06/03/2026
যোৱা ১৯ ফেব্ৰুৱাৰি তাৰিখে ১৫ নং গোগামূখ সমষ্টিৰ অন্তৰ্গত নাহৰবাৰী গাঁৱৰ নিবাসী ক্ৰমে নবীন পেগু, নৱকান্ত পেগু, মনোজ কুমাৰ পেগু আৰু দীপক পেগুৰ ঘৰত সংঘটিত হোৱা এক আকস্মিক অগ্নিকাণ্ডত তেওঁলোকৰ ঘৰৰ প্ৰায় সকলো সম্পত্তি ভস্মীভূত হৈ পৰে। এই দুখজনক ঘটনাই পৰিয়ালসমূহক গভীৰ সংকটৰ মাজলৈ ঠেলি দিয়ে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে ১৫ নং গোগামূখ সমষ্টিৰ সাধাৰণ সদস্য শ্ৰী ৰাজু পেগু আৰু পৰিষদৰ কৰ্মচাৰীসকলে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। লগতে পৰিষদৰ কৰ্মচাৰী তৰফৰ পৰা প্ৰত্যেক ক্ষতিগ্ৰস্ত পৰিয়াললৈ ৩টা কৰি কম্বল বিতৰণ কৰা হয়। তেওঁলোকে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে কথা পাতি সম্ভৱ সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাসো প্ৰদান কৰে।
সেই প্ৰতিশ্ৰুতি অনুসৰি আজি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে CEM Welfare Fund ৰ পৰা ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সহায়ৰূপে মুঠ ২০,০০০ টকা কয় প্ৰত্যেকলৈ চেক বিতৰণ কৰা হয়।
সমাজৰ দুখৰ সময়ত একেলগে থিয় দিয়াটো পৰিষদৰ দায়িত্ব। আশা কৰা হৈছে যে এই সামান্য সহায় ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে কিছু সহায়ক হ’ব আৰু আগন্তুক দিনত তেওঁলোকে পুনৰ নতুনকৈ জীৱন গঢ়ি তুলিবলৈ শক্তি লাভ কৰিব।
CMO Assam
Himanta Biswa Sarma
Ranoj Pegu
Paramananada Chayengia
Sunil Pegu
Jadav Pegu
Directorate of Information and Public Relations, Assam