25/02/2026
অসম আৰক্ষীয়ে আকাশ দাস নামৰ বিষয়াজনক কেৱল ৰিজাৰ্ভ ক্ল'জ কৰি দায়িত্ব সামৰিলে নহ'ব। এইজন দূৰ্নীতিগ্ৰস্ত বিষয়াক বৰ্খাস্ত কৰিব লাগিব।
AAGSU Dibrugarh district committee AAGSU Duliajan Regional Committee Gorkha Nari Parishad, Duliajan Regional Committee All Assam Gorkha Students' Union AAGSU Dibrugarh University Unit Ratna Thapa - ৰত্ন থাপা Dipu Ghixing Sandeep Limboo Bablu Thapa Magar Ratna Thapa Vivek Thakuri
#ভাদৈ_আৰক্ষী_চকীৰ_ভাৰপ্ৰাপ্ত_বিষয়া_আকাশ_দাসক_শাস্তিমূলক_ৰিজাৰ্ভ_ক্লজ
#ধন্যবাদ_ডিব্ৰুগড়_জিলা_জেষ্ঠ_আৰক্ষী_অধীক্ষক_মহোদয়,
#ধন্যবাদ_দুলীয়াজান_থানাৰ_ভাৰপ্ৰাপ্ত_বিষয়া
যোৱা ৮ ফেব্ৰুৱাৰী পুৱতি নিশা প্ৰায় ২টা মান বজাত ভাদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আকাশ দাস নামৰ বিষয়াজনে চিভিল পোছাকত ভাদৈৰ ৩নং চপাতলী গাঁৱৰ খাটি খোৱা উদ্যমী যুৱক শ্ৰী বিজু লামাৰ বাসগৃহত পিছফালৰ দুৱাৰেদি হঠাতে প্ৰৱেশ কৰি কোনোধৰণৰ নোটিচ বা কাৰণ নেদেখুৱাই তেখেতৰ পত্নী আৰু মাত্ৰ ১২ বছৰীয়া ষষ্ঠ শ্ৰেণীৰ কন্যা সন্তানৰ সন্মুখতে বিজু লামাক নিৰ্দয়ভাৱে প্ৰহাৰ কৰে আৰু তেখেতক গাড়ীত উঠাই আৰক্ষী চকীলৈ লৈ যায় আৰু দাগী অপৰাধীৰ দৰে ব্যৱহাৰ কৰি মুখত হাত ভৰাবলৈ বাধ্য কৰাই ভৰিৰ তলুৱাত বেতেৰে নিৰ্মমভাৱে উপর্যুপৰি প্ৰহাৰ কৰাৰ লগতে বুট জোতাৰে বুকুত গুৰিয়াই আহত কৰে।
ইমানতে ক্ষান্ত নাথাকি উক্ত বিষয়াজনে বিজু লামাৰ সম্পত্তিৰ বিষয়ে সোধপাছ কৰি কষ্টৰে উপাৰ্জিত নগদ ডেৰ লাখ টকা ভয়-ভাবুকি দেখুৱাই বলপূৰ্বকভাৱে কাঢ়ি লৈ যায় বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। লগতে এই ঘটনাৰ বিষয়ে কাকো অৱগত কৰিলে ভয়ংকৰ পৰিণাম ভুগিব লাগিব বুলি ভাবুকিও প্ৰদান কৰে।
জনসাধাৰণৰ সুৰক্ষা আৰু সেৱাৰ্থে নিয়োজিত অসম আৰক্ষীৰ এনে পাশৱিক কাণ্ড আৰু বৰ্বৰ অত্যাচাৰে সচেতন মহলক গভীৰভাৱে উদ্বিগ্ন কৰিছে। আকাশ দাসৰ দৰে নিৰ্লজ্জ, দুৰ্নীতিগ্ৰস্ত আৰু গুণ্ডা প্ৰবৃত্তিৰ বিষয়াৰ বাবে বিভিন্ন সময়ত অসম আৰক্ষীৰ খাকী পোছাক কলংকিত হোৱা দেখা গৈছে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধীনস্থ গৃহ বিভাগৰ অধীনত স্বচ্ছ, দ্ৰুত আৰু স্মাৰ্ট আৰক্ষী ব্যৱস্থাৰ কথা কোৱা হয় যদিও এনে অমানৱীয় আৰু আইনবহিৰ্ভূত কাৰ্যই অসম আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ সদ্ভাৱ, বিশ্বাস আৰু সন্মান ক্ৰমাৎ ক্ষুণ্ণ কৰিছে। আইন-শৃংখলা বজাই ৰখাৰ দায়িত্বত থকা কৰ্তব্যবাহীয়ে যদি নিজেই আইনৰ উৰ্ধত গৈ আইন হাতত তুলি লয়, তেন্তে সেয়া কিমান গ্ৰহণযোগ্য? ৰক্ষকেই যদি ভক্ষকৰ ৰূপ লয়, তেন্তে সাধাৰণ খাটি খোৱা নিৰ্দোষী নাগৰিকে নিৰাপত্তাহীনতা অনুভৱ কৰাটো স্বাভাৱিক।
কোনো অসামাজিক কৰ্মত জড়িত নোহোৱা আৰু নিচাজাতীয় দ্ৰব্য সেৱন নকৰা এগৰাকী খাটি খোৱা নিৰীহ যুৱক বিজু লামাৰ ওপৰত আকাশ দাস নামৰ আৰক্ষী বিষয়াই নিৰ্বিচাৰে কৰা নিৰ্মম তথা অমানৱীয় অত্যাচাৰ আৰু বলপূৰ্বক ধন লুণ্ঠনৰ ঘটনাৰ এক নিৰপেক্ষ আৰু উচ্চস্তৰীয় তদন্তৰ সমান্তৰালকৈ দুৰ্নীতিগ্ৰস্ত বিষয়া আকাশ দাসৰ ওপৰত অতিশীঘ্ৰে আইনগত বিহিত ব্যৱস্থা গ্ৰহণ কৰা আৰু বিজু লামাক ন্যায় প্ৰদানৰ লগতে নিৰীহ জনতাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীৰে যোৱা ১২ ফেব্ৰুৱাৰী তাৰিখে গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা নাৰী পৰিষদৰ দুলীয়াজান আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদী ভাদৈ আৰক্ষী চকী ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত ডাঙৰীয়া উপস্থিত হৈ বিষয়টো গুৰুত্ব সহকাৰে লয় আৰু উৰ্ধতম বিষয়াক অৱগত কৰে লগতে নিৰপেক্ষ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে আৰু উল্লেখিত দুয়োটা সংগঠনৰ সহিতে ভুক্তভোগী পৰিয়ালে ডিব্ৰুগড় জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক মহোদয়ক সাক্ষাৎ কৰি আকাশ দাসে কৰা শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ সন্দৰ্ভত বিতংভাৱে অৱগত কৰাৰ লগতে লিখিত অভিযোগো দিয়া হয় আৰু আৰক্ষী অধীক্ষক গৰাকীয়ে ইতিবাচক আশ্বাস প্ৰদান কৰি উপ-আৰক্ষী অধীক্ষক মহোদয়ক তাৎক্ষণিকভাৱে ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে আৰু অলপতে ভাদৈ আৰক্ষী চকীৰ দূৰ্নীতিগ্ৰস্ত বিষয়া আকাশ দাসক শাস্তিমূলক ৰিজাৰ্ভ ক্ল'জ কৰা বুলি জানিব পাৰি প্ৰথমতে ডিব্ৰুগড় জিলা জেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰীযুত গোৰাৱ অভিজিৎ দিলীপ ডাঙৰীয়াৰ লগতে দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্ত ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰক্ষীৰ দায়িত্বত কলংক সনা আৰক্ষী বিষয়া আকাশ দাসৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি অসম আৰক্ষীৰ প্ৰতি থকা সাধাৰণ ৰাইজৰ আস্থা, বিশ্বাস আৰু সন্মান পুনৰ ঘূৰাই আনিবলৈ সক্ষম হৈছে বুলি অনুভৱ কৰিছোঁ লগতে ডিব্ৰুগড় জিলাৰ শ্ৰদ্ধাৰ জেষ্ঠ আৰক্ষী অধীক্ষক মহোদয়লৈ আৰু এটা অনুৰোধ জনাওঁ যে, আকাশ দাস নামৰ এই বিষয়াজনে বলপূৰ্বকভাৱে আত্মসাৎ কৰা নগদ ডেৰ লাখ টকা ধন নিৰ্দোষী পৰিয়ালক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা আৰু বিষয়াজনক বিভাগীয় ভাৱে শাস্তি প্ৰদান কৰি যাতে অদুৰ ভবিষ্যতে কোনো বিষয়াই এনেধৰণৰ নিৰ্লজ্জ কাণ্ড নকৰে এই আপাহতে পুনৰবাৰ অনুৰোধ জনালোঁ।
AAGSU Dibrugarh district committee AAGSU Duliajan Regional Committee AAGSU Dibrugarh University Unit Gorkha Nari Parishad, Duliajan Regional Committee All Assam Gorkha Students' Union Ratna Thapa - ৰত্ন থাপা Uma Rai Thapa Dipu Ghixing Boby Chetri Ratna Thapa Numal Chetry Subhadra Sharma Sunil Paudel Chhetri Mamoni Sharma Kanchan Thapa Samal Mamta Sonar Binita Magar AAGSU , Khowang Regional Committee PNT অসম Gorkha Talks
Assam Police Himanta Biswa Sarma CMO Assam