09/02/2026
🔥 যুৱ শক্তি জাগ্ৰত, নতুন ভাৰত অদম্য 🔥
আজি দুলীয়াজানত কোনো সাধাৰণ সভা নাছিল, এয়া আছিল 'নতুন ভাৰত' গঢ়াৰ এক সংকল্প। হাজাৰ হাজাৰ যুৱক যুৱতীৰ উপস্থিতিয়ে আজি এটা কথা স্পষ্ট কৰি দিলে— আজিৰ যুৱসমাজ সজাগ, সচেতন আৰু অদম্য।
যিসকলে ভাবিছিল যুৱপ্ৰজন্ম বিভ্ৰান্ত, তেওঁলোকৰ বাবে আজি দুলীয়াজানৰ এই জনসমূদ্ৰই আছিল এক হুংকাৰ। মিছা প্ৰতিশ্ৰুতিৰ দিন গ’ল, এতিয়া কেৱল কৰ্ম আৰু উন্নয়নৰ দিন!
📌 সন্মিলনৰ মূল মন্ত্ৰ:
১/ দেশ প্ৰথম 🇮🇳
২/ উন্নয়ন প্ৰথম 🏗️
৩/ ৰাষ্ট্ৰবাদ প্ৰথম 🚩
এই ঐতিহাসিক ক্ষণত আমাৰ মাজত উপস্থিত থাকি সাহস আৰু উৎসাহ যোগালে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰী ৰোহিত চাহাল ডাঙৰীয়া, নীতি আৰু গৱেষণা বিভাগৰ ড° জুগল দ’লে ডাঙৰীয়া, আমাৰ জনপ্ৰিয় বিধায়ক শ্ৰী তেৰশ গোৱালা ডাঙৰীয়া আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শ্ৰী বিদুৰ সিং ডাঙৰীয়াৰ লগতে বহুতো নিষ্ঠাবান সতীৰ্থই।
আজিৰ এই উৎসাহে প্ৰমাণ কৰিলে যে— যুৱ শক্তি জাগ্ৰত হ’লেহে ৰাষ্ট্ৰ শক্তি সুৰক্ষিত হয়। ব’লক, আমি সকলোৱে মিলি এখন সপোনৰ ভাৰত গঢ়োঁ। ✊
BJYM Rakesh Das
BJYM Assam
BJYM Dibrugarh Jayanta Gogoi
Terash Gowalla Himanta Biswa Sarma
Tejasvi Surya