaghat
Department of Agriculture, Assam

Address

College Road
Golaghat
785621

Telephone

+919401834138

Website

Alerts

Be the first to know and let us send you an email when District Agriculture Office, Golaghat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to District Agriculture Office, Golaghat:

Share