Asom Moran Sabha, Kordoiguri Regional Committee.

Asom Moran Sabha, Kordoiguri Regional Committee. অসম মৰাণ সভা,কৰদৈগুৰি আঞ্চলিক সমিতিৰ ফেচবুক পেজলৈ সকলোকে আদৰণি জনাইছো। ��

 # #প্ৰকৃতিৰ এক কঠোৰ তথা চিৰন্তন সত্য হৈছে মৃত্যু ৷ পৃথিৱীৰ কোনেও ইয়াৰ পৰা পৰিত্ৰাণ নাপায় ৷ স্ৰষ্টাৰ সকলো সৃষ্টিৰেই ধ্বং...
06/06/2026

# #প্ৰকৃতিৰ এক কঠোৰ তথা চিৰন্তন সত্য হৈছে মৃত্যু ৷ পৃথিৱীৰ কোনেও ইয়াৰ পৰা পৰিত্ৰাণ নাপায় ৷ স্ৰষ্টাৰ সকলো সৃষ্টিৰেই ধ্বংস আছে ৷ ঠিক সেইদৰে জীৱৰো ধ্বংস হয় মৃত্যুৰ ৰূপত ৷ সৃষ্টি বা জন্ম হোৱাৰ দিনৰ পৰাই আমি মৃত্যুৰ দিশলৈ গতি আৰম্ভ কৰো ৷ # #

কৰদৈগুৰি অঞ্চলৰ বৰগড়া গাঁৱৰ নিবাসী সমাজকৰ্মী ব্যক্তি তথা মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ, তালাপ-কৰদৈগুৰি আঞ্চলিক সমিতিৰ প্ৰাক্তণ সভাপতি জিতেন মৰাণ দেৱৰ স্বাস্থ‍্যজনিত কাৰণত যোৱা ৩ জুন ২০২৬ তাৰিখে স্বৰ্গগামী হয় ৷৩ দিনীয়া টিলনিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈ অসম মৰাণ সভা,সদৌ মৰাণ ছাত্ৰ সন্থা,কৰদৈগুৰি আঞ্চলিক সমিতিৰ ফালৰ পৰা তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা লগতে পৰিয়ালবৰ্গলৈ আমাৰ ফালৰ পৰা শোক-বাৰ্তা প্ৰেৰণ কৰা হয়।
,🙏🙏🙏
Pulikanta Moran
Hemonta Moran

সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ তত্বাৱধানত, মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠন তালাপ-কৰদৈগুৰি আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত সদ...
25/03/2026

সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ তত্বাৱধানত, মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠন তালাপ-কৰদৈগুৰি আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে অহা ইং ২৯ মাৰ্চ তাৰিখৰ পৰা বিষ্ণুপুৰ ৰাজহুৱা খেলপথাৰত "মৰাণ বিহু" আখৰা আৰম্ভ কৰা হব। গতিকে বৃহত্তৰ কৰদৈগুৰি অঞ্চলৰ সাংস্কৃতিক প্ৰেমী ৰাইজৰ পৰামৰ্শ, সহযোগিতা আৰু উপস্থিতি কামনা কৰিলোঁ।🙏🙏
All Moran Students Union

Hemonta Moran

দুখৰ খবৰ….সদৌ মৰাণ ছাত্ৰ সন্থা, ধলা-শদিয়া আঞ্চলিক সমিতিৰ সভাপতি তথা কৰদৈগুৰি(জকাইছুক)গাৱৰ সন্তান প্ৰশান্ত মৰাণ কিছুদিন ধ...
30/01/2026

দুখৰ খবৰ….
সদৌ মৰাণ ছাত্ৰ সন্থা, ধলা-শদিয়া আঞ্চলিক সমিতিৰ সভাপতি তথা কৰদৈগুৰি(জকাইছুক)গাৱৰ সন্তান প্ৰশান্ত মৰাণ কিছুদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। দুখৰ বিষয়, আজি তেখেত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় ললে।
এই শোকসংবাদে সমগ্ৰ মৰাণ জাতিক গভীৰভাৱে মৰ্মাহত কৰিছে। আমি সতীৰ্থ প্ৰশান্ত মৰাণৰ আত্মাৰ শান্তি কামনা কৰিছো আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

সকলোৰে পৰা সহযোগিতা আৰু পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলো। 🙏🙏 Hemonta Moran
27/12/2025

সকলোৰে পৰা সহযোগিতা আৰু পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলো। 🙏🙏

Hemonta Moran

Address

Kordoiguri
Doom-Dooma
786156

Website

Alerts

Be the first to know and let us send you an email when Asom Moran Sabha, Kordoiguri Regional Committee. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category