Shree Samih Bora

Shree Samih Bora A person whose life and behavior are the focus of intense public interest and scrutiny.

14/08/2026

দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া সকলো বীৰ শ্বহীদক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। সকলো দেশবাসীলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। জয় হিন্দ! 🇮🇳

আজি গোলাঘাট নগৰৰ বেঙেনাখোৱাত বন্ধু  বিতোপন গগৈৰ পুৰণি দুচকীয়া বাহনৰ প্ৰতিষ্ঠান “গণপতি মটৰচ ২.০" ৰ ব্যৱসায়িক সম্প্ৰসাৰণৰ ...
18/05/2026

আজি গোলাঘাট নগৰৰ বেঙেনাখোৱাত বন্ধু বিতোপন গগৈৰ পুৰণি দুচকীয়া বাহনৰ প্ৰতিষ্ঠান “গণপতি মটৰচ ২.০" ৰ ব্যৱসায়িক সম্প্ৰসাৰণৰ শুভ ক্ষণত উপস্থিত থাকি আনন্দিত হৈছোঁ। বন্ধু বিতোপনলৈ বহুত বহুত আন্তৰিক শুভেচ্ছা জনালোঁ।
​আমাৰ উঠি অহা যুৱ সমাজে যেতিয়া এনেদৰে নিজৰ দক্ষতাৰে স্বাৱলম্বনৰ পথ বাচি লয়, তেতিয়া আমাৰ সমাজখন নিশ্চিতভাৱে আগুৱাই যাব। নিজৰ পৰিশ্ৰমেৰে আত্মনিৰ্ভৰশীল হোৱাৰ যি প্ৰয়াস বিতোপনে কৰিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয় আৰু যুৱ প্ৰজন্মৰ বাবে প্ৰেৰণাদায়ক।

​“গণপতি মটৰচ ২.০" ৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ। সদায় আগুৱাই যোৱা, শুভেচ্ছা থাকিল!

“সাধি সাধি সাধনীক পালোসাধনীক দিবলৈ বৰ নাপালোঁ"          আজি ৭ বহাগ বীৰাংগনা সতী সাধনী দিৱস।           অসমৰ নাৰী সমাজৰ গৌ...
21/04/2026

“সাধি সাধি সাধনীক পালো
সাধনীক দিবলৈ বৰ নাপালোঁ"

আজি ৭ বহাগ বীৰাংগনা সতী সাধনী দিৱস।
অসমৰ নাৰী সমাজৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক,চুতীয়া সকলৰ বাবে আদৰ্শৰাণী,আদৰ্শনাৰী,দেশ আৰু জাতি প্ৰেমৰ এক অনন্য পথ প্ৰদৰ্শক; সতীত্ব আৰু ত্যাগৰ প্ৰতীক এই গৰাকী মহিয়ষী অসমীয়া নাৰীক তেখেতৰ মৃত্যু তিথিত হৃদয়ৰ সমস্ত সত্তাৰে নমস্কাৰ আৰু সেৱা জ্ঞাপন কৰিছোঁ ।

#সতী_সাধনী

অক্ষয় তৃতীয়াৰ শুভ লগনত এটি নতুন আৰম্ভণিৰ সংকল্প লওঁ আহক। পৰিশ্ৰমৰ ফল যেন মিঠা হয় আৰু আমাৰ কামৰ জৰিয়তে যেন সমাজৰ কল্য...
19/04/2026

অক্ষয় তৃতীয়াৰ শুভ লগনত এটি নতুন আৰম্ভণিৰ সংকল্প লওঁ আহক। পৰিশ্ৰমৰ ফল যেন মিঠা হয় আৰু আমাৰ কামৰ জৰিয়তে যেন সমাজৰ কল্যাণ হয়। সকলোলৈকে শুভেচ্ছা থাকিল।

অসমীয়া জাতিৰ আয়ুস ৰেখা হেঁপাহৰ ব’হাগ বিহুটিয়ে আমাৰ সাতামপুৰুষীয়া এনাজৰীডাল সুদৃঢ় কৰি ৰাজ্যখনক সমৃদ্ধিৰ শিখৰলৈ আগুৱা...
15/04/2026

অসমীয়া জাতিৰ আয়ুস ৰেখা হেঁপাহৰ ব’হাগ বিহুটিয়ে আমাৰ সাতামপুৰুষীয়া এনাজৰীডাল সুদৃঢ় কৰি ৰাজ্যখনক সমৃদ্ধিৰ শিখৰলৈ আগুৱাই যোৱাত শকতি দিয়ক। ৰঙালীৰ উলাহে সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ওপচাই পেলাওক।
অসমবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

“দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত।মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাত জাত।।"জাতীয় জীৱনক মহীয়ান কৰি ৰখা প্ৰকৃতি আৰু ...
14/04/2026

“দীঘলতিৰ দীঘল পাত,
গৰু কোবাওঁ জাত জাত।
মাখিয়তীৰ মাখি পাত,
মাখি মাৰোঁ জাত জাত।।"

জাতীয় জীৱনক মহীয়ান কৰি ৰখা প্ৰকৃতি আৰু পশুপ্ৰেমৰ এই চহকী পৰম্পৰা উদযাপনৰ পৱিত্ৰ দিনটোত ৰাইজলৈ গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

আজি অসমৰ ভুমিপুত্ৰ মিচিং জনজাতিৰ কৃষিভৃতিক উৎসৱ আলি-আয়ে-লৃগাং। মিছিং জনগোষ্ঠীৰ সমূহ ভাই -ভনীলৈ এই আলি-আয়ে-লৃগাং উৎসৱৰ ...
18/02/2026

আজি অসমৰ ভুমিপুত্ৰ মিচিং জনজাতিৰ কৃষিভৃতিক উৎসৱ আলি-আয়ে-লৃগাং। মিছিং জনগোষ্ঠীৰ সমূহ ভাই -ভনীলৈ এই আলি-আয়ে-লৃগাং উৎসৱৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्।उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्॥মহাদেৱৰ আশীৰ্বাদে আমাৰ সমাজত শান...
15/02/2026

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्॥

মহাদেৱৰ আশীৰ্বাদে আমাৰ সমাজত শান্তি, ঐক্য আৰু উন্নতিৰ পোহৰ সদায় জ্বলাই ৰাখক।
এই পৱিত্ৰ শিৱৰাত্ৰীৰ শুভক্ষণত সকলো ৰাইজলৈ জনালোঁ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।

সকলোৰে জীৱন সুখ, সমৃদ্ধি আৰু সফলতাৰে ভৰি উঠক — এইয়াই কামনা।

আজি বীৰ চিলাৰায় দিৱস ।অদম্য পৰাক্ৰমী,সাহসী আৰু বীৰত্বৰে দেশপ্ৰেমৰ নিৰ্দশন দাঙি ধৰা কোঁচ সাম্ৰাজ্যৰ প্ৰধান সেনাপতি  মহান...
01/02/2026

আজি বীৰ চিলাৰায় দিৱস ।

অদম্য পৰাক্ৰমী,সাহসী আৰু বীৰত্বৰে দেশপ্ৰেমৰ নিৰ্দশন দাঙি ধৰা কোঁচ সাম্ৰাজ্যৰ প্ৰধান সেনাপতি মহান বীৰযোদ্ধা বীৰ চিলাৰায়ক আজি জন্ম জয়ন্তী ‘চিলাৰায় দিৱস'ত শ্ৰদ্ধাৰে স্মৰণ কৰি জনালো সশ্ৰদ্ধ প্ৰণিপাত।

টাই আহোমসকলৰ পৱিত্ৰ 'মে-ডাম্-মে-ফী' উপলক্ষে সমগ্ৰ অসমবাসীক শুভেচ্ছা জনাইছোঁ ।                                   এই পৱিত্...
31/01/2026

টাই আহোমসকলৰ পৱিত্ৰ 'মে-ডাম্-মে-ফী' উপলক্ষে সমগ্ৰ অসমবাসীক শুভেচ্ছা জনাইছোঁ ।
এই পৱিত্ৰ উৎসৱে সমাজৰ অসূয়া অমংগলসমূহ আঁতৰাই ৰাজ্যখনত অটুট ৰাখক শান্তি, সম্প্ৰীতি আৰু প্ৰগতিৰ পৰিৱেশ।

Address

Golaghat
785621

Telephone

+919577210185

Website

Alerts

Be the first to know and let us send you an email when Shree Samih Bora posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Shree Samih Bora:

Shortcuts

Share

Category