Goalpara District Administration, Assam

Goalpara District Administration, Assam Goalpara District Administration, Assam.

গোৱালপাৰা জিলা শিক্ষক দিৱস উদযাপন সমিতিয়ে নটসূৰ্য ফণী শৰ্মা প্ৰেক্ষাগৃহত আয়োজন কৰা ৬৫ সংখ্যক শিক্ষক দিৱসত আজি গোৱালপাৰাৰ...
05/09/2026

গোৱালপাৰা জিলা শিক্ষক দিৱস উদযাপন সমিতিয়ে নটসূৰ্য ফণী শৰ্মা প্ৰেক্ষাগৃহত আয়োজন কৰা ৬৫ সংখ্যক শিক্ষক দিৱসত আজি গোৱালপাৰাৰ জিলা আয়ুক্ত শ্ৰী প্ৰদীপ টিমুং মহোদয়ে অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত মহোদয়ে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলিৰে শিক্ষাবিদ, দাৰ্শনিক তথা দেশৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁ‌টা প্ৰদানৰ লগতে জিলা আয়ুক্ত মহোদয়ে শিক্ষক দিৱস উপলক্ষে ভাষণ প্ৰদান কৰে আৰু শিক্ষক সমাজলৈ শুভেচ্ছা জ্ঞাপন কৰে।
উল্লেখযোগ্য - দুধনৈ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী টংকেশ্বৰ ৰাভা মহোদয়ো অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।

📌১১ ছেপ্টেম্বৰত BSF পেঞ্চনাৰসকলৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন আদালত🔼 Frontier Headquarters, BSF Meghalaya, Shillong-ৰ উদ্যোগত ...
05/09/2026

📌১১ ছেপ্টেম্বৰত BSF পেঞ্চনাৰসকলৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন আদালত

🔼 Frontier Headquarters, BSF Meghalaya, Shillong-ৰ উদ্যোগত অহা ১১ ছেপ্টেম্বৰ ২০২৬ তাৰিখে ৰাষ্ট্ৰীয় পেঞ্চন আদালত (Nationwide Pension Adalat) অনুষ্ঠিত কৰা হ’ব।
এই পেঞ্চন আদালতৰ মূল উদ্দেশ্য হৈছে BSF-ৰ প্ৰাক্তন কৰ্মচাৰী, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু পৰিয়াল পেঞ্চনাৰসকলৰ পেঞ্চন-সম্পৰ্কীয় অভিযোগ, নথি-পত্ৰৰ সমস্যাৰ লগতে পেঞ্চন আদায়ৰ ক্ষেত্ৰত হোৱা বিসংগতিৰ তাৎক্ষণিক সমাধানৰ বাবে সহায় আগবঢ়োৱা। কাৰ্যসূচীটো অনলাইন আৰু অফলাইন—দুয়োটা মাধ্যমেৰে অনুষ্ঠিত হ’ব।
গোৱালপাৰা জিলা প্ৰশাসনে জিলাখনৰ যোগ্য BSF পেঞ্চনাৰ আৰু পৰিয়াল পেঞ্চনাৰসকলক এই জনকল্যাণমূলক পদক্ষেপৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। যিসকল পেঞ্চনাৰে দূৰৱৰ্তী অঞ্চলত বাস কৰে বা শ্বিলঙলৈ গৈ অংশগ্ৰহণ কৰিবলৈ সক্ষম নহয়, তেওঁলোকৰ বাবে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত জিলা প্ৰশাসনে প্ৰয়োজনীয় সহায় আগবঢ়াব।
অনলাইন মাধ্যমেৰে অংশগ্ৰহণ কৰিব বিচৰা অসমৰ BSF পেঞ্চনাৰসকলে অধিক তথ্য আৰু অংশগ্ৰহণৰ ব্যৱস্থাৰ বাবে Frontier Headquarters, BSF Meghalaya-ৰ সৈতে 0364-2951016 / 2951018 নম্বৰত যোগাযোগ কৰিব পাৰে অথবা [email protected] ই-মেইলযোগে যোগাযোগ কৰিব পাৰে।

🔴 গোৱালপাৰা জিলা প্ৰশাসনৰ "সম্পুৰ্ণতা অভিযান  ২.০" ৰ সফল সামৰণি🔴 আজি আয়োজিত সামৰণি অনুষ্ঠানত উল্লেখণীয় ভূমিকা পালন কৰা ব...
03/09/2026

🔴 গোৱালপাৰা জিলা প্ৰশাসনৰ "সম্পুৰ্ণতা অভিযান ২.০" ৰ সফল সামৰণি
🔴 আজি আয়োজিত সামৰণি অনুষ্ঠানত উল্লেখণীয় ভূমিকা পালন কৰা বিষয়া, কৰ্মচাৰী, অংগণৱাড়ী কৰ্মী, আশা কৰ্মী আদিক পুৰস্কাৰ প্ৰদান

🔼 গোৱালপাৰা জিলা প্ৰশাসনে আজি আকাংক্ষিত জিলা আৰু আকাংক্ষিত উন্নয়ন খণ্ড কাৰ্যসূচীৰ অধীনত গ্ৰহণ কৰা "সম্পুৰ্ণতা অভিযান -২.০ " ৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰে। নটসূৰ্য ফণী শৰ্মা ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে গোৱালপাৰাৰ জিলা আয়ুক্ত শ্ৰী প্ৰদীপ টিমুং মহোদয়ে।

অনুষ্ঠানটোৰ কাৰ্যসূচী অনুসৰি আদৰণি ভাষণ প্ৰদান কৰে জিলা উন্নয়ন আয়ুক্ত তথা আকাংক্ষিত জিলা আৰু উন্নয়ন খণ্ডৰ Nodal Officer শ্ৰী প্ৰণৱ কুমাৰ বৰাই।

অনুষ্ঠানটোত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত মহোদয়ে প্ৰদান কৰা ভাষণত গোৱালপাৰা জিলাত আকাংক্ষিত জিলা কাৰ্যসূচী আৰু লক্ষীপুৰ আকাংক্ষিত উন্নয়ন খণ্ডত জিলা প্ৰশাসনে কি দৰে কাম কৰি আহিছে সেই বিষয়ে উল্লেখ কৰে। ভাৰত চৰকাৰৰ নিটি আয়োগৰ নীতি -নিৰ্দেশনা অনুসৰি স্বাস্থ্য, পুষ্টি, শিক্ষা, কৃষি, সামাজিক উন্নয়ন আৰু আন্তঃগাঁথনিৰ দৰে গুৰুত্বপূৰ্ণ দিশসমূহক দেশৰ উন্নত জিলা আৰু উন্নয়ন খণ্ডৰ সমপৰ্যায়লৈ লৈ যোৱাটো এক প্ৰত্যাহ্বান আছিল বুলি উল্লেখ কৰি জিলা আয়ুক্ত মহোদয়ে কয় যে- গোৱালপাৰা জিলা প্ৰশাসনে সংশ্লিষ্ট বিভাগৰ বিষয়া, পঞ্চায়ত প্ৰতিনিধি, অংগনৱাড়ী কৰ্মী, আত্মসহায়ক গোট আৰু সমাজ কৰ্মীসকলৰ সহযোগিতাত আকাংক্ষিত জিলা কাৰ্যসূচী আৰু আকাংক্ষিত উন্নয়ন খণ্ড কাৰ্যসূচীত ভাল ফল লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতে সকলোকে আৰু অধিক সক্ৰিয়ভাৱে তথা নিপুনতাৰে কাম কৰি গোৱালপাৰা জিলাক আকাংক্ষিত জিলাৰ পৰা অনুকৰণীয় জিলালৈ ৰূপান্তৰ কৰাৰ বাবে আহ্বান জনায়।

আজিৰ অনুষ্ঠানটোত স্বাস্থ্য সেৱা, পশুপালন, শিক্ষা , সামাজিক উন্নয়ন তথা আন্তঃগাথনি উন্নীত কৰাৰ ক্ষেত্ৰত যিসকল বিষয়া-কৰ্মচাৰী, আশা কৰ্মী, অংগনৱাড়ী কৰ্মী আদিয়ে উল্লেখনীয় ভূমিকা পালন কৰিছে তেওঁলোকক পুৰস্কাৰ প্ৰদান কৰা হয়।
আজিৰ অনুষ্ঠানটোত জিলা প্ৰশাসনৰ মহিলা কৰ্মচাৰীসকলে এটি সমবেত সংগীত পৰিৱেশন কৰাৰ লগতে অংগনৱাড়ী কৰ্মী সকলে নাৰী নিৰ্যাতন বিষয়ক এখন চুটি নাট পৰিৱেশন কৰে। সত্ৰীয়া নৃত্য, জনজাতীয় নৃত্য, গোৱালপাৰীয়া নৃত্য, বিহু নাচ আদিৰে কেবাটাও সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠানটো বৰ্ণাঢ্য কৰি তোলা হয়।

CMO Assam
Jayanta Mallabaruah
Directorate of Information and Public Relations, Assam

BUILD YOUR FUTURE IN JAPAN — CM-FLIGHT 🇯🇵The Government of Assam, through the Assam Skill Development Mission (ASDM), in...
31/08/2026

BUILD YOUR FUTURE IN JAPAN — CM-FLIGHT 🇯🇵
The Government of Assam, through the Assam Skill Development Mission (ASDM), invites the youth of Goalpara district to apply for CM-FLIGHT (Chief Minister's Foreign Language Initiative for Global Human Talent) — a flagship pathway to global employment in Japan.
✅ Who can apply: Age 18–30 years, minimum 10+2 qualification, basic English knowledge, medically fit, and willing to learn Japanese
✅ Career opportunities: Caregiving, Construction, Agriculture, Hospitality, Accommodation & IT (under the Specified Skilled Worker/SSW Visa Programme)
✅ Training duration: 6 to 12 months — includes Japanese language training, cultural orientation, and employment preparation
✅ Government support: Total assistance of ₹1,50,000 — ₹1,00,000 for training and ₹50,000 post-placement support after securing COE, JLPT/JFT certificate, visa & flight ticket
📋 Documents required: Valid ID proof, 4 passport-size photographs, highest educational qualification certificate
📞 For information & admission, contact our training partners:
🔹 Mirai Japanese Learning Centre — 6000733613
🔹 ASEAN Assam Academy — 9395339603 / 9954124365
🔹 JACEEX Ventures LLP — 938-744-1606 / 938-744-1608 / 8010-709-709
Take the first step towards a career in Japan — learn Japanese, build your skills, build your future!

CMO Assam
Office of Himanta Biswa Sarma
Jayanta Mallabaruah
Directorate of Information and Public Relations, Assam

গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি...
30/08/2026

গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি গোৱালপাৰা চহৰত এক চাইকেল ৰেলী কৰা হয়। আজি পুৱা অনুষ্ঠিত কৰা চাইকেল ৰেলীটোত গোৱালপাৰাৰ জিলা আয়ুক্ত শ্ৰী প্ৰদীপ টিমুং মহোদয়ৰ লগতে সহকাৰী আয়ুক্ত শ্ৰী অনুপম দাস, জিলা ক্ৰীড়া বিষয়া শ্ৰী সত্যনাথ দাস আদিয়ে অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰী, স্থানীয় নাগৰিক আৰু অন্যান্য সকলে অংশগ্ৰহণ কৰা চাইকেল ৰেলীটো জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি গোৱালপাৰা চহৰখন পৰিভ্ৰমণ কৰি আকৌ জিলা আয়ুক্তৰ কাৰ্যালয়ত সমাপ্ত হয়।

CMO Assam Directorate of Information and Public Relations, Assam
29/08/2026

CMO Assam
Directorate of Information and Public Relations, Assam

🔼গোৱালপাৰাৰ কল্যাণপুৰ হাইস্কুলত  ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ আয়োজনৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে আজি গোৱালপাৰা জিলা প্ৰশাসনৰ উ...
29/08/2026

🔼গোৱালপাৰাৰ কল্যাণপুৰ হাইস্কুলত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ আয়োজন

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে আজি গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত আৰু ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত কল্যাণপুৰ হাইস্কুলত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত গোৱালপাৰাৰ জিলা আয়ুক্ত শ্ৰী প্ৰদীপ টিমুং মহোদয়ে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি ভাৰতীয় হকীৰ কিংবদন্তি তথা দেশৰ অন্যতম শ্ৰেষ্ঠ ক্ৰীড়াবিদ মেজৰ ধ্যান চান্দৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানটোত অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী বিভাস মেধী, সহকাৰী আয়ুক্ত শ্ৰী অনুপম দাস, জিলা ক্ৰীড়া বিষয়া শ্ৰী সত্যনাথ দাস আদিৰ লগতে স্থানীয় খেলুৱৈ, বিদ্যালয়খনৰ শিক্ষক - শিক্ষয়িত্ৰী তথা ছাত্ৰ- ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত জিলা আয়ুক্ত মহোদয়ে ক্ৰীড়াৰ জৰিয়তে শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনৰ লগতে শৃংখলা, একতা, অধ্যৱসায় আৰু দেশপ্ৰেমৰ ভাৱনা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। অনুষ্ঠানটোত উপস্থিত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা উপস্থিত সকলোৱে ক্ৰীড়া আৰু দেশপ্ৰেমৰ শপত গ্ৰহণ কৰে।
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি
আজি ৰচী টনা প্ৰতিযোগিতা আৰু ছোৱালীৰ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। কাইলৈ ৩০ আগষ্ট ২০২৬ তাৰিখে
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি এক চাইকেল ৰেলীৰ আয়োজন কৰা হৈছে।
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপনৰ জৰিয়তে জিলাখনৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজৰ মাজত ক্ৰীড়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি, সুস্থ জীৱনশৈলীৰ প্ৰসাৰ আৰু দেশপ্ৰেমৰ চেতনাক অধিক শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে।

CMO Assam
Office of Himanta Biswa Sarma
Jayanta Mallabaruah
Directorate of Information and Public Relations, Assam

✅ লক্ষীপুৰ মহাবিদ্যালয়ৰ অভিনৱ পদক্ষেপ — “লক্ষ্য”✅ APSC প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰাৰ বিশেষ উ...
27/08/2026

✅ লক্ষীপুৰ মহাবিদ্যালয়ৰ অভিনৱ পদক্ষেপ — “লক্ষ্য”

✅ APSC প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰাৰ বিশেষ উদ্যোগ

ছাত্ৰ-ছাত্ৰীসকলক অসম লোকসেৱা আয়োগ (APSC)-এ অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উপযুক্তভাৱে প্ৰস্তুত কৰি সফলতাৰ দিশে আগুৱাই নিয়াৰ লক্ষ্যৰে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে লক্ষীপুৰ মহাবিদ্যালয়ে।
এই উদ্দেশ্যে আজি মহাবিদ্যালয়খনত আয়োজিত এক বিশেষ অনুষ্ঠানত “লক্ষ্য” নামৰ এক নতুন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানটোত গোৱালপাৰাৰ জিলা আয়ুক্ত শ্ৰী প্ৰদীপ টিমুং মহোদয় আৰু জিলা উন্নয়ন আয়ুক্ত শ্ৰী প্ৰণৱ কুমাৰ বৰা মহোদয় উপস্থিত থাকে।
“লক্ষ্য”ৰ জৰিয়তে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক ACS, APS আদিকে ধৰি অসম লোকসেৱা আয়োগৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় দিশ-নিৰ্দেশনা, অধ্যয়ন সহায় আৰু প্ৰস্তুতিৰ সুযোগ প্ৰদান কৰা হ’ব। এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে তেওঁলোকৰ প্ৰতিভা আৰু সম্ভাৱনাক সঠিক দিশত বিকশিত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।
অনুষ্ঠানত লক্ষীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা, সমল ব্যক্তি আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

“লক্ষ্য” কেৱল এটা কাৰ্যসূচী নহয়, ই ছাত্ৰ-ছাত্ৰীৰ সপোনক সফলতাৰ দিশে আগুৱাই নিয়াৰ এক সুদূৰপ্ৰসাৰী প্ৰয়াস।

📌ৰংজুলিত  ৭৫ সংখ্যক ‘সামাজিক অধিকাৰিতা শিবিৰ’ অনুষ্ঠিত🔼 জ্যেষ্ঠ নাগৰিকৰ মাজত সহায়ক সামগ্ৰী বিতৰণগোৱালপাৰা জিলাৰ ৰংজুলিত ...
21/08/2026

📌ৰংজুলিত ৭৫ সংখ্যক ‘সামাজিক অধিকাৰিতা শিবিৰ’ অনুষ্ঠিত

🔼 জ্যেষ্ঠ নাগৰিকৰ মাজত সহায়ক সামগ্ৰী বিতৰণ

গোৱালপাৰা জিলাৰ ৰংজুলিত আজি সমাজ কল্যাণ বিভাগৰ উদ্যোগত ৭৫ সংখ্যক ‘সামাজিক অধিকাৰিতা শিবিৰ’ অনুষ্ঠিত কৰা হয়। ৰংজুলিৰ প্ৰগতি সংঘত অনুষ্ঠিত কৰা এই অনুষ্ঠানটোত বয়োজ্যেষ্ঠ নাগৰিকৰ মাজত সহায়ক সামগ্ৰী বিতৰণ কৰা হয়।

জ্যেষ্ঠ নাগৰিকসকলৰ জীৱন অধিক সহজ আৰু স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ Rashtriya Vayoshri Yojana (RVY) আঁচনিৰ অধীনত আয়োজন কৰা এই অনুষ্ঠানটো গোৱালপাৰাৰ জিলা আয়ুক্ত শ্ৰী প্ৰদীপ টিমুং মহোদয়ৰ উপস্থিতিত মুখ্য অতিথি ১৫-দুধনৈ ( জনজাতি) সমষ্টিৰ বিধায়ক শ্ৰী টংকেশ্বৰ ৰাভাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে।

Artificial Limbs Manufacturing Corporation of India (ALIMCO)-ৰ সহযোগত আজিৰ অনুষ্ঠানটোৰ জৰিয়তে নাগৰিকসকলৰ মাজত বিভিন্ন ধৰণৰ সহায়ক সামগ্ৰী আৰু Assistive Devices বিতৰণ কৰা হয়।

জিলা উন্নয়ন আয়ুক্ত শ্ৰী প্ৰণৱ কুমাৰ বৰা, ৰংজুলিৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শ্ৰী ছোভিয়া পেগু, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া শ্ৰী নিশামনি কলিতা, জিলা সমাজ কল্যাণ বিষয়া শ্ৰী এ এম এ হুছেইনকে আদি কৰি CDPO সকল, ALIMCO-ৰ প্ৰতিনিধি, RHAC-ৰ কাৰ্যবাহী সদস্য, গাঁও পঞ্চায়তৰ সভাপতি আদিয়েও অনুষ্ঠানটোত উপস্থিত থাকে।

অনুষ্ঠানটোত জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰয়োজনীয়তা অনুসৰি হুইলচেয়াৰ, ৱাকাৰ, লাঠী আদি বিভিন্ন সহায়ক সঁজুলি বিতৰণ কৰা হয়। এই সহায়ক সামগ্ৰীসমূহে শাৰীৰিকভাৱে অসুবিধাগ্ৰস্ত আৰু প্ৰয়োজনীয়তা থকা জ্যেষ্ঠ নাগৰিকসকলৰ দৈনন্দিন জীৱনযাত্ৰা অধিক সহজ কৰি তোলাত সহায় কৰিব।

অনুষ্ঠানত উপস্থিত অতিথিসকলে জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰতি সমাজৰ দায়বদ্ধতা আৰু তেওঁলোকৰ সন্মানজনক জীৱন-যাপনৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ এনে কল্যাণমূলক আঁচনিৰ সুফলতাৰ বিষয়ে উল্লেখ কৰে। বিভিন্ন সহায়ক সামগ্ৰী লাভ কৰি বয়োজ্যেষ্ঠ নাগৰিকসকলে চৰকাৰৰ লগতে অনুষ্ঠানটোৰ উদ্যোক্তাসকলৰ প্ৰশংসা কৰে।

CMO Assam

Jayanta Mallabaruah
Directorate of Information and Public Relations, Assam

20/08/2026

Address

Office Of The Deputy Commissioner, Baladmari
Goalpara
783121

Alerts

Be the first to know and let us send you an email when Goalpara District Administration, Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Goalpara District Administration, Assam:

Shortcuts

Share