09/07/2022
গোলাঘাট জিলাৰ প্ৰগতি চ'ৰাত আজি অসম ছাত্ৰ পৰিষদ, গোলাঘাট জিলা সমিতিৰ উদ্যোগত এখনী যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
উক্ত অনুষ্ঠানত অসম ছাত্ৰ পৰিষদৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অসম ছাত্ৰ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে। নতুনকৈ যোগদান কৰা এই ছাত্ৰ শক্তিয়ে অসমবাসীৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি নি:স্বাৰ্থভাৱে কাম কৰি দলৰ লগতে অসমত জাতীয়তাবাদৰ ভেটি সুদৃঢ় কৰাত অগ্ৰণী ভূমিকা ল'ব বুলি আমি আশাবাদী ।
প্ৰতিগৰাকী কৰ্মকৰ্তাৰ ভৱিষ্যৎ কৰ্মপন্থাত দলৰ ফালৰ পৰা আমি যৎপৰোনাস্তি তেওঁলোকক সহযোগিতা আগবঢ়াই যাম। ছাত্ৰ শক্তিৰ নৱ- চিন্তাধাৰা, সৃষ্টিমূলক শক্তিয়ে অসম গণ পৰিষদ তথা অসম ছাত্ৰ পৰিষদৰ ভেটি অধিক শক্তিশালী কৰিব।
অনুষ্ঠানত আছিল অসম গণ পৰিষদ, গোলাঘাট জিলা সমিতিৰ সভাপতি শ্ৰদ্বাৰ ড° নৃপেন বৰুৱা ছাৰ, অগপ, গোলাঘাট জিলা সমিতিৰ সম্পাদক আছিকুৰ ৰহমান ডাঙৰীয়া,অগপ ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য মনোৱাৰ হুছেইন ডাঙৰীয়া, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক মনসুম বৰা ডাঙৰীয়া, অসম যুৱ পৰিষদ, গোলাঘাট জিলা সমিতিৰ সভাপতি পুলিন বৰা ডাঙৰীয়া, সম্পাদক পাৰ্থ প্ৰতীম ফুকন ডাঙৰীয়াকে প্ৰমুখ্যে যুৱ আৰু ছাত্ৰ পৰিষদৰ বিভিন্ন বিষয়ববীয়াসকল।
অতুল বৰা
কেশৱ মহন্ত
ত্ৰিনয়ন বৰা
অসম গণ পৰিষদ - Asom Gana Parishad ( AGP)