02/06/2026
অসমৰ কৃষি আৰু উদ্যান শস্য খণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা, অসম প্ৰদেশৰ এটি দলে এক বিশেষ সৌজন্যমূলক সাক্ষাৎ কৰে অসম কৃষি বিভাগৰ সন্মানীয় কৃষি সঞ্চালক ডাঙৰীয়াক ।
কৃষক মৰ্চা অসম প্ৰদেশৰ আদৰণীয় ৰাজ্যিক সভাপতি শ্ৰীযুত পংকজ বৰবৰা ডাঙৰীয়া আৰু ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰঞ্জিত ভট্টাচাৰ্য্য ডাঙৰীয়াৰ নেতৃত্বত যোৱা ৰাজ্যিক সমিতিৰ প্ৰতিনিধি দলটোৱে অসম চৰকাৰৰ কৃষি বিভাগৰ সন্মানীয় সঞ্চালক শ্ৰীযুত ৰাতুল পাঠক ডাঙৰীয়াক তেখেতৰ কাৰ্যালয়ত সাক্ষাৎ কৰে।
এই সৌজন্যমূলক সাক্ষাৎকালত অত্যন্ত সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত ৰাজ্যখনৰ কৃষি উন্নয়ন, উদ্যান শস্য (Horticulture) বিভাগৰ সামগ্ৰিক উন্নয়ন, আধুনিক কৃষি পদ্ধতিৰ সম্প্ৰসাৰণ আৰু কৃষকসকলৰ অৰ্থনৈতিক প্ৰগতিৰ বাবে ল’বলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত দীঘলীয়া আৰু ফলপ্ৰসূ আলোচনাত মিলিত হয়। ৰাজ্যৰ কৃষক সমাজৰ কল্যাণৰ বাবে আগন্তুক দিনবোৰত ল’বলগীয়া পদক্ষেপসমূহৰ ক্ষেত্ৰতো এই বৈঠকত বিশেষভাৱে মত-বিনিময় কৰা হয়।