Directorate of Indigenous and Tribal Faith and Culture, Assam

  • Home
  • India
  • Gauhati
  • Directorate of Indigenous and Tribal Faith and Culture, Assam

Directorate of Indigenous and Tribal Faith and Culture, Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Directorate of Indigenous and Tribal Faith and Culture, Assam, Government Organization, Housefed Complex, Block - 5, 2nd Floor, Gauhati.

07/11/2025

ইং ১৮৭৫ চনত আজিৰ তাৰিখতেই বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰা আমাৰ দেশৰ ৰাষ্ট্ৰীয় গীত 'বন্দে মাতৰম'ৰ ১৫০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আজি দেশজুৰি অনুষ্ঠিত হোৱা সমূহীয়া পৰিৱেশন অনুষ্ঠানৰ অংশ হিচাপে এই সঞ্চালকালয়তো 'বন্দে মাতৰম'ৰ সমূহীয়া পৰিৱেশন কৰা হয়। আত্মজাগৰণ আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ অনন্য প্ৰতিভূ এই গীতে সদায় দেশবাসীক উৎসাহিত কৰি আহিছে।

কল্পনাতীত এই সময়। নিয়তিৰ নিষ্ঠুৰতাক ৰুধিবলৈ আমাৰ কাৰোৰে শক্তি নাই। কেইবাটাও প্ৰজন্মৰ আৱেগ-অনুভূতিক প্ৰতিনিধিত্ব কৰা জুবি...
20/09/2025

কল্পনাতীত এই সময়। নিয়তিৰ নিষ্ঠুৰতাক ৰুধিবলৈ আমাৰ কাৰোৰে শক্তি নাই। কেইবাটাও প্ৰজন্মৰ আৱেগ-অনুভূতিক প্ৰতিনিধিত্ব কৰা জুবিন গাৰ্গৰ গীতসমূহে সদায় তেখেতৰ কথাকেই সোঁৱৰাই দিব। সুখ-দুখ, উৎসাহ,অনুপ্ৰেৰণা, আমনিৰ মুহূৰ্ত ইত্যাদি সকলো সময়তেই সংগ দিয়া তেখেতৰ গানবোৰতেই পুনৰ আমি তেখেতক যেতিয়াই মন যায় তেতিয়াই বিচাৰি পাম। অনন্য সুৰ আৰু কণ্ঠৰ মায়াজালেৰে সমৃদ্ধ গানবোৰৰ মাজত তেখেত সদায় অমৰ হৈ থাকিব।
অসমৰ Heartthrob জুবিন গাৰ্গৰ আকস্মিক বিয়োগত তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয়ৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ।

যোৱা ইং ১৫ আগষ্ট, ২০২৫ তাৰিখে হাউছফেড কম্প্লেক্স, দিছপুৰ, গুৱাহাটীৰ পৰিসৰত থকা কাৰ্যালয়সমূহৰ দ্বাৰা সমূহীয়াভাৱে ৭৯ সংখ্য...
19/08/2025

যোৱা ইং ১৫ আগষ্ট, ২০২৫ তাৰিখে হাউছফেড কম্প্লেক্স, দিছপুৰ, গুৱাহাটীৰ পৰিসৰত থকা কাৰ্যালয়সমূহৰ দ্বাৰা সমূহীয়াভাৱে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই কাৰ্যসূচীত আমাৰ কাৰ্যালয়ৰ সঞ্চালক শ্ৰী অনুপম চৌধুৰী, এ.চি.এচ. ৰ লগতে কৰ্মচাৰীবৃন্দ উপস্থিত থাকে। পৰাধীনতাৰ শিকলি ছিঙি ভাৰতবৰ্ষক স্বাধীনতাৰ পৰশ ল'বলৈ দিয়া প্ৰত্যেকগৰাকী স্বাধীনতা সংগ্ৰামীক আমাৰ কাৰ্যালয়ৰ তৰফৰ পৰা শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। সমৃদ্ধি আৰু বিকাশৰ বাটত আমাৰ দেশ সদায় আগুৱাই যাওক।



মিচিংসকলে শস্য সিঁচাৰ আৰম্ভণি উৎসৱ  হিচাপে  ফাগুন মাহৰ প্ৰথম বুধবাৰে 'আলি-আঃয়ে-লৃগাং' উদযাপন কৰে।মিচিং ভাষাত 'আলি' মানে ...
19/02/2025

মিচিংসকলে শস্য সিঁচাৰ আৰম্ভণি উৎসৱ হিচাপে ফাগুন মাহৰ প্ৰথম বুধবাৰে 'আলি-আঃয়ে-লৃগাং' উদযাপন কৰে।মিচিং ভাষাত 'আলি' মানে শস্যৰ বীজ, 'আঃয়ে' মানে ফল আৰু 'লৃগাং' মানে উৎসৱ । 'আলি-আঃয়ে-লৃগাং' উপলক্ষে সকলোলৈকে শুভকামনা জনাইছোঁ।




'দেহাল(ৰংকেৰ)কাচিৰ দম' হৈছে ফাগুন মাহৰ প্ৰথম মংগলবাৰে উদযাপন কৰা কাৰ্বিসকলৰ অন্যতম উৎসৱ । দেহাল(ৰংকেৰ)কাচিৰ দম উপলক্ষে স...
18/02/2025

'দেহাল(ৰংকেৰ)কাচিৰ দম' হৈছে ফাগুন মাহৰ প্ৰথম মংগলবাৰে উদযাপন কৰা কাৰ্বিসকলৰ অন্যতম উৎসৱ । দেহাল(ৰংকেৰ)কাচিৰ দম উপলক্ষে সকলোলৈকে শুভকামনা জনাইছোঁ।




'বুছু ডিমা' হৈছে ডিমাছা ৰাইজে পালন কৰা এক গুৰুত্বপূৰ্ণ উৎসৱ। শস্য চপোৱা সম্পূৰ্ণ হোৱাৰ পাছত ইয়াক উদযাপন কৰা হয়। বুছু ড...
27/01/2025

'বুছু ডিমা' হৈছে ডিমাছা ৰাইজে পালন কৰা এক গুৰুত্বপূৰ্ণ উৎসৱ। শস্য চপোৱা সম্পূৰ্ণ হোৱাৰ পাছত ইয়াক উদযাপন কৰা হয়। বুছু ডিমা উপলক্ষে সকলোলৈকে শুভকামনা জনাইছোঁ |




যোৱা ৩ জানুৱাৰী,২০২৫ তাৰিখে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সৌজন্যত  আৰু খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস...
10/01/2025

যোৱা ৩ জানুৱাৰী,২০২৫ তাৰিখে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সৌজন্যত আৰু খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয়ৰ উদ্যোগত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এখনি প্ৰাইজমানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিষয়ক এই কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে অসমৰ খ্যাতনামা কুইজ পৰিচালক দীপাংকৰ কৌশিকে । কুইজ পৰিচালকৰ প্ৰজ্ঞাদীপ্ত প্ৰশ্ন আৰু প্ৰতিযোগীসকলৰ বুদ্ধিদীপ্ত উত্তৰে সমূহ দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সচিব মানস নাথ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয়ৰ সঞ্চালক অনুপম চৌধুৰীৰ লগতে সংগ্ৰহালয় সঞ্চালকালয়ৰ সঞ্চালক অৰিন্দম বৰুৱা উপস্থিত থাকে।




অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয়ৰ উদ্যোগত ইংৰাজী ২০২৫ বৰ্ষৰ ৩ জানুৱাৰী তাৰিখে গুৱাহাটী স...
11/12/2024

অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয়ৰ উদ্যোগত ইংৰাজী ২০২৫ বৰ্ষৰ ৩ জানুৱাৰী তাৰিখে গুৱাহাটী স্থিত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত পুৱা ১০:৩০ বজাৰ পৰা অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ ওপৰত দীপাংকৰ কৌশিকৰ পৰিচালনাৰে এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। অসমৰ জনজাতীয় ধৰ্ম-বিশ্বাস আৰু সংস্কৃতিৰ বৰ্ণাঢ্য বৈশিষ্ট্যসমূহৰ বিষয়ে জ্ঞান লাভ কৰাত এই প্ৰতিযোগিতাখনে নৱপ্ৰজন্মক উৎসাহিত কৰিব। পঞ্জীয়ন বিনামূলীয়া।



DASAIN DANCE The Dasain dance is a traditional dance performed by the Santhal people during the time of Durga Puja. This...
21/10/2024

DASAIN DANCE
The Dasain dance is a traditional dance performed by the Santhal people during the time of Durga Puja. This dance is a form of worship that teaches a young man how to gain spiritual power and ward off evil spirits. It is performed in a group in rhythmic and energetic movements with different footsteps and hand gestures.
On the Prathama or Day One, the religious guru worship a tree and forms a team of men, who then dance and visit the neighbouring villages in search of Mahishashur or the evil spirit. The team visits each and every household of the village and dances in front of the door of a household as if they are searching for someone. The musical instruments used are Tunda (Madol), Tammak (single-faced Dhol), Kortal (Tal), and Tariw (Flute). They wear traditional garments along with the jewellery like large earrings called Khaga Duryw and Pwign (a traditional anklet), and Ghugura (an ornament worn hanging from the shoulder and feather of peacock on the head).
The dance lasts for two or three days after chanting mantras and worshipping in front of a large tree or sometimes the basil plant.
On the last day, they again worship and celebrate the festival with a feast among themselves.

দচাইন নৃত্য
দুৰ্গা পূজাৰ সময়ত ছান্থাল ৰাইজে পৰিৱেশন কৰা এক পৰম্পৰাগত নৃত্য হৈছে দচাইন নৃত্য। এই নৃত্যৰ দ্বাৰা এজন যুৱকক আধ্যাত্মিক শক্তি কেনেকৈ লাভ কৰিব পাৰি আৰু দুষ্ট আত্মাক কেনেকৈ আঁতৰাই ৰাখিব পাৰি সেই বিষয়ে প্ৰকাশ পায়। ইয়াক বিভিন্ন ভৰি আৰু হাতৰ ছন্দময় আৰু শক্তিশালী ছলনাৰে গোটত পৰিবেশন কৰা হয়।
প্ৰথম দিনা ধৰ্মীয় গুৰুৱে এজোপা গছ পূজা কৰি পুৰুষৰ দল গঠন কৰে, যিসকলে তাৰ পিছত নৃত্য কৰি কাষৰীয়া গাঁওবোৰত মহিষাসুৰ বা অশুভ আত্মাৰ সন্ধানত ভ্ৰমণ কৰে। দলটোৱে গাঁৱৰ ঘৰে ঘৰে গৈ ঘৰৰ দুৱাৰৰ সন্মুখত কাৰোবাক বিচাৰি থকাৰ দৰে নাচি থাকে। এই নৃত্যত ব্যৱহৃত বাদ্যযন্ত্ৰসমূহ হ’ল টুণ্ডা (মাদল), তাম্মাক (একমুখীয়া ঢোল), কৰতাল (তাল), আৰু তাৰিউ (বাঁহী)। তেওঁলোকে পৰম্পৰাগত কাপোৰৰ লগতে গহনা পিন্ধে যেনে ডাঙৰ কাণফুলি যাক খগা ডুৰিউ আৰু পুইগন (এবিধ পৰম্পৰাগত নূপুৰ ), আৰু ঘুগুৰা ( কান্ধত ওলমি থকা অলংকাৰ আৰু মূৰত ময়ূৰৰ পাখি) বুলি জনা যায়।
মন্ত্ৰ জপ কৰি ডাঙৰ গছ বা কেতিয়াবা তুলসী গছৰ সন্মুখত পূজা কৰি দুদিন বা তিনিদিনলৈকে এই নৃত্য চলি থাকে।
শেষৰ দিনা পুনৰ পূজা কৰি নিজৰ মাজতে ভোজ দি তেওঁলোকে উৎসৱ পালন কৰে।





What role do traditional alcoholic beverages play in the social lives of the Karbi community of Assam? This film by Dr.K...
03/10/2024

What role do traditional alcoholic beverages play in the social lives of the Karbi community of Assam? This film by Dr.Kaustuv Saikia, District Museum Officer, Karbi Anglong explores the cultural practices associated with production and consumption of the traditional alcoholic beverages (hor) of the Karbi people.
https://youtu.be/I3NyXZziDWc?si=XqNlsm1EAkqDv8bS





Hor, Rice beer, is essentially an integral part of the social and cultural life of the Karbis. It is mandatorily used in almost all ceremonies: marriages, th...

খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয়ৰ সঞ্চালক পংকজ চক্ৰৱৰ্তী(এ.চি. এছ.) ৰ ১৩ ছেপ্টেম্বৰ,২০২৪ত অনুষ্ঠিত ...
16/09/2024

খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয়ৰ সঞ্চালক পংকজ চক্ৰৱৰ্তী(এ.চি. এছ.) ৰ ১৩ ছেপ্টেম্বৰ,২০২৪ত অনুষ্ঠিত হোৱা বিদায় সভাৰ কিছু মুহূৰ্ত। তেখেতৰ বলিষ্ঠ নেতৃত্বত এই সঞ্চালকালয়ে জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্ধন আৰু প্ৰচাৰত এক নতুন গতি লাভ কৰিলে । তামুলপুৰৰ নৱনিযুক্ত জিলা আয়ুক্ত হিচাপে তেখেতৰ প্ৰশাসনিক দক্ষতা যাতে সমাজৰ উন্নতি সাধনত সহায়ক হয়, আমাৰ সঞ্চালকালয়ৰ তৰফৰ পৰা অশেষ শুভকামনা থাকিল। লগতে নৱনিযুক্ত ভাৰপ্ৰাপ্ত সঞ্চালক অৰিন্দম বৰুৱা(এ.চি.এছ.)ক আমাৰ সঞ্চালকালয়লৈ স্বাগতম জনাইছোঁ।

Snippets of the farewell meeting held on 13th september,2024 of the Director, Shri Pankaj Chakravarty, ACS, Directorate of Indigenous and Tribal Faith and Culture. Under his strong leadership, the Directorate gained a new momentum in the preservation, protection and promotion of the indigenous tribal faith and culture. Our Directorate wishes him all the best as the newly appointed District Commissioner of Tamulpur and hope that his administrative skills will contribute to the improvement of the society. We also welcome the newly appointed Director i/c, Shri Arindom Barua, ACS to our Directorate.

Address

Housefed Complex, Block - 5, 2nd Floor
Gauhati
781006

Website

Alerts

Be the first to know and let us send you an email when Directorate of Indigenous and Tribal Faith and Culture, Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Directorate of Indigenous and Tribal Faith and Culture, Assam:

Share