CEMO MAC

CEMO MAC মিচিং স্বায়ত্বশাসিত পৰিষদ মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয় 9395985050

আজি ইংৰাজী ৫.০৬.২০২৬ তাৰিখে দ্বিতীয়বাৰৰ বাবে কেবিনেট মন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা ধেমাজি বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক...
05/06/2026

আজি ইংৰাজী ৫.০৬.২০২৬ তাৰিখে দ্বিতীয়বাৰৰ বাবে কেবিনেট মন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা ধেমাজি বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ডাঃ ৰণোজ পেগু ডাঙৰীয়াক সচিবালয়ৰ কাৰ্য্যালয়ত সাক্ষাৎ কৰি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদ কৰ্তৃপক্ষ, সন্মিলিত গণশক্তি অসম আৰু মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়াই।

সাক্ষাৎকালত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্য্যবাহী সদস্য তথা গণশক্তিৰ সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, পৰিষদৰ মাননীয় অধ্যক্ষ তথা গণশক্তিৰ উপদেষ্টা সুনীল কুমাৰ পেগু ডাঙৰীয়া, পৰিষদৰ সন্মানীয় কাৰ্য্যবাহী সদস্য ক্ৰমে - জহান দলে ডাঙৰীয়া, যজ্ঞেশ্বৰ কুটুম ডাঙৰীয়া, নৰেশ্ব কুম্বাং ডাঙৰীয়া, বিজু পেগু ডাঙৰীয়া, প্ৰশান্ত কুমাৰ বড়ি ডাঙৰীয়া, সাধাৰণ সদস্য ববীকান্ত পেগু ডাঙৰীয়া, MBKৰ সন্মানীয় সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং ডাঙৰীয়া, TMPKৰ সন্মানীয় উপদেষ্টা ৰাজকুমাৰ মৰাং ডাঙৰীয়া, সন্মানীয় সভাপতি তিলক দলে ডাঙৰীয়া, সন্মানীয় সম্পাদক চান পাংগিং ডাঙৰীয়া, গণশক্তি আৰু মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিকৰ অন্যান্য বিষয়ববীয়া।

#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।

আজি ইংৰাজী ৫.০৬.২০২৬ তাৰিখে গুৱাহাটী জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত ৰাজ্যৰ মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্তিৰ বাবে মনোন...
05/06/2026

আজি ইংৰাজী ৫.০৬.২০২৬ তাৰিখে গুৱাহাটী জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত ৰাজ্যৰ মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্তিৰ বাবে মনোনীত মন্ত্ৰীসকলৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

শপত বাক্য পাঠ কৰোৱায় অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য ডাঙৰীয়াই।

উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, পৱিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্য্যবাহী সদস্য তথা সন্মিলিত গণশক্তি অসমৰ সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, অসম গণ পৰিষদ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া, সন্মানীয় নৱ নিযুক্ত কেবিনেট মন্ত্ৰী ক্ৰমে - অশ্বিনী ৰয় সৰকাৰ ডাঙৰীয়া, অশোক সিংহল ডাঙৰীয়া, বিমল বড়া ডাঙৰীয়া, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া, কৌশিক ৰায় ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, কৃষ্ণেন্দু পাল ডাঙৰীয়া, নীলিমা দেৱী ডাঙৰীয়া, পীযুষ হাজৰীকা ডাঙৰীয়া, ডা: ৰণোজ পেগু ডাঙৰীয়া, সুশান্ত বৰগোহাঁই ডাঙৰীয়া, সন্মানীয় বিধায়ক সকল, স্বায়ত্বশাসিত পৰিষদ সমূহৰ মুখ্য কাৰ্য্যবাহী সদস্য, কাৰ্য্যবাহী সদস্য, সাধাৰণ সদস্য সকল, অসম চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, গণশক্তি, বিজেপি, অগপ আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া।

#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।

 #বিশ্ব_পৰিৱেশ_দিৱস
05/06/2026

#বিশ্ব_পৰিৱেশ_দিৱস

মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধীনত মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য পুঁজিৰে অমৰপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত নেপুন মাজগাওঁ প্ৰ...
04/06/2026

মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধীনত মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য পুঁজিৰে অমৰপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত নেপুন মাজগাওঁ প্ৰাথমিক বিদ্যালয়, চাৰহ গাওঁ প্ৰাথমিক বিদ্যালয়, হস্তিনাপুৰ প্ৰাথমিক বিদ্যালয়, চিলিং মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত নিৰ্মান কৰা শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰে পৰিষদৰ ৩৬ নং শদিয়া সমষ্টিৰ মাননীয় সাধাৰণ সদস্য মুলচন পেগু ডাঙৰীয়াই।

শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গণশক্তিৰ শদিয়া খণ্ড শক্তিৰ সন্মানীয় সভাপতি গনেশ কুটুম ডাঙৰীয়া, TMPK শদিয়া জিলাৰ সন্মানীয় প্ৰাক্তন সম্পাদক তৰুন লাগাছু ডাঙৰীয়া, সন্মানীয় প্ৰাক্তন শিক্ষা সম্পাদক ভোলানাথ পেগু ডাঙৰীয়া, পঞ্চায়ত সমিতিৰ সন্মানীয় সম্পাদক গগন মিলি ডাঙৰীয়া, গাওঁ পঞ্চায়তৰ সন্মানীয়া সভানেত্ৰী বাৰনিকা পেগু কুলি ডাঙৰীয়ানী, সন্মানীয় ৱাৰ্ড সদস্য অৰুন দলে ডাঙৰীয়া, উল্লেখ্যিত বিদ্যালয়ৰ সমূহ শিক্ষক বৃন্দ, পৰিচালনা সমিতি, গণশক্তি, MMK, TMMK, TMPK ৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।

সু-খবৰ....।মিচিং স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিভাগৰ "চাৰু চন্দ্ৰ দলে শিক্ষা সাৰথি" আঁচনিৰ অধীনত উচ্চ শিক্ষা ২০২৪-২৫ বৰ্...
03/06/2026

সু-খবৰ....।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিভাগৰ "চাৰু চন্দ্ৰ দলে শিক্ষা সাৰথি" আঁচনিৰ অধীনত উচ্চ শিক্ষা ২০২৪-২৫ বৰ্ষৰ এককালীন আৰ্থিক সাহাৰ্য্য আজি মুকলি কৰি দিয়া হৈছে।

সৰ্বমুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা - ১০৪০ গৰাকী।

সৰ্বমুঠ আৰ্থিক সাহাৰ্য্য - ৯৬,২৬,৫০০ টকা।

নিৰ্বাচিত হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ মিচিং স্বায়ত্বশাসিত পৰিষদ মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

আগন্তুক দিনত উচ্চ তথা সু-শিক্ষাৰে শিক্ষিত হৈ অসম আৰু জাতিৰ নাম উজ্বলাই তুলিব বুলি আমি অত্যন্ত আশাবাদী।
ধন্যবাদ।।

#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।

01/06/2026
অসমীয়া ভাষা, সাহিত্য-সংস্কৃতি ক্ষেত্ৰখনৰ চিৰস্মৰণীয় সত্তা তথা যশস্বী সাহিত্যিক, গীতিকাৰ, লোক-সংস্কৃতিৰ গৱেষক, "নীলা বা...
01/06/2026

অসমীয়া ভাষা, সাহিত্য-সংস্কৃতি ক্ষেত্ৰখনৰ চিৰস্মৰণীয় সত্তা তথা যশস্বী সাহিত্যিক, গীতিকাৰ, লোক-সংস্কৃতিৰ গৱেষক, "নীলা বাইদেউ" ছদ্মনামেৰে বৌদ্ধিক সমাজত পৰিচিত ড° নিৰ্মলপ্ৰভা বৰদলৈৰ পৱিত্ৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

স্বনামধন্য নাৰীগৰাকীয়ে জীৱনজোৰা প্ৰজ্ঞাৰ নিৰলস সাধনা আৰু গভীৰ অধ্যৱসায়েৰে অসমৰ জাতীয় জীৱনলৈ আগবঢ়াই থৈ যোৱা অমূল্য অৱদান সমূহ চিৰস্মৰণীয় হৈ থাকিব।
তেওঁৰ আদৰ্শ তথা কৰ্ম আৰু সৃষ্টিৰাজীয়ে নৱ-প্ৰজন্মক প্ৰতিপল অনুপ্ৰাণিত কৰিব।

ধন্যবাদ।।

#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ আৰ্বিভাৱ তিথিত মিচিং স্বায়ত্বশাসিত পৰিষদ মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয়ৰ...
01/06/2026

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ আৰ্বিভাৱ তিথিত মিচিং স্বায়ত্বশাসিত পৰিষদ মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয়ৰ তৰফৰ পৰা ভক্তিভৰা সেৱা নিবেদিছোঁ।

গুৰুজনাই আমাৰ সমাজখনক আধ্যাত্মিক আৰু সাংস্কৃতিক দিশত এক নতুন মাত্ৰ প্ৰদান কৰি বৰগীত, নামঘোষা, ভক্তি-ৰত্নাৱলী আদি ৰচনাৰে সমৃদ্ধ কৰি থৈ গৈছে।

তেৰাৰ আদৰ্শ আৰু অতুলনীয় কৰ্মৰাজিয়ে যুগ যুগান্তৰলৈ অসমীয়া জাতিক উদ্বুদ্ধ কৰি যাব।

ধন্যবাদ।।

#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।

ৰাভা জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ "বায়খো" উপলক্ষে মিচিং স্বায়ত্বশাসিত পৰিষদ মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয়ৰ তৰফৰ পৰা...
31/05/2026

ৰাভা জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ "বায়খো" উপলক্ষে মিচিং স্বায়ত্বশাসিত পৰিষদ মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয়ৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

পৱিত্ৰ উৎসৱটিয়ে সমাজৰ অপায়-অমংগল, অসূয়া-অপ্ৰীতি, হিংসা-বিভেদ দূৰ কৰি সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ।

ধন্যবাদ।।

#মুখ্য_কাৰ্য্যবাহী_সদস্য_কাৰ্য্যালয়_মিচিং_স্বায়ত্বশাসিত_পৰিষদ।

Address

Gogamukh

Alerts

Be the first to know and let us send you an email when CEMO MAC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share