De-addiction cm Rehabilitation Center, Golaghat

De-addiction cm Rehabilitation Center, Golaghat Rehabilitation centre, Golaghat

নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ, গোলাঘাটে "নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী সপ্তাহ"ৰ সফল উদযাপন সমাপ্ত কৰে। যোৱা...
03/02/2026

নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ, গোলাঘাটে "নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী সপ্তাহ"ৰ সফল উদযাপন সমাপ্ত কৰে। যোৱা ইংৰাজী ০২/০২/২০২৬ তাৰিখে জিলা সমাজ কল্যাণ বিভাগ, গোলাঘাটৰ সহযোগত গোলাঘাট জিলা শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আৰু গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা বিষয়ক দুখনি বাটৰ নাট অনুষ্ঠিত কৰা হয়। লগতে আজি ইং ০৩/০২/২০২৬ তাৰিখে চান্দমাৰি উচ্চ মাধ্যমিক বিদ্যালয় গোলাঘাটত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ শ্ৰী বুল্টি শইকীয়া (Clinical Psychologist) উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক সকলক মাদক দ্ৰব্যৰ অপকাৰিতা আৰু ইয়াৰ পৰিণতিৰ বিষয়ে বহুমূলীয়া বক্তব্য আগবঢ়ায়। ইয়াৰ লগতে উক্ত সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী অনুক কুমাৰ শৰ্মা, শ্ৰীমতী জ্যোতি বৰুৱা গগৈ (স্থানীয় নাগৰিক), নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ গোলাঘাটৰ প্ৰকল্প সমন্বয়ক আৰু কৰ্মচাৰীবৃন্দ উপস্থিত থকাৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে সহায়-সহযোগ আগবঢ়ায়।








Today 26/01/2026, 77th Republic day celebration by DACRC, Golaghat.
26/01/2026

Today 26/01/2026, 77th Republic day celebration by DACRC, Golaghat.

20/12/2025
আজি ইংৰাজী ১৯/১২/২০২৫ তাৰিখে গোলাঘাট জিলাৰ অন্তৰ্গত "ধোন্দাচাম উচ্চতৰ মাধ্যমিক বিদ্যালয়"ত সামাজিক ন্যায় আৰু সৱলীকৰণ বি...
19/12/2025

আজি ইংৰাজী ১৯/১২/২০২৫ তাৰিখে গোলাঘাট জিলাৰ অন্তৰ্গত "ধোন্দাচাম উচ্চতৰ মাধ্যমিক বিদ্যালয়"ত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনৰ অসম ৰাজ্যিক নিচাযুক্ত আৰু মাদক দ্ৰৱ্য নিবাৰণী পৰিষদ(SAPC) ৰ ধনশিৰি মহকুমাৰ নিবাৰণী সংগঠক শ্ৰী যুত উমেশ ঘাটোৱাৰদেৱে মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু ইয়াৰ পৰিত্ৰাণৰ ওপৰত ভিত্তি কৰি এখনি সজাগতা সভাৰ আয়োজন কৰে। উক্ত সভাত নিচা দূৰীকৰণৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰ, গোলাঘাটৰ সমাজ সেৱিকা আৰু পৰামৰ্শদাতা উপস্থিত থাকে। বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত অসীম দাসদেৱে উক্ত সভাখনৰ আঁত ধৰে ।



আজি ইং ১৫/১১/২০২৫ তাৰিখে  অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু বিকাশ বিভাগৰ মাননীয়া মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ ডাঙৰীয়ানীয়ে...
15/11/2025

আজি ইং ১৫/১১/২০২৫ তাৰিখে অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু বিকাশ বিভাগৰ মাননীয়া মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ ডাঙৰীয়ানীয়ে নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ, গোলাঘাটৰ সমূহ কৰ্মচাৰীৰ আমন্ত্ৰণমৰ্মে কেন্দ্ৰটি পৰিদৰ্শন কৰে আৰু কেন্দ্ৰৰ কৰ্মচাৰী সকলৰ লগত মত বিনিময় কৰে ।




কালি ইংৰাজী ১৪-১০-২০২৫ তাৰিখে নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ, গোলাঘাটৰ দ্বাৰা গোলাঘাট জিলা কাৰাগাৰৰ পুথিভঁৰাল প্...
15/10/2025

কালি ইংৰাজী ১৪-১০-২০২৫ তাৰিখে নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ, গোলাঘাটৰ দ্বাৰা গোলাঘাট জিলা কাৰাগাৰৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত মাদক দ্ৰব্যৰ অপকাৰিতাৰ বিষয়ে এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত জিলা কাৰাগাৰ অধীক্ষক মহোদয় শ্ৰী সুদিপ বেনাৰ্জী, জিলা কাৰাধ্যক্ষ শ্ৰী ত্ৰিদিব বৰুৱাৰ লগতে আন কাৰাগাৰ কৰ্মচাৰীসকল উপস্থিত থাকে। নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ গোলাঘাটৰ প্ৰকল্প সমন্বয়ক , মনোবিজ্ঞানী, পৰামৰ্শদাতা,সমাজসেৱিকা আৰু গাণনিক উপস্থিত থাকি মাদক দ্ৰব্য আৰু ইয়াৰ অপকাৰিতাৰ বিষয়ে কাৰাবন্দী সকলক মন্তব্য আগবঢ়াই। সভাৰ শেষত কাৰাগাৰ অধীক্ষক মহোদয়ে নিজৰ মন্তব্য দাঙি ধৰাৰ লগতে সভাৰ সমাপ্তি ঘোষণা কৰে।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ গোলাঘাটৰ দ্বাৰা শিল্পীগৰাকী...
08/09/2025

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ গোলাঘাটৰ দ্বাৰা শিল্পীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই এক অনুষ্ঠানৰ আয়োজন কৰা হয়। লগতে আসক্ত সকলে নিজৰ ৰচনা ও পৰিচালনাৰে "আমাৰ এখনি আপোন গাঁও" নামেৰে এখনি সজাগতামুলক নাটক মঞ্চস্থ কৰে। শেষত সকলোৱে ভূপেন্দ্ৰ সংগীত পৰিৱেশনেৰে অনুষ্ঠানটিৰ সফল সামৰণি কৰা হয় ।

DACRC Golaghat observed 79th independent day of India commemorating by staff of DACRC, Golaghat.Wishing everyone a very ...
15/08/2025

DACRC Golaghat observed 79th independent day of India commemorating by staff of DACRC, Golaghat.
Wishing everyone a very independent day.




নিচা মুক্ত ভাৰত অভিযানৰ ৫তম সফল বৰ্ষপুৰ্তি উপলক্ষে ৭৯তম স্বাধীনতা দিৱসৰ প্ৰাক মূহুৰ্তত ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱ...
13/08/2025

নিচা মুক্ত ভাৰত অভিযানৰ ৫তম সফল বৰ্ষপুৰ্তি উপলক্ষে ৭৯তম স্বাধীনতা দিৱসৰ প্ৰাক মূহুৰ্তত ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ দ্বাৰা আয়োজিত সৰ্বভাৰতীয় পৰ্য্যায়ত শপত গ্ৰহণ অনুষ্ঠানটি নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ, গোলাঘাটে "ৰিলায়েন্স ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল"ৰ ছাত্ৰ - ছাত্ৰীসকলৰ মাজত শপত বাক্য পাঠ কৰোৱাই অনুষ্ঠানটি সফলতাৰে ৰূপায়ন কৰা হয়। পৰবৰ্তী পৰ্য্যায়ত কেন্দ্ৰত নিচাসক্ত সকলৰ মাজতো শপত বাক্য পাঠ কৰোৱা হয় ।




On the occasion of "World Hepatitis Day " a screening camp for Hepatitis B & C organized by NVHCP cell, DSU (IDSP), Gola...
05/08/2025

On the occasion of "World Hepatitis Day " a screening camp for Hepatitis B & C organized by NVHCP cell, DSU (IDSP), Golaghat under District Health Society Golaghat, at DACRC Golaghat.

26/06/2025
আজি ইং ২৬/৬/২৫ তাৰিখে গোলাঘাট জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ,  নিচাদূৰীকৰণ আৰু পুনৰ সংস্থ...
26/06/2025

আজি ইং ২৬/৬/২৫ তাৰিখে গোলাঘাট জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ, নিচাদূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ, গোলাঘাটৰ উদ্যোগত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন কৰা হয়। উক্ত সভাত গোলাঘাট জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া; আৱকাৰী অধীক্ষক; ৰাজ্যিক পৰামৰ্শদাতা (cosehda); মনোৰোগ বিশেষজ্ঞ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় সহকাৰী পথ সুৰক্ষা বিষয়া; জিলা সমাজ কল্যাণ বিষয়া; ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ ৰাজ্যিক সদস্য; কৰ্মচাৰী পৰিষদৰ সভাপতিৰ লগতে বিভিন্ন চেনেলৰ সংবাদ কৰ্মী, অংগনবাদী কেন্দ্ৰ সমূহৰ কৰ্মচাৰী, আৰক্ষী বিভাগৰ কৰ্মচাৰী, কলেজৰ ছাত্ৰ-ছাত্ৰী, সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী সকল উপস্থিত থাকে।
সভাৰ আৰম্ভণিতে ড্ৰাগছৰ ব্যৱহাৰে কেনেকৈ এটা জীৱনৰ লগতে এটা পৰিয়াল ধ্বংসৰ গৰাহলৈ ঠেলি দিব পাৰে তাৰ ওপৰত এখনি চুটি নাটৰ আয়োজন কৰা হয়।

Address

Rupjyoti Nagar, Near Dhansiri Bridge, Ward No ./1
Golaghat
785621

Website

Alerts

Be the first to know and let us send you an email when De-addiction cm Rehabilitation Center, Golaghat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share