Utpal Mahanta

Utpal Mahanta Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Utpal Mahanta, Social service, Japorigog, Krishna Nagar, Dispur.

20/09/2025

তোমাৰ অমৰ সৃষ্টিৰাজিক প্ৰতিগৰাকী অসমীয়াই চিৰদিনলৈ হৃদয়ঙ্গম কৰি থাকিব জুবিন দা।

কৃতজ্ঞতা প্ৰকাশ-----আজি ৰাতিপুৱা ভাৰতীয় সেনা বাহিনীৰ দুজন বীৰ সৈনিক ক্ৰমে শ্ৰদ্ধাৰ শ্ৰীযুত ৰুবুল বৰুৱা ডাঙৰীয়া আৰু শ্ৰ...
21/06/2025

কৃতজ্ঞতা প্ৰকাশ-----
আজি ৰাতিপুৱা ভাৰতীয় সেনা বাহিনীৰ দুজন বীৰ সৈনিক ক্ৰমে শ্ৰদ্ধাৰ শ্ৰীযুত ৰুবুল বৰুৱা ডাঙৰীয়া আৰু শ্ৰীযুত মহম্মদ ইউনিছ ডাঙৰীয়া আমাৰ বৃহত্তৰ অঞ্চলটোৰ কিছু তথ্য নিবলৈ মোৰ ওচৰলৈ অহাত ভাৰতীয় সেনাৰ বীৰ জোৱান দুজনক আমাৰ বৃহত্তৰ অঞ্চলবাসী ৰাইজৰ হৈ আমাৰ মা ভাৰতীক তেওঁলোকে আগবঢ়াই অহা সেৱাৰ বাবে তেখেত সকলৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰো।
মোৰ এই লিখনিৰ জৰিয়তে আমাৰ মা ভাৰতীক সেৱা আগবঢ়াই থকা প্ৰতিগৰাকী সেনা জোৱানক শ্ৰদ্ধা নিবেদী মই মোৰ এই লিখনিটো মোৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত আন্তৰিকতাৰে প্ৰকাশ কৰিলো।
জয়‌ জোৱান।

কৰ্মই ধৰ্ম------           আজিৰ পৰা ১৮ বছৰ মানৰ আগতে আমাৰ গুৱাহাটীৰ জু-ৰোডত সৰুকৈ এখন চি ডি কেছেটৰ দোকানেৰে নিজৰ ব্যৱসায...
17/06/2025

কৰ্মই ধৰ্ম------
আজিৰ পৰা ১৮ বছৰ মানৰ আগতে আমাৰ গুৱাহাটীৰ জু-ৰোডত সৰুকৈ এখন চি ডি কেছেটৰ দোকানেৰে নিজৰ ব্যৱসায়িক যাত্ৰা আৰম্ভ কৰি নিজৰ সাধনা,একগ্ৰতা,ধৈৰ্য আৰু সততাক সাৰথি কৰি আমাৰ গুৱাহাটীৰ নৱ-প্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয়তা লাভ কৰা আমাৰ চিৰিয়াখানাৰ জি এম ডি এ ৰ কাৰ পাৰ্কিংৰ সন্মুখত অৱস্থিত"ভাইৰাছ"নামৰ কাপোৰৰ দোকান খনৰ স্বত্বাধিকাৰী লৈ এক বৰ্ণিল ব্যৱসায়িক যাত্ৰাৰ অধিকাৰী হোৱা আমাৰ অঞ্চলৰ মোৰ মৰমৰ ভাইটি শ্ৰী বিক্ৰম দাসে লাভ কৰা ব্যৱসায়িক সাফল্যই মোক সদায় অনুপ্ৰাণিত কৰি আহিছে।
আজি এটি বিশেষ কামত মৰমৰ ভাইটি বিক্ৰমৰ দোকানলৈ যাওতে তাৰ লগত কিছু আনন্দৰ মুহুৰ্ত অতিবাহিত কৰাৰ লগতে এসময়ত কঠোৰ জীৱন সংগ্ৰামৰ মাজতো সি কিদৰে সফলতা লাভ কৰিবলৈ সক্ষম হল তাৰ ওপৰত কিছু আলোকপাত কৰো।মৰমৰ ভাইটি বিক্ৰমলৈ অলেখ অযুত মৰম আৰু শুভকামনা যাচি সংগ্ৰামৰ মাজেৰে সি লাভ কৰা সাফল্যৰ কাহিনীৰ জৰিয়তে আমাৰ অঞ্চলৰ কোনোবা এজন নৱ-প্ৰজন্মই অনুপ্ৰাণিত হ'ব বুলি আশা আৰু বিশ্বাস ৰাখি মই মোৰ এই লিখনিটো মোৰ মৰমৰ ভাইটি বিক্ৰমৰ কাপোৰৰ দোকান খনৰ প্ৰচাৰ কৰাৰ প্ৰয়াসেৰে মই মোৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত আন্তৰিকতাৰে প্ৰকাশ কৰিলো।
*****আমাৰ যুৱক আমাৰ গৌৰৱ আমাৰ প্ৰেৰণা আমাৰ শক্তি*****

মানুহে মানুহৰ বাবে এক আশাৰ ৰেঙণি-----           আজি তিনিদিন আগতে এক বিশেষ পৰিস্থিতিত পৰি মৃত্যু বৰন‌ কৰা মোৰ মৰমৰ ভাইটি ...
15/06/2025

মানুহে মানুহৰ বাবে এক আশাৰ ৰেঙণি-----
আজি তিনিদিন আগতে এক বিশেষ পৰিস্থিতিত পৰি মৃত্যু বৰন‌ কৰা মোৰ মৰমৰ ভাইটি প্ৰয়াত চিৰঞ্জিৎৰ কন-কন‌ ল'ৰা দুটিৰ আজি সন্ধিয়া সিহঁতৰ আইতাকৰ ঘৰলৈ গৈ সিহঁত দুয়োটাৰে খৱৰ লোৱাৰ লগতে আমাৰ অঞ্চলৰ অন্নাপূৰ্ণা আত্মসহায়ক গোটৰ মহিলা সদস্যা সকলে আৰু আমাৰ অঞ্চলৰ মোৰ শ্ৰদ্ধাৰ শ্ৰীযুত ভুপেন বড়ো দাদাই মানুহে মানুহৰ বাবে এক আশাৰ ৰেঙণি কঢ়িয়াই কন-কন শিশু দুটিৰ পিতৃৰ (মৃতকৰ)সকাম খিনি কৰিবলৈ মোৰ হাতত দি পঠিওৱা ১৭০০/টকা আৰু চাউল ২৫ কে.জি অৰ্পন কৰো।
আশা‌ আৰু বিশ্বাস ৰাখিছো অনাগত সময়ত আমাৰ বৃহত্তৰ অঞ্চলটোত বহুতৰ মাজত জাগ্ৰত হৈ উঠা এই মানৱীয় প্ৰমূল্যবোধে আমাৰ বৃহত্তৰ অঞ্চলটোত অনাগত সময়ত এক অনন্য মাত্ৰা প্ৰদান কৰিব।

যোৱা কালি এক বিশেষ পৰিস্থিতিত মৃত্যুক সাৱটি লোৱা‌ ভাতৃ চিৰিঞ্জিৎৰ আজি মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ শ্ৰীযুত ৰবীন টুমুং(বিন)দাদা ...
14/06/2025

যোৱা কালি এক বিশেষ পৰিস্থিতিত মৃত্যুক সাৱটি লোৱা‌ ভাতৃ চিৰিঞ্জিৎৰ আজি মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ শ্ৰীযুত ৰবীন টুমুং(বিন)দাদা আৰু শ্ৰীযুত আব্দুল বাৰিক(জিতু) দাদাৰ পৰা‌ ১০০০/-টকাকৈ লৈ তাৰ কন কন ল'ৰা দুজনক লগত লৈ আমাৰ জাপৰিগোগ জনজাতি শ্মশান খনত তাৰ শেষকৃত সম্পন্ন কৰো।
আজিৰ এই বিশেষ পৰিস্থিতিত মোক সহায়‌ কৰা মোৰ শ্ৰদ্ধাৰ বিন দা,জিতু দা,প্ৰৱীন দা,ভাইটি হিৰুক আৰু বিশেষকৈ মোক দূৰৈৰ পৰা সাহস আৰু প্ৰেৰণা দি থকা আমাৰ বৃহত্তৰ অঞ্চলটোৰ নৱ-প্ৰজন্মক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ বৃহত্তৰ অঞ্চলটোৰ যুৱ-প্ৰজন্মক মাদক দ্ৰব্যৰ সেৱনৰ পৰা আতৰি থাকিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাই মই মোৰ এই লিখনিটো মোৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত অতি দুঃখেৰে সৈতে প্ৰকাশ কৰিলো।

কৰ্মই ধৰ্ম--------              আমাৰ অঞ্চলৰ এটি সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান হোৱাৰ পিছতো নিষ্ঠা,সততা আৰু ধৈৰ্য সহকাৰে আমাৰ...
08/06/2025

কৰ্মই ধৰ্ম--------
আমাৰ অঞ্চলৰ এটি সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান হোৱাৰ পিছতো নিষ্ঠা,সততা আৰু ধৈৰ্য সহকাৰে আমাৰ অঞ্চলৰ জাপৰিগোগ তিনিআলিৰ দুৰ্গা মন্দিৰৰ সমীপত এখন ষ্টেচনাৰীৰ লগতে কিতাপৰ দোকান দি নিজৰ জীৱনৰ সংগ্ৰামবোৰ চলাই লৈ গৈ থকা আমাৰ অঞ্চলৰ শ্ৰীযুত ধৰ্মেশ্বৰ শৰ্মা ডাঙৰীয়াৰ ডাঙৰ লৰা তথা মোৰ অগ্ৰজ শ্ৰীযুত ৰুবুল শৰ্মা দাদাৰ কৰ্মস্পৃহাই আৰু তেখেতৰ আমাৰ বৃহত্তৰ অঞ্চলটোৰ প্ৰতি থকা সামাজিক দায়বদ্ধতাই মোক সদাই উৎসাহিত কৰি আহিছে।
বৃহস্পতিবাৰে নিশা তাৰাপীঠ আৰু বাবাধামলৈ অহাৰ আগমুহুৰ্তত মোৰ ল'ৰাটোৰ বাবে স্কুলৰ কিছু লাগতীয়াল সামগ্ৰী আনিবলৈ যাওঁতে মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ ৰুবুল দাদাৰ লগত তেখেতৰ দোকানত কিছু আনন্দৰ মুহুৰ্ত অতিবাহিত কৰো।ব্যবসায়ৰ কোনো সৰু বৰ নাথাকে।এটি সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান হোৱাৰ পিছতো মোৰ মৰমৰ ৰুবুল দাই আমাৰ বৃহত্তৰ অঞ্চলটোত যি কৰ্মস্পৃহাৰ নিদৰ্শন দাঙি ধৰিছে সেই কৰ্মস্পৃহাৰ বাবে তেখেতক সেৱা জনাই আমাৰ বৃহত্তৰ অঞ্চলটোৰ নৱ-প্ৰজন্মই তেখেতৰ কৰ্মৰ জৰিয়তে প্ৰেৰণা আৰু সাহস লাভ কৰিব বুলি আশা আৰু বিশ্বাস ৰাখি মই মোৰ এই লিখনিটো মোৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত পশ্চিমবংগ ৰাজ্যৰ ৰামপুৰহাট ষ্টেচনৰ পৰা আন্তৰিকতাৰে প্ৰকাশ কৰিলো।
*****আমাৰ যুৱক আমাৰ গৌৰৱ আমাৰ প্ৰেৰণা আমাৰ শক্তি*****

আমাৰ অঞ্চলৰ বি জে পি দলৰ বুথৰ সভাপতি মোৰ শ্ৰদ্ধাৰ শ্ৰীযুত দীপক ভড়ালী দাদাৰ সৰু ল'ৰা শ্ৰীমান‌ মৃগাংক বৰ্মনে এক অনাকাংক্ষ...
05/06/2025

আমাৰ অঞ্চলৰ বি জে পি দলৰ বুথৰ সভাপতি মোৰ শ্ৰদ্ধাৰ শ্ৰীযুত দীপক ভড়ালী দাদাৰ সৰু ল'ৰা শ্ৰীমান‌ মৃগাংক বৰ্মনে এক অনাকাংক্ষিত দুৰ্ঘটনাৰ সন্মুখীন হৈ নেমকেয়াৰ হস্পাতালত চিকিৎসাধীন হৈ আছে।যথেষ্ঠ খিনি‌ ব্যয়বহুল চিকিৎসা হৈছে সেয়েহে আজি আমাৰ অঞ্চলৰ অন্য এজন বুথৰ সভাপতি মোৰ শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰশান্ত হাজৰিকা ডাঙৰীয়াৰ লগত নেমকেয়াৰ হস্পাতললৈ গৈ নেমকেয়াৰ হাস্পাতালৰ স্বত্ত্বাধিকাৰী তথা আমাৰ অসমৰ বিশিষ্ট চিকিৎসক মোৰ শ্ৰদ্ধাৰ ডঃহিতেশ বৰুৱা চাৰক লগ ধৰি কিছু আৰ্থিক ৰেহাইৰ বাবে আলোচনা কৰোঁ।আলোচনা কালত ডঃহিতেশ বৰুৱা চাৰৰ ইতিবাচক সাহৰিয়ে আমাক যথেষ্ঠ আনন্দিত কৰে।
শ্ৰদ্ধাৰ ডঃহিতেশ বৰুৱা চাৰক আমাৰ বৃহত্তৰ অঞ্চলটোৰ আমাৰ বি জে পি দলৰ তৃণমুল পৰ্য্যায়ৰ কাৰ্য্যকৰ্তা সকলৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ এই লিখনি টো মোৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত আন্তৰিকতাৰে প্ৰকাশ কৰিলো।

আমাৰ বৃহত্তৰ অঞ্চলবাসী ৰাইজ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডঃহিমন্ত বিশ্ব শৰ্মা মহাশয় ৰ সৱল নেতৃত্বত আৰু আমাৰ ...
28/05/2025

আমাৰ বৃহত্তৰ অঞ্চলবাসী ৰাইজ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডঃহিমন্ত বিশ্ব শৰ্মা মহাশয় ৰ সৱল নেতৃত্বত আৰু আমাৰ পূৱ-গুৱাহাটী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়াক শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্য্য মহোদয়ৰ সহযোগত মোৰ পাৰিষদীয় কাৰ্যকালত আমাৰ বৃহত্তৰ অঞ্চলটোত এতিয়ালৈকে হোৱা সামগ্ৰীক উন্নয়নত(বাট-পথ,লাইট,পানী)কিমান দূৰ সন্তুষ্টি লাভ কৰিছে মই নাজানো কিন্তু আমি চেষ্টাৰ কেতিয়াও ক্ৰটি কৰা নাই।আজি দুপৰীয়া গড়কপ্তানী বিভাগৰ উচ্চপদস্থ অভিযন্তা সকলৰ সৈতে আমাৰ বৃহত্তৰ অঞ্চলটোত গড়কপ্তানী বিভাগৰ জৰিয়তে আমাৰ বৃহত্তৰ অঞ্চলটোৰ পাহাৰে-ভৈয়ামে হৈ থকা বিভিন্ন বাট-পথৰ নিৰ্মান কাৰ্য্য সমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে সন্ধিয়া পৰত জি ইউ চি এলৰ কৰ্মচাৰীৰ লগত আমাৰ বৃহত্তৰ অঞ্চলটোত লগাবলৈ বাকী থকা বিভিন্ন পথলৈ গৈ সেই পথ সমুহত কেনেকৈ তড়িৎ গতিত লাইট সমুহ লগাব পৰা যায় তাৰ ওপৰত কিছু আলোচনা কৰা হয়।
এজন নিৰ্বাচিত জনপ্ৰতিনিধি হিচাপে মই কৰি থকা কাম বোৰ আমাৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজলৈ লৈ যোৱা খুবেই প্ৰয়োজনীয়তা আছে আৰু সেই উদ্দেশ্য আগত ৰাখিয়েই আজি মই মোৰ এই লিখনিটো মোৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত আন্তৰিকতাৰে প্ৰকাশ কৰিলো।

কৃতজ্ঞতা প্ৰকাশ-----          যোৱা কালি সন্ধিয়া আমাৰ বৃহত্তৰ অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নৰ অন্যতম খনিকৰ তথা বৃহত্তৰ জা...
28/05/2025

কৃতজ্ঞতা প্ৰকাশ-----
যোৱা কালি সন্ধিয়া আমাৰ বৃহত্তৰ অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নৰ অন্যতম খনিকৰ তথা বৃহত্তৰ জাপৰিগোগ দূৰ্গা মন্দিৰ,জপিৰিগোগ হাইস্কুলৰ অন্যতম প্ৰতিষ্ঠাপক মোৰ শ্ৰদ্ধাৰ প্ৰয়াত ৰাধিকা নাথ চক্ৰৱৰ্তী জেঠাৰ ঘৰলৈ গৈ তেখেতে আমাৰ বৃহত্তৰ অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নৰ বুনিয়াদত আগবঢ়াই যোৱা অৱদানৰ বাবে তেখেতৰ অবৰ্তমানত তেখেতৰ সহধৰ্মিনী তথা মোৰ শ্ৰদ্ধাৰ শ্ৰীযুতা লীলা চক্ৰৱৰ্তী জেঠীক আমাৰ বৃহত্তৰ অঞ্চলটোৰ নৱ-প্ৰজন্মৰ হৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি তেখেত আৰু তেখেতৰ পুত্ৰ তথা আমাৰ বৃহত্তৰ অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী মোৰ শ্ৰদ্ধাৰ শ্ৰীযুত পুলক চক্ৰৱৰ্তী দাদাৰ লগত কিছু আনন্দৰ মুহুৰ্ত অতিবাহিত কৰো।মোৰ উপস্থিতিত মোৰ মৰমৰ জেঠী গৰাকী তথা তেখেতৰ পুত্ৰই লাভ কৰা আনন্দই মোকো আনন্দিত কৰে।
প্ৰয়াত ৰাধিকা নাথ চক্ৰৱৰ্তী জেঠাৰ স্মৃতি আৰু কৰ্মৰাজী আমাৰ বৃহত্তৰ অঞ্চলটোত চিৰযুগমীয়া কৰি ৰখাৰ প্ৰয়াসেৰে মৰমৰ জেঠীলৈ অলেখ অযুত মৰম আৰু শুভকামনা যাচি মই মোৰ এই লিখনিটো মোৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত আন্তৰিকতাৰে প্ৰকাশ কৰিলোঁ।

27/05/2025

আমাৰ অঞ্চলৰ মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ শ্ৰীযুত দীপক ভৰালী দাদাই তেখেতৰ ল'ৰাৰ অনাকাংক্ষিত দুৰ্ঘটনাৰ সময়ত মোৰ সামাজিক মাধ্যমৰ পৃষ্ঠাৰ জৰিয়তে তেখেতে লাভ কৰা আৰ্থিক সাহাৰ্য্য আৰু সাহসৰ বাবে কৃতজ্ঞতা প্ৰকাশ‌ কৰি কিছু মনৰ কথা মোৰ সামাজিক মাধ্যমৰ পৃষ্ঠাৰ জৰিয়তে আপোনালোকলৈ প্ৰেৰণ কৰিছে।
আশা আৰু বিশ্বাস ৰাখিছোঁ আপোনালোকে দীপক দাৰ মনৰ কথা খিনি হৃদয়ংগম কৰিব।

শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন------           আজি সন্ধিয়া আমাৰ বৃহত্তৰ অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নৰ অন্যতম খনিকৰ তথা আ...
26/05/2025

শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন------
আজি সন্ধিয়া আমাৰ বৃহত্তৰ অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নৰ অন্যতম খনিকৰ তথা আমাৰ অঞ্চলৰ ৰ'জলেণ্ড মডেল স্কুল,জাপৰিগোগ দূৰ্গা মন্দিৰ আৰু আমাৰ জাপৰিগোগ ৰাসৰ অন্যতম প্ৰতিষ্ঠাপক মোৰ শ্ৰদ্ধাৰ শ্ৰীযুত দুৰ্গা প্ৰসাদ শৰ্মা জেঠাৰ ঘৰলৈ গৈ তেখেতে আমাৰ বৃহত্তৰ অঞ্চলটোৰ সমাজ গঠনত আগবঢ়োৱা অৱদানৰ বাবে তেখেতক আমাৰ বৃহত্তৰ অঞ্চলটোৰ নৱ-প্ৰজন্মৰ হৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি তেখেত আৰু তেখেতৰ সহধৰ্মিনী গৰাকীৰ লগত কিছু আনন্দৰ মুহুৰ্ত অতিবাহিত কৰো।
নেদেখাজনৰ শ্ৰীচৰনত মোৰ মৰমৰ জেঠা আৰু জেঠী গৰাকীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা জনাই তেওঁলোক দুয়োজনলৈ আমাৰ বৃহত্তৰ অঞ্চলবাসী ৰাইজৰ হৈ অলেখ অযুত মৰম আৰু শুভকামনা যাচি মই মোৰ এই লিখনিটো মোৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত আন্তৰিকতাৰে প্ৰকাশ কৰিলো।

Address

Japorigog, Krishna Nagar
Dispur

Website

Alerts

Be the first to know and let us send you an email when Utpal Mahanta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category